/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/ccc639bf-073f-45a9-90bb-fc7e48e8e13f/STROKE_web.png)
আপুনি কেতিয়াবা হঠাতে উজুতি খাইছে নেকি, কেতিয়াবা কেইছেকেণ্ড মানৰ কাৰণে অজ্ঞানতা অনুভৱ কৰিছে নেকি, কেতিয়াবা হামথুৰি খাই পৰিছে নেকি? ইয়াক আপুনি সাধাৰণ বুলি গণ্য কৰিছে নেকি? ই সাধাৰণ নহয়। এয়া হয়তো ষ্ট্ৰ'কৰ লক্ষণো হ'ব পাৰে। এই সন্দৰ্ভতঅসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ এক বিশেষ প্ৰতিবেদন...
বৰ্তমান সময়ত অত্যাধিক হাৰত বৃদ্ধি পাইছে ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ সংখ্যা। সমগ্ৰ বিশ্বত প্রতি পাঁচ মিনিটত এগৰাকী লোক ষ্ট্ৰ'কত আক্রান্ত হৈ মৃত্যুমুখত পৰে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি বিশ্বজুৰি ষ্ট্ৰ'ক হৈছে মৃত্যুৰ দ্বিতীয় আৰু অক্ষমতাৰ তৃতীয় প্ৰধান কাৰণ।
পৰিসংখ্যা অনুসৰি ২০১৬ চনত ষ্ট্ৰ'ক ৰোগৰ ফলত ১ কোটি ১৫ লাখ লোকৰ মৃত্যু হৈছিল। শেহতীয়া এক গৱেষণা অনুসৰি, ষ্ট্ৰ’কৰ ফলত ২০৫০ চনৰ ভিতৰত বছৰত ১০ নিযুত লোকৰ মৃত্যু হ'ব পাৰে।
ষ্ট্ৰ’ক হৈছে এনে এক বিপদজনক ৰোগ, য'ত মস্তিষ্কৰ কোষবোৰলৈ তেজৰ যোগান বন্ধ হয়। যাৰ ফলত মস্তিকৰ কোষবোৰে সম্পূৰ্ণ পৰিমাণৰ অক্সিজেন লাভ নকৰি মৰিবলৈ আৰম্ভ কৰে। অক্সিজেনৰ অভাৱৰ বাবে মগজুত ৰক্তক্ষৰণ বা ধমনী অৱৰুদ্ধ হৈ পৰে।
এই মাৰাত্মক ষ্ট্ৰ'কৰ মূল কাৰণ হ'ব পাৰে দুটা। গোট মৰা তেজে মগজুৰ ধমনীত ৰক্ত প্ৰৱাহ বন্ধ কৰি দিয়া অথবা অত্যাধিক চাপৰ বাবে মগজুৰ ধমনী ফাটি হোৱা ৰক্তক্ষৰণ। ইয়াৰ উপৰিও মগজুৰ ধমনীত ৰক্ত প্ৰৱাহ সাময়িকভাৱে বন্ধ হৈ পৰাৰ বাবে হ'ব পাৰে 'মিনি-ষ্ট্ৰ'ক', যি মাৰাত্মক নহ'লেও পৰৱৰ্তী সময়ত গুৰুতৰ ক্ষতি সাধন কৰিব পাৰে ৰোগীৰ।
দেখা য়ায যে বহুসময়ত 'মিনি-ষ্ট্ৰ'ক'ৰ বিষয়ে ৰেগী জ্ঞাত নহয়। কিয়নো বৰ্তমান সময়ত বহুতো কাৰণত আমাৰ শৰীৰত উচ্চৰক্তচাপ জনিত সমস্যাই দেখা দিব পাৰে। কেতিয়াবা হঠাতে খোৱা উজুতি, কেইছেকেণ্ড মানৰ কাৰণে অনুভৱ কৰা অজ্ঞানতা আদিও ষ্ট্ৰ'কৰ কাৰণ হ'ব পাৰে।
মূৰ ঘূৰোৱা, উদ্বিগ্নতা, আৰু নিদ্ৰাহীনতা উচ্চ ৰক্তচাপৰ লক্ষণ হ'ব পাৰে। কিন্তু এই লক্ষণবোৰ সচৰাচৰ হয় বাবে সাধাৰণতে ৰোগীয়ে ইমান গুৰুত্ব নিদিয়ে। যাৰ ফলত ৰোগীক চিকিৎসা প্ৰদানত পলম হয়।
জীৱনশৈলী সলনি কৰা, মানসিক চাপ, ভাগৰ অনুভৱ কৰা আৰু দুৰ্বল আহাৰ আদি ৰক্তচাপ বৃদ্ধি হোৱাৰ মুখ্য কাৰণ বুলি গণ্য কৰা হয়। আনকি অধিক পৰিমাণত নিমখ সেৱন কৰিলেও, উচ্চ ৰক্তচাপৰ আশংকা বৃদ্ধি হয়।
যি ধৰণৰ ষ্ট্ৰ'কেই নহওক কিয়, ইয়াৰ সংকেত তাৎক্ষণিক আৰু তীব্ৰ। অৱশ্যে এই ৰোগৰ সংকেতসূচক কেতবোৰ সাধাৰণ লক্ষণো আছে, যেনে- মুখমণ্ডলৰ দৌৰ্বল্য, হাতৰ দৌৰ্বল্য, মুখখন এফালে বেঁকা হোৱা, কথা কোৱাত অসুবিধা হোৱা ইত্যাদি। এনে লক্ষণ লক্ষ্য কৰিলে তৎকালেই ৰোগীক উপযুক্ত ব্যৱস্থা থকা হাস্পতালত ভৰ্তি কৰাব লাগে। তদুপৰি ভৰিৰ দৌৰ্বল্য, জঠৰতা, সঞ্চালন অসুবিধা, ওকালি আৰু পেটৰ বিষ, তীব্ৰ মূৰৰ বিষ আদিৰ ক্ষেত্ৰত কাৰণ ধৰা নপৰিলে ষ্ট্ৰ'কৰ কথা চিন্তা কৰিব লাগে।
