বাৰে বাৰে প্ৰকৃতিৰ ৰোষত পৰে দেৱভূমি ! ক্ষীৰগংগাই গ্ৰাস কৰিছিল ২৪০ টা মন্দিৰ...

উত্তৰাখণ্ডত ভূমিস্খলন নতুন কথা নহয়। ইয়াৰ পূ্ৰ্বে ২০১৩ চনৰ ১৬ জুনত কেদাৰনাথত প্ৰচণ্ড বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ ফলত অতি কমেও চাৰি হাজাৰ লোকৰ মৃত্যু হৈছিল।

author-image
Tushar Pratim
New Update
বাৰে বাৰে প্ৰকৃতিৰ ৰোষত পৰে দেৱভূমি ! ক্ষীৰগংগাই গ্ৰাস কৰিছিল ২৪০ টা মন্দিৰ...

মাত্ৰ ৩৪ ছেকেণ্ডৰ এটা ভিডিঅ’। এই ভিডিঅ’ত দেখা গৈছে খহি পৰা পাহাৰে মুহূৰ্ততে ধ্বংস কৰিলে এটা অঞ্চল। উত্তৰকাশীৰ এই ভয়াৱহ ভূমিস্খলনৰ দৃশ্যই সোঁৱৰাইছে এবছৰৰ পূৰ্বৰ ৱায়নাড আৰু ২০১৩, ১৮ ৰ উত্তৰাখণ্ডৰ ভয়াৱহ দুৰ্যোগৰ কাহিনী। কিয় বাৰে বাৰে এই অঞ্চলসমূহত হয় এনে দুৰ্যোগ? এই বিষয়ৰ সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ ভয়াৱহ ভূমিস্খলনৰ মাত্ৰ ৩৪ ছেকেণ্ডৰ এটা দৃশ্যই বুকু কঁপাই তুলিছে দেশবাসীৰ। বাৰিষাৰ এই সময়ছোৱাত প্ৰতিবাৰেই বিভিন্ন পাহাৰীয়া অঞ্চল ভূমিস্খলনৰ কৱলত পৰে যদিও কিদৰে ভূমিস্খলনে মুহূৰ্ততে এটা অঞ্চলক শেষ কৰি নিয়ে সেই দৃশ্য খুব কমেই হে দেখিছে। 

উত্তৰকাশীৰ দৰেই ঠিক এটা বছৰৰ পূৰ্বে কেৰেলাৰ ৱায়নাডত সংঘটিত হৈছিল অনুৰূপ এক ভূমিস্খলনৰ ঘটনা। নিশাৰ ভিতৰতে এখন গাওঁ পুতি পেলাইছিল পাহাৰৰ খহি পৰা বোকা মাটিয়ে। এই ঘটনাত ২৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০০ ৰো অধিক লোক নিৰুদ্দেশ হৈছিল।

তাৰ ঠিক এবছৰৰ পিছত উত্তৰকাশীৰ এই ঘটনা। উত্তৰাখণ্ডত ভূমিস্খলন নতুন কথা নহয়। ইয়াৰ পূ্ৰ্বে ২০১৩ চনৰ ১৬ জুনত কেদাৰনাথত প্ৰচণ্ড বৰষুণৰ ফলত বান আৰু ভূমিস্খলনৰ ফলত অতি কমেও চাৰি হাজাৰ লোকৰ মৃত্যু হৈছিল। ২০২৪ তো উত্তৰাখণ্ডত বান আৰু ভূমিস্খলনে লৈছিল ভয়ানক ৰূপ। বাদ পৰি ৰোৱা নাছিল হিমাচল প্ৰদেশো। 

এতিয়াও সন্ধানহীন ৫০ জনৰো অধিক লোক

প্ৰতি বছৰেই উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম, কেৰেলা আদিৰ পাহাৰীয়া অঞ্চলবোৰ বাৰিষাৰ সময়ছোৱাত ভূমিস্খলনৰ কৱলত পৰে আৰু সাধাৰণ জনতাই জীৱন, সম্পত্তি সকলো হেৰুৱাই। উত্তৰকাশীৰ মঙলবাৰৰ ভূমিস্খলনত ধৰালী নামৰ গাওঁখন কাৰ্যতঃ পাহাৰৰ পৰা নামি অহা বোকা মাটি, শিল, বালি আদিত পোত গৈছে।

মুহূৰ্ততে খহি পৰিছে অট্টালিকাও। নিৰুদ্দেশ হৈ আছে ইয়াত থকা সেনা শিবিৰৰ ১১ জনকৈ সেনা জোৱানো। মৃতকৰ সংখ্যা বৰ্তমানলৈকে ৫ জন যদিও সন্ধানহীন হৈ আছে ৫০ জনৰো অধিক লোক। এইসকল সন্ধানহীন লোক জীয়াই থকাৰ কোনো সম্ভাৱনা নাই।

ডাৱৰ বিস্ফোৰণ কি আৰু কিমান ভয়ংকৰ ?

