বিনামূলীয়া হ’ব গুৱাহাটীৰ ৪৮টা পাৰ্কিং স্থান

ৰাজধানী গুৱাহাটী মহানগৰৰ ব্যস্ত পথৰ দাঁতিৰ লগতে আন কেইবাটাও স্থানত থকা গুৱাহাটী পৌৰ নিগম চমুকৈ জি এম চিৰ পার্কিং দুই-তিনিচকীয়া গাড়ীৰ বাবে বিনামূলীয়া হ'ল। এতিয়াৰে পৰা মহানগৰখনৰ ৪৮ টা স্থানত থকা জি এম চিৰ পার্কিঙত দুই-তিনিচকীয়া গাড়ীৰ গৰাকীয়ে গাড়ী ৰখোৱাৰ বাবদ লেচীক ধন আদায় দিব নালাগে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
new bikhekh protibedon

বিশেষকৈ গুৱাহাটী মহানগৰীৰ আনবোৰ সমস্যাৰ দৰে পাৰ্কিঙো এক ডাঙৰ সমস্যা। বিভিন্ন কামত ঘৰৰ পৰা ওলাই অহা লোকসকলে নিজৰ বাহনখন ক’ত ৰখাব তাকলৈ বিমোৰত পৰে। যাৰ বাবে য’তে- ত’তে গাড়ীখন পাৰ্কিং কৰি নিজৰ কাম – কাজ সম্পন্ন কৰিব লগাত পৰে। তাৰোপৰি এনেদৰে গাড়ী পাৰ্কিং কৰাৰ ফলত যান-জঁটৰো সমস্যা বৃদ্ধি হয়। কেৱল ইমানেই নহয়, যান- বাহন আৰক্ষীৰ ৰোষতো পৰি জৰিমনা পৰ্যন্ত ভৰিব লগা হয় গাড়ীৰ গৰাকীসকল। পিছে এতিয়া আৰু সেই সমস্যাৰ অৱসান ঘটিব। অতি শেহতীয়াকৈ মেয়ৰ মৃগেণ শৰণীয়াই গ্ৰহণ কৰিছে এক পদক্ষেপ। গাড়ী পাৰ্কিংৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৪৮টা স্থান। সেই সম্পৰ্কতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন- 

Advertisment

ৰাজধানী গুৱাহাটী মহানগৰৰ ব্যস্ত পথৰ দাঁতিৰ লগতে আন কেইবাটাও স্থানত থকা গুৱাহাটী পৌৰ নিগম চমুকৈ জি এম চিৰ পার্কিং দুই-তিনিচকীয়া গাড়ীৰ বাবে বিনামূলীয়া হ'ল। এতিয়াৰে পৰা মহানগৰখনৰ ৪৮ টা স্থানত থকা জি এম চিৰ পার্কিঙত দুই-তিনিচকীয়া গাড়ীৰ গৰাকীয়ে গাড়ী ৰখোৱাৰ বাবদ লেচীক ধন আদায় দিব নালাগে। 

সম্পূর্ণ বিনামূলীয়াকৈ গৰাকীয়ে দুই-তিনিচকীয়া বাহন এই পার্কিংসমূহত ৰাখিব পাৰিব বুলি শেহতীয়াকৈ পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই সাংবাদিকৰ আগত প্রকাশ কৰে। এই উদ্দেশ্যে মহানগৰখনৰ গণেশগুৰিত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁ নাৰিকল ভাঙি, ফিতা কাটি বিনামূলীয়া পার্কিং আনুষ্ঠানিকভাৱে ৰাইজলৈ মুকলি কৰে।

তেওঁ কয়- মহানগৰখনত জি এম চিৰ মুঠ ৪৮ টা পার্কিং আছে। এইসমূহ পার্কিং মহানগৰখনৰ জি এছ ৰোডকে ধৰি আন কেইবাটাও ব্যস্ত পথৰ দাঁতিৰ লগতে কেইবাস্থানত আছে। এতিয়াৰে পৰা এই ৪৮টা পার্কিঙত দুই-তিনিচকীয়া বাহনৰ গৰাকীয়ে গাড়ী ৰখোৱাৰ বাবদ জি এম চিক ধন আদায় দিব নালাগে। 

