Advertisment

কংগ্ৰেছত আজি শোকৰ ছাঁ

প্ৰতিবাদ সাৱ্যস্ত কৰাৰ নামত মৃত্যু হ’ল প্ৰদেশ কংগ্ৰেছৰ নেতা মৃদুল ইচলামৰ। আঘাতপ্ৰাপ্ত হ’ল ভূপেন বৰাকে ধৰি কেইবাজনো নেতা। সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হ’ল প্ৰতিবাদী কাৰ্য্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মী

author-image
Asomiya Pratidin
New Update
sHsh

ৰাজনৈতিক ক্ষেত্ৰত কোনো পক্ষই স্থায়ী শত্ৰু অথবা স্থায়ী মিত্ৰ নহয়। থাকিব নালাগে কাৰো প্ৰতি ব্যক্তিগত শত্ৰুতা। অথচ এনে সময়তে ১৮ ডিচেম্বৰ ২০২৪ত যিটো ঘটনা সংঘটিত হ’ল সেই ঘটনাই যেন জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। প্ৰতিবাদ সাৱ্যস্ত কৰাৰ নামত মৃত্যু হ’ল প্ৰদেশ কংগ্ৰেছৰ নেতা মৃদুল ইচলামৰ। আঘাতপ্ৰাপ্ত হ’ল ভূপেন বৰাকে ধৰি কেইবাজনো নেতা। সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হ’ল প্ৰতিবাদী কাৰ্য্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মী। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন... 

Advertisment

বছৰৰ শেষ সময়ছোৱাত ৰাজ্যত সংঘটিত হ’ল এক অনাকাঙ্খিত ঘটনা। যি ঘটনাই আজি সকলোকে চিন্তিত কৰি তুলিছে। ভবাই তুলিছে সচেতন মহলক। 

ৰাজনীতিৰ নিয়ম অনুসৰি শাসনাধিষ্ঠিত চৰকাৰৰ কাম- কাজত বিৰোধী অসন্তুষ্ট হ’লে গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। এনেদৰেই বিৰোধী ৰাজনৈতিক দলসমূহে বিৰোধীৰ ভূমিকা পালন কৰে। জনসাধাৰণৰ কল্যাণ সাধন, তথা হিত সাধনৰ বাবে চৰকাৰক সোঁৱৰাই দিয়া ইত্যাদি কামবোৰ বিৰোধী দলেই চৰকাৰক অৱগত কৰে। এয়াই হৈছে এখন সুস্থ গণতন্ত্ৰৰ নিয়ম। 

কিন্তু তাৰ মাজতে আজি যিটো ঘটনা সংঘটিত হ’ল, সেই ঘটনাই উদঙাই দিলে আজিৰ ৰাজনীতিৰ স্খলন। ৰাজনৈতিক শত্ৰুতাই আজি যেন উদঙাই দিলে এখন ভয়াৱহ ছবি। চলিত বৰ্ষত ১৮ ডিচেম্বৰৰ দিনা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত উলিওৱা হৈছিল এক প্ৰতিবাদী কাৰ্যসূচী।

স্মাৰ্ট মিটাৰ প্ৰসংগ, মণিপুৰৰ হিংসা, এক দেশ, এক নিৰ্বাচন, আদানী কাণ্ডকে ধৰি কেইবাটাও প্ৰসংগৰে প্ৰদেশ কংগ্ৰেছে উলিয়াছিল প্ৰতিবাদী কাৰ্যসূচী। দলটোৰ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আদি নেতৃবৰ্গৰ নেতৃত্বত ৰাজভৱনলৈ উলিওৱা হৈছিল প্ৰতিবাদী কাৰ্যসূচী। 

য’ত অংশ লৈছিল কংগ্ৰেছৰ সমৰ্থক, দলীয় কৰ্মকৰ্তাকে ধৰি প্ৰায় এহেজাৰ লোকে। এই প্ৰতিবাদী কাৰ্যসূচীতে অংশ লৈছিল প্ৰদেশ কংগ্ৰেছৰ আইনী কোষৰ সম্পাদক তথা অধিবক্তা মৃদুল ইছলামে। বিজেপি চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছে উলিওৱা এই প্ৰতিবাদী কাৰ্যসূচীয়ে যে ভয়ৱহ ৰূপ ল’ব সেয়া কোনোও কল্পনা কৰা নাছিল। ভবা নাছিল কোনেও যে এই প্ৰতিবাদী কাৰ্যসূচীতে লিখা আছে কাৰোবাৰ মৃত্যু !

কংগ্ৰেছৰ এই দুৰ্নীতি বিৰোধী প্ৰতিবাদী সমদলে অগ্ৰসৰ হৈছিল ৰাজভৱনলৈ বুলি। তেনেতে অসম আৰক্ষী জপিয়াই পৰিল প্ৰতিবাদকাৰীসকলৰ ওপৰত। কোনো কাৰণতেই প্ৰতিবাদকাৰীসকলক আগবাঢ়িব নিদিয়ে অসম আৰক্ষীয়ে । 

কেৱল ইমানেই নহয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে লাঠিচালনাও কৰিলে। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ উঠিল যে আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতি পৰ্যন্ত হয়। এই হতাহতিতে আঘাতপ্ৰাপ্ত হয় কংগ্ৰেছ নেতা মৃদুল ইছলাম। 

মৃদুলৰ গাত লাগিছিল কন্দুৱা গেছৰ চেল। গেছ নিক্ষেপ কৰাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল যুৱ নেতা মৃদুল। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মৃদুলক নিয়া হৈছিল হাস্পতাললৈ, কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস হাস্পতাললৈ নিয়া মৃদুল আদবাটতেই শেষ নিশ্বাস ত্যাগ কৰিলে। 

