প্ৰধানমন্ত্ৰীত্বৰ বাঁচনিত উঠিও পিছুৱাবলগীয়া হৈছিল মুলায়ম...

mulayam singh yadav
mulayam singh yadav
দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আজি শেষ নিশ্বাস ত্যাগ কৰিলে সমাজবদী পাৰ্টীৰ পিতৃপুৰুষ মুলায়ম সিং যাদৱে। এসময়ৰ মল্লযুঁজাৰু মুলায়ম সিং যাদৱ আছিল ৰাজনীতিৰো এজন শক্তিশালী যুঁজাৰু। মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ তেওঁৰ চলিছিল যুঁজ। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ এক বিষশে প্ৰতিবেদন।

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱে। উত্তৰ প্ৰদেশৰ তিনি বাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে পুৱা ৮-৩০ বজাত ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে।

সমাজবাদী পাৰ্টীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এই কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হৈছে। উল্লেখ্য যোৱা ২২ আগষ্টৰ পৰা মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা অৱনতি হোৱাৰ পিছত তেওঁ মেদন্ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পৰৱৰ্তী সময়ত স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ১ অক্টোবৰৰ নিশা আই চি ইউলৈ স্থানান্তৰিত কৰা হৈছিল।

ৰাজনীতিলৈ অহাৰ পূৰ্বে মুলায়ম সিং যাদৱ আছিল এজন সুদক্ষ মল্লযুঁজাৰু। তেওঁৰ ওচৰত হাৰ মানিছিল এজনৰ পিছত আন এজন মল্লযুঁজাৰুৱে। পৰৱৰ্তী সময়ত মল্লযুঁজ এৰি অধ্যাপক হিচাপে কৰ্মৰত যোগদান কৰিছিল মুলায়ম সিং যাদৱে। অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰাৰ পিছতে মুলায়ম সিং যাদৱে মল্লযুঁজ কৰিবলা সম্পূৰ্ণৰূপে বাদ দিছিল যদিও তেওঁ নিজৰ গাঁৱত প্ৰতিবছৰে অনুষ্ঠিত কৰিছিল মল্লযুঁজ প্ৰতিযোগিতা।

কোৱা হয় মল্লযুঁজত লাভ কৰা জনপ্ৰিয়তা আৰু সফলতাৰ বাবেই ৰাজনীতিতো সফল হৈছিল মুলায়েম সিং যাদৱ। কিয়নো তেওঁ ৰাজনীতিলৈ অহাৰ পূৰ্বে নাছিল কোনো ৰজনৈতিক বেকগ্ৰাউণ্ড।

মুলায়ম সিঙৰ ৰাজনৈতিক প্ৰতিভাক প্ৰথমে প্ৰজা সমাজতান্ত্ৰিক দলৰ এজন নেতা নাথু সিঙে স্বীকৃতি দিছিল। নাথু সিঙেই তেওঁক ১৯৬৭ চনৰ নিৰ্বাচনত যশৱন্তনগৰ বিধানসভা আসনৰ পৰা টিকট দিয়াইছিল।

সেই সময়ত, মুলায়মৰ বয়স আছিল মাত্ৰ ২৮ বছৰ আৰু তেওঁ সেইবাৰ ইতিহাস সৃষ্টি কৰি উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ কম বয়সীয়া বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত হে তেওঁ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৭৭ চনত উত্তৰ প্ৰদেশত গঠন হোৱা ৰাম নৰেশ যাদৱৰ নেতৃত্বাধীন জনতা পাৰ্টী চৰকাৰত মুলায়ম সিং যাদৱে লাভ কৰিছিল মন্ত্ৰীৰ দায়িত্ব। সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৮ বছৰ।

১৯৮৯ চনত মুলায়েম সিং যাদৱ প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। মুখ্যমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত মুলায়েম সিঙৰ পথ আছিল অতি কঠিন। চৌধুৰী চৌধুৰী চৰণ সিঙে মুলায়ম সিঙক তেওঁৰ ৰাজনৈতিক উত্তৰাধিকাৰী আৰু তেওঁৰ পুত্ৰ অজিত সিঙক তেওঁৰ আইনী উত্তৰাধিকাৰী বুলি অভিহিত কৰিছিল।

