মুখ্যমন্ত্ৰীয়ে দিছিল প্ৰতিশ্ৰুতিঃ ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক পোৱা খেলুৱৈয়ে পাব চাকৰি...

36TH NATIONAL GAMES GUJRAT
36TH NATIONAL GAMES GUJRAT
অন্ত পৰিল গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অসমৰ প্ৰদৰ্শন আছি আশাব্যঞ্জক।ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ প্ৰদৰ্শন সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ক্ৰীড়াৰ এক পৰিবেশ সৃষ্টি হৈছে অসমত। ক্ৰীড়াক যেন পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে অসমত। সকলোৱে বুজি উঠিছে ক্ৰীড়াৰ গুৰুত্ব আৰু মহত্ব। মানুহে বুজি পাইছে এতিয়া খেল 'ধেমালি' হৈ থকা নাই। এতিয়া খেল হৈ পৰিছে এটা সুন্দৰ কেৰিয়াৰ। ৰাজ্যৰ শেহতীয়া ক্ৰীড়াৰ পৰিবেশে যেন সেই কথাই কয়।

২৯ ছেপ্টেম্বৰ ২০২২ ৰ পৰা গুজৰাটত আৰম্ভ হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাখন ১২ অক্টোবৰত সফল সমাপ্তি ঘটে। প্ৰতিযোগিতাখনত অসম দলৰ প্ৰদৰ্শন আছিল এইবাৰ আশাব্যঞ্জক।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুজৰাট অভিমুখে ৰাওনা হোৱাৰ পূৰ্বে অসম দলটোৱে পদক তালিকাৰ শীৰ্ষ ৫ ত থাকিব পাৰিব বুলি আশা প্ৰকাশ কৰিছিল যদিও অসম দলটোৱে চতুৰ্দশ স্থানতে সীমাবদ্ধ থাকিবলৈ বাধ্য হয়।

৯ টা স্বৰ্ণ, ১০ ৰূপ আৰু ৯ টা ব্ৰঞ্জৰ পদৰ সৈতে অসম দলটোৱে মুঠ ২৮ টা পদকেৰে তালিকাৰ চতুৰ্দশস্থান লাভ কৰে। ইয়াৰ বিপৰীতে ছাৰ্ভিচেছে মুঠ ৬১ টা সোণ, ৩৫ টা ৰূপ আৰু ৩২ ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১২৮ টা পদকৰ সৈতে শীৰ্ষস্থান দখল কৰিছে।

দ্বিতীয় স্থানত থাকিল মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰই ৩৯ টা সোণ, ৩৮ টা ৰূপ, ৬৩ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১৪০ টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে। তৃতীয় স্থানত থাকে হাৰিয়াণা। হাৰিয়াণাই ৩৮ টা সোণ, ৩৮ টা ৰূপ আৰু ৪০ টা ব্ৰঞ্জৰ পদকৰ সৈতে মুঠ ১১৬ টা পদকেৰে তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰে।

চতুৰ্থ আৰু পঞ্চম স্থান অধিকাৰ কৰে ক্ৰমে কৰ্ণাটক আৰু তামিলনাডু। কৰ্ণাটকে ২৫ টা সোণ, ২২ টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰ সৈতে মুঠ ৮৮ টা পদকেৰে চতুৰ্থ আৰু তামিলনাডুৱে ২৫ টা সোণ, ২২ টা ৰূপ আৰু ২৭ টা ব্ৰঞ্জৰ সৈতে মুঠ ৭৪ টা পদকেৰে তালিকাৰ পঞ্চম স্থান অধিকাৰ কৰিছে।

আনহাতে কেৰালাই মুঠ ৫৪ টা পদকেৰে ষষ্ঠ, মধ্যপ্ৰদেশে ৬৬ টা পদকেৰে সপ্তম, উত্তৰ প্ৰদেশে ৫৬ টা পদকেৰে অষ্টম, মণিপুৰে ৫০ টা পদকেৰে নৱম আৰু পঞ্জাৱে মুঠ ৭৬ টা পদকেৰে দশম স্থান অধিকাৰ কৰে।

প্ৰতিযোগিতাখনৰ আৰম্ভণিতে অসমৰ তাৰকা স্প্ৰীণ্টাৰ তথা দেশৰ দ্ৰুততম মানৱ হিচাপে ইতমধ্যে স্বীকৃতি লাভ কৰা অম্লান বৰগোহাঁই ১০০ মিটাৰ আৰু ২০০ মিটাৰত সোণৰ পদক লাভ কৰি অসমক গৌৰৱান্বিত কৰে। অম্লানৰ উপৰিও সাঁতোৰত আস্থা চৌধুৰী আৰু শিৱাংগী শৰ্মাই লাভ কৰে দুটাকৈ সোণৰ পদক।

