পঞ্চায়ত নিৰ্বাচন : প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি, আগবাঢ়ি আছে কোন ?

অহা ২ আৰু ৭ মে'ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই নিৰ্বাচনৰ ফলাফল ১১মে ঘোষণা কৰিব ৷ প্ৰায় ১.৮কোটি ভোটাৰে ভোটদান কৰিব লগা এই নিৰ্বাচন এক প্ৰকাৰে প্ৰায় ১১ মাহৰ পিছত ২০২৬চনত হ’ব লগা বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ  চেমি ফাইনেল বুলি ক’ব পাৰি ৷ 

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচন : প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণি, ২মে’ত ভোটগ্ৰহণ

দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগা পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ২মে’ত। এই পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ পৰ্ব ইতিমধ্যে অন্ত পৰিছে। এই নিৰ্বাচনৰ প্ৰেক্ষাপটৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-

Advertisment

অহা ২ আৰু ৭ মে'ত অসমৰ ২৭খন জিলাত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ এই নিৰ্বাচনৰ ফলাফল ১১মে ঘোষণা কৰিব ৷ প্ৰায় ১.৮কোটি ভোটাৰে ভোটদান কৰিব লগা এই নিৰ্বাচন এক প্ৰকাৰে প্ৰায় ১১ মাহৰ পিছত ২০২৬চনত হ’ব লগা বিধান সভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহৰ  চেমি ফাইনেল বুলি ক’ব পাৰি ৷ 

অহা ২মে'ত ১৪খন আৰু ৭মেত ১৩খন জিলাৰ পঞ্চায়ত ২১৯২০টা গাঁও পঞ্চায়তৰ সদস্য,২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷  ২১৯২০জন নিৰ্বাচিত গাওঁ পঞ্চায়ত সদস্যৰ মাজৰ পৰা ২১৯২খন গাওঁ পঞ্চায়তৰ ২১৯২জন সভাপতি আৰু ২১৯২জন উপসভাপতি নিৰ্বাচন কৰিব ৷ ইয়াৰে ৯২৭০ খন মুক্ত আসন। এই আসনসমূহৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা ১০৮৮৩ খন।

এই বাৰ নিৰ্বাচনত প্ৰতীকত ৰাজনৈতিক দলৰ প্ৰতীক নাই ৷ তাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য ২১৯২জন আৰু জিলা পৰিষদৰ ৩৯৭জনহে ৰাজনৈতিক দলৰ প্ৰতীকত নিৰ্বাচন খেলিব ৷ প্ৰায় ৯০.৭১লাখ পুৰুষ,৮৯.৬৫লাখ মহিলা ভোটাৰে ভোটদান কৰিব লগা নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে প্ৰশাসনে ৷

ইতিমধ্যে জিলা পৰিষদৰ ৩৭ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে এন ডি এ প্ৰাৰ্থী। ইয়াৰে ৩৫ খনত বিজেপিৰ প্ৰাৰ্থী আৰু দুখন জিলা পৰিষদ আসনত অগপ প্ৰাৰ্থী জয়ী হৈছে। আঞ্চলিক পঞ্চায়ত পৰ্যায়ত ২৫৯ খনত বিজেপি আৰু ২৯ খন অগপৰ দখললৈ গৈছে।

এ আই ইউ ডি এফে আঞ্চলিক পঞ্চায়তৰ এখন আসন, নিৰ্দলীয়ই ১৩ খন আৰু কংগ্ৰেছে ৯ খন আসনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱা বুলি জানিব পৰা গৈছে। উল্লখযোগ্য যে, ২ মে’ত ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ১৪ খন জিলাত অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। 

দ্বিতীয় পৰ্যায়ত ৭ মে’ত অনুষ্ঠিত হ’ব ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ’বলগীয়া জিলা কেইখন ক্ৰমে ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।

এই নিৰ্বাচনৰ অধিসূচনা ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰি কৰিছিল ২ এপ্ৰিল ২০২৫ ত। দুয়োটা পৰ্যায়তে ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব। অনুষ্ঠিত হ’বলগীয়া এই পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা ১৮০৩৬৬৮২ গৰাকী।ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯০৭১২৬৪ গৰাকী। মহিলা ভোটাৰৰ সংখ্যা ৮৯৬৫০১০ গৰাকী। তৃতীয় লীংগৰ ভোটাৰৰ সংখ্যা ৪০৮ গৰাকী।

