/asomiyapratidin/media/media_files/2025/08/04/ap-bikhekh-pratibedon-1-1-2025-08-04-19-20-16.jpg)
২০২৩ ৰ ৭ অক্টোবৰ।সেই দিনাৰে পৰা আৰম্ভ হৈছিল এখন ঠাইৰ পৰিবেশ। ভাঙিছিল অট্টালিকাবোৰ, বাঢ়িছিল মৃতদেহৰ সংখ্যা। আৰম্ভণিতে গোলা-বাৰুদৰ আঘাতত মৃত্যু হোৱাৰ ঠাইত এতিয়া বাঢ়িছে অনাহাৰে মৃত্যু হোৱাৰ সংখ্যা। অন্ধকাৰ হাজাৰ হাজাৰ শিশুৰ ভৱিষ্যত। এফালে যদি বোমা-বাৰুদৰ আঘাতত আনফালে অনাহাৰত মৃত্যুৰ ভয়। নাই উপাৰ্জন, নাই ধন। সেয়ে আকৌ আৰম্ভ হৈছে বিনিময় প্ৰথা। ক’ত এই অৱস্থা? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
যি সময়ত আমি ২ টকাৰ সামগ্ৰী এটা ক্ৰয় কৰিবলৈকো ইউ পি আইৰ ব্যৱহাৰ কৰিছো, নগদ ধনৰ সৈতে সম্পৰ্ক প্ৰায় নোহোৱা কৰিছো, অৰ্ডাৰ দিলেই খাদ্যৰ পৰা আৰম্ভ কৰি সাজ-সজ্জা, গৃহ নিৰ্মাণ সামগ্ৰীলৈকে সকলো ঘৰতেই পাব পৰা অৱস্থাত আছো সেই মুহূৰ্তত এইখন বিশ্বৰে এটা প্ৰান্তত আৰম্ভ হৈছে বিনিময় প্ৰথা।
এই অঞ্চলটোত ৰুটি, চেনী, পানীকে ধৰি অন্যান্য খাদ্য সামগ্ৰীৰ বিনিময় প্ৰথা আৰম্ভ হৈছে। সভ্যতাৰ আৰম্ভণিৰ সময়ৰ এই প্ৰথালৈ পুনৰ পশ্চাদমুখী যাত্ৰাৰ কাৰণ নথকাও নহয়। কাৰণ এই অঞ্চলটোৰ মানুহৰ হাতত নোহোৱা হৈছে নগদ ধন। হাতত যি ধন আছিল সেয়া শেষ হৈছে।
জমা হিচাপে বেংকত যি ধন আছিল সেয়াও নগণ্য। এই নগণ্য ধন উলিয়াবলৈয়ো কোনো সুযোগ নাই। সেই ধন উলিয়াবলৈয়ো প্ৰয়োজন হয় দালালাৰ। আৰু বেংকৰ পৰা ধন উলিয়াই দিয়াৰ নামত দালালে হাত কৰি লয় আধাখিনি ধন।
এই পৰিস্থিতিৰ সৃষ্টি হৈছে যুদ্ধ বিধ্বস্ত গাজাত। গাজাত এতিয়া আৰম্ভ হৈছে বিনিময় প্ৰথা। গাজাত ভোক নিবাৰণ কৰিবলৈ, অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ পেলেষ্টাইনীসকলে আৰম্ভ কৰিছে বিনিময় প্ৰথা।
কাৰোবাক যদি ৰুটিৰ বাবে ঘেঁহু, আটাৰ প্ৰয়োজন হৈছে তেন্তে তেওঁ তেওঁৰ হাতত থকা দালি বা অন্যা সামগ্ৰীৰ বিনিময়ত সেয়া সংগ্ৰহ কৰিছে। কোনোবাই আকৌ এইদৰেই সংগ্ৰহ কৰিছে চেনী বা অন্য তেনে সামগ্ৰী।
গাজাৰ চেলুনত এতিয়া চুলি কটাৰ বিনিময়ত নাপিতক ধন নিদিয়ে পেলেষ্টাইনীয়ে। বিনিময়ত দিবলৈ বিচাৰে দুখন ৰুটি। কেৱল সাধাৰণ নাগৰিকেই নহয়, যিসকলে চাকৰি কৰিছিল তেওঁলোকৰ অৱস্থা এতিয়া একেই। জেপত নাই ধন, বেংক একাউণ্টো হৈ আছে খালী।