পৰিণতি ইমানেই ভয়াৱহ হৈ উঠিছিল যে প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকো আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়। আঘাতপ্ৰাপ্ত হয় কেইবাগৰাকী নেতাকে ধৰি আন আন প্ৰতিবাদকাৰী সদস্যও।

উল্লেখযোগ্য যে, কোনো আগতীয়া ঘোষণা নকৰাকৈয়ে আৰক্ষীয়ে নিক্ষেপ কৰিছিল কন্দুৱা গেছ। আজিৰ এই ঘটনা কেৱল ইমানেই নহয় বেৰিকেট অতিক্ৰমী প্ৰতিবাদ কৰিবলৈ আগুৱাই যোৱা কংগ্ৰেছ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাকো আটক কৰে আৰক্ষীয়ে।

যুৱ নেতা মৃদুল ইছলামৰ আৰু এই সমগ্ৰ ঘটনৰাজিৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে প্ৰদেশ কংগ্ৰেছৰ নেতা- কৰ্মী। গৰিহণা দিছে অসম জাতীয় পৰিষদকে ধৰি বিৰোধী দলসমূহে। সচেতন মহলেও আৰক্ষীৰ এই বৰ্বৰ কাণ্ডক একেমুখে গৰিহণা দিছে। কাৰ্যতঃ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কোনোৱে যদি চৰকাৰক দোষাৰোপ কৰিছে, কোনোৱে আকৌ অসম আৰক্ষীৰ এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে। 

ইয়াৰ মাজতে ঘটনা সম্পৰ্কত মুখ খুলিছে  মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। আয়ুক্ত বৰাই জনোৱা অনুসৰি এই প্ৰতিবাদৰ নামত কংগ্ৰেছে হেনো প্ৰশাসনৰ পৰা লোৱা নাছিল কোনো অনুমতি। 

সমগ্ৰ ঘটনাৰ পাছতে এতিয়া একাংশই প্ৰশ্ন কৰিছে- গণতান্ত্ৰিক আন্দোলনৰ নামত যদি এনে বৰ্বৰ ঘটনা সংঘটিত হয়, তেন্তে এখন সুস্থ গণতন্ত্ৰক হত্যা কৰা হোৱা নাই নে ? সংবিধান বিৰোধী কাৰ্যকলাপ সংঘটিত কৰা হোৱা নাই নে ? আৰক্ষীৰ এনে কৰ্মকাণ্ডৰ বিৰুদ্ধে সকলোৱে জাঙুৰ খাই উঠিছে। প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয়- মুখ্যমন্ত্ৰীৰ স্বেচ্চাচাৰী শাসনৰ বাবেই সংঘটিত হৈছে এই ঘটনা। সাংবাদিকসকলক অত্যাচাৰ কৰা চৰকাৰ বুলি অভিহিত কৰে লুৰীণজ্যোতি গগৈয়ে। 

ইফালে বিধায়ক অখিল গগৈয়ে কয়- মৃদুল ইছলামক এনেদৰে হত্যা কৰাৰ বাবে গৰিহণা দিছো। মুখ্যমন্ত্ৰীক শোক প্ৰকাশ কৰাৰ দাবী তোলাৰ লগতে ৰাজহুৱা ক্ষমা খোজাৰ বাবে দাবী জনাই অখিল গগৈয়ে। লগতে তেওঁ আৰক্ষী প্ৰধান জি পি সিঙক পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰে।  

আনহাতে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানৱাৰেও আজিৰ এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে। তেওঁ কয়- এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বিৰোধী ৰাজনৈতিক দল আৰু নাগৰিকৰ প্ৰতিবাদ, আন্দোলনৰ অধিকাৰ আছে। চৰকাৰৰ ভেৰোনীয়া বাহিনীয়ে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা প্ৰতিবাদকাৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলাই এজন উদীয়মান যুৱ নেতাক হত্যা কৰিলে। আমি এই বৰ্বৰতাৰ তীব্ৰ নিন্দা কৰিছোঁ এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ বুলি বিবৃতিযোগে জনায়।  

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে আজিৰ এই ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা প্ৰয়াত মৃদুল ইছলামক ছহিদ ঘোষণা কৰিছে প্ৰদেশ কংগ্ৰেছে। তাৰোপৰি তেওঁৰ সন্তানৰ দায়িত্ব তথা পঢ়া- শুনাৰ খৰচ অসম প্ৰদেশ কংগ্ৰেছে বহন কৰিব বুলি সভাপতি ভূপেন বৰাই জানিবলৈ দিয়ে। 

লগতে এক বিবৃতিযোগে কংগ্ৰেছে জনাই যে মৃদুল ইছলামৰ মৃত্যুৰ এই ঘটনাক কংগ্ৰেছ দলে কেতিয়াও নাপাহৰে৷ এই মৃত্যুক কংগ্ৰেছ কেতিয়াও সহজভাৱে নলয় ৷ ফেঁচীবাদী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যিধৰণে মানুহক হত্যা কৰিবলৈ আৰম্ভ কৰিছে তাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে প্ৰবল জনমত গঢ়ি তুলিব বুলি উল্লেখ কৰে ৷ 

কাৰ্যতঃ আজিৰ এই ঘটনা আৰু মৃদুল ইছলামৰ দৰে এগৰাকী নেতাৰ অকাল বিয়োগে কংগ্ৰেছকে ধৰি সচেতন মহলত শোকৰ ছাঁ পেলাইছে...।

assam congress