'মই জীৱন সংগ্ৰাম কৰি খাবলৈ বিচাৰিছো...'

শুকুৰে কৰা ৰাজনীতি আৰু তেওঁ কোৱা ইংৰাজী একেই, কেৱল তেওঁহে বুজে বাকী ৰাইজে মুখ মেলি শুনে আৰু পেটত ধৰি হাঁহে। নেতা, মন্ত্ৰীৰ দৰেই শুকুৰৰ পিছত মানুহৰ দীঘলীয়া শাৰী থাকে।

author-image
Asomiya Pratidin
New Update
'মই জীৱন সংগ্ৰাম কৰি খাবলৈ বিচাৰিছো...'

যোৱা কেইটামান বছৰত অসমৰ ৰাইজক আমোদ দিয়া শুকুৰ আলীয়ে আজি কান্দিছে। মনোৰঞ্জনৰ অন্য এক নাম হিচাপে পৰিগণিত হোৱা শুকুৰ আলীয়ে কৈছে- আত্মহত্যাৰ বাহিৰে মোৰ আৰু বিকল্প নাই। কিন্তু হঠাৎ কি হ'ল শুকুৰ আলীৰ? কিয় কান্দি কান্দি ক'বলগীয়া হ'ল জীৱন শেষ কৰাৰ কথা? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

 

শুকুৰ আলী, নামেই পৰিচয়। অসমৰ ৰাইজক নতুনকৈ শুকুৰ আলী নামৰ এই চৰিত্ৰটোৰ সৈতে চিনাকী কৰাই দিয়াৰ প্ৰয়োজন নাই। কেতিয়াবা যদি অকলেই লুঙি পিন্ধি কোনোবা মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ কৰিছে, আন কেতিয়াবা আকৌ  নিৰ্বাচনত নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দিতা কৰিছে। 

কেতিয়াবা যদি শাসকীয় বিজেপিত যোগদান কৰি বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চত উঠি সভাত উপস্থিত ৰাইজক মনোৰঞ্জন দিছে আন কেতিয়াবা আকৌ শাসকীয় দলৰ কোনোবা মন্ত্ৰী, বিধায়কক ফোন কৰি কোনো অঞ্চলৰ সমস্যাৰ কথা কৈছে। সেই ফোন কল ৰেকৰ্ডিং সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে। 

শুকুৰ আলীৰ জনপ্ৰিয়তা কোনো মন্ত্ৰী, বিধায়কতকৈ কাম নহয়। সেয়ে হয়তো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো তেওঁক জাপি, ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। তেওঁৰ সভাৰ মঞ্চ শুৱনি কৰে। মাজে মাজে বিদ্ৰোহী হয় শুকুৰ আলী। সেই বিদ্ৰোহৰ বাবেই শাসকীয় দল এৰি আন ৰাজনৈতিক দলত যোগদান কৰে। 

শুকুৰে কৰা ৰাজনীতি আৰু তেওঁ কোৱা ইংৰাজী একেই, কেৱল তেওঁহে বুজে বাকী ৰাইজে মুখ মেলি শুনে আৰু পেটত ধৰি হাঁহে। নেতা, মন্ত্ৰীৰ দৰেই শুকুৰৰ পিছত মানুহৰ দীঘলীয়া শাৰী থাকে।

বিয়া পাতিছিল শুকুৰে। সংসাৰ নচলিল। মাজতে নিষিদ্ধ মাংস সৰবৰাহৰ অপৰাধত কাৰাগাৰলৈয়ো যাবলগীয়া হৈছিল। তাৰ পিছতো শুকুৰৰ জনপ্ৰিয়তা হ্ৰাস হোৱা নাই। শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ জনপ্ৰিয়তা আছে। 

সেয়ে ক্ৰিকেট মেচৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠানলৈ বিশিষ্ট অতিথি, আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰিত হয়। ৰাজ্যৰ চেলিব্ৰেটিৰ সৈতে আসন শুৱনি কৰে তেওঁ। কিন্তু শুকুৰ আলীৰ সেই জনপ্ৰিয়তাই এতিয়া তেওঁৰ বাবে কাল হৈ পৰিছে। 

জনপ্ৰিয়তাই পেট নভৰে, জীৱন নচলে। সেই কথা শুকুৰেও বুজে। সেয়ে বাৰে বাৰে তেওঁ স্বাৱলম্বী হ’বলৈ যত্ন কৰে কিন্তু বাৰে বাৰে তেওঁৰ সেই জনপ্ৰিয়তাৰ বাবেই ব্যৰ্থ হয়! আৰম্ভ কৰা ব্যৱসায়ত ‘লাল বাটি’ জ্বলে।

