এয়াই ভাৰত ! ভোকাতুৰৰ দেশৰ উগ্যোগপতি গৌতম আদানী হ'ল বিশ্বৰ দ্বিতীয়জন ধনী ব্যক্তি...

১২.৩৭ লাখ কোটি সম্পত্তিৰে বিশ্বৰ দ্বিতীয় ধনাধ্য ব্যক্তি হিচাপে স্থান লাভ কৰিছে আদানীয়ে
GOUTAM ADANI
GOUTAM ADANI
Published on
Updated on
বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে চিহ্নীত হ'ল গুজৰাটৰ উদ্যোগপতি গৌতম আদানী। অথচ আজিও ভাৰতৰ কোটি কোটি লোক পুষ্টিহীনতাত ভূগিছে। খাবলৈ নাপায় আধাপেটে আছে কোটি কোটি ভাৰতীয়। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

এয়াই ভাৰত। এজন উদ্যোগপতিয়ে দোপত দোপে সম্পত্তিৰ পাহাৰ গঢ়ি বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে আৰু সেইখন দেশৰে জনতা ভোকত কলমলাইছে। ফ'ৰ্বছে প্ৰকাশ কৰা তালিকাত গুজাৰাটী বেপাৰী তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে মুঠ ১৫৫.৫ বিলিয়ন ডলাৰ অৰ্থাৎ ১২.৩৭ লাখ কোটি সম্পত্তিৰে বিশ্বৰ দ্বিতীয় ধনাধ্য ব্যক্তি হিচাপে স্থান লাভ কৰিছে।

এইগৰাকী গৌতম আদানীয়ে যোৱা ৩০ আগষ্টত লুই ভিটনৰ বছ আৰ্নাল্টক অতিক্ৰম কৰি বিশ্বৰ তৃতীয় ধনী ব্যক্তি হিচাপে স্বীকৃতি লাভ কৰিছিল। ইয়াৰ লগে লগ প্ৰথমবাৰৰ বাবে এছিয়াৰ কোনো এজন ব্যক্তিয়ে বিশ্বৰ শীৰ্ষস্থানৰ তিনিজন বিলিয়নাৰৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ মাত্ৰ এটা মাহৰ পিছতেই গৌতম আদানীয়ে বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত এঢাপ আগুৱাই দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। অতি কম সময়ৰ ভিতৰতে বিশ্বৰ ধনাধ্য ব্যক্তিৰ তালিকাত এঢাপ এঢাপকৈ আগুৱাই দ্বিতীয় স্থানৰ ধনী ব্যক্তি হিচাপে গৌতম আদানী চিহ্নীত হোৱাৰ সময়তে আকৌ লাখ লাখ ভাৰতীয়ই পেট ভৰাই খাবলৈও চিন্তা কৰিবলগয়ীলা হৈছে। ক্ৰমান্বয়ে বৃদ্ধি পাইছে ভোকাতুৰৰ সংখ্যা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পিছতে দুৰ্নীতি, সন্ত্ৰাসবাদী আদিৰ পৰা দেশক মুক্ত কৰাৰ নামত নিশাৰ ভিতৰতে বিমুদ্ৰাকৰণ নীতি গ্ৰহণ কৰিছিল। বিমুদ্ৰাকৰণৰ মূল উদ্দেশ্য যি আছিল সেই উদ্দেশ্যত উপনীত হ'ব নোৱাৰিলে যদিও দেশৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী।

বিমুদ্ৰাকৰণৰ বাবেই দেশৰ উদ্যোগখণ্ডৰ উপৰিও বিভিন্ন ক্ষেত্ৰত দেখা দিয়া সমস্যাই দেশৰ অৰ্থনীতিত যি কুপ্ৰভাৱ পেলালে সেই কুপ্ৰভাৱে দোপতদোপে বাঢ়ি অহা অৰ্থনীতিক ধ্বংসৰ দিশলৈ ঠেলি দিলে। অৱশ্যে বিমুদ্ৰাকৰণৰ ফলত উদ্যোগখণ্ডৰ বৃহৎ লোকচান তথা ক্ষতি হ'ল যদিও গৌতম আদানী, মুকেশ আম্বানীৰ দৰে একাংশ ধন কুবেৰ তথা তেওঁলোকৰ মালিকানাধীন উদ্যোগৰ ঠিকেই উন্নতি হ'ল।

