Advertisment

ঘৰুৱা ক্ৰিকেটত দেখিবলৈ পোৱা যাব টীম ইণ্ডিয়াৰ কেইবাগৰাকী মহাৰথীক

অৱশেষত হাইঠা মাটিত পৰিল ! বিৰাট- ৰোহিত, কে এল ৰাহুল- পণ্টৰ স্থান এতিয়া জাতীয় দলত নাই ! তেওঁলোকক ঘৰুৱা ক্ৰিকেটৰ মাজলৈ উভতি আহিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। ৰঙা বলৰ সংস্কৰণত কঠোৰ অনুশীলনৰ মাজেৰে খেল খেলিবলৈ পৰামৰ্শ দিছে বি চি চি আয়ে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
domestic cricket

domestic cricket

বিগত একাধিক শৃংখলাত অতি নিম্ন প্ৰদৰ্শন দাঙি ধৰিছিল টীম ইণ্ডিয়াৰ কেইবাগৰাকী ৰথী- মহাৰথীয়ে। ব্যৰ্থ হৈছিল ৰোহিত- বিৰাট আদিৰ দৰে দলৰ স্তম্ভসদৃশ বেটছমেন। কে এল ৰাহুলহঁতৰ দৰে উদীয়মাণ ক্ৰিকেটাৰৰ বেটতো নাছিল ৰান। ফলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ- গাভাস্কাৰ ট্ৰফীত শোচনীয় পৰাজয়বৰণ কৰিছিল টীম ইণ্ডিয়াই। তেওঁলোকৰ এনে প্ৰদৰ্শনকলৈ নাৰাজ হৈছিল ব’ৰ্ড, নাৰাজ হৈছিল প্ৰশিক্ষক গৌতম গম্ভীৰ। এতিয়া এই আটাইকেইগৰাকীকে ঘৰুৱা ক্ৰিকেট খেলাৰ বাবে নিৰ্দেশ জাৰি কৰিছে বি চি চি আয়ে। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...

Advertisment

অৱশেষত হাইঠা মাটিত পৰিল ! বিৰাট- ৰোহিত, কে এল ৰাহুল- পণ্টৰ স্থান এতিয়া জাতীয় দলত নাই ! তেওঁলোকক ঘৰুৱা ক্ৰিকেটৰ মাজলৈ উভতি আহিবলৈ নিৰ্দেশ দিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। ৰঙা বলৰ সংস্কৰণত কঠোৰ অনুশীলনৰ মাজেৰে খেল খেলিবলৈ পৰামৰ্শ দিছে বি চি চি আয়ে।

কিয়নো বিগত একাধিক শৃংখলাত তেওঁলোক সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। বেটত নাছিল ৰান। বগা বলৰ আগ্ৰাসী বেটাৰসকল সম্পূৰ্ণৰূপে ৰঙা বলত ব্যৰ্থ হৈছিল। 

কোনো এগৰাকী বেটাৰে অধিক সময়ত তিষ্ঠি থাকিব পৰা নাছিল ক্ৰিজত। গতিকে তেওঁলোকৰ এনে নিম্নগামী প্ৰদৰ্শন দেখি স্তম্ভিত হৈ পৰিছিল অভিজ্ঞ আৰু প্ৰাক্তন ক্ৰিকেটাৰসকল। সমালোচনাৰে থকা-সৰকা কৰিছিল তেওঁলোকক। 

প্ৰশিক্ষক গৌতম গম্ভীৰৰে হৈছিল ব’ৰ্ডৰ পৰ্যালোচনা বৈঠক। ব’ৰ্ডৰ কেইবাখনো বৈঠকত জবাবদিহি কৰিছিল প্ৰশিক্ষক গম্ভীৰ আৰু অধিনায়ক ৰোহিত শৰ্মাক। কিহৰ বাবে দলৰ এনে অৱস্থা ? কি কাৰণত তেওঁলোকৰ বেটত ৰান নাই ? এইধৰণৰ ভালেসংখ্যক প্ৰশ্ন উত্তৰ দিবলগীয়া হৈছিল দলৰ প্ৰশিক্ষক আৰু অধিনায়কে। বিমোৰত পৰিছিল গুৰু গম্ভীৰ। নিজৰ চাকৰিক লৈও চিন্তিত হৈছিল তেওঁ। 

সেয়ে সকলো চাৰি- জাৰি চাই ব’ৰ্ডে চিন্তা- চৰ্চা কৰিছে ঘৰুৱা ক্ৰিকেটৰ কথা। ৰোহিত- বিৰাটৰ দৰে খেলুৱৈক পুনৰ ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতা ৰঞ্জী ট্ৰফী খেলাৰ পৰামৰ্শৰ লগতে নিৰ্দেশো দিছে ব’ৰ্ডে। ব’ৰ্ডৰ নিৰ্দেশনা শিৰোধাৰ্য কৰি দিল্লী ক্ৰিকেট এছ’চিয়েছনলৈ পত্ৰ প্ৰেৰণ কৰিছে বিৰাট কোহলিয়ে। পত্ৰত তেওঁ উল্লেখ কৰিছে যে ৰঞ্জী ট্ৰফীত তেওঁ গৃহ চহৰ দিল্লীক প্ৰতিনিধিত্ব কৰিব।