শেহতীয়াকৈ পোহৰলৈ অহা চিকিৎসকৰ এক তথ্য অনুসৰি ষ্ট্ৰ’ক সাধাৰণতে বাথৰূমতেই বেছিকৈ হয়। আমি সাধাৰণতে গা ধোৱাৰ সময়ত প্রথমেই মূৰ আৰু চুলিত পানী দিওঁ, যিটো একেবাৰে উচিত নহয়, এইটো গা ধোৱাৰ ভুল পদ্ধতি।
এইদৰে প্ৰথমে মূৰত পানী দিলে ৰক্ত প্রবাহ দ্রুতগতিত মূৰত উঠি যায় আৰু লগতে কোশিকা আৰু ধমনী ফাটি যাব পাৰে। ফলস্বৰূপে ঘটে ষ্ট্ৰ’ক আৰু মাটিত পৰি যোৱাৰ ঘটনা।
কাৰণ, মানুহৰ শৰীৰত ৰক্ত সঞ্চালন এটা নির্দিষ্ট তাপ মাত্রাত হৈ থাকে। শৰীৰৰ তাপমাত্ৰা বাহিৰৰ তাপমাত্ৰাৰ লগত মিলাবলৈ কিছু সময় লাগে। লগতে আমাৰ শৰীৰৰ তাপমাত্রা তলৰ পৰা ওপৰলৈ বাঢ়ি গৈ থাকে আৰু মূৰত তাপমাত্ৰাৰ পৰিমাণ সৰ্ব্বোচ্চ হয়।
চিকিৎসকৰ মতে, মূৰত প্ৰথমে পানী দিলে লগে লগে মূৰত ৰক্ত সঞ্চালনৰ গতি বহুগুণে বাঢ়ি যায় সেইসময়ত বাঢ়ি যাব পাৰে ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা। অতিমাত্ৰা ৰক্তচাপৰ ফলত মস্তিষ্কৰ ধমনী ছিঙি যাব পাৰে। চিকিৎসক সকলৰমতে গা ধোৱাৰ সময়ত কিছু নিয়ম মানি চলি গা ধোৱাটো উচিত। সঠিক নিয়ম মানি গা নুধুলে হ'ব পাৰে মৃত্যুও।
গা ধোৱাৰ সঠিক নিয়ম প্রথমে ভৰিৰ তলুৱা তিয়াই ল'ব লাগে। তাৰ পিছত লাহে লাহে ওপৰৰ পিনে কান্ধ পর্যন্ত তিয়াব লাগে। তাৰ পিছত মুখত পানী দিব লাগে। শেষত মূৰত পানী দিয়া উচিত। যাৰ উচ্চ ৰক্তচাপ, উচ্চ কলেষ্ট্ৰল আৰু মাইগ্রেন আছে তেওঁলোকে এই পদ্ধতি নিশ্চয় পালন কৰাটো উচিত।
কিছু কিছু ক্ষেত্ৰত ষ্ট্ৰ'ক পৰিয়ালভিত্তিক হোৱা দেখা যায়। গতিকে যিবোৰ পৰিয়ালত ষ্ট্ৰ'ক বা হাৰ্ট এটেক হোৱাৰ উদাহৰণ আছে, তেনে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
যিসকলৰ উচ্চ ৰক্তচাপ আছে, তেওঁলোকে নিয়মিতভাৱে ঔষধ খাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব লাগে। অত্যাধিক নিমখযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। এনে খাদ্যই ৰক্তচাপ বৃদ্ধি কৰে। অধিক পৰিমাণে সম্পৃক্ত চৰ্বি আৰু ট্ৰেন্সফেট খাদ্যও পৰিহাৰ কৰা উচিত। নিয়মিত ব্যায়াম কৰিব লাগে। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে। জীৱনশৈলী পৰিৱৰ্তন কৰিব লাগে।
মনত ৰাখিব, ষ্ট্ৰ'ক হ’লে প্ৰতিটো মিনিট গুৰুত্বপূৰ্ণ। যিমান সোনকালে পাৰি ৰোগীক উপযুক্ত ব্যৱস্থা থকা হাস্পতালত ভৰ্তি কৰোৱাটো প্ৰয়োজন। তথ্য অনুসৰি, ষ্ট্ৰ'ক আৰম্ভ হোৱাৰ চাৰে চাৰি ঘন্টাৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিলে ষ্ট্ৰ'কৰ ৰোগীক ৰোগমুক্ত হোৱাৰ সম্ভাৱনা থাকে।
বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ষ্ট্ৰ'কৰ সজাগতাৰ বাবে সমগ্ৰ বিশ্বতেই ২৯ অক্টোবৰৰ দিনটো পালন কৰা হয় বিশ্ব ষ্ট্ৰ'ক দিৱস হিচাপে । বছৰটোৰ এটা দিন এই ৰোগৰ সৈতে যুঁজিবলৈ আৰু ইয়াৰ প্ৰতি সজাগতা বৃদ্ধি কৰিবলৈ পালন কৰা হয় এই দিনটো ।
Also Read: বগা চন্দন কেৱল কপালৰ ফোটৰ বাবে নহয় : আন্তৰ্জাতিক চাহিদা থকা বগা চন্দনে দিব পাৰে কোটি টকা