বিমুদ্ৰাকৰণৰ পিছত আহিল জি এ ছ টি। এই জি এছ টিৰ জটিল অংক হয়তো আজিও সৰ্বসাধাৰণে সঠিক কৈ বুজি উঠা নাই। কিন্তু জি এছ টিয়ে দেশৰ ক্ষুদ্ৰ তথা অসংগঠিত ৰূপত থকা বহু উদ্যোগ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিল। বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ বাবেই লাখ লাখ লোকে হেৰুৱালে কৰ্ম সংস্থাপন।

ইতিমধ্যে বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ কুপ্ৰভাৱে জুৰুলা কৰা দেশখনত সমগ্ৰ বিশ্বত দেখা দিয়া কৰোনা ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হ'ল। এই সংক্ৰমণ ৰোধৰ বাবেই দেশবাসীয়ে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিলে লকডাউনৰ দৰে পদক্ষেপ। কেৱল ভাৰতেই নহয় সমগ্ৰ বিশ্ব কোৰোনাৰ বাবে হৈ পৰিলে স্তব্ধ।

মহামাৰীৰ ৰূপ লোৱা কৰোনাৰ ফলত কোটি কোটি লোকে হেৰুৱালে জীৱন, জীৱিকা। খাদ্য সংকটৰ পৰা আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰলৈ নামি আহিল জটিলতা। ইতিমধ্যে দুটাকৈ অদূৰদৰ্শী নীতিৰ ফলত ধ্বংস হোৱা ভাৰতীয় অৰ্থনীতিক যেন সম্পূৰ্ণ ৰূপে ধ্বংসৰ দায়িত্ব গ্ৰহণ কৰিলে কৰোনাই।

শেহতীয়াকৈ প্ৰকাশ পোৱা এক প্ৰতিবেদন অনুসৰি সমগ্ৰ বিশ্বৰ লগতে ভাৰততো উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ভোকাতুৰৰ সংখ্যা। ৰাষ্ট্ৰসংঘৰ ‘দ্য ষ্টেট অৱ ফুড চিকিউৰিটী এণ্ড নিউট্ৰিশ্যন ইন দ্য ৱৰ্ল্ড ২০২২’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

তথ্য অনুসৰি ২০১৯ চনত সমগ্ৰ বিশ্বত ৬১.৮ কোটি লোক ভোকৰ সন্মুখীন হৈছিল ৷ ২০২১ চনত এই সংখ্যা ৭৬.৮ কোটিলৈ বৃদ্ধি পালে। মাত্ৰ দুটা বছৰৰ ব্যৱধানত ভোকাতুৰৰ সংখ্যা বৃদ্ধি হ'ল ১৫ কোটি ৷ অৰ্থাৎ ভোকাতুৰৰ সংখ্যা দুটা বছৰত বৃদ্ধি পালে ২৪.৩ শতাংশ।

ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনত ভাৰতৰো অতি পুতৌলগা অৱস্থাৰ প্ৰতিচ্ছবিখন স্পষ্ট হৈছে। তথ্য অনুসৰি ২০২১ চনত ভাৰতৰ পৰিপুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা ২২.৪ কোটি ৷ অৰ্থাত ২২.৪ কোটি ভাৰতীয়ই দুবেলা দুসাজ খাবলৈ নোপোৱাকৈ আছে। এই লোকসকলে প্ৰয়োজনীয় পুষ্টিৰ বিপৰীতে ৫০ শতাংশও পুষ্টি পোৱাৰ পৰা বঞ্চিত হৈ আছে। ­­

প্ৰতিবেদনখনত উল্লেখ আছে ২০২১ চনত ভাৰতীয়ই পুষ্টিসন্মত খাদ্যৰ বাবে এটা দিনত প্ৰায় ২৩৫ টকা ব্যয় কৰিব লাগে। অৱশ্যে ভাৰতৰ চুবুৰীয়া অন্যান্য ৰাষ্ট্ৰ তুলনাত এই মূল্য কম। পাকিস্তানত পুষ্টিসন্মত খাদ্যৰ বাবে ২৯১ টকা, শ্ৰীলংকাত ৩১০ টকা, বাংলাদেশত ২৪২ টকা, ভূটানত ৩৯৮ টকা আৰু নেপালত ৩৪৫ টকা ব্যয় কৰিব লাগে।

