৮ ডিচেম্বৰ : জুবিনৰ চাৰ্জশ্বিট নাহিল, পোষ্ট মেলনহে আহিল...

অসমৰ ৰাইজে আশা কৰি আছিল- মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ৮ ডিচেম্বৰ ২০২৫ত আদালতত চি আই ডিৰ তদন্তকাৰী দলে জমা দিব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় তদন্তৰ অভিযোগনামা। সেই আশ্বাস মুখ্যমন্ত্ৰীয়ে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কিবা কোৱাৰ আগতেই ঘোষণা কৰিছিল। 

author-image
Asomiya Pratidin
New Update
new bikhekh protibedon 1 (9)

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামাৰ বিপৰীতে ৮ ডিচেম্বৰ ২০২৫ত অসমলৈ আহিল পপ গায়ক পোষ্ট মেলন। জুবিন গাৰ্গৰ অকাল বিয়োগত শোকস্তব্ধ হৈ থকাৰ সময়তে অধিকাংশ জনতাই মানি ল’ব পৰা নাই মেলনৰ এই আগমণ। অসমবাসীৰ মনত মেলনতকৈ বহু ওপৰত স্থান জুবিনৰ। এনে সময়তে মেলনৰ সংগীতানুষ্ঠাক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যখনত। একে সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আন এটা কথা। ২০২৬ত অসমলৈ আনিব সংগীত শিল্পী ছাকিৰাক। ৰাইজৰ আবেগক লৈ খেলা কৰা মুখ্যমন্ত্ৰীৰ এনে বক্তব্যয়ো সৃষ্টি কৰিছে এক প্ৰতিক্ৰিয়াৰ। এই সম্পৰ্কতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন... 

অসমৰ ৰাইজে আশা কৰি আছিল- মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই ৮ ডিচেম্বৰ ২০২৫ত আদালতত চি আই ডিৰ তদন্তকাৰী দলে জমা দিব জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কীয় তদন্তৰ অভিযোগনামা। সেই আশ্বাস মুখ্যমন্ত্ৰীয়ে এছ আই টিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই কিবা কোৱাৰ আগতেই ঘোষণা কৰিছিল। 

অসমৰ ৰাইজ অধিৰ আগ্ৰহেৰে ৰৈ আছিল ৮ ডিচেম্বৰৰ দিনটোলৈ। ৮ ডিচেম্বৰ আহিল ঠিকেই, কিন্তু সেই নিৰ্দিষ্ট দিনটোত আদালতলৈ চি আই ডিৰ কাৰ্যালয়ৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উল্লেখ থকা আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে জুবিনৰ হত্যাৰে জড়িত বুলি অভিযুক্তসকলৰ নাম উল্লেখেৰে অভিযোগনামাখন নাহিল। 

তাৰ বিপৰীতে গুৱাহাটী এতিয়া প্ৰখ্যাত পপ গায়ক তথা ৰেপাৰ পোষ্ট মেলনহে আহিল। মেলনময় হৈ পৰিছে অসম। বিশ্বৰ প্ৰসিদ্ধ শিল্পীজনৰ চৰ্চা চলিছে চৌদিশে। ইয়াৰ ৪দিনৰ পাছতে এছ আই টিয়ে জমা দিব জুবিনৰ মৃত্যু সম্পৰ্কীয় তদন্তৰ অভিযোগনামা। 

পোষ্ট মেলন গুৱাহাটীলৈ অহাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। বুক মাই শ্ব’ এপৰ জৰিয়তে বিক্ৰী কৰা হৈছিল টিকট। অসমৰ সংগীতপ্ৰেমীৰ বাবে কিন্তু জৰুৰী আছিল জুবিনৰ অভিযোগনামাখন। চৰ্চা চলিছে এতিয়া পোষ্ট মেলনৰ দাঁতক লৈ। বহুতে ভাবিছে শিখৰ, পাণ মছলা খাই দাঁতৰ অৱস্থা এয়া কৰিছে মেলনে। কিন্তু সেয়া সঁচা নহয়। ১৫ কোটি টকা খৰচ কৰি মেলনে দাঁতত লগাই থৈছে হীৰাৰ টুকুৰা। 

ৰাতিৰ আন্ধাৰত জিলিকে সেই হীৰাৰ টুকুৰাবোৰ। মেলন আহিছে তাত আপত্তি নাই। কিন্তু মেলনৰ এই বিশাল সংগীতানুষ্ঠান কিহৰ স্ফুৰ্তিত পাতিছে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত। অসমৰ মানুহৰ বাবে মেলনত কৈ আপোন জুবিন গাৰ্গ। সেয়েহে ৰাজ্য চৰকাৰৰ এনে অনুষ্ঠান আয়োজন কৰাক লৈ সুখী নহয় অসমৰ অধিকাংশক জনতা। 

মন কৰিব লগা যে, এটা অনুষ্ঠানৰ বাবে পোষ্ট মেলনে কেইবা কোটি টকা। এই ধন ব্যয়েৰে কনচাৰ্ট পৰ্যটন প্ৰসাৰ হ’ব বুলি স্বয়ং মুখ্যমন্ত্ৰীয়ে যুক্তি দৰ্শাইছে। হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী মেলনৰ নিৰাপত্তাৰ বাবে সাজু কৰা হৈছে। 

শোকত ম্ৰিয়মাণ হৈ থকা জুবিনপ্ৰেমীৰ বাবে এইবোৰ ৰাজ্য চৰকাৰৰ বিলাস। মানুহৰ ৰোষৰ কথাৰ উমান পায়েই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লগা হৈছে- আন গ’লেও তেওঁ আৰু তেওঁৰ মন্ত্ৰীসভাৰ কোনো সদস্য অনুষ্ঠান চাবলৈ নাযায়। ইফালে এনে সংবেদনশীল সময়তে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে- ২০২৬ত আহি আছে ছাকিৰা। আবেগক লৈ মুখ্যমন্ত্ৰীয়ে কি ধৰণে খেলা কৰিব পাৰে, তাৰ এক নমুনা এয়া।

Dr. Himanta Biswa Sarma zubeen garg