/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/39e992c1-3cc1-4722-b38a-45e9548de4aa/gfx routine.jpg)
আজিৰ এই ব্যস্ততাপূৰ্ণ জীৱনত শৰীৰটো সম্পূৰ্ণ সুস্থ হৈ থাকিবলৈ পৰিশ্ৰমৰ প্ৰয়োজন। ৰোগে আগুৰি থকা শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ দৈনিক ৩০মিনিটৰ কাৰণে হ'লেও কৰিব লাগে শাৰীৰিক ব্যায়াম। শাৰীৰিক পৰিশ্ৰমৰ বিকল্প হিচাপে আপুনি দৈনিক খোজকাঢ়ি শৰীৰটো সুস্থ কৰি ৰাখিব পাৰে। নিতৌ খোজ খাঢ়িলে আপুনি শাৰীৰিক তথা মানসিকভাৱে অতি সুস্থ আৰু সবল অনুভৱ কৰিব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...
নিজকে সুন্দৰ কৰি ৰাখিবলৈ শৰীৰটোক সবল কৰি ৰখাটো প্ৰয়োজন। শৰীৰটো সুস্থ সবল কৰি ৰাখিবলৈ আমি নিয়মিত কৰিব লাগে শাৰীৰিক পৰিশ্ৰম।
বৰ্তমান সময়ত মানুহৰ জীৱনশৈলী ইমানেই ব্যস্ততাৰে ভৰা যে ৭-৮ ঘন্টা অফিচত কাম কৰাৰ পাছত আগতে শাৰীৰিক পৰিশ্ৰম কৰাৰ সময় কাৰো হাতত নাথাকে। যাৰ বাবে মানুহে দিনটোৰ কোনোবা এটা সময়ত জিম যোৱা পৰিলক্ষিত হয়।
কিছুদিনৰ আগলৈকে প্ৰায় সকলো লোকেই দিনৰ দিনটো শাৰীৰিক শ্ৰম কৰিবলগা হৈছিল আৰু দিনটোৰ কামৰ অন্তত সকলোৱে জিৰণি লৈছিল। কিন্তু আজিকালি সেই শৈলী সলনি হৈছে। এতিয়া শাৰীৰিক পৰিশ্ৰমৰ বিশেষ প্ৰয়োজন নাইকিয়া হৈছে আৰু তাৰ লগে লগে শাৰীৰিক জিৰণিৰো প্ৰয়োজন কমি আহিছে।
আজিকালি বেছিভাগৰে হাতেৰে কৰিব লগা কামবোৰ যান্ত্ৰিক উপায়েৰে কৰিব পৰাকৈ উন্নত যন্ত্ৰ বা সঁজুলি ওলাইছে। এইবিলাক যন্ত্ৰ ব্যৱহাৰ কৰাৰ ফলত মানুহৰ শাৰীৰিক শ্ৰম বেছিভাগেই কমি আহিল।
আজিৰ পৰা প্ৰায় এটা দশক পূৰ্বে মানুহে নিজৰ ঘৰৰ মজিয়া আৰু চিলিং, দেৱাল আদি হাতেৰে ঝাৰু বা তেনে জাতীয় সৰল আহিলাৰে চফা কৰিছিল। তেনেদৰে প্ৰয়োজনীয় কাপোৰ-কানিও হাতেৰে ধুইছিল। মজিয়াত বহি চৌকাত খৰি জ্বলাই ৰন্ধা-বঢ়া কৰিছিল। কিন্তু আজিকালি সেইবিলাক কাম সহজতে ব্যৱহাৰ কৰিব পৰা সৰু সৰু যন্ত্ৰৰ সহায়ত কম আয়াসতে কৰিব পৰা হ’ল।
শাৰীৰিক পৰিশ্ৰম কমি অহাৰ লগে লগে বৃদ্ধি পাবলৈ ল'লে বেমাৰ আজাৰৰ সংখ্যা। অধিক সংখ্যক লোকেই কিবা নহয় কিবা ৰোগত আক্ৰান্ত হৈ থকা দেখা যায়। অধিকাংশ লোকৰে শাৰীৰিক স্বাস্থ্য সন্তোষজনক নহয়। শাৰীৰিক পৰিশ্ৰমৰ বিকল্প হিচাপে আমি কৰিব পাৰো শাৰীৰিক ব্যায়াম।
খোজকঢ়াটো আটাইতকৈ উত্তম ব্যায়াম। খৰকৈ খোজকাঢ়িলে সমস্ত শৰীৰটোত ৰক্ত সঞ্চালন স্বাভাৱিক হয়। যেতিয়া ওচৰৰ কোনো ঠাইলৈ যাবলগা হয়, চিটি বাছ ষ্টপৰ পৰা নিজৰ অফিচ বা বজাৰলৈ যাব লগা হ’লে খোজকাঢ়িবলৈ আৰম্ভ কৰক।
আপোনাৰ ঘৰৰ বাৰাণ্ডা, চোতালৰ পৰা পদূলিমূৰলৈ দিনটোত অকণমান সময় উলিয়াই এনেয়ে খৰকৈ খোজকাঢ়ৰ অভ্যাস কৰক। আপুনি যদি লিফট থকা ফ্লেট বা কেইবামহলাৰ অট্টালিকাত থাকে তথাপি পৰাপক্ষত লিফট ব্যৱহাৰ নকৰিব। হাতত সময় থাকিলে লাহে-ধীৰে চিৰিৰে খোজকাঢ়ি আহক।