সমগ্ৰ গাজাত খাদ্যৰ নাটনিৰ নতুন নতুন ছবি প্ৰতিদিনেই পোহৰলৈ আহিছে। পোহৰলৈ আহিছে যুদ্ধৰো ছবি। এফালে অনাহাৰে, অনিদ্ৰাৰে মানুহে জীৱন-মৃত্যুৰে যুঁজিছে, আনফালে চলি আছে গোলাবৰ্ষণ। মুঠতে গাজাত এতিয়া কেৱল সুলভ মৃত্যু। বাকী সকলোবোৰেই দুৰ্লভ।
আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানসমূহত গাজাৰ যি প্ৰতিবেদন প্ৰকাশ পাইছে সেই প্ৰতিবেদনত ৰাজনীতি, কূটনীতি, সন্ত্ৰাসবাদ, সংঘাত, যুদ্ধ আদিৰ ফলত মানৱীয়তাৰ কিদৰে প্ৰতি মুহূৰ্ততে পতন হৈছে তাৰ ছবি স্পষ্ট হৈছে। যোৱা শনিবাৰে গাজাৰ ওপৰত হোৱা আক্ৰমণত ২২ জন লোকৰ মৃত্যু হৈছে। ১৬ জনৰ মৃত্যু হৈছে উদ্ধাৰ অভিযানৰ সময়ত।
ইজৰাইল আৰু পেলেষ্টাইনৰ সমৰ্থক সশস্ত্ৰ সংগঠন হামাছৰ মাজৰ সংঘাতৰ কৰুণ পৰিণতি এয়া। এই সংঘাতৰ ফলতে গাজাত ক্ৰমশঃ মৃত্যুৰ সমাধিলৈ ৰূপান্তৰ হৈছে। এই সংঘাতৰ বাবেই গাজা যেন এতিয়া উভতি গৈছে আদিম যুগলৈ। আৰম্ভ হৈছে বিনিময় প্ৰথা।
পেলেষ্টাইনীসকলৰ বেংক একাউণ্ট প্ৰায় খালী। সঞ্চিত ধনেৰে একাংশই জীৱন নিৰ্বাহ কৰিছে যদিও আৰু কিমান দিনলৈ এইদৰে চলিব তাক লৈ তেওঁলোকেই নিশ্চিত নহয়। বেংকত থকা সেই সঞ্চিত ধনো তেওঁলোকে নিজৰ ইচ্ছামতে প্ৰয়োজনত উলিয়াব নোৱাৰে।
যদিহে এজন লোকে হাজাৰ চেকেল (ইজৰাইলৰ মুদ্ৰা) বেংকৰ পৰা উলিয়াবলৈ যায় তেন্তে তেওঁৰ একাউণ্টৰ পৰা এহেজাৰ চেকেল কৰ্তন কৰা হয় ঠিকেই, কিন্তু তেওঁ লাভ কৰে মাত্ৰ ৬০০ চেকেলহে। সেই ধনেৰে আকৌ তেওঁলোকে বজাৰ কৰিবও যাব নোৱাৰে।
আচলতে বজাৰত সেই ধন নামমাত্ৰ সামগ্ৰীতেই শেষ হয়।গাজাত এতিয়া দুই কিলোগ্ৰাম মচুৰ দাইল আৰু এক কিলোগ্ৰাম আটা ক্ৰয় কৰিলেই শেষ হয় ৬০০ চেকেল।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, বিগত ২৪ ঘন্টাত অনাহাৰ আৰু পুষ্টিহীনতাৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ফলত ইজৰাইলৰ সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা অনাহাৰে মৃত্যু হোৱা লোকৰ সংখ্যা ১৭৫ জনলৈ বৃদ্ধি পাইছে, যাৰ ভিতৰত ৯৩টাই শিশু।
এই সমস্যা যে অধিক দিনে দিনে অধিক ভয়ানক হৈ গৈছে সেয়া গাজাৰ পৰা অহা দৃশ্য আৰু তথ্যবোৰেই স্পষ্ট কৰিছে। শিশু, মহিলাৰ কান্দোনত চকুবোৰ একো একোটা গাঁতলৈ ৰূপান্তৰ হোৱা, সেঁতা পৰি যোৱা মুখ আৰু হাড়ে, চালে লগা দেহৰ দৃশ্যবোৰে শব্দবিহীনভাৱেই বহু কথা কৈ যায়।
