দুৰ্নীতিত পোত গৈ থকা দিগন্ত বৰুৱাই এতিয়া জনস্বাস্থ্য সম্পদ, হ'বলৈ গৈ আছে পৰৱৰ্তী মুখ্য অভিযন্তা

প্ৰথমে ভাৰপ্ৰাপ্ত। তাৰপাছত বৃদ্ধি হ'ব কাৰ্যকাল। দিছপুৰত সাজু ফাইল। নামে বেনামে ৭ বাগিচা সহ সম্পত্তিৰ পাহাৰ।ভুৱা ঠিকাদাৰৰ জৰিয়তে আঁচনিৰ নামত সৰকাইছে কোটি কোটি টকা।

author-image
Asomiya Pratidin
New Update
 দুৰ্নীতিত পোত গৈ থকা দিগন্ত বৰুৱাই এতিয়া জনস্বাস্থ্য সম্পদ, হ'বলৈ গৈ আছে পৰৱৰ্তী মুখ্য অভিযন্তা

diganta kumar baruah

জনস্বাস্থ্য কাৰিকৰী বিভাগত আছে এগৰাকী অভিযন্তা। দুৰ্নীতি আৰু অনিয়মৰ অভিযোগত পোত গৈ থকা সেই অভিযন্তা গৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে ইটোৰ পাছত সিটো গুৰুতৰ অভিযোগ। ব্য়ৱস্থা গ্ৰহণৰ সলনি এই বিভাগটোৰ বাবে সম্পদহে হৈ পৰিছে দিগন্ত কুমাৰ বৰুৱা নামৰ বৰ্তমান অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা বিষয়া গৰাকী। স্বচ্ছ আৰু নিকা প্ৰশাসনৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰাকৈয়ে তেওঁ ক্ষমতাশালী। অসমীয়া প্ৰতিদিন ডিজিটেলৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সেই অনিয়ম আৰু দুৰ্নীতিগ্ৰস্ত অভিযন্তা গৰাকী সন্দৰ্ভত বিশেষ প্ৰতিবেদন...

Advertisment

ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ জনস্বাস্থ্য কাৰিকৰী বিভাগ। এই বিভাগটোৰে বৰ্তমানৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা(অনাময়)ৰ দায়িত্বত আছে বহু বিতৰ্কিত অভিযন্তা দিগন্ত কুমাৰ বৰুৱা। দুৰ্নীতি আৰু অনিয়মত পোত গৈ থকা বহু অভিযোগত অভিযুক্ত এই গৰাকী মুখ্য অভিযন্তা।

অহা ৩০ ছেপ্টেম্বৰত বিভাগটোৰ ভাৰপ্ৰাপ্ত মুখ্য অভিযন্তা হিচাপে দায়িত্ব ল'ব বৰুৱাই। ইতিমধ্যে সেই প্ৰেক্ষাপট ৰচনা কৰি বৰ্তমানৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা গৰাকীক এমাহ ধৰি কাৰ্যত খালী হৈ অজুহাত দেখুৱাই মুখ্য অভিযন্তা (অনাময়) পদত নিযুক্তি দিবলৈ দিছপুৰত প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

২০২৩ চনৰ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰিব লগা দিগন্ত কুমাৰ বৰুৱাক প্ৰথমে ভাৰপ্ৰাপ্ত মুখ্য অভিযন্তা ৰূপে নিযুক্তি দিব।তাৰ পাছত তেওঁৰ চাকৰিৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰি উক্ত পদত স্থায়ী নিযুক্তি ব্লু প্ৰিন্ট ৰচনা কৰা হৈছে।

বিভাগটোত তেওঁয়েই দক্ষ অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে দিছপুৰৰ একাংশ আমোলাৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা কৰি এই নিযুক্তি দিব খোজা হৈছে যদিও পূৰ্বতে এই বিভাগটোত ৬ টাকৈ দায়িত্ব চম্ভালা বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তালিকা বহু দীঘল।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী চক্ৰৰ বামুনীমৈদামস্থিত কাৰ্যালয়ত বহি বিগত ৮-১০ বছৰ ধৰি কৰ্মৰত দিগন্ত কুমাৰ বৰুৱাই শেহতীয়াকৈ ৬টালৈকে বিভিন্ন পদ চম্ভালি আছিল। গুৱাহাটা চক্ৰৰ অধীক্ষক অভিযন্তা, নামনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তা, কোৱালিটি কন্ট্ৰ'লৰ অতিৰিক্ত মুখ্য অভিযন্তা, জল জীৱন মিছনৰ অতিৰিক্ত মুখ্য সঞ্চালককে ধৰি ৬ টা পদৰ দায়িত্ব একেলগে দিয়া হৈছিল এইগৰাকী অভিযন্তাক।