কিন্তু যেতিয়া চৌধুৰী চৰণ সিং গুৰুতৰভাৱে অসুস্থ হয় সেই সময়ত আমেৰিকাৰ পৰা আহি উপস্থিত হয় তেওঁৰ পুত্ৰ অজিত সিং। ইয়াৰ পিছতেই আৰম্ভ হৈছিল অজিত সিং আৰু মুলায়ম সিঙৰ মাজত ৰাজনৈতিক যুঁজ। কিয়নো দলৰ একাংশই অজিত সিঙক দলটোৰ সভাপতি হ'বলৈ জোৰ দিছিল।

ইয়াৰ পিছতে, মুলায়ম সিং আৰু অজিত সিঙৰ মাজত প্ৰতিদ্বন্দিতা বৃদ্ধি পাইছিল। অৱশ্যে এই যুঁজত শেষ হাঁহি মাৰিছিল মুলায়েম সিং যাদৱেই। কিয়নো তেওঁ ১৯৮৯ চনৰ ৫ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছতে মুলায়ম সিঙে উত্তৰ প্ৰদেশত জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰা ভাৰতীয় জনতা পাৰ্টীক ৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পৰিকল্পনা প্ৰস্তুত কৰে। সেই পৰিকল্পনাৰ আৰ্হিতেই মুলায়ম সিঙে ৰাজ্যখনৰ মুছলমান সম্প্ৰদায়ৰ আপোন হোৱাৰ চেষ্টা চলালে।

ইয়াৰে অংশ হিচাপে মুলায়ম সিং যাদৱে বাবৰি মছজিদ বিতৰ্কত অংশলৈ স্পষ্টকৈ ঘোষণা কৰিলে- বাবৰি মছজিদৰ ওপৰত এটাও চৰাই হত্যা কৰিব নোৱাৰিব। মুলায়ম সিং যাদৱৰ এই হুংকাৰে মুছলমানসকলে তেওঁক আপোন কৰি লয়।

কেৱল হুংকাৰতে সীমাবদ্ধ নাছিল মুলায়ম সিং যাদৱ। যেতিয়া সেৱকসকলে ১৯৯০ চনৰ ২ নৱেম্বৰত বাবৰি মছজিদ ধ্বংসৰ বাবে মছজিদৰ ফালে যাবলৈ চেষ্টা কৰে, সেই সময়ত তেওঁ আৰক্ষীৰ জৰিয়তে প্ৰথমে লাঠি চালনা আৰু পৰৱৰ্তী সময়ত গুলী চালনাৰো নিৰ্দেশ প্ৰদান কৰিছিল।

যি ঘটনাত ১২ জনৰো অধিক কৰ সেৱক নিহত হৈছিল। এই ঘটনাই এফালে যিদৰে হিন্দু ধৰ্মীয় একাংশৰপ মনত মুলায়ম সিং যাদৱৰ প্ৰতি ধাৰণা সলনি কৰিলে ঠিক একেদৰে মুছলমানসকলে মুলায়ম সিং যাদৱক তেওঁলোকৰ ত্ৰাণ কৰ্তা হিচাপেও ভাবিবলৈ আৰম্ভ কৰিলে। বিজেপি সমৰ্থকে মুলায়ম সিং যাদৱক মৌলানা মুলায়ম বুলিও অভিহিত কৰে।

১৯৯২ চনৰ ৪ অক্টোবৰত মুলায়ম সিং যাদৱে জনতা দল ত্যাগ কৰি জন্মদিলে সমাজবাদী পাৰ্টী। পৰৱৰ্তী সময়ত মুলায়ম সিং যাদৱে ভাৰতীয় জনতা পাৰ্টীক প্ৰতিহত কৰিবৰব বাবে কাঞ্চী ৰামৰ বহুজন সমাজ পাৰ্টীৰ সৈতে মিত্ৰতা স্থাপন কৰিছিল।

যি মিত্ৰতাৰ ফলত ১৯৯৩ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত এই মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। সেইবাৰৰ নিৰ্বাচনত মুলায়ম সিং যাদৱৰ সমাজবাদী পাৰ্টীয়ে ২৬০ খন আসনৰ ভিতৰত ১০৯ খন আসন লাভ কৰিছিল। আনহাতে বি এছ পিয়ে ১৬৩ খন আসনৰ ভিতৰত লাভ কৰিছিল ৬৭ খন আৰু বিজেপিয়ে মাত্ৰ ১৭৭ খন আসনতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছিল।

