/asomiyapratidin/media/media_files/2025/06/08/ETp6KWRagiI6AsLN88rC.jpg)
চহৰ-নগৰ, মহানগৰবোৰলৈ নামি আহিছে নতুন সংকট। ব্যতিক্ৰম নহয় গুৱাহাটীও। এটা বিশেষ কাৰণৰ বাবে কৃত্ৰিম বানত ডুব যাব ধৰিছে মহানগৰসমূহ। কি এই বিশেষ কাৰণ ? পঢ়ক অসমীয়া প্ৰতিদিন ডিজিটেলৰ প্ৰতিবেদন।
ভাৰতীয় চহৰবোৰৰ প্ৰায় সংখ্যকৰে নাই কোনো পৰিকল্পনা। কৃত্ৰিম বানত এই চহৰবোৰ ডুব যোৱাটো হৈ পৰিছে সাধাৰণ পৰিঘটনা। নলা-নৰ্দমা নিৰ্মাণ কৰিলেও কৃত্ৰিম বানৰ সমস্যা নিৰ্মূল কৰাত ব্যৰ্থ হৈছে চহৰ-মহানগৰবোৰৰ প্ৰশাসন।
সেই সময়তে চহৰ- মহানগৰবোৰ ডুব যোৱা আৰু সাধাৰণতে মানুহে লক্ষ্য নকৰা এক বিশেষ কাৰণ পোহৰলৈ আহিছে। সেই কাৰণ আপুনিও গুৱাহাটী মহানগৰ বা আন চহৰবোৰৰ ক্ষেত্ৰত চকুৰ সন্মুখতেই দেখি আহিছে। লক্ষ্য কৰিছেনে কেতিয়াবা আপুনি? আপোনাৰ চকুৰ সন্মুখত থকা পথটো দিনক-দিনে কেনেদৰে ওখ হৈ পৰিছে।
আপোনাৰ এটা চিনাকি পথৰ কথাই মনলৈ আনক। আজিৰ পৰা ৫বছৰৰ পূৰ্বে সেই পথটো হয়তো বহু তলত আছিল। এই ৫বছৰত পথটো নিৰ্মাণ কৰাৰ নামত ৬/৭ ইঞ্চিকৈ প্ৰতিবাৰে ওখ হোৱাৰ বাবে পথটোৰ সৈতে সমান্তৰালত থকা আপোনাৰ ঘৰখন বা চৌহদটো পথটোৰ তুলনাত ক্ৰমশঃ চাপৰ হৈ গৈছে।
এনেকৈ আপোনাৰ ঘৰ বা চৌহদটো পূৰ্বতে কৃত্ৰিম বানত নুডুবিলেও এতিয়া ডুবাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে। কিয়নো ওখ পথৰ পৰা বাগৰি এই পানীবোৰ কোনো নৰ্দমাত পৰাৰ বিপৰীতে এইদৰে দ’ হৈ পৰা আপোনাৰ চৌহদটোৰ ভিতৰত প্ৰৱেশ কৰি জমা হৈছে।
এই সমস্যা কিমান ভয়ানক হৈছে, তাকলৈ ইতিমধ্যে অধ্যয়ন আৰু চৰ্চাও হৈছে। যাৰ বাবে ভাৰতৰ চহৰ-নগৰবোৰ ডুব যোৱাৰ অন্যতম এক কাৰণ হিচাপে গন্য হৈ পৰিছে। প্ৰতিবাৰতে নতুন ৰাস্তা নিৰ্মাণ কৰোতে পূৰ্বৰ ৰাস্তাটোৰ ওপৰতে এই নিৰ্মাণকাৰ্য চলে।
আপুনি এই সমস্যাৰ গুৰুত্ব বুজিবলৈ ৰাস্তাসমূহত থকা মাইলষ্টনসমূহো লক্ষ্য কৰিব পাৰে। সাধাৰণতে এই মাইলষ্টনবোৰৰ উচ্চতা ২৪ ইঞ্চি হ’ব লাগে। কিন্তু যিবোৰ পথ প্ৰায়েই নতুনকৈ নিৰ্মাণ হয়, এই পথবোৰৰ কাষত থকা মাইলষ্টনসমূহ চাপৰ হৈ গৈ আছে।
কোনো কোনো স্থানত এই মাইলষ্টনৰ উচ্চতা ৩/৪ ইঞ্চি পৰ্যন্ত হৈছেগৈ। পথ নিৰ্মাণ কৰাৰ এই আঁসোৱাহপূৰ্ণ পদ্ধতি সংশোধন নকৰিলে অনাগত দিনবোৰত গুৱাহাটী মহানগৰৰ বাবে অতি বিপদজ্জনক হৈ পৰিব। পথ নিৰ্মাণৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানে প্ৰথমে ওপৰৰ অংশ আঁতৰ কৰি সেই স্থানৰ শিল- আলকটাৰৰ তৰপ আঁতৰাই তাৰ পাছত নতুন লেয়াৰেৰে পথ নিৰ্মাণ কৰিব লাগে।
কিন্তু সেয়া প্ৰায়েই নকৰে। এই বিষয়টো উচ্চতম ন্যায়ালয় পাইছেগৈ। মিলিং নকৰাকৈ কেনেকৈ পথবোৰ নিৰ্মাণ কৰা হৈছে তাকলৈ বিষয়া- অভিযন্তালৈ জাননী পঠাইছে। যদি আপোনাৰ সন্মুখত এতিয়াৰ পৰা এনেদৰে পথ নিৰ্মাণ কৰে তেন্তে আপুনি ইয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰে। সেই সজগতাই আপোনাক এইধৰণৰ সমস্যা সামাধান কৰাৰ পৰা ৰক্ষা কৰিব।