'পৰ্বত' ভালপোৱা ছোৱালীজনী হেৰাই গ'ল পৰ্বতত !

author-image
Asomiya Pratidin
New Update
'পৰ্বত' ভালপোৱা ছোৱালীজনী হেৰাই গ'ল পৰ্বতত !

dipshikha hazarika

দীপশিখা হাজৰিকা। দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত অসমৰ ছোৱালী। পৰ্বতাৰোহণৰ এডভাঞ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ গৈ উত্তৰাখণ্ডত হিমস্খলনৰ সন্মুখীনহৈ সন্ধানহীন হৈ আছে তেওঁ। এতিয়াও উদ্ধাৰকাৰীয়ে লাভ কৰা নাই তেওঁৰ সন্ধান। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন।

Advertisment

বহু সপোন লৈ উত্তৰাখণ্ডলৈ গৈছিল অসমৰ দীপশিখা হাজৰিকা। সাহসী ছোৱালীজনীয়ে পৰ্বতাৰোহণকেই যেন জীৱনৰ পণ হিচাপে লৈছিল। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই।

এই প্ৰতিষ্ঠানটোৰ এডভাঞ্চ ক'ৰ্চৰ মুঠ ৩৪ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষিক উঠি গৈছিল হিমালয়লৈ। তাৰ পাছতে আহিছিল এক দুঃখবৰ। হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল প্ৰশিক্ষণৰত পৰ্বতাৰোহী দলটোৰ।

প্ৰায়বোৰৰ সন্ধান ওলাল। কিন্তু সন্ধান ওলোৱা নাই অসমৰ দীপশিখা হাজৰিকাৰ। ২৮ বছৰীয়া দীপশিখাই চানমাৰি অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল।

পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত। অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য দীপশিখা। যোৱা ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল।

দীপশিখাৰ পিতৃৰ নাম গোলাপ হাজৰিকা। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত। ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন হোৱা পৰ্বতলৈ ৰাওনা হৈছিল।

২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ গৈছিল। সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায়৮ বাজি ৪৫ মিনিটত এই হিমস্খলনৰ সন্মুখীন হয়।

তাৰ পাছত সন্ধানহীন হৈ পৰা দীপশিখাৰ সন্ধান এতিয়ালৈকে ওলোৱা নাই। ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানটো যথেষ্ট অসুবিধা হৈছে উদ্ধাৰকাৰী দলটোৰ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্যোগ লৈ দীপশিখাৰ পিতৃ আৰু এজন ককায়েকক উত্তৰাখণ্ডলৈ যোৱাৰ ব্যৱস্থা কৰি দিছে। দীপশিখাৰ পিতৃ আৰু ককায়েক বিমানেৰে নতুন দিল্লীলৈ গৈ অসম ভৱনত নিশাটো কটাই ৬ অক্টোবৰত এখন বাহনেৰে উত্তৰাখণ্ডৰ উত্তৰকাশীলৈ ৰাওনা হৈছে।

তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীৰ অসম ভৱনত দীপশিখাৰ পিতৃক সাক্ষাৎ কৰে। দীপশিখা হাজৰিকাৰ ঘৰ গহপুৰত যদিও পিতৃৰ চাকৰি সূত্ৰে তেওঁলোক গুৱাহাটীৰ শ্ৰীমন্তপুৰত বাস কৰে।

২৮ দিনীয়া আছিল এই প্ৰশিক্ষণৰ কাৰ্যসূচী। ৰাজ্য চৰকাৰে এগৰাকী আই এ এছ বিষয়া দীপশিখাৰ উদ্ধাৰ অভিযানৰ তদাৰকৰ বাবে উত্তৰাখণ্ডৰ চৰকাৰৰ সৈতে যোগাযোগ ৰাখিবলৈ দায়িত্ব অৰ্পণ কৰিছে।

অসম পৰ্বতাৰোহী সংস্থাৰ সৌজন্যত দীপশিখাই বহু অভিযানটো অংশলৈছে। দীপশিখাৰ লক্ষ্য আছিল এই প্ৰশিক্ষণ সামৰি ঘূৰি আহি মেথড অফ ইষ্ট্ৰাকছনৰ এটা ক'ৰ্চ কৰাৰ।

শদিয়াৰ পৰা গুৱাহটীলৈ ব্ৰহ্মপুত্ৰ নদীৰে এক ৰাফটিং অভিযানত অংশ লোৱাৰ সময়ত অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি কিশোৰ কুমাৰ বৰুৱাৰ সৈতে দীপশিখা
শদিয়াৰ পৰা গুৱাহটীলৈ ব্ৰহ্মপুত্ৰ নদীৰে এক ৰাফটিং অভিযানত অংশ লোৱাৰ সময়ত অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি কিশোৰ কুমাৰ বৰুৱাৰ সৈতে দীপশিখা

এই পাঠ্যক্ৰমৰ অন্ত পৰ্বতাৰোহণৰ প্ৰশিক্ষক হিচাপে কাম কৰাৰ ইচ্ছা আছিল দীপশিখাৰ। বিভিন্ন দুঃসাহসিক জল ক্ৰীড়া, পেৰা চেইলিং, স্পৰ্টছ ক্লাইমবিং আদিতো অংশ লৈছিল দীপশিখাই।

সন্ধানহীন হৈ থকা দীপশিখাক উদ্ধাৰৰ বাবে প্ৰাৰ্থনা জনাইছে অসম পৰ্বতাৰোহণসন্থাই। তেওঁৰ সন্ধানহীনৰ খবৰে উদ্বিগ্ন কৰিছে পৰ্বতাৰোহণ সন্থাকো। এতিয়া অপেক্ষা সময়লৈ।

assam dipshikha hazarika