‘খগেনে’ বিপদ মাতিলে ডিম্পুলৈ

অসমৰ সংগীত জগতত গানৰ নামত এচামে যি ইচ্ছা তাকেই কৰিব লৈছে। ৰুচিশীল সংগীতৰ বাবে বিখ্যাত আৰু বহু কালজয়ী গীতৰ ইতিহাসেৰে সম্বৃদ্ধ অসমীয়া সংগীতক এতিয়া এনে এচাম লোকে কালিমা সানিছে

author-image
Asomiya Pratidin
New Update
এইবোৰ গান নেকি ?

এইবোৰ গান নেকি ?

গীতৰ নামত এইবোৰ কি বহুৱালি ? এনেকৈয়ে হয় নেকি গীতৰ সৃষ্টি ? অশ্লীল শব্দৰ পয়োভৰ আৰু অশ্লীল দৃশ্যৰ সমাহাৰেৰে জনপ্ৰিয়তা অৰ্জনৰ চেষ্টা একাংশৰ। শেহতীয়াকৈ খগেন শীৰ্ষক এটা গীতত অশ্লীল শব্দৰ প্ৰয়োগেৰে অসমীয়া সংগীত জগতৰ বৰ্ণিল ইতিহাসত কালিমা সনাৰ চেষ্টা কৰিছে একাংশই। তেওঁলোকৰ বিৰুদ্ধে দিশপুৰ থানাত ৰুজু হৈছে গোচৰ। এই সন্দৰ্ভত ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন-

Advertisment

অসমৰ সংগীত জগতত গানৰ নামত এচামে যি ইচ্ছা তাকেই কৰিব লৈছে। ৰুচিশীল সংগীতৰ বাবে বিখ্যাত আৰু বহু কালজয়ী গীতৰ ইতিহাসেৰে সম্বৃদ্ধ অসমীয়া সংগীতক এতিয়া এনে এচাম লোকে কালিমা সানিছে। 

সংগীত জগতৰ এই স্খলন সততাৰে এই জগতখনৰ সৈতে জড়িত লোকসকলে নীৰৱ দৰ্শক হৈ চাই থাকিব লগা হৈছে। গীতৰ কথা- সুৰ, দৃশ্যায়ণ আদিত কাৰো যেন এতিয়া নিয়ন্ত্ৰণ নাই। শেহতীয়াকৈ এনে বহুবোৰ গীতে সামাজিক মাধ্যমত বিতৰ্কৰ জৰিয়তে চৰ্চা লাভ কৰিছে। 

এইবাৰ তেনে এটা বিতৰ্কিত আৰু অশ্লীল শব্দৰে ভৰপূৰ গীতৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে সদৌ অসম গোসাঁই সমাজ। ‘খগেন’ শীৰ্ষক ৰেপসদৃশ এই গীতত নাই কোনো মান আৰু সংগীতৰ সুৰ- তাল। যিটো গীতৰ বেকগ্ৰাউণ্ডত অসমৰ এজন চৰ্চিত ইউটিউবাৰৰ ‘হেই দস্তো’ শীৰ্ষক শব্দকেইটাও শ্ৰোতাই শুনিবলৈ পায়। 

সেয়েহে এই গীতটোৰ বিৰুদ্ধে সদৌ অসম গোসাঁই সমাজে দিশপুৰ থানাত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এখন এজাহাৰ দাখিল কৰিছে। এই এজাহাৰত ডিম্পু বৰুৱা আৰু মৃদুল বড়োৰ নাম উল্লেখ কৰা হৈছে। 

অসমৰ সংগীত জগতৰে জড়িত বহু প্ৰতিষ্ঠিত লোকে সংগীতৰ নামত এনে বহুৱালি কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি এই ধৰণৰ কাৰ্যৰে জড়িত লোকসকলৰ বিৰুদ্ধে প্ৰশাসন তথা আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

dimpu baruah