ৰণাংগনত সাজু বিজেপিৰ ৰথী-মহাৰথী ! মুখ চুপতিত বিৰোধী..

bikhekh protibedon
bikhekh protibedon
২০২৪ ত দেশৰ অষ্টাদশ সাধাৰণ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হৈছে প্ৰস্তুতি। বাদ পৰি ৰোৱা নাই অসমো। বিজেপিৰ কেইবাজনো মন্ত্ৰী, সাংসদে নিৰ্বাচনক কেন্দ্ৰ কৰি পূৰ্ণ গতিত চলাইছে প্ৰস্তুতি। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

২০২৪ ত অনুষ্ঠিত হ'ব লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে শাসনাধিস্থ বিজেপিৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহেও লোকসভাৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে ৰাহুল গান্ধীৰ নেতৃত্বত চলাই আছে ভাৰত জোড়ো যাত্ৰা।

অৱশ্যে অসমৰ ক্ষেত্ৰত শাসনাধিস্থ বিজেপি দলেই লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অধিক সক্ৰিয় ৰূপত প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে বিজেপিৰ শীৰ্ষ নেতৃত্বই পূৰ্বৰ নিৰ্বাচনত পৰাজিত হোৱা সমষ্টিতসমূহত বিজেপিৰ প্ৰাৰ্থী কিয় পৰাজিত হৈছিল সেই বিষয়ে পৰ্যবেক্ষণ সম্পূৰ্ণ কৰিছে।

যিবোৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল বা দ্বিতীয় স্থানত আছিল দেশজুৰি তেনে ১০০ ৰো অধিক সমষ্টিত এইবাৰ বিজেপিৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবৰ বাবে শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰিছে বিশেষ পৰিকল্পনা। এই পৰিকল্পনাৰ আৰ্হিতে ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰীসকলে তেনে সমষ্টি পৰ্যবেক্ষণ কৰি তাৰ প্ৰতিবেদন কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বৰ আগত দাখিল কৰিছে।

অসমতো ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে কলিয়াবৰ, নগাওঁ, বৰপেটা সমষ্টি ভ্ৰমণ কৰি ইয়াৰ প্ৰতিবেদন বিজেপিৰ শীৰ্ষ নেতৃত্বৰ ওচৰত দাখিল কৰিছে। এই তিনিওটা সমষ্টিতে পূৰ্বৰ নিৰ্বাচনত জয় লাভ কৰিছিল কংগ্ৰেছে।

বৰপেটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈয়ে জয়লাভ কৰিছিল। এই দুয়োটা সমষ্টি বিজেপিয়ে এৰি দিছিল মিত্ৰদল অসম গণ পৰিষদক।

বৰপেটাত বিজেপি মিত্ৰজোঁটৰ হৈ কুমাৰ দীপক দাস আৰু কলিয়াবৰত মণিমাধৱ মহন্তই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হাতত কুমাৰ দীপক দাস ১ লাখ ৪০ হাজাৰ ৩০৭ টা ভোটৰ ব্যৱধানত পৰাস্ত হোৱাৰ বিপৰীতে মণি মাধৱ মহন্ত গৌৰৱ গগৈৰ হাতত ২ লাখ ৯ হাজাৰ ৯৯৪ টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল।

আনহাতে নগাওঁ সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাক মাত্ৰ ১৬ হাজাৰ ৭৫২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। ইফালে ধুবুৰী সমষ্টিত জয় লাভ কৰিছিল এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল।

২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে অসম গণ পৰিষদক তিনিটাকৈ সমষ্টি এৰিদিছিল যদিও এইবাৰ তিনিটাৰ পৰিৱৰ্তে মাত্ৰ এটা সমষ্টিহে এৰিদিবলৈ বিচাৰিছে। ২০২৪ ত বিজেপিয়ে অগপক এৰি দিব বিচাৰিছে ধুবুৰী সমষ্টি।