উত্তৰ প্ৰদেশৰ ৰাজনীতি ত্যাগ কৰি মুলায়ম সিং যাদৱ ১৯৯৬ চনত ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যায়। সেইবাৰ ইউনাইটেড ফ্ৰণ্ট চৰকাৰত মুলায়ং সিং যাদৱে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে। সেই চৰকাৰৰ দিনতেই এইগৰাকী মুলায়ম সিং যাদৱ প্ৰধানমন্ত্ৰী হোৱাৰ সকলো বাট মুকলি হৈছিল যদিও মাত্ৰ দুজন নেতাৰ বাবে তেওঁ এই সুযোগ লাভ নকৰিলে।

ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী দেৱগৌড়াই প্ৰধানমন্ত্ৰীপদৰ পৰা পদত্যাগ কৰাৰ লগে লগে মুলায়ম সিং যাদৱ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাট মুকলি হৈছিল। নেতৃত্বৰ বাবে দলৰ আভ্যন্তৰীণ নিৰ্বাচনত মুলায় সিং যাদৱে জি কে মুপানাৰক ১২০-২০ ব্যৱধানত পৰাজিত কৰিবলৈ সক্ষম হৈছিল।

তৎসত্বেও মুলায়ম সিং যাদৱ প্ৰধানমন্ত্ৰী হ'বলৈ নোৱাৰিলে। এই ক্ষেত্ৰত মুলায়ম সিঙৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল লালু প্ৰসাদ যাদৱ আৰু শাৰদ পাৱাৰ। পৰৱৰৰ্তী সময়ত চন্দ্ৰ বাবু নাইডুৱেও লালু প্ৰসাদ যাদৱ আৰু শাৰদ পাৱাৰৰ লগত একত্ৰিত হয়। যাৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ বাট মুকলি হোৱাৰ পিছতো প্ৰধানমন্ত্ৰী হ'বলৈ নোৱাৰিলে মুলায়ম সিং যাদৱ।

মুলায়ম সিং যাদৱে ভাৰতীয় ৰাজনীতিৰ বিশ্বাসযোগ্য নেতা হিচাপে কেতিয়াও স্বীকৃতি লাভ নকৰিলে। ইয়াৰ অন্তৰালত আছে নেতাজনৰ কিছু কাৰুকাৰ্য। চন্দ্ৰশেখৰ ৰাও আছিল মুলায়ম সিঙৰ নেতা। কিন্তু যেতিয়া ১৯৮৯ ত প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰাৰ কথা আহিল তেতিয়াই মুলায়ম সিং যাদৱে চন্দ্ৰশেখৰ ৰাওৰ পৰিৱৰ্তে বিশ্বনাথ প্ৰতাপ সিঙক সমৰ্থন আগবঢ়াইছিল।

ইয়াৰ পিছত যেতিয়া ভি পি সিঙৰ প্ৰতি মোহভংগ হোৱাত তেওঁ পুনৰ চন্দ্ৰশেখৰৰ কাষ চাপে। ২০০২ ত এন ডি এয়ে যেতিয়া ৰাষ্ট্ৰপতি পদৰ বাবে এ পি জে আব্দুল কালামৰ নাম প্ৰস্তাৱ কৰে, সেই সময়ত মুলায়ম সিং যাদৱে বাওঁপন্থীৰ কাষ চাপি কেপ্টেইন লক্ষ্মী চেহগলক সমৰ্থন আগবঢ়াইছিল।

আনহাতে ২০০৮ ত যেতিয়া বাওঁপন্থীসকলে পাৰমাণৱিক চুক্তিৰ বিষয়ত চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰত্যাহাৰ কৰিছিল সেই সময়ত আকৌ মুলায়ম সিং যাদৱে চৰকাৰৰ সপক্ষে স্থিতি গ্ৰহণ কৰিছিল। মুলায়ম সিং যাদৱৰ সমৰ্থনৰ বাবেই ২০০৮ ত মনমোহন সিং চৰকাৰ পতন হোৱাৰ পৰা ৰক্ষা পৰিছিল।

এইগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদৰ মৃত্যুত উত্তৰ প্ৰদেশৰ আদিত্য নাথৰ বিজেপি চৰকাৰে তিনি দিনীয়া ৰাজ্যিক শোক ঘোষণা কৰিছে। আনহাতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ শীঘ্ৰেই গুৰগ্ৰামৰ মেদান্ত হাস্পতালত উপস্থিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in