এইদৰেই ভাৰতত বিগত সময়ত কোটি কোটি জনতাই পুষ্টিহীনতাত ভূগিবলগীয়া হৈছে। আধা পেটীয়াকৈ পাৰ কৰিবলগীয়া হৈছে দিন। প্ৰতিবেদনত কোৱা হৈছে এদিনত পুষ্টিকৰ খাদ্যৰ বাবে ভাৰতীয়ই ব্যয় কৰিব লাগে ২৩৫ টকা। অথচ ভাৰতৰ বহু শ্ৰমিকৰ দৈনিক উপাৰ্জনেই ২৩৫ টকা নহয়গৈ।

দৈনিক উপাৰ্জন ২০০ টকাৰ ভিতৰত থকা শ্ৰমিকসকলে এই ২০০ টকাৰ পৰাই খাদ্য, নিত্য প্ৰয়োজনীয় সামগ্ৰী, পৰিয়ালৰ প্ৰয়োজনীয় সামগ্ৰী আদি ক্ৰয় কৰাত ব্যয় কৰিব লাগে। তাৰোপৰি আছে ৰোগ নিৰাময়, শিক্ষা আদিৰ নামত হোৱা ব্যয়। এনে পৰিস্থিতিত লাখ লাখ শ্ৰমিক তথা দৰিদ্ৰ লোকে কিদৰে দৈনিক পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব সেয়া সহজেই অনুমেয়।

ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদন এনে এক সময়ত প্ৰকাশ পাইছিল যি সময়ত বিশ্বৰ তৃতীয় ধনাধ্য ব্যক্তি হিচাপে চিহ্নীত হৈ পৰিছিল গৌতম আদানী। এই আদানীয়েই এতিয়া দ্বিতীয় স্থানৰ ধনাধ্য ব্যক্তি হিচাপে উন্নতি কৰিছে। বৃদ্ধি কৰিছে তেওঁৰ সম্পত্তি।

ব্লুমবাৰ্গৰ বিলিয়নেয়াৰ ইণ্ডেক্স অনুসৰি, ৬০ বছৰীয়া গৌতম আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫৫.৫ বিলিয়ন ডলাৰ। তালিকাত প্ৰথম স্থান অধিকাৰ কৰা টেছলাৰ মুৰব্বী এলন মাস্কৰ সম্পত্তিৰ পৰিমাণ ২৭৩.৫ বিলিয়ন ডলাৰ। আনহাতে তৃতীয় জন ধনী ব্যক্তি আমাজনৰ প্ৰতিষ্ঠাপক আৰু প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী বিষয়া জেফ বেজাছৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৪৯.৭ ডলাৰ।

২০২২ চনত আদানী গ্ৰুপৰ সম্পত্তি হৈছে আকাশলঙ্ঘী। যোৱা ২৪ ঘণ্টাত গৌতম আদানীৰ সম্পত্তি বৃদ্ধি হৈছে ৪.৯ বিলিয়ন ডলাৰতকৈ অধিক। চলিত বছৰৰ জানুৱাৰীৰ পৰা এই পৰ্যন্ত আদানীৰ সম্পত্তি বৃদ্ধি পাইছে ৬০ বিলিয়নতকৈ অধিক।

যোৱা আগষ্ট মাহত গৌতম আদানীয়ে বিল গেটছক অতিক্ৰম কৰি ধনাধ্য ব্যক্তি হিচাপে আত্মপ্ৰকাশ কৰিছিল। ফেব্ৰুৱাৰীত আদানীয়ে ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানীক অতিক্ৰম কৰি এছিয়াৰে আটাইতকৈ ধনী ব্যক্তি হিচাপে চিহ্নীত হৈছিল। এপ্ৰিলত তেওঁৰ সম্পত্তি আছিল ১০০ বিলিয়ন ডলাৰ। আৰু ছেপ্টেম্বৰত সম্পত্তি বৃদ্ধি পাই ১৫৫.৫ বিলিয়ন ডলাৰলৈ।