সমষ্টিটোৰ জনগাঁথনিয়েই ইয়াৰ মূল কাৰণ। বিজেপি প্ৰায় নিশ্চিত এই সমষ্টিত তেওঁলোকৰ প্ৰাৰ্থী কোনো কাৰণতে জয় লাভ কৰিব নোৱাৰে। তাৰে বাবেই দলটোৱে এই সমষ্টিক বৰ বিশেষ গুৰুত্ব এই পৰ্যন্ত দিয়া নাই।

চৰ্চা চলিছে ধুবুৰী অগপক এৰি দিব বিজেপিয়ে। বাকী আটাইকেইটা সমষ্টিতে বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। পূৰ্বে অগপক এৰি দিয়া কলিয়াবৰ আৰু নগাওঁ এইবাৰ বিজেপিয়ে নিজৰ হাততেই ৰাখিব।

অৱশ্যে এনে চৰ্চাৰ সমান্তৰালকৈ বিজেপিয়ে কলিয়াবৰ, নগাওঁ সমষ্টিত যদিৰে প্ৰস্তুতি আৰম্ভ কৰিছে তাৰ পৰা এই কথা নিশ্চিত হৈছে। এই দুটা সমষ্টিৰ উপৰিও কংগ্ৰেছৰ দখলত থকা বৰপেটা সমষ্টিও দখলৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে প্ৰস্তুতি।

বিজেপিৰ দখলৰ বাহিৰত থকা আৰু কংগ্ৰেছৰ দখলত থকা তিনিওটা সমষ্টিকে এইবাৰ বিজেপিয়ে নিজৰ দখললৈ নিয়াৰ সকলো ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে। বিশেষকৈ কলিয়াবৰ আৰু নগাওঁ সমষ্টি এইবাৰ কোনো কাৰণতে যাতে কংগ্ৰেছৰ দখললৈ নাযায় তাৰ বাবে তৃণমূল পৰ্যায়ৰ পৰাই আৰম্ভ কৰিছে বিশেষ প্ৰস্তুতি।

এই তিনিওটা সমষ্টিতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ শীৰ্ষ নেতৃত্বই বিশেষ দায়িত্ব অৰ্পণ কৰাৰ উপৰিও আন এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজজুকো ফিল্ডত নমাই দিছে। ৰিজিজুক কলিয়াবৰ, নগাওঁ আৰু বৰপেটা দখলৰ দায়িত্ব দিয়া হৈছে।

ইতিমধ্যে এই দায়িত্ব মূৰ পাতি লৈয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তিনিওটা সমষ্টিতে উপস্থিত হৈ সমষ্টি কেইটাৰ অন্তৰ্গত বিশেষ বিশেষ স্থান পৰিভ্ৰমণ কৰাৰ উপৰিও সমষ্টিৰ অন্তৰ্গত নেতৃস্থানীয় লোকসকলক সাক্ষাৎ কৰিছে। উপস্থিত হৈছেগৈ নামঘৰ, সত্ৰ আদিৰ দৰে ধৰ্মীয় অনুষ্ঠানত। তাৰ মাজতে অংশগ্ৰহণ কৰিছে বিভিন্ন পৰ্যায়ৰ দলীয় সভাত।

উল্লেখ কৰা তিনিওটা সমষ্টিৰ ভিতৰত বিজেপিয়ে কলিয়াবৰ আৰু নগাওঁ সমষ্টি কোনো কাৰণতে যাতে পুনৰ কংগ্ৰেছৰ দখললৈ যাব নোৱাৰে তাৰ ওপৰত অধিক গুৰুত্ব দিছে। কলিয়াবৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি গৌৰৱ গগৈ গৈছে দিল্লীলৈ।

