/asomiyapratidin/media/media_files/2025/07/31/ap-bikhekh-pratibedon-1-2025-07-31-19-33-05.jpg)
ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰি ১০০ শতাংশ জৰিমণা আৰোপ কৰিছে আমেৰিকাই। সমান্তৰালকৈ পাকিস্তানৰ সৈতে স্বাক্ষৰ কৰি বাণিজ্যিক চুক্তি। ড'নাল্ড ট্ৰাম্পে পাকিস্তানৰ পৰা ভাৰতলৈ তেল ৰপ্তানি কৰাৰো দেখিছে সপোন। সঁচাকৈয়ে পাকিস্তানত আছে নেকি তৈল ভাণ্ডাৰ? পাকিস্তানৰ ভূগৰ্ভত কিমান মজুত আছে তেল? এই বিষয়সমূহ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
‘সময় আহিব পাকিস্তানৰ পৰা ভাৰতে তেল ক্ৰয় কৰিব’- ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্কৰ লগতে অতিৰিক্তভাৱে জৰিমণা আৰোপ কৰাৰ পিছত ড'নাল্ড ট্ৰাম্পে পাকিস্তানৰে বাণিজ্য চুক্তি সম্পাদন কৰি ঠিক এইদৰেই মন্তব্য কৰিছে। আমেৰিকাৰ স্থানীয় সময় অনুসৰি বুধবাৰে ট্ৰাম্পে ঘোষণা কৰিছে যে, তেওঁলোকে পাকিস্তানৰ সৈকে বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰিছে আৰু সেই দেশৰ তৈল ভাণ্ডাৰ বিকাশৰ বাবে দুয়োখন দেশে একেলগে কাম কৰিব।
ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা কাৰ্যক সমালোচনাও কৰিছে ট্ৰাম্পে। তাৰোপৰি ইৰাণৰ পৰা তেল আমদানি কৰা ভাৰতৰ ছটাকৈ প্ৰতিষ্ঠানকো নিষিদ্ধ কৰিছে আমেৰিকাই। এনে পৰিস্থিতিত এতিয়া স্বাভাৱিকতে প্ৰশ্ন উদয় হয় ভাৰতক বন্ধু আখ্যা দিয়া ট্ৰাম্পে আচলতে কেতিয়া কি, কয় সেই সন্দৰ্ভত নিজেই অজ্ঞ নেকি?
সেয়া যিয়েই নহওঁক ট্ৰাম্পে পাকিস্তানৰেস যি বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিছে সেই চুক্তি অনুসৰি আমেৰিকাই পাকিস্তানৰ বিশাল তেলৰ ভাণ্ডাৰৰ বিকাশৰ বাবে একেলগে কাম কৰিব। তেওঁ ছ’চিয়েল মিডিয়াত লিখিছে পাকিস্তানে এদিন ভাৰতক তেল বিক্ৰী কৰিব।
সেয়ে এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে পাকিস্তানত আছে নেকি তৈল ভাণ্ডাৰ? এই তৈল ভাণ্ডাৰ কিমান ডাঙৰ আৰু কিমান ইয়াত মজুত আছে?
দৰাচলতে কিমান তেল মজুত আছে পাকিস্তানৰ ভূগৰ্ভত?
পৰিসংখ্যা ৱেবছাইট ‘ৱৰ্ল্ডোমিটাৰ’ৰ তথ্য অনুসৰি পাকিস্তানত ৩৫ কোটি ৩৫ লাখ বেৰেল খনিজ তেল আছে বুলি ২০১৬ ত নিশ্চিত হৈছিল। দেশখনৰ ভূগৰ্ভত মজুত থকা তেলৰ পৰিমাণৰ ক্ষেত্ৰত পাকিস্তানৰ স্থান বিশ্বৰ ভিতৰতে ৫২ নম্বৰত।
বিশ্বত মজুত থকা মুঠ তেলৰ ০.০২১ শতাংশ আছে পাকিস্তানত। তথ্য অনুসৰি পাকিস্তানে প্ৰতিদিনে ৮৮,২৬২ বেৰেল তেল উৎপাদন কৰি আহিছে।
মাত্ৰ দুবছৰহে চলিব পাৰিব পাকিস্তান
তথ্য অনুসৰি পাকিস্তানৰ ভূগৰ্ভত তেল মজুত আছে ৩৫ কোটি, ৩৫ লাখ বেৰেল খনিজ তেল। দেশখনত প্ৰতিদিনে উৎপাদন হয় ৮৮,২৬২ বেৰেল খাৰুৱা তেল। দেশখনত দৈনিক প্ৰয়োজন হয় ৫ লাখ ৫৬ হাজাৰ বেৰেল তেল।