উত্তৰাখণ্ডৰ এই ট্ৰেজেডীৰ কাৰণ ডাৱৰ বিস্ফোৰণ। ডাৱৰ বিস্ফোৰণ এই পাহাৰীয় অঞ্চলসমূহত যোৱা সময়ছোৱাত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১০০ বৰ্গ কিলোমিটাৰ এলেকাত ১০০ মিলিমিটাৰ বা তাতকৈ অধিক বৰষুণ পৰিলে তাক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়।

এনে বৰষুণৰ ফলতেই ক্ষীৰগংগাত বানৰ সৃষ্টি হয় আৰু তাৰ পিছতেই মঙলবাৰে ভূমিস্খলনৰ সেই দৃশ্য ভাইেৰেল হৈ পৰে।সেই দৃশ্যত দেখা গ'ল কিদৰে মাত্ৰ ৩৪ ছেকেণ্ডত এখন গাওঁ শেষ হৈ গ'ল। সৰ্বস্ব হেৰুৱালে ২৩০ টা পৰিয়ালে।

ক্ষীৰগংগাই গ্ৰাস কৰিছিল ২৪০ টা মন্দিৰ!

ক্ষীৰগংগাৰ বানৰ ইতিহাস আছে। এই ক্ষীৰগংগাই ধৰালীত থকা ২৪০ টা মন্দিৰ ১৯ শতিকাৰ আৰম্ভণিতে গ্ৰাস কৰিছিল। ১৮১৬ চনত ইংৰাজ ভ্ৰমণকাৰী জেমছ উইলিয়াম ফ্ৰেজাৰে এই মন্দিৰসমূহৰ তালিকা প্ৰস্তুত কৰিছিল।

২০১৩, ২০১৮ ৰ বান পানীয়েও ইয়াক যথেষ্ট ক্ষতি কৰি থৈছে। ক্ষীৰগংগাৰ বানেই ২০১৮ ত প্ৰাচীন কল্প কেদাৰ মন্দিৰৰ আংশিকভাৱে ক্ষতি কৰিছিল।

গাড়োৱাল হিমালয়ৰ কোলাৰ উত্তৰকাশীত কিয় বৃদ্ধি পাইছে দুৰ্যোগ?

ভূমিস্খলনৰ কৱলত পৰা এই অঞ্চলটো গাড়োৱাল হিমালয়ৰ কোলাত অৱস্থিত। য'ত পাহাৰৰ ঠেক ঢাল, শিলৰ বিভিন্ন তৰপ, কেইবাখনো হিমবাহৰ পানীৰে ভৰা নদীৰ নৈ, উপনৈ ইয়াৰ কাষেৰে বৈ গৈছে। এনে ভূ-প্ৰকৃতিৰ বাবেই যোৱা সময়ছোৱাত উত্তৰকাশীৰ ধৰালী, হৰচিল, গংগোত্ৰীৰ দৰে অঞ্চলত ভূমিস্খলন আৰু বানপানীৰ প্ৰকোপ বৃদ্ধি পাইছে।

দেৱভূমি হিচাপে খ্যাত উত্তৰাখণ্ডৰ মাজেৰে বৈ গৈছে ভাগীৰথী, অলকানন্দা, মন্দাকিনি, ধৌলিগংগা, যমুনা আদি নদী। গ্ৰীষ্মৰ এই সময়ছোৱাত প্ৰচণ্ড গৰমৰ বাবে হিমবাহৰ গলন আৰু বাৰিষাৰ অত্যাধিক বৰষুণৰ সময়ত এই নদীবোৰ উফন্দি উঠে।

তাৰোপৰি এই অঞ্চলবোৰত চলা নিৰ্মাণ কাৰ্যও এই ভূমিস্খলনৰ অন্যতম কাৰণ হৈ পৰিছে। দেৱভূমিৰ পৰ্যটন উদ্যোগৰ বিকাশৰ লগে লগে ইয়াত নিৰ্মাণ কাৰ্যও বৃদ্ধি হৈছে। পাহাৰ, বন ধ্বংস কৰি চলা এনে পথ, অট্টালিকা আদি নিৰ্মাণ দুৰ্যোগৰ অন্যতম কাৰণ হিচাপে প্ৰমাণিত হৈছে।

তাৰোপৰি হিমালয়ৰ পাদদেশত অৱস্থিত পাহাৰীয়া ৰাজ্যকেইখনত ইয়াৰ ভূ-প্ৰকৃতি, বতাহৰ গতি, উচ্চতা আৰু উষ্ণতাৰ প্ৰাৰ্থক্যৰ বাবেও ডাৱৰ বিস্ফোৰণৰ দৰে ঘটনা বৃদ্ধি পাইছে। যিয়ে বান আৰু ভূমিস্খলনৰ দৰে দুৰ্যোগ কঢ়িয়াই আনিছে।

ভূমিস্খলন উত্তৰকাশী উত্তৰাখণ্ড