/asomiyapratidin/media/media_files/2025/04/09/cUCr6clxdSc6EcwE5SlI.jpg)
আগন্তুক পঞ্চায়ত নিৰ্বাচনকলৈ এতিয়া চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। ৰঙালী বিহুৰ উপৰিও নিৰ্বাচনী বতাহজাকে শাসক- বিৰোধীৰ উপৰি সৰ্বসাধাৰণ ৰাইজকো চুই গৈছে। ৰাজনৈতিক দলসমূহে ভিন্ন প্ৰান্তত সাংগঠনিক সভা- সমিতিৰ আয়োজন কৰি দলৰ ভেঁটি মজবুত কৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
পঞ্চায়ত নিৰ্বাচন। বহু দিন ধৰি চলা জল্পনাৰ অন্তত অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দিন। আয়োগে ঘোষণা কৰা অনুসৰি এইবাৰ পঞ্চায়ত নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব।
২মে’ ২০২৫ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। একেদৰে ৭মে’২০২৫ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এই দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন।
উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি (কৰিমগঞ্জ)।
একেদৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগা জিলাকেইখন হৈছে- ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মহানগৰ), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং।
এই নিৰ্বাচনক লৈ ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ২ এপ্ৰিল ২০২৫তে এক বিজ্ঞপ্তি ৰাজহুৱা কৰিছে। এছ ই চি. ৬৩/২০২২/১৩০ নং বিজ্ঞপ্তি অনুসৰি উভয় পৰ্যায়ৰে নিৰ্বাচনৰ মনোনয়ন পত্ৰ জমা দিয়া অন্তিম তাৰিখ হৈছে ১১ এপ্ৰিল ২০২৫। উক্ত দিনা দিনৰ ১১-০০ বজাৰ পৰা আবেলি ৩-০০ বজাৰ ভিতৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ জমা দিব লাগিব।
আনহাতে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰকাশ কৰা তাৰিখ হৈছে ১২ এপ্ৰিল ২০২৫। একেদৰে প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা তাৰিখ হৈছে ১৭ এপ্ৰিল ২০২৫। উক্ত দিনা আবেলি ৩-০০ বজাৰ ভিতৰত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচৰা প্ৰাৰ্থীয়ে তেওঁলোকৰ মনোনয়ন পত্ৰ উঠাই ল’ব পাৰিব বুলি বিবৃতিত প্ৰকাশ কৰিছে।
ইয়াৰ পাছতে সকলো পুনৰীক্ষণৰ পাছত ১৭ এপ্ৰিলৰ দিনাই আবেলি ৩-০০ বজাৰ ভিতৰত চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। বিবৃতিত ইয়াকো কোৱা হৈছে যে, ২ আৰু ৭ মে’ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’লেও কিবা কাৰণত যদি পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হয় তেন্তে, সেয়া ৪মে’ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ৯ মে’ত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব ।
উল্লেখযোগ্য যে, দুয়োটা পৰ্যায়ৰে ভোটগ্ৰহণ পৰ্ব পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈকে অনুষ্ঠিত হ’ব। ইফালে পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ভোটগণনা ১১মে’ৰ পুৱা ৮-০০ বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বিবৃতিটোত উল্লেখ কৰিছে।
আনহাতে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে- ১৮০৩৬৬৮২গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে- ৯০৭১২৬৪ জন। একেদৰে মহিলা ভোটাৰৰ সংখ্যা হৈছে- ৮৯৬৫০১০ গৰাকী। অন্যান্য হৈছে ৪০৮ গৰাকী। ইফালে ভোটদান কেন্দ্ৰৰ সংখ্যা হৈছে ২৫০০৭টা।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, গাঁও পঞ্চায়তৰ মুঠ সদস্যৰ আসন হৈছে- ২১,৯২০খন। ইয়াৰে ৯২৭০খন মুক্ত। এছ চিৰ বাবে সংৰক্ষিত আসনৰ ৭৩৩খন মুক্ত আৰু ৮৪৯খন আসন মহিলাৰ বাবে। একেদৰে এছ টিৰ বাবে সংৰক্ষিত আসনৰ ১০৩৪খন আসন মুক্ত আৰু ৯৮৩খন মহিলাৰ বাবে। মহিলাৰ বাবে অসংৰক্ষিত আসনৰ সংখ্যা ৯০৪৭খন। গাঁও পঞ্চায়ত সদস্যৰ পদৰ বাবে ২১,৯২০ আসনৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত মুঠ আসনৰ সংখ্যা হৈছে ১০,৮৮৩খন।
গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে ১০৯৭খন। গাঁও পঞ্চায়তৰ উপ সভাপতি পদৰ বাবেও ২,১৯২খন আসনৰ ভিতৰত মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে ১১০৮খন।
পঞ্চায়ত নিৰ্বাচনৰ আঞ্চলিক সদস্য পদৰ বাবে মুঠ আসনৰ সংখ্যা হৈছে ২,১৯২খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা হৈছে ১১২৪খন। ইয়াৰ ভিতৰত এছ টি আৰু এছ চিত সংৰক্ষিত আসনৰ সংখ্যা হৈছে মুঠ ১৯৬খন। জিলা পৰিষদৰ সদস্য পদৰ আসনৰ সংখ্যা হৈছে- ৩৯৭খন। ইয়াৰে মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে ১৯৯খন আসন।