/asomiyapratidin/media/media_files/2024/12/06/4YBgj1PzWg4DxpbaO7ET.jpg)
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বই শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যিমানেই সেউজ পৃথিৱী আৰু প্ৰকৃতি ৰক্ষাত গুৰুত্ব দিছে সিমানেই একাংশই ইয়াৰ বিপৰীত স্থিতি লোৱা পৰিলক্ষিত হৈছে। অবাধে চলাই গৈছে ধ্বংস যজ্ঞ। বন ধ্বংস, পাহাৰ খনন , গছ- গছনি কাটি তহিলং কৰা ইত্যাদি কাৰ্যকলাপ সঘনাই কৰিবলৈ লৈছে এচাম লোকে। এনে সময়তে পোহৰলৈ আহিছে সোণাপুৰ- ডিমৰীয়া অঞ্চলত পাহাৰ খনন কাৰ্যৰ দৰে সংঘটিত ঘটনা। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন।
পাহাৰ খননৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সৰৱ হ’লেও দিশপুৰৰ পৰা কেইকিলোমিটাৰ মান নিলগতে মুকলিকৈ চলি আছে বন ধ্বংসৰ যজ্ঞ। সোণাপুৰ অঞ্চলৰ তিনিটা স্থানত দিনে- নিশাই পাহাৰ খনন চলি থকাৰ পাছতো চকুমুদা কুলিৰ ভাও ধৰি আছে বন বিভাগ, আৰক্ষী তথা প্ৰশাসনে।
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নলগেদেৰা, তেতেলিয়া, বাইছ মাইল আদি স্থানত ব্যাপক হাৰত হোৱা এই পাহাৰ খননৰ পৰিণতি কেইবাখনো পাহাৰ ইতিমধ্যে নিঃশেষ হৈ পৰিছে। জানিব পৰা মতে উক্ত অঞ্চলত চলি থকা পাহাৰ খননৰ আঁৰত আছে বিজেপিৰ দুই প্ৰভাৱশালী নেতাৰ হাত।
সেয়েহে এই সকলোবোৰ দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে বন বিভাগ। স্থানীয় লোকৰ অভিযোগ মতে ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এই পাহাৰ খনন চলিছে। ইয়াত সহযোগ কৰিছে বিজেপিৰ ডিমৰীয়া মণ্ডলৰ সভাপতি আৰু যুৱ মৰ্চাৰ দুজনমান বিষয়ববীয়াই।
স্থানীয় দল- সংগঠন তথা সচেতন ৰাইজে কামৰূপ মহানগৰ আয়ুক্তৰ ওপৰত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছে যদিও প্ৰশাসনে লোৱা নাই কোনো ব্যৱস্থা। কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত এই অঞ্চলটোত কেনেকৈ বন বিভাগে পাহাৰ খননৰ অনুমতি প্ৰদান কৰিলে, তাক লৈও আচৰিত হৈছে স্থানীয় ৰাইজ। জানিব পৰা মতে এই ক্ষেত্ৰত বিশেষ আগভাগ লৈছে পূব কামৰূপ বন সংমণ্ডলৰ বিষয়াগৰাকীয়ে।
বিভাগে দিয়া অনুমতি পত্ৰত থকা নীতি- নিয়ম ভৰিৰে মোহাৰি ব্যৱসায়িক স্বাৰ্থত এই পাহাৰবোৰ খান্দি তাৰ মাটি কৃষিভূমি আৰু জলাশয়ত পেলাই দিয়াৰো অভিযোগ উঠিছে। ইফালে এই পাহাৰ খননৰ মাটি কঢ়িয়াবলৈ দৈনিক এই পথেৰে বহু ডাম্পাৰ চলে যদিও সেই ডাম্পাৰসমূহ তদাৰক কৰিবলৈও নাই বন বিভাগৰ লোক। ডিমৰীয়াৰ এই অঞ্চলটোত এখন ডাম্পাৰে দিনটোত এখন চালান কাটি ৩০/৪০ বাৰলৈকে মাটি কঢ়িয়াই আহিছে।
এফালে বনজ সম্পদ ধ্বংস, আনফালে চৰকাৰী ৰাজহ লোকচান হৈ আছে এনেবোৰ অবৈধ কাৰ্যকলাপৰ জৰিয়তে। এচাম মাটি কটা ব্যৱসায়ীয়ে একোখন পাহাৰ কাটি প্ৰতিমাহে কোটি কোটি টকা আয় কৰি আহিছে। এঠাইত মাটি কটা অনুমতি লৈ একে সময়তে ডিমৰীয়াত ২০/২৫ ঠাইত অবৈধভাৱে মাটি কাটি আছে এই চক্ৰটোৱে।
বন বিভাগৰ স্থানীয় একাংশ বিষয়াৰ সহযোগত দীৰ্ঘদিন ধৰি সোণাপুৰৰ এই অঞ্চলটোত অবৈধ পাহাৰ খনন চলি আহিছে। আনকি নিশাৰ ভাগতো চলা এই খননৰ বাবে স্থানীয় লোক সকলে ৰাতি শুব নোৱাৰাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সোণাপুৰ- ডিমৰীয়া এই অঞ্চলটোত পাহাৰ খন্দা ৰঙামাটিৰ অবৈধ সৰবৰাহৰ এক ছিণ্ডিকেটো গঢ় লৈ উঠিছে।
আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই বন বিভাগৰ বিষয়া- কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা আৰু বিভাগীয় তদন্তৰো দাবী তুলিছে। ৰাজ্যৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো ডিমৰীয়া- সোণাপুৰত কি পৰ্যায়ত পাহাৰ ধ্বংস অভিযান চলি আছে, তাকো চাই যাবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।
এই অবৈধ পাহাৰ খনন বন্ধ নকৰিলে সমগ্ৰ অঞ্চলটোত পাৰিপাৰ্শ্বিকজনিত আৰু অধিক সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে। এখনৰ পাছত আনখন পাহাৰ ধ্বংস হৈ যোৱাৰ পাছতো চৰকাৰ আৰু বন বিভাগে কিহৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈও স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
দিশপুৰৰ ক্ষমতাশালী নেতাৰ কৃপাধন্য হৈ এই চক্ৰটোৱে বন ধ্বংসৰ এতিয়া প্ৰতিযোগিতাত নামিছে। মুখ্যমন্ত্ৰীয়ে এফালে অমৃত বৃক্ষ আঁচনি ঘোষণাৰে গছ- গছনি ৰুবলৈ, প্ৰকৃতি সুৰক্ষা কৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে চৰকাৰী বিষয়া- কৰ্মচাৰী আৰু শাসকীয় দলৰে কেইজনমান লোকৰ স্বাৰ্থত এই ধ্বংসযজ্ঞ অৱ্যাহত আছে। অচিৰেই ইয়াৰ বিৰুদ্ধে বন বিভাগ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাজপথত আন্দোলনত নমাৰ হুংকাৰ দিছে স্থানীয় দল- সংগঠনে।