দিল্লীত গৌৰৱ গগৈৰ দায়িত্ব আৰু তেওঁৰ ভূমিকা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। লোকসভাত বিৰোধী দলৰ উপ-দলপতি হৈ আছে গৌৰৱ গগৈ। বহু জ্যেষ্ঠ আৰু শীৰ্ষ কংগ্ৰেছ নেতৃত্বৰ চেৰাই কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ সৈতে লোকসভাৰ বিৰোধীৰ আসনৰ সন্মুখত বহিছে গৌৰৱ গগৈ।

প্ৰতিটো বিষয়ৰ ওপৰত সাৱলীল আৰু যুক্তিনিষ্ঠ বক্তব্য আগবঢ়োৱা গৌৰৱ গগৈয়ে বহু সময়ত শাসনাধিস্থ বিজেপি দলক বপদত পেলাই আহিছে। তেনে ক্ষেত্ৰত স্বাভাৱিকতে গৌৰৱ গগৈৰ সমষ্টি বিজেপিৰ টাৰ্গেট হৈ পৰিছে।

আনহাতে নগাওঁ সমষ্টিত ২০১৯ ত বিজেপিয়ে মাত্ৰ ১৬ হাজাৰ ভোটৰ ব্যৱধানত হে পৰাস্ত হৈছে। এই সমষ্টিও বিজেপিয়ে নিজৰ দখললৈ আনিব পৰাকৈ সামাৰ্থ্য আছে। যাৰ বাবে এই দুয়োটা সমষ্টি এতিয়া বিজেপিৰ ছফ্ট টাৰ্গেত।

এই সমষ্টি দুয়োটা দখলৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিবলৈ, সকলো ৰিপ'ৰ্ট শীৰ্ষ মহলত দাখিল কৰিবলৈ পূৰ্বৰে পৰা অসমৰ সাংসদ কেইজন ব্যস্ত হৈ আছে। বিশেষকৈ কলিয়াবৰত সৰ্বানন্দ সণোৱাল, ৰামেশ্বৰ তেলী, নগাঁৱত কামাখ্য প্ৰসাদ তাছা আৰু বৰপেটাত ভূৱনেশ্বৰ কলিতাক দায়িত্ব দিয়া হৈছে।

আটাইকেইজন সাংসদতে ইতিমধ্যে তিনওটা সমষ্টিত দলীয় কামকাজ কৰি আছে যদিও কিৰেণ ৰিজিজুক মূল দায়িত্ব দিয়া হৈছে। আটাইকেইজন সাংসদে সমষ্টি কেইটাৰ দুৰ্বল বুথ সমূহ শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। মন্ত্ৰী ৰিজিজুৱে বুথ পৰ্যায়ৰ নেতাৰ সৈতে দলীয় ভেটী শক্তিশালী কৰাৰ বাবে বৈঠকত মিলিছে।

আনহাতে লোকসভাৰ নিৰ্বাচনত এই সমষ্টি কেইটাত কাক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব সেই সন্দৰ্ভতো এতিয়াৰে পৰা সমষ্টি কেইটা পৰ্যবেক্ষণ কৰি পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰাকৈ সমীক্ষাও চলাই থকা হৈছে। তিনিওটা সমষ্টিৰ বাবে সুবিধাজনক আৰু সৰ্বগ্ৰহণযোগ্য প্ৰাৰ্থী বিচাৰি আছে দলটোৱে।

যাৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী বিজেপি নেতাই দায়িত্ব প্ৰাপ্ত কেন্দ্ৰীয় মন্ত্ৰী তিনিওগৰাকীৰ চকুত লগাকৈ কাম কাজ আৰম্ভ কৰিছে। সমষ্টিৰ গাঁৱে গাঁৱে সোমাই পৰিছে। এক কথাত বিজেপিয়ে ২০২৪ লোকসভাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে। তাৰ বিপৰীতে বিৰোধী পক্ষই এই পৰ্যন্ত মিত্ৰতাক কেন্দ্ৰ কৰি মুখ চুপতি মৰাৰ মাজতে সীমাবদ্ধ হৈ থকাহে পৰিলক্ষিত হৈছে।


Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in