সুখী হ'বলৈ, আগুৱাই যাবলৈ প্ৰয়োজন Unlearn প্ৰক্ৰিয়াৰ...

Learning is a lifelong process অৰ্থাৎ, শিক্ষা এক জীৱনযোৰা প্ৰক্ৰিয়া। পাঠ্যপুথিৰ শিক্ষাই সকলো নহয়। জীৱনৰ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ক্ৰিয়াকলাপ, ঘটনা-পৰিঘটনাৰ পৰা শিক্ষা আহৰণ কৰিব পাৰি।

author-image
Asomiya Pratidin
New Update
সুখী হ'বলৈ, আগুৱাই যাবলৈ প্ৰয়োজন Unlearn প্ৰক্ৰিয়াৰ...

 শিক্ষণ নহয়, কেতিয়াবা আগুৱাই যাবলৈ প্ৰয়োজন হয় ‘Unlearn’ পক্ৰিয়াৰো। ব্যক্তিগত জীৱন, মানসিক, শাৰীৰিক স্বাস্থ্যৰ সমানেই প্ৰফেছনেল জীৱনৰ বাবেও প্ৰয়োজন এই ‘Unlearn’ পক্ৰিয়াৰ। এই প্ৰক্ৰিয়াই আমাক কিদৰে সুখী কৰে, কিদৰে আগুৱাই যোৱাত সহায় কৰে সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ তুষাৰ প্ৰতিমৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

 

'Learning is a lifelong process' অৰ্থাৎ, শিক্ষা এক জীৱনযোৰা প্ৰক্ৰিয়া। পাঠ্যপুথিৰ শিক্ষাই সকলো নহয়। জীৱনৰ প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ক্ৰিয়াকলাপ, ঘটনা-পৰিঘটনাৰ পৰা শিক্ষা আহৰণ কৰিব পাৰি। 

সেয়ে সভাই, সমিতিয়ে অথবা বিভিন্ন অনুষ্ঠানত, আলোচনা চক্ৰত মানুহক যিমান পাৰি শিকিবলৈ পৰামৰ্শ আগবঢ়োৱা হয়। কিন্তু কেতিয়াবা এই শিক্ষাও মানুহৰ বাবে হৈ পৰে আহুকাল! সেয়ে প্ৰয়োজন হয় Unlearn বা অশিক্ষণ প্ৰক্ৰিয়াৰ।

এই Unlearn প্ৰক্ৰিয়াই মানুহৰ শাৰীৰিক, মানসিক সকলো ক্ষেত্ৰলৈ আনে পৰিবৰ্তন। আনকি প্ৰতিযোগিতামূলক এই পৃথিৱীত যিদৰে শৈক্ষিক অৰ্হতা, অভিজ্ঞতাৰ কদৰ সৰ্বাধিক সেই পৃথিৱীখনতো তিষ্ঠি থাকিবলৈয়ো অত্যাধিক Learning  ৰ সমানেই প্ৰয়োজন হয় Unlearn প্ৰক্ৰিয়াৰ।

শুনিবলৈ অস্বাভিক যেন লাগিও Unlearn প্ৰক্ৰিয়া আজিৰ পৃথিৱীত আগুৱাই যাবলৈ অতি জৰুৰী এক প্ৰক্ৰিয়া। ব্যক্তিগত শাৰীৰিক, মানসিক ক্ষেত্ৰখনৰ কথা পিছলৈ ৰাখি প্ৰথমে প্ৰতিযোগিতামূলক পৃথিৱীখনত ইয়াৰ গুৰুত্ব কিমান সেয়াই আলোচনা কৰা হওঁক।

দ্ৰুতগতিত আগবাঢ়িছে পৃথিৱী। আজিৰ পৰা এটা দশকৰ পূৰ্বৰ পৃথিৱীখনৰ সৈতে আজিৰ পৃথিৱীখনৰ মাজত বিচাৰিলে প্ৰাৰ্থক্যৰ তালিকাখন গণি শেষ কৰিব নোৱাৰি। দ্ৰুত গতিত বিকাশ হোৱা এই পৃথিৱীত প্ৰযুক্তিৰ উত্তৰণ ঘটিছে। সকলো ক্ষেত্ৰতে নতুনত্বৰ পয়োভৰ।

আৰ্টিফিয়েল ইণ্টেলিজেন্সৰ দৰে প্ৰযুক্তিয়ে মানুহক এতিয়া ঘেৰি ধৰিছে। নজনাকৈয়ে মানুহৰ জীৱনৰ অংগ হৈ পৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স। বিজ্ঞান, প্ৰযুক্তি এইদৰে আগুৱাই গ’ল যদিও আমি বহুতেই আজিৰ পৰা অন্তত ১০ বছৰ পিছতেই থাকি গ'লো।