মেনেজ মাষ্টাৰ ৰূপে খ্যাত অভিযন্তা বৰুৱাৰ উপৰিও আন ভালে কেইজন দক্ষ অতিৰিক্ত মুখ্য অভিযন্তা বিভাগটোত আছে যদিও তেওঁলোকক ৰহস্যজনক কাৰণত দিয়া নহয় দায়িত্ব। এই বিভাগত সচিব পদত ৰমেশ চৌধুৰীক নিযুক্তি দিয়া হৈছিল যদিও এই শক্তিশালী চক্ৰটোৱে তেওঁক বিভাগটোৰ কাম কৰাৰ সুযোগয়েই নিদিলে।

বিভাগটোত বিশেষ সচিবৰূপে দক্ষ আই এছ বিষয়া কৈলাশ কাৰ্তিক এনকো কাম কৰাৰ সুযোগ নিদিয়ে এই দিগন্ত বৰুৱাৰ নেতৃত্বত চলা চক্ৰটোৱে। সমগ্ৰ চাকৰি জীৱন গুৱাহাটীতেই থকা দিগন্ত কুমাৰ বৰুৱাই গুৱাহাটী ডিভিজন ১-ত সহকাৰী কাৰ্যকৰী অভিযন্তা ৰূপে প্ৰথম চাকৰি যোগদান কৰিছিল। তাৰপাছত হাজো চাবডিভিজনত সহকাৰী অভিযন্তা ৰূপে কিছুদিন কাম কৰিছিল তেওঁ।

বামুনীমৈদামৰ গুৱাহাটী ডিভিজনত কাৰ্যবাহী অভিযন্তাৰূপে কাম কৰাৰ পাছত বামুনীমৈদামত থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গুৱাহাটী চক্ৰৰ কাৰ্যালয়ত অধীক্ষক অভিযন্তা হিচাপে দায়িত্ব লৈছিল। তাৰ পাছত ভাৰপ্ৰাপ্ত দায়িত্ব লৈ বামুনীমৈদামৰ কাৰ্যালয়তে থাকি অতিৰিক্ত মুখ্য অভিযন্তা হিচাপে নামনি অসমৰ দায়িত্বত আছিল তেওঁ। সমান্তৰালভাৱে তেওঁৰ ৬ টাকৈ পদৰ অতিৰিক্ত দায়িত্ব হস্তগত কৰিছিল।

সমগ্ৰ চাকৰি জীৱনৰ ৩০ বছৰৰো অধিককাল গুৱাহাটীতেই থাকি বিভাগটোৰ বিভিন্ন আঁচনি ৰূপায়ণৰ নামত ব্যাপক কেলেংকাৰী আৰু অনিয়ম সংঘটিত কৰি গৈছে বৰুৱাই। আনকি এনে বহু অনিয়মৰ বিৰুদ্ধে বিভাগীয় তদন্তও হৈছে।

সৰুসজাইত থকা জনস্বাস্থ্য় কাৰিকৰী বিভাগৰ চেন্ট্ৰেল গুদামত ৩০ কোটি টকা সম্পত্তি হৰলুকি হোৱা ঘটনাৰেও তেওঁৰ নাম সাঙোৰ খাইছিল। লক্ষ্যণীয় ভাৱে বিভাগটোৰ ভিজিলেন্সৰ দায়িত্বত থকা বৰুৱাই নিজেই সেই অভিযোগৰ তদন্ত কৰিছিল। কোভিডৰ সময়ত ঘৰতেই থাকি কোনো কাম নকৰাকৈ ঠিকাদাৰক তেওঁ বিলৰ ধন আদায় দিয়াৰ অভিযোগো আছে।

আচৰিত ধৰণে দিগন্ত কুমাৰ বৰুৱা নামৰ অভিযন্তা জনেই এই বিভাগটোত উঠি ৰজা, বহি ৰজা হৈ পৰিছে। গুৱাহাটী জনস্বাস্থ্য কাৰিকৰী চক্ৰৰ অধীনত ৰূপায়ণ কৰা হৈছিল ৩৬ খন পানী যোগান আঁচনি । ভূ গৰ্ভস্থ পানী জল জীৱন আঁচনিৰে সংযোগ কৰি ৩৭ হাজাৰ পৰিয়ালক ঘৰ সংযোগী পানী টেপ দিয়াৰ লক্ষ্য আছিল এই আঁচনি কেইখনৰ।