ভৱিষ্যতহীন হৈ পৰিছে গাজাৰ শিশুবোৰ।খাদ্য সংকট প্ৰতিদিনে অধিক ভয়াৱহ হৈ পৰিছে। এই সংকটৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিশুসকলেই। গাজাৰ এক বৃহৎ অংশৰ জনতা দিনক দিনে দুৰ্বল হৈ আহিছে। চিকিৎসালয়সমূহত খাদ্যহীনতাত ভোগা ৰোগীৰ ভিৰ বাঢ়িছে। তেওঁলোকক চিকিৎসা কৰি কৰি অসুস্থ হৈ পৰিছে চিকিৎসক, চিকিৎসাকৰ্মীসকলো।
তথ্য অনুসৰি গাজাৰ ২০ লাখ নাগৰিকে এতিয়া প্ৰতিদিনে খাদ্য, খোৱা পানীৰ বাবে হাহাকাৰ কৰে। তেওঁলোকৰ বাবে সাহায্য শিবিৰেই খাদ্যৰ একমাত্ৰ ভৰসাৰস্থলী। কিন্তু সেই শিবিৰত উপস্থিত হৈ খাদ্য সংগ্ৰহ কৰাটোও যুদ্ধ এখন জয় কৰাতকৈ কোনে গুণে কম নহয়।
কিয়নো পদে পদে আছে মৃত্যুৰ ভয়। গাজাত একপ্ৰকাৰে খাদ্য শিবিৰবোৰ এতিয়া মৃত্যুৰ ফান্দ ! এই শিবিৰলৈ খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা লোকৰ মৃত্যুৰ সংখ্যাও কম নহয়। কেতিয়াবা যদি গুলীত কেতিয়াবা পদপিষ্ট হৈ মৃত্যু হৈছে পেলেষ্টাইনীৰ। তথাপিও খাদ্য শিবিৰত কমা নাই ভিৰ। এই খাদ্য শিবিৰ সমূহ পৰিচালনা কৰি আছে ইজৰাইল সমৰ্থিত সাহায্য বিতৰণ সংস্থা গাজা হিউমেনিটেৰিয়ান ফাউণ্ডেশ্যনে।
সোমবাৰে যুদ্ধবিধ্বস্ত গাজাৰ এই দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘই এক বিবৃতি জাৰি কৰিছে। এই বিবৃতিত ৰাষ্ট্ৰসংঘই কয় যে, ইজৰাইলে পেলেষ্টাইন ভূখণ্ডৰ তিনিটা অঞ্চলত দৈনিক ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰি যি পৰিমাণৰ আন্তঃৰাষ্ট্ৰীয় সাহায্য সেই ভূখণ্ডত প্ৰৱেশ কৰিবলৈ অনুমতি দিছে সেয়া যথেষ্ট নহয়।
কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু নাচোৰবান্দা। অটল আছে নিজৰস্থিতিত। ৰাষ্ট্ৰসংঘৰ এনে মন্তব্যৰ পিছতো তেওঁৰ দাবী, পেলেষ্টাইনী নাগৰিক অনাহাৰে মৃত্যুমুখত পৰা নাই। তেওঁলোকক অনাহাৰে ৰখাৰ কোনো উদ্দেশ্য নাই ইজৰাইলৰ। ইজৰাইলৰ মানৱীয়তা আছে বাবেই যুদ্ধৰ মাজতো তাত মানৱীয় সাহায্য প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হৈছে। তেওঁৰ মতে যদি ইজৰাইৰ মানৱীয়তা নাথাকিল হেতেন তেন্তে এতিয়ালৈকে গাজাত কোনো মানুহেই জীয়াই নাথাকিল হেতেন।