সেই হিচাপ অনুসৰি যদিহে পাকিস্তানে তেল আমদানি নকৰে, তেন্তে দেশখনৰ ভূগৰ্ভত থকা তেলেৰে মাত্ৰ দুবছৰৰ বাবেহে প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। ২০২১ চনৰ আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰশাসনৰ প্ৰতিবেদনত প্ৰকাশ পোৱা আন এক তথ্য অনুসৰি পাকিস্তানত মজুত থকা তেলে পাকিস্তানৰ মুঠ খনিজ তেলৰ প্ৰয়োজনৰ ২০ শতাংশহে পূৰণ কৰে। বাকী ৮০ শতাংশ তেলেই আমদানি কৰিব লাগিব।
পাকিস্তানৰ দাবীৰ বিপৰীতে নাই প্ৰমাণ
পাকিস্তানৰ চৰকাৰী মালিকানাধীন অইল এণ্ড গেছ ডেভেলপমেণ্ট কোম্পানীয়ে আজিৰ পৰা এটা মাহ পূৰ্বে সিন্ধ প্ৰদেশত তেল আৰু গেছ মজুত থকা বুলি দাবী কৰিছিল। বিগত এটা বছৰত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ আৰু খাইবাৰ পখতুনখোৱাতো এই সংস্থাটোৱে তেল আৰু গেছৰ মজুত থকাৰ সন্ধান লাভ কৰা বুলি দাবী কৰিছিল।
যোৱা তিনি বছৰ ধৰি চলোৱা জৰীপৰ অন্তত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানে এই তৈল ভাণ্ডাৰৰ কথা ৰাজহুৱা কৰিছিল। তেওঁলোকে দাবী কৰিছে দেশখনৰ ভূগৰ্ভত থকা তেল আৰু গেছৰ ভাণ্ডাৰ সৰু নহয়। এঢাপ আগুৱাই গৈ তেওঁলোকে এই দাবীও কৰিছিল যে তেওঁলোকে তৈল ভাণ্ডাৰৰ যি আৱিষ্কাৰ সেই আৱিষ্কাৰে তেল মজুত থকা বিশ্বৰ দেশসমূহৰ তালিকাত চতুৰ্থ স্থানলৈ উন্নীত কৰিব।
মন কৰিবলগীয়া যে বিশ্বৰ ভিতৰতে সৰ্বাধিক তেলৰ মজুত থকা শীৰ্ষ তিনিখন দেশ হ’ল ভেনিজুৱেলা, চৌদি আৰব, আৰু ইৰাণ। পাকিস্তানে এই দাবী কৰিলেও কিন্তু তাৰ সমৰ্থনত এতিয়ালৈকো কোনো প্ৰমাণ আনুষ্ঠানিকভাৱে দিব পৰা নাই।
কোনো বাণিজ্যিক তেল নিষ্কাশন কোম্পানীয়ে দাবী কৰা সেই বিশাল তৈল ভাণ্ডাৰ অন্বেষণৰ আগ্ৰহ প্ৰকাশ কৰা নাই। প্ৰকৃততে পাকিস্তানৰ এই দাবী কিমান সত্য তাক লৈহে প্ৰশ্ন উঠিছে।
পাকিস্তানৰ তৈল খনন মানে কেৰেলাতকৈ গুটি দীঘল!
একাংশ বিশেষজ্ঞৰ মতে পাকিস্তানত তৈল অন্বেষণ ইমান সহজ নহয়। সেই দেশৰ ভূগৰ্ভত যিমান পৰিমাণৰ তেল মজুত আছে তাৰ অন্বেষণৰ বাবে খৰচ হ’ব প্ৰায় ৫ বিলিয়ন ডলাৰ। ভাৰতীয় টকাৰ হিচাপত সেয়া প্ৰায় ৪৩ হাজাৰ কোটি টকা।
দেশখনৰ ক’ত তেল আছে আৰু ক’ত, কেনেকৈ অন্বেষণ কৰিব পাৰি সেই কথা নিশ্চিত কৰি অঞ্চলটো উন্নয়ন কৰিবলৈকে প্ৰয়োজন প্ৰায় পাঁচ বছৰ সময়ৰ। আন্তঃগাঁথনি নিৰ্মাণৰ খৰচ আছেই।
পাকিস্তানৰ বৰ্তমানৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ বাবে ইমান ধন খৰচ কৰাটো তেওঁলোকৰ বাবে কোনো কাৰণতেই সম্ভৱ নহয়। অৱশ্যে আমেৰিকাই যদি সঁচাকৈয়ে কোৱাৰ দৰেই পাকিস্তানৰ তেল অন্বেষণৰ বাবে আগবাঢ়ি আহে তেন্তে দেশখনৰ তেল অন্বেষণ সম্ভৱ হ’ব। কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে পাকিস্তানে দাবী কৰাৰ দৰে সেই দেশৰ ভূগৰ্ভত সঁচাকৈয়ে বৃহৎ তেল ভাণ্ডাৰ আছেনে?