/asomiyapratidin/media/media_files/2025/08/02/new-bikhekh-protibedon-ssc-2025-08-02-17-00-08.jpg)
এছ এছ চিৰ বিৰুদ্ধে সমগ্ৰ দেশৰ কেইবাখনো চহৰত অব্যাহত আছে প্ৰতিবাদ। এই প্ৰতিবাদ দমনৰ বাবে আৰক্ষীয়ে সকলো ধৰণৰ বল প্ৰয়োগ কৰিছে। লাঠিচাৰ্জ কৰিছে পৰীক্ষাৰ্থী, শিক্ষকৰ ওপৰত। কিন্তু কিয় এই প্ৰতিবাদ? কি দাবী প্ৰতিবাদকাৰীসকলৰ? এছ এছ চিৰ কি ভূমিকা? এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
ষ্টাফ চিলেকছন কমিছন চমুকৈ এছ এছ চিৰ নিযুক্তিৰ বিতৰ্কক কেন্দ্ৰ কৰি উত্তাল হৈ আছে দেশ। কেইবাখনো ৰাজ্যৰ কেইবাখনো চহৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ।
এছ এছ চিৰ পৰীক্ষাৰ্থীৰ সমানেই ৰাজপথলৈ ওলাই আহিছে শিক্ষকসকলো। এই প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে আটক কৰিছে প্ৰতিবাদকাৰী শিক্ষক, শিক্ষাৰ্থীক। অসমত যদিও এছ এছ চিৰ পৰীক্ষা কেন্দ্ৰিক বিতৰ্কক লৈ কোনো প্ৰতিবাদ হোৱা পৰিলক্ষিত হোৱা নাই তথাপিও দিল্লীকে ধৰি, বিহাৰ, উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰৰ লগতে চেন্নাই, বেংগালুৰু, কলকাতা আদি বিভিন্ন চহৰত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে।
এই প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ আৰক্ষীয়ে যিধৰণে আক্ৰমণাত্মক পদক্ষেপ গ্ৰহণ কৰিছে সেই দৃশ্য দেখি অধিক উত্তেজিত হৈ পৰিছে প্ৰতিবাদকাৰী প্ৰাৰ্থীসকল। বিশেষকৈ তেওঁলোকৰ সন্মুখতে একাংশ শিক্ষকক ধৰি, বান্ধি তুলি নিয়া কাৰ্যক কোনো কাৰণতে সহ্য কৰা নাই এইসকলে পৰীক্ষাৰ্থীয়ে।
কিয় এছ এছ চিৰ বিৰুদ্ধে হৈছে দেশজুৰি প্ৰতিবাদ
ষ্টাফ চিলেকছন কমিছন চমুকৈ এছ এছ চিৰ বাছনি পদৰ ১৩ পৰ্যায়ৰ পৰীক্ষাৰ সময়ছোৱাত ব্যাপক বিশৃখংলতাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি এছ এছ চিৰ পৰীক্ষাত কাৰিকৰী ত্ৰুটি বহু পৰিমাণে বৃদ্ধি হৈছে।
২০২৫ ৰ ২৪ জুলাইৰ পৰা ১ আগষ্টলৈ এছ এছ চিৰ ফেজ-১৩ পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষাৰ্থীসকলে নানান সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁলোকৰ অভিযোগ বহু পৰীক্ষাৰ্থীয়ে দূৰ দূৰণীৰ পৰা পৰীক্ষা হলত উপস্থিত হোৱাৰ পিছতহে জানিবলৈ পালে যে পৰীক্ষা বাতিল কৰা হৈছে।
আন একাংশ স্থানত ছাৰ্ভাৰ ক্ৰেছ হৈছিল আৰু আন একাংশ স্থানত কম্পিউটাৰত বিজুতি দেখাইছিল। বহু পৰীক্ষাৰ্থীৰ নামত আকৌ পৰীক্ষা কেন্দ্ৰই আহিল ভুলকৈ। ২৩০০ কিলোমিটাৰ পৰ্যন্ত আঁতৰত পৰীক্ষা দিবলৈ গৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছতহে গম পালে এই বিসংগতিৰ কথা।এনে নানান ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা ৯০ শতাংশৰো অধিক।
বছৰ বছৰ ধৰি এই পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকল সেয়ে এছ এছ চিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে। এই পৰীক্ষাৰ বাবেই কোনোবাই বছৰ বছৰ ধৰি ঘৰৰ পৰা আঁতৰি কোচিং গ্ৰহণ কৰিছিল, কোনোবাই এটা বেলা কাম কৰি এটা বেলা পৰীক্ষাৰ প্ৰস্তুতি চলাইছিল। কিন্তু তেওঁলোকৰ সেই পৰিশ্ৰম আৰু কষ্ট এতিয়া অথলে যোৱাৰ উপক্ৰম হৈছে।
কিয় এইবাৰ এছ এছ চিৰ পৰীক্ষাত হৈছে ইমান বিসংগতি?