আজি সামাজিক মাধ্যমত, সংবাদ মাধ্যমত পুনৰ শুকুৰ আলীৰ খবৰে স্থান পাইছে। শুকুৰ আলীৰ নাম শুনিলেই, তেওঁৰ ফটো, ভিডিঅ’ দেখিলেই হাঁহি ৰখাব নোৱাৰা মানুহখিনিয়ে আজিও শুকুৰৰ ভিডিঅ’ দেখি হাঁহিছে। কিন্তু শুকুৰে আজি হাঁহিবলগীয়া কোনো কথা কোৱা নাই, তেনে কোনো আচৰণ কৰা নাই। 

হৃদয়ৱান বহু মানুহক হয়তো শুকুৰৰ কথাই নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। কান্দি কান্দি কেমেৰাৰ সন্মুখত শুকুৰে কৈছে- ‘মই কি কৰি খাম, মোৰ আৰু আত্মহত্যা কৰাৰ বাহিৰে বেলেগ উপায় নাই’।

সংবাদ মাধ্যমত বহুতেই দেখিছে সেই ভিডিঅ’। দেখিছে এটা প্ৰকাণ্ড পুখুৰীত এডাল বাঁহক সাৰথি কৰি নামি গৈছে তেওঁ। সেই পানীত ডুব মাৰি কিবা এটা বিচাৰিছে। পুখুৰীৰ পাৰত শ শ মানুহে ভিৰ কৰি সেই দৃশ্য চাইছে আৰু ভিডিঅ’ কৰিছে। বহুতেই পুখুৰীৰ পাৰৰ পৰা কিবা এটা কৈ হাঁহিছে। 

দৰাচলতে গৌৰীপুৰত শুকুৰে আজিৰ পৰা প্ৰায় চাৰিদিন পূৰ্বে খুলিছিল এখন চাহৰ দোকান। শুকুৰৰ চাহৰ দোকানত ভিৰ কৰিছিল গ্ৰাহকে। সেয়া হয়তো সহ্য নহ’ল আন কাৰোবাৰ। আজি পুৱা শুকুৰৰ দোকানখন হেৰাল। বিচাৰি হাবাথুৰি খাইছে তেওঁ। 

দুদিন পূৰ্বে গৌৰীপুৰৰ পৌৰসভাই হেনো শুকুৰক সেই স্থানৰ পৰা দোকান আঁতৰাবলৈ কৈছিল। শুকুৰে কৈছিল- যদি ইয়াত দোকান দিব নোৱাৰি তেন্তে মই নিদিওঁ। কিন্তু এই একেই স্থানতে আন বহুতে দোকান দি আছে। তেওঁলোকে কেনেকৈ দিব পাৰিছে? যদি তেওঁলোকে পাৰে, ময়ো পাৰিম। 

তাৰ দুদিন পিছত আজি শুকুৰে দেখে, বাকী সকলোৰে দোকান আছে তেওঁৰ দোকানখনহে নাই। দোকানখন হেৰুওৱাৰ পিছতে শুকুৰে কৈছে এইদৰে- মই কি কৰি খাম? মই বৰবাদ হৈ গৈছো। মই জীৱন সংগ্ৰাম কৰি খাবলৈ বিচাৰিছো। 
এই জীৱন সংগ্ৰামত চাহ দোকানখনত কেইটকানো পাওঁ? জীৱনটোহে বচাইছো। ৫০০ বা ৬০০ টকাহে পাওঁ। তাতকৈ বেছি নাপাওঁ। আমি ইয়াত দোকান দিয়া এসপ্তাহেই হোৱা নাই, তথাপিও যদি আমাক এনেকুৱা কৰে তেন্তে কি কৰি খাম?  মই উপায়হীন হৈ পৰিছো। 

মই বহু বিচাৰ-খোচাৰ কৰিলো। মিউনিচিপালিটিৰ অফিচতো গ’লো। ক’তো একো  খবৰ নাপালো। আৰু বিচাৰিম, নাপালে আৰু মই কি কৰি খাম? মোৰ আত্মহত্যা কৰাৰ বাহিৰে বেলেগ উপায় নাই। 

ৰাজনীতিৰ নামতেই শুকুৰ আলী এজন বহুৱা হৈ পৰিল। ৰাজনীতিত শুকুৰ আলীৰ গুৰুত্ব চাৰ্কাছত থকা এটা বহুৱাৰ দৰেই। সেয়াও হয়তো লাহে লাহে শুকুৰ আলীয়ে বুজি পাইছে। সেয়ে শুকুৰে অকপটে আজি স্বীকাৰ কৰিছে- ৰাজনীতিৰ নামত সকলো শেষ কৰি দিলো। 

শুকুৰ আলীয়ে ৰাজনীতি এৰি, কেমেৰাৰ সন্মুখত কৰি থকা বহুৱালী এৰি ইয়াৰ পূৰ্বেও স্বাৱলম্বী হোৱাৰ চেষ্টা কৰিছিল। গুৱাহাটীত এখন চাহৰ দোকান খুলিছিল। কিন্তু একাংশ তথাকথিক কনটেণ্ট ক্ৰিয়েটৰে গৈ তেওঁৰ দোকানত কৰা উদ্ভণ্ডালীয়ে চৰম সীমা অতিক্ৰম কৰিলে।