কৰ্মস্থলীত তিষ্ঠি থাকিবলৈ, নতুন কৰ্মক্ষেত্ৰত সুযোগ সৃষ্টি কৰিবলৈয়ো এতিয়া সেয়ে নতুন দক্ষতা আহৰণ কৰাটো জৰুৰী হৈ পৰিছে। কিন্তু ইতিমধ্যে আমি বহুতেই যিবোৰ শিকিলো সেইবোৰেই কোনোবাখিনিতি নতুনত্বক আকোৱালি লোৱাত বা সেই জ্ঞান আহৰণ কৰাত বাধাৰ সৃষ্টি কৰি আহিছে।

আমাৰ আওপুৰণি জ্ঞানে নতুন দৃষ্টিভংগীক আকোৱালি লোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে। সেয়ে এই ক্ষেত্ৰত প্ৰয়োজন অশিক্ষণ বা Unlearn প্ৰক্ৰিয়া। শিক্ষণৰ প্ৰথম পদক্ষেপেই হৈছে অশিক্ষণ।

সাধাৰণ এটা উদাহৰণেই ইয়াক স্পষ্ট কৰিব। আজিৰ পৰা কেইবছৰমানৰ পূৰ্বে আমি বেংকৰ লেনদেনৰ বাবে পুৱাই গৈ বেংকৰ দীঘলীয়া শাৰীত থিয় হৈছিলো। তাৰ পিছত টকা উলিয়াবলৈ এ টি এমৰ শাৰীত থিয় হৈছিলো।

কিন্তু আজিৰ তাৰিখত বেংকৰ অথবা এ টি এমৰ সেই দীঘলীয়া শাৰীত থিয় হোৱাৰ কিবা জানো প্ৰয়োজন আছে? হাতত থকা মোবাইলটোৰেই সকলো লেনদেন সম্ভৱ। এই সুবিধা যিসকলে লৈছে তেওঁলোকে বেংক, এ টি এমৰ দীঘলীয়া শাৰীত থিয় হৈ সময় নষ্ট কৰাৰ পৰা বিৰত আছে।

আৰু যিসকলে এতিয়াও সেই সুযোগ গ্ৰহণ কৰা নাই তেওঁলোকে প্ৰয়োজনীয় টকা উলিয়াবলৈ, ট্ৰেন্সফাৰ কৰিবলৈ বেংকৰ, এ টি এমৰ শাৰীত আজিও থিয় হৈছে। সেয়ে আজিৰ ডিজিটেল বেংকিঙৰ ব্যৱস্থাৰ সৈতে অভ্যস্ত হ'বলৈ প্ৰথমে পাহৰিব লাগিব বেংকৰ পৰম্পৰাগত সেই আওপুৰণি পদ্ধতিক। এয়াই অশিক্ষণ বা Unlearn প্ৰক্ৰিয়া।

আজিৰ তাৰিখত বিভিন্ন প্ৰতিষ্ঠানত চাকৰিৰ বাবেও নতুন দক্ষতাৰ প্ৰয়োজন। অন্যান্য ক্ষেত্ৰৰ উদাহৰণৰ কথালৈ নগৈ সংবাদ ক্ষেত্ৰখনৰ এটা উদাহৰণেই লোৱা যাওঁক। পূৰ্বে এটা টেলিভিছন চেনেলত এটা বাতৰি দৃশ্য, শ্ৰাব্য মাধ্যমেৰে প্ৰচাৰ কৰিবলৈ তাক তৈয়াৰ কৰাৰ ক্ষেত্ৰত থাকিছিল কেইবাজনো ব্যক্তিৰ অৱদান।

প্ৰথমে এজন সাংবাদিকে বাতৰিটো সংগ্ৰহ কৰি তাক সজাই-পৰাই লিখে। তাৰ পিছত এজনে কেমেৰাৰ আঁৰত থাকি তাৰ ভয়ছ অভাৰ দিয়ে। ভিডিঅ’ এডিটিং কৰে এজনে আৰু তাৰ মাজত গ্ৰাফীক্সৰ কাম কৰে গ্ৰাফীক্স ডিজাইনাৰগৰাকীয়ে।

কিন্তু যদিহে ইচ্ছা কৰে তেন্তে এতিয়া এজন বা দুজন মানুহেই সেই কাম কৰিব পৰাৰ সুযোগ আহিছে। ভয়ংছ অভাৰ, গ্ৰাফীক্স, এডিটিং আদিৰ সকলো ক্ষেত্ৰত এ আইৰ জৰিয়তে সেই সুযোগ সহজলভ্য হৈ পৰিছে। সেয়ে সেইদৰে কাম কৰিব পৰা দক্ষতাসম্পন্ন ব্যক্তিৰ কদৰ বাঢ়িছে।