প্ৰতিযোগিতাৰ মাজতে অসমে লন বলত লাভ কৰিলে ৩ টাকৈ সোণৰ পদক। মৃদুল বৰা আৰু ৰূপটু গগৈৰে গঠিত মেনছ পেয়াৰ শাখাত অসমে দিল্লীক পৰাস্ত কৰি সোণৰ প্ৰথমটো সোণৰ পদক লাভ কৰাৰ পিছত মেনছ ত্ৰিপলছত আনন্দ কুমাৰ নাৰ্জাৰী, পুতুল সোণোৱাল আৰু মৃদুল বৰগোহাঁইয়ে গঠিত অসম দলটোৱে দ্বিতীয়টো সোণৰ পদক লাভ কৰে।

আনহাতে প্ৰতিযোগিতাৰ অন্তিম দিনটোত অসমৰ দুই মহিলা বক্সাৰ অংকুশিতা বড়ো আৰু লাভলীনা বড়োৱে লাভ কৰে স্বৰ্ণ পদক। প্ৰতিযোগিতাৰ অন্তিম দিনটোত অনুষ্ঠিত হোৱা চূড়ান্ত মেচত অংকুশিতা বড়োৱে ৬৬ কেজি শাখাত মণিপুৰৰ এলিনাক নকআউট কৰি সোণৰ পদক দখল কৰে।

প্ৰাক্তন জুনিয়ৰ বিশ্বচেম্পিয়ন অংকুশিতাই কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত মুঠ ৪ খন মেচ খেলি ৩ খন মেচতেই নকআউট কৰি নিজ শক্তিৰ প্ৰমাণ দাঙি ধৰিলে। একেদৰে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইয়েও অন্তিম দিনৰ চূড়ান্ত মেচখনত হাৰিয়াণাৰ স্বাতীৰ বিৰুদ্ধে শক্তিশালী প্ৰদৰ্শনেৰে ৫-০ ব্যৱধানেৰে সোণৰ পদক দখল কৰে।

এইবাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসমে আৰু কেইবাটাও ইভেণ্টত পদক আশা কৰিছিল যদিও ব্যৰ্থ হয়। বিশেষকৈ বক্সাৰ শিৱ থাপা আৰু যমুনা বড়োৰ পৰা সোণৰ পদক এক প্ৰকাৰে লাভ কৰিব বুলি নিশ্চিত আছিল অসম বক্সিং সন্থা। একেদৰে স্প্ৰীণ্টাৰ হিমা দাসৰ পৰাও আশা কৰিছিল সোণৰ পদক।

ইফালে বেডমিণ্টন খেলুৱৈ অস্মিতা চলিহা, শ্বুটিঙত হৃদয় হাজৰিকাৰ পৰা পদক আশা কৰিছিল যদিও দুয়োগৰাকী খেলুৱৈয়ে ব্যৰ্থ হয়। একেই অৱস্থা আৰ্চাৰী, জুডো, ফেন্সিঙত। ভাৰত্তোলনত একমাত্ৰ পপী হাজৰিকাই লাভ কৰিলে ৰূপৰ পদক। উশ্বুৰ পৰাও সোণৰ পদক আশা কৰা হৈছিল যদিও নাহিল সোণ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমৰ ক্ৰীড়া ক্ষেত্ৰক লৈ বহু অভিলাষী আঁচনি গ্ৰহণ কৰিছে। ৰাজ্যিক ক্ৰীড়া নীতিৰ আধাৰত হিমা দাস, লাভলীনা বৰগোহাঁইক ডি এছ পিৰ চাকৰি প্ৰদান কৰা হৈছে। কমনৱেলথ গেমছত সোণৰ পদক জয় কৰি ইতিহাস সৃষ্টি কৰা নয়নমণিকো শেহতীয়াকৈ পদোন্নতি দিয়া হৈছে।

৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আৰম্ভণিতে গুৱাহাটীত অনুষ্ঠিত হোৱা অসম দলৰ জাৰ্ছী উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল, প্ৰতিযোগিতাখনত পদক লাভ কৰা প্ৰতিজন খেলুৱৈলৈ আগবঢ়োৱা হ'ব চৰকাৰী চাকৰি।

প্ৰতিযোগিতাখনত পদক লাভ কৰা প্ৰতিগৰাকী খেলুৱৈয়ে সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই হয়তো শীঘ্ৰেই যোগ্যতা অনুসৰি সংস্থাপন লাভ কৰিব। যদি সেয়াই হয়, তেন্তে নিশ্চিত ভাৱে ই হ'ব অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক আশাৰ খবৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in