শাসক বিৰোধী প্ৰতিটো দলে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে যদিও বহু ক্ষেত্ৰত বিৰোধী শিবিৰ নিষ্প্ৰভ দেখা গৈছে ৷ যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছে যোৰহাট জয়ী পিছত যেন এক প্ৰকাৰে বিজয়ী হৈ পৰিছিল এনে ভাৱ দেখা গৈছিল ৷কিন্তু তাৰ পিছত কংগ্ৰেছ দল আৰু বিৰোধী দল সমূহৰ মাজত যি ধৰণে ৰাজনীতি আৰম্ভ হ’ল তাৰ পিছত প্ৰতিটো নিৰ্বাচনত কংগ্ৰেছ তথা বিৰোধীৰ শোচনীয় পৰাজয় হ’ব ধৰিলে ৷ শেহতীয়া পঞ্চায়ত নিৰ্বাচনটো বিৰোধী দল একত্ৰিত হ’ব নোৱাৰিলে ৷ যাৰ বাবে বিজেপি মিত্ৰজোঁট ৰাজনৈতিক ভাবে আগবাঢ়ি গ’ল যেন ধাৰণা হয়৷

এইবাৰ নিৰ্বাচনত গাওঁ পঞ্চায়তৰ সদস্যই ২৫০০০,আঞ্চলিক সদস্যই ২.৫লাখ আৰু জিলা পৰিষদৰ সদস্যই ১০লাখ টকা খৰছ কৰিব পাৰিব ৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে যে আগন্তুক বিধান সভাৰ নিৰ্বাচনত পৰিব এইয়া নিশ্চিত ৷গতিকে বিজেপি মিত্ৰজোঁটে গুৰুত্ব সহকাৰে লোৱা বিপৰীতে যেন বিৰোধীয়ে ৱাক অভাৰ দিছে ৷

ইতিমধ্যে বিজেপি মিত্ৰজোঁটে তিনিশতাধিকৰো অধিক আঞ্চলিক পঞ্চায়ত সদস্য আৰু ত্ৰিশৰো অধিক জিলা পৰিষদত জয়ী হৈছে ৷ন-দুৱাৰ উন্নয়ন খনৰ সকলো জিলা পৰিষদ আৰু আঞ্চলিক সদস্য বিনা প্ৰতিন্দিতাৰে জয়ী হৈছে ৷ এই সকলো আসন বিজেপি দলে লাভ কৰিছে ৷ যদি কংগ্ৰেছ বা বিৰোধী দলে আশা কৰা ধৰণে ফলাফল লাভ কৰিব নোৱাৰে, যিটো ৰাভা হাছাং এলেকাত হ’ল ৷ 

ইতিমধ্যে প্ৰচাৰত সন্মুখ সমৰত বিজেপি, কংগ্ৰেছকে ধৰি সকলো দলে পূৰ্ণ গতিত প্ৰচাৰ চলাইছে ৷এই প্ৰচাৰত সকলো দলৰ ৰাজনৈতিক নেতাই নিজৰ শক্তি প্ৰয়োগ কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি মিত্ৰজোঁটক সন্মুখৰ পৰা নেতৃত্বত দিয়াৰ বিপৰীতে কংগ্ৰেছ দলক ভূপেন বৰাই নেতৃত্বই দিছে ,ৰাইজৰ দলৰ হৈ অখিল গগৈয়ে আৰু জাতীয় পৰিষদৰ হৈ লুৰিণজ্যোতি গগৈৰ নেতৃত্বত প্ৰচাৰ চলিছে ৷

বিৰোধী দল সমূহ একত্ৰিত নোহোৱাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে একত্ৰি হোৱাত প্ৰচাৰৰ ক্ষেত্ৰত বিৰোধীতকৈ আগবাঢ়ি যোৱা যেন ধাৰণা হয় ৷অন্যহাতে বিৰোধী দল সমূহৰ নেতাৰ মাজত যেন বাক যুদ্ধ হৈছে  ৷ যিটো ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু কংগ্ৰেছ দলৰ নেতাৰ মাজত দেখা গৈছে ৷ যাৰ সুবিধা বিজেপি মিত্ৰজোঁটে গ্ৰহণ কৰা দেখা গৈছে ৷

Panchayat Election