সম্পূর্ণ নীতি-নিয়ম মানি গাড়ীৰ গৰাকীয়ে এইসমূহ পার্কিঙত তেওঁলোকৰ মৰমৰ বাহনখন ৰাখিব পাৰিব। অৱশ্যে এইসমূহ পার্কিঙত চাৰিচকীয়া বাহনৰ বাবে থাকিব পার্কিং মাচুল। এই ৪৮ পার্কিঙত সুকীয়াকৈ থকা স্থানত চাৰিচকীয়া বাহন ৰখোৱা গৰাকীয়ে প্রথম ঘণ্টাত ১০ টকা আদায় দিব লাগিব। পৰৱর্তী প্রতি ঘণ্টাত বাহনখনৰ গৰাকীয়ে লেচীৰ জৰিয়তে জি এম চিক আদায় দিব লাগিব ২০ টকাকৈ। এইক্ষেত্রত তেওঁ ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে। 

উল্লেখ্য যে ৰাজধানী মহানগৰখনত থকা জি এম চিৰ পার্কিঙত বিগত সময়ছোৱাত লেচীয়ে অবৈধভাৱে ধন সংগ্রহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল। ১০-২০ টকাৰ ঠাইত ৫০-১০০ টকাপর্যন্ত লেচীয়ে দাবী কৰাক লৈ বহুকেইটা পার্কিঙত গাড়ীৰ গৰাকী আৰু লেচীন মাজত সংযাতৰ সূত্রপাত হৈছিল। 

এই বিষয়ে অৱগত হোৱাৰ পিচতে পৌৰ নিগম কর্তৃপক্ষই গুৱাহাটীত পৌৰ নিগমৰ অধীনৰ পার্কিং প্রথমতে ২-৩ চকীয়া বাহনৰ বাবে বিনামূলীয়া কৰাৰ পদক্ষেপ লয়। সেই অনুসৰি যোৱা ১ জুনৰ পৰা জি এম চিৰ ৪৮ পার্কিং বিনামূলীয়া কৰাৰ সিদ্ধান্ত গ্রহণ কৰে পৌৰ নিগম কর্তৃপক্ষই।  

এতিয়াৰে পৰা আৰু ২-৩ চকীয়া বাহনৰ গৰাকীয়ে পৌৰ নিগমৰ অধীনৰ ৪৮ পার্কিঙত কৰ-কাটল আদায় নিদিয়াকৈ গাড়ী ৰখোৱাৰ সুবিধা পাব।

শেহতীয়াকৈ জি এম চিয়ে নিৰ্ধাৰণ কৰা পাৰ্কিঙৰ পথ আৰু স্থানৰ নাম তলত উল্লেখ কৰা হ’ল-

এইছ বি ৰোড, ডা০ জে চি দাস ৰোড, এ আৰ বি ৰোড, এ টি ৰোড, জি এছ ৰোড, দিছপুৰ ছুপাৰ মাৰ্কেট. এইচ বি ৰোড, এ টি ৰোডৰ ৬নং  গেটৰ পৰা ৮নং গেটলৈ, আৰ পি ৰোড, বেলতলা- বশিষ্ঠ ৰোড, এক্সপ্ৰেছ হাইৱে, যশোৱন্ত ৰোড, হেঙেৰাবাৰী ৰোড, এ জে ৰোড, জি এন বি ৰোড, আৰ জি বি ৰোড, পাটৰকুছি, মহম্মদ তৈয়বুল্লা ৰোড, সতী জয়মতী ৰোড, গণেশগুৰি ফ্লাই অ'ভাৰৰ তলত, উলুবাৰী ফ্লাই অ'ভাৰৰ তলত, ভঙাগড় ফ্লাই অ'ভাৰৰ তলত,আঠগাঁও ফ্লাই অ'ভাৰৰ তলত, লাচিত ঘাট, শ্ৰদ্ধাঞ্জলি ফ্লাই অ'ভাৰৰ তলত, আৰ্যনগৰ ফ্লাই অ'ভাৰৰ তলত, ছয়মাইল ফ্লাই অ'ভাৰৰ তলত, নীলাচল ফ্লাই অ'ভাৰৰ তলত। এই আটাইকেটা পথ আৰু স্থানৰ নিৰ্ধাৰিত এলেকাত গৰাকীসকলে বাহন পাৰ্কিং কৰিব পাৰিব।  

 

gmc