শুকুৰক দেখিলেই মোবাইলৰ কেমেৰা অন কৰি চলে অমানুষিক অত্যাচাৰ। দোকানত গ্ৰাহকৰ পৰিবৰ্তে ভিৰ কৰে এইসকলে। সেই অত্যাচাৰতে গুৱাহাটীৰ দোকান উঠিল। গৈছিল ধুবুৰীতো দোকান দিবলৈ, তাতো একেই অৱস্থা। 

এইবাৰ গৌৰীপুৰত বিচাৰি লৈছিল অকনমান ঠাই। তাতেই খুলিছিল এখন চাহৰ দোকান। শুকুৰৰ দোকান বুলিয়েই মানুহৰ ভিৰো হৈছিল। শুকুৰৰ মতে- দোকাখন খোলাৰ ১৫ ৰ পৰা ২০ দিন মানুহৰ ভিৰ হয়েই, তাৰ পিছত যে সদায়েই হ’ব তেনেকুৱা নহয়। 

শুকুৰ আলীক মানুহে মৰমৰ কৰে, কোনোবাই চাহৰ নামত ১০ টকা দিয়ে, কোনোবাই মৰমতে দিয়ে। মানুহে বুজি পাই, শুকুৰ আলীয়ে বহুত সংগ্ৰাম কৰিলে, বহুত কষ্টত আছে। বহুতেই এনেই ১০ টকা এটা দিব ভাল নাপায়, সেয়ে একাপ চাহৰ নামতে ১০ টকা এটা দি যায়। মোক ভালপোৱা কাৰণেহে মানুহ আহে। 

হয়তো গৌৰীপুৰত শুকুৰৰ দোকান হেৰুওৱাৰ এয়াও এটা অন্যতম কাৰণ। তেওঁৰ দোকানত গ্ৰাহকৰ ভিৰ দেখিয়েই আন কোনোবাই নিশাৰ এন্ধাৰত দোকানখন সেই স্থানৰ পৰা আঁতৰাই ক’ৰবতাক লুকুৱাই ৰাখিছে। হয়তো শুকুৰে সন্দেহ কৰাৰ দৰেই সেই বিশাল পুখুৰীটোত পেলাই দিছে। 
এজন মানুহক আৰু কিমান পৰ্যায়লৈ অত্যাচাৰ কৰিব পাৰে মানুহে? জীয়াই থকাৰ অধিকাৰ, জীয়াই থাকিবলৈ সংগ্ৰাম কৰাৰ অধিকাৰ সকলোৰে আছে। এই কথা সকলোৱেই বুজি পাব লাগিব।

এজন সাধাৰণ মানুহ আৰু শুকুৰ আলীৰ মাজত কোনো প্ৰাৰ্থক্য নাই। শুকুৰ আলীৰো তেজ, মঙহৰে গঢ়া দেহ। জীয়াই থাকিবলৈ, দুবেলা-দুমুঠি খাবলৈ আন সাধাৰণ মানুহৰ দৰেই কেইটকামান উপাৰ্জন কৰিব লাগে। সেয়াই কৰিছে তেওঁ। 

কিন্তু তাঁত হাঁহিবলৈ, তেওঁৰ আগুৰি ধৰি চিৰিয়াখানাৰ জন্তু চোৱাৰ দৰে ভিৰ কৰাৰ কি প্ৰয়োজন আছে? শুকুৰৰ ভিডিঅ’ সংগ্ৰহ কৰি সামাজিক মাধ্যমত এৰি দি ভিউজ লৈ ধন ঘটাৰ সপোন দেখা সকলেও শুকুৰৰ দৰেই পদপথতেই হওঁক বা আন ক’ৰবাতে হওঁক এখন চাহৰ দোকানকে দি টকা ঘটিবলৈ চেষ্টা নকৰে কিয়? 
শুকুৰো মানুহ। তেওঁৰো স্বাভাৱিক ভাৱেই জীয়াই থকাৰ অধিকাৰ আছে। সেই অধিকাৰৰ পৰা বঞ্চিত কৰাৰ কোৰো অধিকাৰ নাই। শুকুৰৰ দোকানখন দোকানৰ দৰেই থাকিবলৈ দিয়ক। চিৰিয়াখানা বনাবলৈ চেষ্টা নকৰিব। 

শুকুৰে নকৰিবলগীয়া কিবা এটা কৰিলে তাৰ জগৰীয়াও কিন্তু এই সমাজখনেই হ’ব। আমাৰ বিশ্বাস শুকুৰে তেনে কাম নকৰে, আকৌ নতুনকৈ আৰম্ভ কৰিব দোকানখন। সাধাৰণ মানুহৰ দৰেই সংগ্ৰাম কৰিব। 

গৌৰীপুৰ শুকুৰ আলি