এইজন গৌতম আদানী কেন্দ্ৰত শাসনাধিস্ত বিজেপি চৰকাৰৰ অতি আদৰৰ। খবৰ প্ৰকাশ পাইছিল নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ আঁৰতো আছিল গৌতম আদানীৰ পিতৃৰ অৰিহণা।

গৌতম আদানীৰ পিতৃৰ আৰ্থিক সাহায্যৰ বাবেই মোডী হেনো হৈ পৰিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী। অৱশ্যে এয়া একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰহে। সেই তেতিয়াৰ পৰাই আদানী মোডীৰ ঘৰৰ মানুহ।

এই ঘৰুৱা সম্পৰ্কৰ বাবেই হয়তো মোডীৰ পৃষ্ঠপোষকতাত তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা উদ্যোগ বিক্ৰীৰ যি নীতি সেই নীতিৰ বাবে এটাৰ পাছত আন এটাকৈ দেশৰ সম্পত্তি ক্ৰয় কৰি আদানীয়ে নিজৰ অধীনলৈ নিছে। কয়লাখনি, বিদ্যুৎ উৎপাদন ক্ষেত্ৰ, ৰাজপথ, বিমানবন্দৰ, ৰে'লৱে ষ্টেচন, বন্দৰ সকলো এফালৰ পৰা আদানীৰ হাতলৈ গৈছে।

ইয়াৰ উপৰিও কৃষি খণ্ড, খুচুৰা বজাৰ আদানীৰ হাতত অৰ্পণ কৰাৰ চেষ্টা অব্যাহত আছে বুলিও খবৰ প্ৰকাশ পাইছে। ইতিমধ্যে বাতিল হোৱা সংশোধিত কৃষি আইন আছিল হেনো তাৰেই প্ৰচেষ্টা। কাশ্মীৰৰ পৰা ৩৭০ প্ৰত্যাহাৰ কৰাৰ আঁৰতো আছিল বোলে আদানীৰ অংক। এয়া আমাৰ কথা নহয়। ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চিত হোৱা খবৰহে। ইয়াৰ সত্যাসত্যতা বিশ্লেষণ কৰিলেই হয়তো ওলাই পৰিব।

আদানী এতিয়া বিশ্বৰ দ্বিতীয় ধনী ব্যক্তি। অতি শীঘ্ৰেই হয়তো হৈ পৰিব আটাইতকৈ ধনী ব্যক্তি, অতিক্ৰম কৰিব এলম মাস্কক। এতিয়া প্ৰশ্ন হয়, এই সময়ছোৱাত আদানীৰ সম্পত্তি যিদৰে বৃদ্ধি পালে, উন্নতি হ'ল সেইদৰে ভাৰতীয় সৰ্বসাধাৰণ লোকৰ উন্নতি কি হ'লনে? সেয়া জানিবলৈ মান নাযায়নে?

আদানীৰ সম্পত্তি বিলিয়নৰ ঘৰত দোপতদোপে বৃদ্ধি পোৱাৰ সময়ত ভাৰতীয় সৰ্বসাধাৰণ লোকৰ বৃদ্ধি পালে মেদ বহুলতা। ১৫ ৰ পৰা ৪৯ বছৰ বয়সৰ লোকৰ ভিতৰত ৩.৪ কোটি লোক আছে অভাৰৱেইট কেটেগৰীত।

একেদৰে বৃদ্ধি পালে এনিমিয়াত আক্ৰান্ত ভাৰতীয় মহিলাৰ সংখ্যা। ২০১৯ চনত এনিমিয়াত আক্ৰান্ত মহিলাৰ সংখ্যা আছিল ১৭.২ কোটি আৰু ২০২১ ত এই সংখ্যা বৃদ্ধি পালে ১৮.৭ কোটিলৈ। এতিয়া পুষ্টিহীনতা, মেদবহুলতা আৰু এনিমিয়াত ভোগা ভাৰতীয়ই আদানীক তেওঁৰ এই সাফল্যৰ বাবে শুভেচ্ছা জনাবনে? এই প্ৰশ্ন সৰ্বসাধাৰণৰ বাবেই এৰিলো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in