সেই অনুসৰি অহা ৩০ জানুৱাৰীৰ পৰা ৰে’লৱেৰ বিৰুদ্ধে হ’বলগীয়া গ্ৰুপৰ অন্তিমখন মেচত নিজ দল দিল্লীক প্ৰতিনিধিত্ব কৰিব। কাৰ্যতঃ সকলো ঠিকে- ঠাকে থাকিলে ৩০ জানুৱাৰীৰ পৰা দিল্লীৰ জাৰ্চীত ৰঞ্জী ট্ৰফীৰ মেচ খেলিব কিং কোহলিয়ে। 

উল্লেখযোগ্য যে সুদীৰ্ঘ এটা যুগৰ অন্তত কোহলিয়ে খেলিব ৰঞ্জী ট্ৰফীৰ মেচ। তেওঁ অন্তিমবাৰৰ বাবে ২০১২ চনত দিল্লীক প্ৰতিনিধিত্ব কৰিছিল। তেতিয়াৰ পৰা কোহলিক দিল্লীৰ জাৰ্চীত দেখিবলৈ পোৱা নাছিল দৰ্শকে। 

আনহাতে বিৰাট কোহলিৰ উপৰি দিল্লীক প্ৰতিনিধিত্ব কৰিব টীম ইণ্ডিয়াৰ উইকেট কীপাৰ বেটাৰ ঋষভ পণ্টে। পণ্টে ৮ বছৰৰ অন্তত ঘৰুৱা দল দিল্লীক প্ৰতিনিধিত্ব কৰিব। তেওঁ অৱশ্যে কেতিয়াৰ পৰা দলত যোগ দিয়ে সেই সন্দৰ্ভত কোনো তথ্য আহি পৰা নাই। কাৰ্যতঃ এই দুই মহাৰথীৰ অন্তৰ্ভুক্তিয়ে দিল্লী দলক যথেষ্ট উপকৃত কৰিব বুলি ইতিমধ্যে বহু লোকে চৰ্চা কৰিছে।

একেদৰে সুদীৰ্ঘ ১০টা বছৰৰ অন্তত ঘৰুৱা ক্ৰিকেটলৈ উভতি আহিছে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মা। ৰোহিতে গৃহ চহৰ মুম্বাইক প্ৰতিনিধিত্ব কৰিব। জম্মু –কাশ্মীৰৰ বিৰুদ্ধে খেলিব তেওঁ। মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনৰ বি কে চি খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া মেচখনকৈ ইতিমধ্যে প্ৰস্তুতি চলাইছে ৰোহিত শৰ্মাই। 

ৰোহিত শৰ্মা দললৈ আহিলেও তেওঁ সদস্য হিচাপেহে খেলিব লাগিব কিয়নো বিগত মেচসমূহত দলৰ নেতৃত্ব বহন কৰিছে আজিনক্যা ৰাহানে। ৰাহানেৰ নেতৃত্বত খেলিব লাগিব ৰোহিতে। লক্ষ্যণীয়ভাৱে মুম্বাই দলত থাকিব আন তিনিগৰাকী আন্তৰ্জাতিক খেলুৱৈ ক্ৰমে শ্ৰেয়াছ আয়াৰ, ছাৰ্দুল ঠাকুৰ আৰু যশস্বী জয়ছোৱাল। এক কথাত মিনি টীম ইণ্ডিয়ালৈ ৰূপান্তিৰত হ’ব মুম্বাই ৰঞ্জী দল।

ঘোষণা কৰা মুম্বাই ৰঞ্জী দলটো হৈছে- 

আজিনক্যা ৰাহানে (অধিনায়ক), ৰোহিত শৰ্মা, যশস্বী জয়ছোৱাল, আয়ুষ মাত্ৰে, শ্ৰেয়াছ আয়েৰ, সিদ্ধেশ লাড, শিৱম ডুবে, হাৰ্দিক তামোৰে (উইকেট কীপাৰ), আকাশ আনন্দ (উইকেট কীপাৰ), তনুষ কোটিয়ান, শামছ মুলানী, হিমাংশু সিং, শাৰদুল ঠাকুৰ, মোহিত অৱস্থী , চিলভেষ্টাৰ ডছৌজা, ৰয়ষ্টন ডায়েছ আৰু কাৰ্ছ কোথাৰী।

ইফালে ৫ বছৰৰ অন্তত ৰঞ্জী ট্ৰফীৰ মেচ খেলিব টীম ইণ্ডিয়াৰ অ’পেনিং বেটাৰ কে এল ৰাহুলে। ৰাহুলৰ শেহতীয়া প্ৰদৰ্শন দেখি ঘৰুৱা ক্ৰিকেট খেলাৰ পৰামৰ্শ দিছে কেইবাগৰাকী প্ৰবীণ ক্ৰিকেটাৰে। পৰিসংখ্যাৰ দিশৰ পৰা ৰাহুলৰ প্ৰদৰ্শন সন্তোষজনক যদিও অতি শেহতীয়াকৈ তেওঁৰ প্ৰদৰ্শন চকুত লগা বিধৰ নাছিল সেয়ে তেওঁকো ঘৰুৱা ক্ৰিকেটত খেলিবলৈ পৰমৰ্শ আগবঢ়োৱা হৈছে। 

এনেকৈ এতিয়া গুৰু গম্ভীৰৰ দিনত ৰথী- মহাৰথী নামি পৰিছে ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাত। আশা কৰোঁ- এই প্ৰতিযোগিতাত আটাইকেইগৰাকী উজলি উঠিব। স্ব- মহিমাৰে মহিমামণ্ডিত হ’ব ৰোহিত- বিৰাট, ৰাহুল- পণ্ট !

virat kohli team india rohit sarma BCCI Domestic rishabh pant K L RAHUL