এই আঁচনি কেইখন ৰূপায়ণৰ বাবে ২০১৯ চনৰ ৮ ফেব্ৰুৱাৰীত এডমিনিষ্ট্ৰিটিভ অপ্ৰোভেল দিয়া হৈছিল। তাৰ পাছত ১২ ফেব্ৰুৱাৰীত ৱাৰ্ক অৰ্ডাৰ ইছ্যু কৰা হৈছিল। আঁচনি কেইখনৰ কোনো কাম নকৰাকৈয়ে মাৰ্চত এইগৰাকী অভিযন্তাই বহিৰাগত আৰু ৰাজ্যৰ কিছু ঠিকাদাৰৰ নামত ২৮ কোটি টকাৰ বিল আদায় দিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

অভিযন্তা দিগন্ত কুমাৰ বৰুৱাৰ পৃষ্ঠপোষকতাতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাদাৰ পঞ্জীয়নৰ নামতো ব্যাপত অনিয়ম সংঘটিত হৈছে। তেওঁৰ প্ৰত্যক্ষ সহযোগতেই আঁচনিৰ কোনো ৰূপায়ণ নোহোৱাকৈয়ে ভুৱা ঠিকাদাৰৰ নামত কোটি কোটি টকা নিয়মীয়াকৈ উলিয়াই নিয়া হৈছিল।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাৰ আৱন্টন দিবলৈ দিগন্ত কুমাৰ বৰুৱাৰ চত্ৰছায়াত ৪৭৯০ জন বাহিৰৰ আৰু ৰাজ্যৰ অস্তিত্বহীন লোকক ঠিকাদাৰ সজাই এই বিভাগত প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৰূপে পঞ্জীয়নভুক্ত কৰা হৈছিল।

উদাহৰণ স্বৰূপে শুভ্ৰ ৰয়, কুলদ্বীপ বায়ন, মানৱেন্দ্ৰ শৰ্মা, অৰূপ শৰ্মা আদি ঠিকাদাৰৰ কথা উল্লেখ কৰিব পাৰি। ইয়াৰে শুভ্ৰ ৰয় উবেৰৰ ড্ৰাইভাৰ আৰু অৰুপ শৰ্মা বৃত্তিত পাণদোকোনী। গুৱাহাটীত ৩৬ খন পানী যোগান আঁচনি কাগজে পত্ৰই ৰূপায়ণ কৰি ধন উলিয়াই নিলে যদিও বিভাগটোৰ এক বিশ্বসযোগ্য সূত্ৰ অনুসৰি এই আঁচনিৰ ডিপিআৰ অতি সংগপোনে এতিয়াহে প্ৰস্তুত কৰি থকা হৈছে।

চূড়ান্ত প্ৰহসনেৰে বিভাগটোত লুন্ঠনৰাজ অব্যাহত ৰখা দিগন্ত কুমাৰ বৰুৱাই গঢ়িছে পাহাৰ সমান সম্পত্তি। সোণৰ কণী পৰা হাঁহ হৈ পৰা জনস্বাস্থ্য় কাৰিকৰী বিভাগৰ পৰা লুণ্ঠন কৰা ধনেৰেই দিগন্ত কুমাৰ বৰুৱাই ইতিমধ্যে ক্ৰয় কৰি থৈছে নামে বেনামে ৭ খন চাহ বাগিছাৰ অংশ ক্ৰয় কৰাৰ অভিযোগ আছে।

চাকৰিৰ পৰা অৱসৰৰ পাছতেই এই গৰাকী দুৰ্নীতি গ্ৰস্ত অভিযন্তাই চাহ বাগিচাৰ মালিকৰূপে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে। তেওঁৰ কাৰ্যকালত সংঘটিত অনেক দুৰ্নীতি আৰু অনিয়মৰ তদন্ত হ'বলৈ বাকী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস কৰিবনে?

দিছপুৰলৈকে দীঘল হাত থকা দিগন্ত কুমাৰ বৰুৱাই অতিৰিক্ত মুখ্য অভিযন্তা পদত অধিষ্ঠিত হোৱাৰ পাছত এই বিভাগত তেওঁয়েই হ'ব উঠি ৰজা, বহি ৰজা। সেয়েহে এই পৰিকল্পনা সফলকৰিবলৈ সকলো কৰি গৈছে অভিযন্তা গৰাকীয়ে।

কোটি কোটি টকাৰ দুৰ্নীতি আৰু অনিয়মত লিপ্ত এনে এগৰাকী বিষয়াক শীৰ্ষ পদবীত বহোৱাই চৰকাৰে কিদৰে দুৰ্নীতি নিৰ্মূল কৰিব। মুখ্যমন্ত্ৰী তদন্তই কেতিয়াবা ঢুকি পাবনে এনে দুৰ্নীতিগ্ৰস্ত বিয়াগোম বিষয়াক। সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন।

assam himanta biswa sarma diganta kumar baruah