/asomiyapratidin/media/media_files/2025/10/17/new-bikhekh-protibedon-2-6-2025-10-17-16-10-33.jpg)
জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাক লৈ এতিয়া সৰ্বত্ৰ ব্যস্ত। কি ৰাজনীতি, কি সামাজিক পৰিৱেশ অথবা দল- সংগঠন। সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে উঠি-পৰি লাগিছে। এনে সময়তে কংগ্ৰেছে শেহতীয়াকৈ গ্ৰহণ কৰা স্থিতিয়ে বিমোৰত পেলাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। কংগ্ৰেছে এনে এটা স্থিতি প্ৰদৰ্শন কৰিছে যি স্থিতিৰ বাবে শংকিত হৈ পৰিছে ড০ শৰ্মা। এই সম্পৰ্কতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...
জুবিনক কেন্দ্ৰ কৰি কংগ্ৰেছে প্ৰথমে যি সক্ৰিয়তা প্ৰদৰ্শন কৰিছিল, সেই সক্ৰিয়তা যেন এতিয়া নাই। ন্যায় বিচাৰি ৰাজপথত সমদল উলিওৱা কংগ্ৰেছক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুযোগ পালেই জুবিনক লৈ ৰাজনীতি কৰা বুলি সমালোচনা কৰি আহিছিল। আনকি জুবিন অনুৰাগীয়ে উদ্ভণ্ডালি কৰিলে তাৰ আঁৰত কংগ্ৰেছ আছে বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰিছিল।
লক্ষ্যণীয়ভাৱে কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া আৰু জুবিনক লৈ কৰা মন্তব্যৰ পাছত ৰাজ্যৰ কংগ্ৰেছ নেতৃত্বই যেন কৌশল সলনি কৰিছে। ৰাজপথত জুবিনক লৈ প্ৰতিবাদ সাৱ্যস্ত কৰাৰ বিপৰীতে মৌনভাৱে মানুহৰ মাজলৈ সেই বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰিছে।
জুবিন গাৰ্গক কিমান গুৰুত্ব দিয়ে তাক হাতে-কামে প্ৰমাণ কৰাৰ বাবে জুবিনৰ সমাধিস্থলীত শ্ৰদ্ধা জনাবলৈ দিল্লীৰ পৰা দৌৰি আহিল খোদ ৰাহুল গান্ধী। মুখ্যমন্ত্ৰীয়ে ২৮ দিনৰ পাছতহে ৰাহুল গান্ধীয়ে সাৰ পালে বুলি সমালোচনা কৰিলেও তাৰ কোনো উত্তৰ দিয়া নাই কংগ্ৰেছে।
দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হৈ কোনো দলীয় কাৰ্যসূচী নৰখাকৈ ৰাহুল গান্ধী পোনে পোনে গ’ল সোণাপুৰত থকা জুবিনৰ সমাধিক্ষেত্ৰলৈ। তাতে জুবিনলৈ শ্ৰদ্ধাঞ্জলি জনালে ৰাহুল গান্ধীয়ে।
কঠত বহি নাম- কীৰ্তন শুনিলে। হাজাৰ হাজাৰ জুবিনপ্ৰেমীয়ে ভিৰ কৰিলে সমাধিক্ষেত্ৰত। এয়াও হৈ পৰিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবে মূৰকামোৰণি। বুজি উঠিছে মুখ্যমন্ত্ৰীয়েও যে, কংগ্ৰেছৰ নেতৃত্বই জুবিন গাৰ্গৰ বহু অনুৰাগীৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু প্ৰতিষ্ঠানবিৰোধী ঢৌৱে এনে এক পৰিৱেশ গঢ়ি তুলিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ পাছৰ পৰিৱেশে অস্বস্তিত পেলাইছে শাসকীয় দলটোক।
সোণাপুৰৰ পৰা ৰাহুল গান্ধী গৈছিল জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গক সাক্ষাত কৰাৰ বাবে। ক’তো নাই ৰাহুলৰ মুখত ৰাজনীতিৰ কথা। তাৰ বিপৰীতে জুবিন গাৰ্গৰ বাবে শান্তি সমদল উলিয়াই নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে ততপৰ হৈছে বিজেপি।
মৌনতা এতিয়া কংগ্ৰেছৰ বাবে শক্তিশালী ভাষা হৈ পৰিছে। ৫জন অভিযুক্তক বাক্সাৰ কাৰাগাৰলৈ নিয়াৰ সময়ত সৃষ্টি হোৱা পৰিৱেশেও চিন্তিত কৰিছে মুখ্যমন্ত্ৰীক। লক্ষ্যণীয়ভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এনে হিংসাত্মক কাৰ্যৰ বিৰোধ কৰি চৰকাৰক অধিক শ’লঠেকলৈ ঠেলি দিছে।
ৰাহুল গান্ধীৰ আগমণৰ সময়ত বাধ্যত মুখ্যমন্ত্ৰীয়ে কৈছে- জুবিনৰ ঘৰলৈ ৰাহুলৰ সৈতে তেঁৱো যাবলৈ সাজু। মুখ্যমন্ত্ৰীৰ এই আচৰণে বুজাই দিছে জুবিনপ্ৰেমীৰ ক্ষোভ আৰু খঙে তেওঁক কিমান বিপদত পেলাইছে।
বাক্সাত ৫ অভিযুক্তক কাৰাগাৰত থোৱাৰ পাছত আন দুজন অভিযুক্তক হাফলঙৰ কাৰাগাৰলৈ লৈ যোৱা হয় শুকুৰবাৰে। ইমানেই মুখ্যমন্ত্ৰীৰ ভয় হৈ পৰিছে যে, সেই খবৰ সংগ্ৰহ কৰিবলৈ যোৱা প্ৰতিদিন টাইমৰ সাংবাদিকক মান্দাৰদিচা টোলগেটৰ সমীপত আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিলে।
প্ৰতিশোধপৰায়ণৰ সকলো দিশ উন্মোচিত হৈ পৰিছে মুখ্যমন্ত্ৰীৰ এনে আচৰণত। হোজাইৰ পৰা যোৱা নিৰ্দেশ মৰ্মে এই কাম কৰা বুলি আৰক্ষীয়েও জানিবলৈ দিছে। মূলতঃ দিশপুৰৰ পৰা নিয়ন্ত্ৰণ হৈছে এই প্ৰক্ৰিয়া।
২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ এনে পৰিৱেশ বিজেপি আৰু মুখ্যমন্ত্ৰীৰ বাবে ডিঙিৰ কাঁইট হৈ পৰিছে। তাৰ সুযোগ লৈয়ে কংগ্ৰেছে পুৰণিকালৰ ঋষি-মুনিৰ দৰে মৌনব্ৰত পালন কৰি শক্তিশালী শেল এৰিছে।