খোজ কঢ়াৰ ফলত হৃদযন্ত্ৰৰ সৈতে জড়িত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ৷ ইয়াৰ উপৰিও খোজ কাঢ়িলে মানসিক চাপৰ মাত্ৰা হ্ৰাস পায় আৰু মানসিক চাপৰ পৰা উপশম পাব পাৰি, যাৰ ফলত আপুনি যথেষ্ট সতেজ অনুভৱ কৰে ৷ পেটৰ চৰ্বি কমোৱাৰ বাবে খোজ কঢ়াটো এটা ভাল বিকল্প হ’ব পাৰে ৷
সাধাৰণতে আমি দেখিবলৈ পাওঁ যে বেছিভাগ মানুহেই আহাৰ গ্ৰহণৰ পিছত লগে লগেই নিজৰ কামত লাগে বা অফিচলৈ যায় বা ৰাতি শুই যায়। যি আমাৰ শৰীৰৰ বাবে একেবাৰেই হানিকাৰক। অৱশ্যে বৰ্তমান সময়ত মানুহৰ ইমান বেছি সময়ো নাথাকে। কিন্তু খোৱাৰ পিছত অলপ সময় উলিয়াই ২০ৰ পৰা ৩০মিনিট দৈনিক খোজকাঢ়িলে আমাৰ শৰীৰটো বহু পৰিমাণে সুস্থ হৈ থাকিব। খোৱাৰ পাছত খোজ কাঢ়িলে সহজে খাদ্য হজম হয়৷
খাদ্য খোৱাৰ পাছত খোজ কাঢ়িলে বিভিন্ন উপকাৰ পোৱা যায়৷ বিশেষকৈ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ হয়৷ তদুপৰি উদ্বেগ আৰু অনিদ্ৰাজনিত সমস্যা থাকিলে খোৱাৰ পাছত খোজ কাঢ়িলে এই সমস্যা নিয়ন্ত্ৰণ হয়৷
পছন্দৰ খাদ্য বেছিকৈ খালে কিছু সময় খোজ কাঢ়ক৷ ইয়াৰ ফলত গেছ বা পেট ফুলাৰ সমস্যা দূৰ হয়৷ কিন্তু খাই উঠিয়েই খোজ কাঢ়িবলৈ যোৱাটো ভুল৷ খোৱাৰ পিছত অলপ সময় বহক৷ ইয়াৰ কিছু সময় পাছতহে লাহে লাহে খোজ কাঢ়ক৷
নিতৌ পুৱা যদি আধা ঘণ্টামান সময়কৈ খোজ কাঢ়ে তেন্তে বছৰত এজন ব্যক্তিয়ে তেওঁৰ খাদ্যসূচীত অকণো সালসলনি লকৰাকৈ প্ৰায় ১০ কে.জি. ওজন কমাব পাৰে। খোজ কাঢ়িলে শৰীৰৰ মাংসপেশীবিলাক অধিক মজবুত আৰু শক্তিশালী হয়। লগতে শৰীৰৰ আঘাত প্ৰৱণতা আৰু অধিক কমাই তোলে। খোজ কাঢ়িলে শৰীৰটোলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পৰিবাহিত হয়।
খোজ কাঢ়িলে প্ৰায় ৬০% বহুমূত্ৰ ৰোগ নিৰ্মূল তথা নিয়ন্ত্ৰণ কৰিব পাৰি লগতে ২০% কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পাৰি। মহিলাৰ ক্ষেত্ৰত বিশষকৈ স্তনৰ কৰ্কট ৰোগ প্ৰতিৰোধত খোজকঢ়াই সহায় কৰে।
যিকোনো ধৰণৰ ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰে। যদিহে আপোনাৰ পিঠিৰ বিষ সমস্যা আছে তেন্তে নিশ্চয়কৈ খোজ কাঢ়ক। খোজ কঢ়াটো পিঠিৰ বিষৰ বাবে প্ৰাকৃতিক ঔষধ। আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰাত খোজকঢ়াই সহায় কৰে।
পুৱা খোজ কাঢ়িলে প্ৰকৃতিৰ লগত আপোনাৰ সম্পৰ্ক সুদৃঢ় হয়। প্ৰকৃতিক আপুনি আৰু অধিক ভাল পাবলৈ লয়। সাধাৰণতে ৰাতিপুৱাৰ পৰিৱেশটো সকলোৰে প্ৰিয়। গতিকে তেনেক্ষেত্ৰত খোজকঢ়াটো নিতৌ পুৱা আমাৰ দৈনন্দিন কাৰ্যসূচী হিচাপত ল’ব লাগে।
প্ৰকৃতিৰ অপৰূপ দান এই জীৱনটোক পৰিপূৰ্ণভাৱে উপভোগ কৰিবলৈ হ’লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকক আৰু লগতে খোজ কাঢ়ক।
Also Read: চৰকাৰৰ আস্থা, জনতাৰ লাগিব নিষ্ঠা তেহে কাহিল্ হ'ব গুটখাৰ অৱস্থা