এছ এছ চিয়ে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিছিল এডুকুইটি নামৰ এটা এজেন্সীক। এই এজেন্সী বহু কেইখন ৰাজ্যত ইতিমধ্যে ব্লেকলিষ্টেড হৈ আছে। তাৰ পিছতো এছ এছ চিয়ে এই প্ৰতিষ্ঠানটোক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিলে।
অভিযোগ অনুসৰি এই এজেন্সীটোৱে ৩ লাখ ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাও সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত ৩০ লাখ পৰীক্ষাৰ্থীৰ পৰীক্ষী অনুষ্ঠিত কৰাৰ দায়িত্ব কেনেকৈ পালে বুলিও প্ৰশ্ন উঠিছে।
তাৰোপৰি এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এডুকুইটী নামৰ প্ৰতিষ্ঠানটোৰ প্ৰয়োজনীয় আন্তঃগাঁথনিয়েই নথকাৰ অভিযোগ উঠিছে। আনহাতে তেওঁলোকৰ নিজা কোনো চেণ্টাৰ নাই, সেয়ে তেওঁলোকে অন্য ঠাই পৰীক্ষা কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিছে।
ফলত এনে পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ গোপনীয়তা আৰু সততাক লৈয়ো প্ৰশ্ন উঠিছে। কোনো কোনো পৰীক্ষা কেন্দ্ৰত নিৰীক্ষকৰ দায়িত্বত ১৮/১৯ বছৰীয়া কিশোৰীকো নিয়োগ কৰাৰ অভিযোগ উঠিছে। সুৰক্ষাত নিয়োজিত সুৰক্ষাকৰ্মীসকলৰো দায়িত্বহীনতাৰ বহু দৃশ্য পোহৰলৈ আহিছে।
কোনো কোনো পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ পূৰ্বে কম্পিউটাৰ স্থাপন কৰি পৰীক্ষাৰ বাবে সাজু হৈছে। সেইবোৰ কেন্দ্ৰত কম্পিউটাৰৰ বিজুতিৰ সংখ্যা সৰ্বাধিক। সেয়ে বহু পৰীক্ষাৰ্থীয়ে কম্পিউটাৰক লৈ চিন্তিত হৈ থাকোতেই পৰীক্ষাহলত সময় পাৰ হল।
পূৰ্বে টাটা কনছালটেন্সীয়ে অনুষ্ঠিত কৰিছিল এছ এছ চিৰ পৰীক্ষা
এডুকুইটী নামৰ প্ৰতিষ্ঠানটোৰ এছ এছ চিৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ অভিজ্ঞতা শূন্য। পূৰ্বে এই পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল টাটা কনছালটেন্সী ছাৰ্ভিচেছে। এই প্ৰতিষ্ঠানটোৱে এছ এছ চিৰ উপৰিও দেশৰ আন বহু গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰি আহিছে।
টাটা কনছালটেন্সী ছাৰ্ভিচেছে পৰীক্ষা অনুষ্ঠিত কৰাৰ সময়ত নাছিল এনে বিসংগতি। তেওঁলোকৰ আন্তঃগাঁথনিও শক্তিশালী। প্ৰতিবাদী পৰীক্ষাৰ্থী, শিক্ষাৰ্থীসকলে সেয়ে এডুকুইটীক আঁতৰাই টাটা কনছালটেন্সীক পুনৰ এই পৰীক্ষাৰ দায়িত্ব দিয়াৰ দাবী জনাইছে।
প্ৰতিবাদকাৰী শিক্ষাৰ্থী, শিক্ষকৰ ওপৰত আৰক্ষীৰ অমানৱীয় অত্যাচাৰ
এছ এছ চিৰ বিৰুদ্ধে বিভিন্ন চহৰত যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ সময়ত দেখা গৈছে অত্যন্ত কঠোৰ হৈছে আৰক্ষী। আৰক্ষীয়ে সকলোধৰণৰ বল প্ৰয়োগ কৰি প্ৰতিবাদ দমনৰ চেষ্টা কৰিছে।