সকলো ক্ষেত্ৰতে এইদৰে পৰিবৰ্তন আহিছে। সেয়ে আওপুৰণি পদ্ধতি, পূৰ্বে আয়ত্ত কৰা জ্ঞান অশিক্ষণৰ জৰিয়তে নিজকে নতুনকৈ দক্ষ কৰি তোলাৰ প্ৰয়োজন হৈ পৰিছে। নতুনত্বক আদৰি লোৱাত পূৰ্বে আয়ত্ত কৰা যিসমূহে বিষয়ে বাধাৰ সৃষ্টি কৰিছে সেইবোৰক পাহৰাৰ চেষ্টা কৰিব লাগিব। 

এই Unlearn প্ৰক্ৰিয়া মানুহৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰতো অধিক প্ৰয়োজন। ব্যক্তি কেন্দ্ৰীক এই পৃথিৱীত নিজকে সুখী কৰি ৰাখিবলৈ, সলনি কৰিবলৈ Unlearn  প্ৰক্ৰিয়াৰ অতি প্ৰয়োজন। এই প্ৰক্ৰিয়াৰ জৰিয়তে অভ্যাস, মানসিকতা, চিন্তাৰ সলনি কৰিব পাৰি। বদ অভ্যাসেই হওঁক, মনৰ মাজত শিপাই থকা কলুষিকতাই হওঁক, প্ৰেম-ভালপোৱাই হওঁক সকলোতে প্ৰয়োজন এই Unlearn  প্ৰক্ৰিয়া। 

তথ্য অনুসৰি ২০২৪ লৈকে বিশ্বৰ প্ৰায় ৩২ শতাংশতকৈ অধিক অৰ্থাৎ প্ৰায় ৮ বিলিয়ন জনসংখ্যাৰ বয়স আছিল ২০ বছৰৰ তলৰ। সামাজিক মাধ্যমৰ যুগত জন্ম হৈছে প্ৰায় ২.৬ বিলিয়ন। এই সকলোৱেই এতিয়া সামাজিক মাধ্যমৰ সৈতে জড়িত। কোনোবা নিজেই প্ৰত্যক্ষভাৱে অথবা আন কোনোবা নিজৰ পিতৃ, মাতৃ বা আত্মীয়ৰ জৰিয়তে।  

২০ ৰ পৰা ৫০ বছৰৰ ভিতৰৰ লকোসকলকো যদি এই আলচোনাৰ মাজলৈ আনো তেন্তে বিশ্বৰ ৩.৩ বিলিয়ন মানুহ সামাজিক মাধ্যমৰ সৈতে সম্পৰ্কিত। সামাজিক মাধ্যমৰ এই যুগত আকৌ মানুহৰ মাজত ডিজিটেল সম্পৰ্কৰ পয়োভৰ বৃদ্ধি হৈছে যদিও আৱেগিক, আত্মিক সম্পৰ্ক ঠুনুকা হৈছে।

ঘনে ঘনে বাস্তৱিক পৃথিৱীত মানুহৰ সম্পৰ্কৰ অৱনতি ঘটিছে। বাঢ়িছে বিচ্ছেদৰ সংখ্যা, প্ৰেম জনিত অপৰাধৰ সংখ্যা। বাস্তৱিক পৃথিৱীৰ সন্তানক এৰি পিতৃ, মাতৃয়ে ডিজিটেল পৃথিৱীত সম্পৰ্ক ৰক্ষা কৰা আন কাৰোবাৰ কাষলৈ গৈছে, হয়তো কোনোবা স্বামীয়ে পত্নীক, পত্নীয়ে স্বামীক হত্যা কৰিছে।

সেয়ে এতিয়া এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈয়ো প্ৰয়োজন হৈ পৰিছে Unlearn প্ৰক্ৰিয়াৰ। সামাজিক মাধ্যমৰ ডিজিটেল পৃথিৱীখনৰ পৰা যিমান পাৰি নিজক আঁতৰাই আনিব পাৰিব লাগিব। পূৰ্বে হৈ যোৱা যিবোৰ ঘটনা অশান্তিৰ বাহক, যিবোৰ কাৰকে মানসিক শান্তি বিঘ্নিত কৰে সেইবোৰৰ পৰা নিজকে আঁতৰাব পাৰিব লাগিব। সেয়ে প্ৰতিযোগিতামূলক পৃথিৱীয়েই হওঁক, ব্যক্তিগত জীৱনেই হওঁক সকলোতে তিস্তি থাকিবলৈ সময়ে সময়ে প্ৰয়োজন অশিক্ষণ বা Unlearn  প্ৰক্ৰিয়া। 

মানসিক স্বাস্থ্য দক্ষতা বিকাশ