বহু প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰিছে আৰক্ষী। ৰক্ষা পোৱা নাই এই প্ৰতিবাদৰ সমৰ্থনত ওলাই অহা শিক্ষকো। নীতু মেম হিচাপে জনপ্ৰিয় শিক্ষকগৰাকীক লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।
যন্তৰ-মন্তৰ, চিজিঅ’ কম্প্লেক্সত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠি চাৰ্জ কৰাত বহু প্ৰতিবাদকাৰী আহত হৈছে। একেদৰে আন কেইবাজনো শিক্ষক এই প্ৰতিবাদৰ সময়ত আহত হোৱাৰ অভিযোগ উঠিছে।
প্ৰতিবাদকাৰীৰ দাবী
দেশজুৰি এছ এছ চিৰ বিৰুদ্ধে যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে কেইবাটাও দাবী উত্থাপন কৰিছে। সেই অনুসৰি-
- পৰীক্ষা পৰিচালনাৰ ক্ষেত্ৰত হোৱা প্ৰতিটো অনিয়মৰ সঠিক তদন্ত
- এডুকুইটীক আঁতৰাই নতুন এজেন্সীক পৰীক্ষা অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া
- বাতিল হোৱাৰ পৰীক্ষাৰ শীঘ্ৰেই নতুন তাৰিখ ঘোষণা কৰা
- পৰীক্ষা কেন্দ্ৰসমূহৰ নিৰীক্ষণ আৰু জবাবদিহিতা নিশ্চিত কৰা
- শিক্ষাৰ্থী আৰু শিক্ষকৰ ওপৰত হোৱা অমানৱীয় লাঠিচাৰ্জৰ তদন্ত
- এই বিষয়ত চৰকাৰৰ পোনপটীয়া হস্তক্ষেপ
এই বিতৰ্ক সন্দৰ্ভত কি কলে এছ এছ চিয়ে
নিযুক্তিৰ পৰীক্ষাক কেন্দ্ৰ কৰি যি বিতৰ্ক, প্ৰতিবাদৰ সৃষ্টি হৈছে তাক লৈ পলমকৈ হলেও মুখ খুলিছে এছ এছ চিয়ে। মৌনতা ভংগ কৰি এছ এছ চিয়ে পৰীক্ষাত হোৱা বিসংগতিক স্বীকাৰ কৰিছে।
অৱশ্যে বাতিল হোৱা পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰিব, কেতিয়া নতুনকৈ সূচী প্ৰকাশ কৰিব অথবা এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰিব নে নাই সেই বিষয়েও কোনো কথা উল্লেখ কৰা নাই। সেয়ে শিক্ষাৰ্থীৰ মাজত অসন্তুষ্টি অধিক বৃদ্ধি পাইছে।
এছ এছ চিৰ অধ্যক্ষ গোপাল কৃষ্ণণে পৰীক্ষাত হোৱা বিসংগতিক স্বীকাৰ কৰিছে। তেওঁৰ মতে কোনো কোনো ঠাইত কিছু সমস্যাৰ সৃষ্টি হৈছে। তেওঁ জনোৱা মতে ২০২৪ ৰ জুলাইৰ পৰা নতুন সংস্থাটোৰ সৈতে কাম আৰম্ভ কৰিছে এছ এছ চিয়ে।
তেওঁৰ মতে এই সমস্যা কেৱল প্ৰাৰম্ভিক কাৰিকৰী প্ৰত্যাহ্বান। একাংশ চাকৰি প্ৰাৰ্থীয়ে ২৩০০ কিলোমিটাৰ পৰ্যন্ত দূৰ অতিক্ৰম কৰি পৰীক্ষা দিবলগীয়া হোৱা বিষয়টোৰ সন্দৰ্ভত তেওঁ কয় যে, পৰৱৰ্তী সময়ত এই দূৰত্ব হ্ৰাস কৰা হ'ব আৰু পৰীক্ষা কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব। তাৰোপৰি ভৱিষ্যতে এই ধৰণৰ সমস্যা, অনিয়ম পুনৰ সংগঠিত হলে দায়িত্বশীল সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব।