/asomiyapratidin/media/media_files/2025/04/30/KdVa1LER9REn5xkoNUY0.jpg)
ৰূপালী পৰ্দাত দেশপ্ৰেম
ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধসমূহ কেৱল ৰাজনৈতিক বা সামৰিক সংঘাত নহয়, লক্ষ-কোটি দেশবাসীৰ হৃদয়ত গভীৰ দাগ ৰাখি গৈছে এই যুদ্ধসমূহে। যাৰ প্ৰতিফলন ঘটিছে বলীউডৰ ছবিতো। এই সন্দৰ্ভত ৰিম্পী গগৈৰ এক প্ৰতিবেদন-
সম্প্ৰতি ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হৈছে যুদ্ধসদৃশ পৰিৱেশৰ। পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে দুয়োখন দেশৰ মাজত বৃদ্ধি পাইছে উত্তেজনাৰ। পূৰ্বেও ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হৈছে কেইবাখনো যুদ্ধ। বলীউডে বহুদিন ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধসমূহক নিজৰ কাহিনী আৰু কল্পনাৰ জৰিয়তে ৰূপালী পৰ্দালৈ আনিছে। ৰোমাঞ্চকৰ এই চিনেমাবোৰত দেশৰ সুৰক্ষা, সেনাৰ আত্মবলিদান আৰু মানৱিক অনুভৱৰ সৈতে সংমিশ্ৰণ দেখা পোৱা যায়। ভাৰত-পাকিস্তানৰ মাজত সংঘটিত হোৱা যুদ্ধসমূহ কেৱল ইতিহাসৰ পৃষ্ঠাত সীমাবদ্ধ হৈ নাথাকি, বলীউডৰ ৰূপালী পৰ্দাতো দৃঢ় ছাপ এৰি গৈছে। ১৯৪৭ৰ দেশ বিভাজন, ১৯৬৫, ১৯৭১ আৰু ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ—এই সকলো ঘটনাই বলীউডক অনুপ্ৰাণিত কৰিছে দেশপ্ৰেম, সাহসিকতা আৰু আত্মবলিদানৰ কাহিনী উপস্থাপন কৰিবলৈ।
১৯৬৫ চনৰ যুদ্ধক লৈ নিৰ্মিত ছবিঃ
১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পৰা অনুপ্ৰাণিত হৈ কেইবাখনো বলীউডৰ ছবি নিৰ্মাণ কৰা হৈছে। এই ছবি সমূহেয়ে যুদ্ধ, দেশপ্ৰেম, বীৰত্ব আদি বিষয়বস্তুৰ গুৰুত্ব আৰোপ কৰিছে। কেইখনমান উল্লেখযোগ্য ছবিৰ উদাহৰণ হ'ল-"মুখবীৰ - দ্যা ষ্টৰী অফ এ স্প্যায়", য'ত সংঘাতৰ সময়ত এজন ভাৰতীয় চোৰাংচোৱাৰ অভিযান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে। "১৯৬৫: ইণ্ডিয়াজ বেটলছ এণ্ড হিৰোজ" নামৰ ছবিখনো এসময় জনপ্ৰিয় হৈছিল। এই যুদ্ধখনক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা আন কেইখনমান চিনেমা হৈছে "উপকাৰ", "হিন্দুস্তান কি কাছাম", আৰু "সীমা"। চেতন আনন্দৰ পৰিচালনাত নিৰ্মিত "হিন্দুস্তান কি কাছাম" ছবিখনে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় বায়ুসেনাৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আনহাতে ১৯৬৫ চনৰ যুদ্ধক লৈ নিৰ্মিত "বোৰ্ডাৰ" নামৰ জনপ্ৰিয় ছবিখনে কেৱল ১৯৬৫ চনৰ যুদ্ধৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই যদিও ভাৰতীয় সৈনিকৰ ত্যাগক প্ৰদৰ্শন কৰি সেই সময়ৰ পৰিঘটনাক ইয়াৰ আখ্যানত সন্নিৱিষ্ট কৰা হৈছে।
১৯৭১ চনৰ যুদ্ধক লৈ নিৰ্মিত ছবিঃ
১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধ ভাৰতবৰ্ষৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ অধ্যায়। এই যুদ্ধই কেৱল পাকিস্তানৰ পৰা বাংলাদেশৰ স্বাধীনতাৰ পথ সুগম কৰিছিল নহয়, ই ভাৰতীয় সেনাৰ সাহস, ত্যাগ আৰু বিচক্ষণতাৰ এক অতুলনীয় উদাহৰণ আছিল। বলীউডে এই ঐতিহাসিক ঘটনাটোক বিভিন্ন দৃষ্টিভংগতকৈ চিনেমাৰ মাধ্যমত জনসাধাৰণৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিছে।
১. ব’ৰ্ডাৰ (Border) – ১৯৯৭ চন
জে পি দত্তাৰ দ্বাৰা পৰিচালিত এই চিনেমাখন যুদ্ধৰ আধাৰত নিৰ্মিত। এই যুদ্ধত মাত্ৰ ১২০ জন ভাৰতীয় সেনাই প্ৰায় ২০০০ টাংক সৈতে পাকিস্তানী সেনাক ৰোধিছিল। ছানি দেওল, সুনীল চেট্টী, জেকি শ্ৰফৰ অভিনয়েৰে সমৃদ্ধ এই চিনেমা দেশপ্ৰেমিক চিনেমাৰ ক্লাসিক হিচাপে গণ্য।
২. ১৯৭১ – ২০০৭ চন
অমৃত সাগৰ পৰিচালিত এই চিনেমা ১৯৭১ যুদ্ধৰ পিছত পাকিস্তানত বন্দী হৈ থকা ভাৰতীয় সেনা বন্দীৰ কাহিনী। মনোজ বাজপেয়ী আৰু পিযূষ মিশ্ৰাৰ অভিনয়েৰে ভৰপূৰ এই চিনেমাখন বাস্তবতা আৰু গভীৰ অনুভৱৰ বাবে আজিও প্ৰশংসিত।
৩. ঘাজী এটেক (The Ghazi Attack) – ২০১৭ চন
এইখন ভাৰতৰ প্ৰথম পানীৰ তলৰ যুদ্ধচিনেমা। ১৯৭১ চনত ভাৰতীয় নৌসেনাই পাকিস্তানৰ পিএনএছ ঘাজী নামৰ চাবমেৰিনখন ডুবাই দিয়াৰ কাহিনী আধাৰিত নিৰ্মিত। ৰানা ডাগ্গুবাটী, কেয় কেয় মেনন, তাপচী পন্নুৰ অভিনয়েৰে সমৃদ্ধ এই বোলছবিখন।
৪. ৰাজ়ী (Raazi) – ২০১৮ চন
মেঘনা গুলজাৰৰ পৰিচালনাত আলিয়া ভট্টে অভিনয় কৰা এই চিনেমাখন যুদ্ধ নোহোৱা অৱস্থাৰ গুপ্তচৰ কাৰ্যকলাপৰ ওপৰত আধাৰিত। ১৯৭১ যুদ্ধৰ সময়ছোৱাত ভাৰতীয় গুপ্তচৰ এগৰাকীয়ে পাকিস্থানী সামৰিক পৰিয়ালত বিবাহ কৰি তথ্য সংগ্ৰহ কৰাৰ কাহিনী।
৫. হিন্দুস্তান কি কসম – ১৯৯৯ চন
অজয় দেৱগণ আৰু অমিতাভ বচ্চনক লৈ নিৰ্মিত এই চিনেমা যুদ্ধ আৰু বিমান বাহিনীৰ মিশ্বন আদিৰ আধাৰত ভিত্তি কৰা হৈছে।
৬. আব তুমহাৰে হৱালে ৱতন সাথিয়ো – ২০০৪ চন
এই ছবিখনত বিভিন্ন প্ৰজন্মৰ ভাৰতীয় সেনাৰ জীৱন আৰু ১৯৭১ যুদ্ধৰ প্ৰভাৱ দেখুৱা হৈছে।
৭. মুজিব: দ্য মেকিং অৱ এ নেচন – ২০২৩ চন
শ্ব্যাম বেনেগেলৰ দ্বাৰা নিৰ্মিত, শেখ মুজিবুৰ ৰহমানৰ জীৱনী আধাৰত নিৰ্মিত। যদিও মূলত বাংলাদেশৰ ইতিহাস আধাৰত, ১৯৭১ৰ যুদ্ধৰ প্ৰেক্ষাপট স্পষ্ট দেখা যায়।
৮. চেম বাহাদুৰ (Sam Bahadur)- ২০২৪ চন
১৯৭১ যুদ্ধৰ সময়ৰ সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল চেম মানেকশ্বৰ জীৱনৰ ওপৰত নিৰ্মিত বায়’পিক। বিকি কৌশলে চিনেমাখনত চেম মানেকশ্বৰ চৰিত্ৰত অভিনয় কৰিছে।
১৯৭১ চনৰ যুদ্ধ কেৱল এক সামৰিক বিজয় নহয়, ই এটা মানুহৰ সাহস, ত্যাগ আৰু ৰাজনৈতিক বিচক্ষণতাৰ কাহিনী। বলীউডে এই ঘটনাসমূহক নানা দৃষ্টিভংগীৰে উপস্থাপন কৰি নতুন প্ৰজন্মক ইতিহাসৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ দি আহিছে।
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধৰ আধাৰত নিৰ্মিত ছবিঃ
১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ ভাৰতীয় সেনাৰ এক সাহসিক অধ্যায়। পাকিস্তানৰ সেনাই গোপনে কাৰ্গিল সীমান্তত প্ৰবেশ কৰি ভাৰতীয় এলেকা অধিকাৰ কৰাৰ চেষ্টা কৰিছিল। ভাৰতীয় সেনাই সাহসেৰে পাকিস্তানৰ সেনাক প্ৰতিৰোধ কৰিছিল। সমগ্ৰ ৰাষ্ট্ৰৰ হৃদয় স্পৰ্শ কৰা এই যুদ্ধক লৈ বলীউডে বহু চিনেমা নিৰ্মাণ কৰিলে, যিবোৰ আজিও দেশপ্ৰেমৰ উৎস হিচাপে গণ্য হয়। কাৰ্গিল যুদ্ধক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা কেইখনমান উল্লেখযোগ্য বলীউডৰ ছবি হৈছে-
১. এলঅচি: কাৰ্গিল (২০০৩)
এই বোলছবি খনৰ পৰিচালক আছিল জে পি দত্ত। কাৰ্গিল যুদ্ধৰ বিভিন্ন অভিযানক নিৰ্মিত ছবিখনত অভিনয় কৰিছিল সঞ্জয় দত্ত, অজয় দেৱগণ, চেইফ আলী খান, সুনীল শেট্টী, অভিষেক বচ্চন আদিয়ে। ছবিখনত কাৰ্গিল যুদ্ধৰ বৰ্ণনা বাস্তৱতাবাদেৰে উপস্থাপন কৰা হৈছিল।
২. লক্ষ্য় (২০০৪)
ফাৰহান আখতাৰে পৰিচালনা কৰা ছবিখনত অভিনয় কৰিছিল হৃত্বিক ৰোশন, প্ৰীতি জিন্টা, অমিতাভ বচ্চন আদিয়ে। কাৰ্গিল যুদ্ধৰ পিছফালে গঢ়ি উঠা এজন সাধাৰণ ল’ৰাক কেম্পৰ পৰা লেফটেনেণ্টলৈ যাত্ৰাক মানসিক পৰিৱর্তন, দায়িত্ববোধ আৰু সৈনিকজীৱনৰ গভীৰ অনুভৱেৰে ছবিখনত উপস্থাপন কৰা হৈছিল।
৩. গুঞ্জন সাক্সেনা : দ্যা কাৰ্গিল গাৰ্ল (২০২০)
ছবিখনৰ পৰিচালক আছিল শৰণ শর্মা। মুখ্য চৰিত্ৰত অভিনয় কৰিছিল জাহ্নৱী কাপুৰে। কাৰ্গিল যুদ্ধত অংশগ্ৰহণ কৰা প্ৰথম মহিলা ফ্লাইট লেফটেনেণ্ট গুঞ্জন সাক্সেনাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ছবিখনত ভাৰতীয় বায়ুসেনাত এগৰাকী মহিলাৰ সাহসিকতা আৰু সংগ্ৰামক প্ৰতিফলিত কৰা হৈছিল।
৪. শ্বেৰশ্বাহ (২০২১)
বিষ্ণু বৰ্ধনৰ পৰিচালনাত নিৰ্মাণ হোৱা এই ছবিখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল। সিদ্ধাৰ্থ মালহোত্রা (ক্যাপ্টেইন বিক্ৰম বাত্ৰাৰ ভূমিকাত), কিয়াৰা আডৱানী অভিনিত ছবিখনৰ আধাৰ আছিল কাৰ্গিল যুদ্ধৰ নায়ক ক্যাপ্টেইন বিক্ৰম বাত্ৰাৰ জীৱন।
৫. ধূপ (২০০৩)
ছবিখনৰ পৰিচালক আছিল আশ্বিন কুমাৰ। অভিনয় কৰিছিল ওম পূৰী, ৰেৱাথী, সঞ্জয় সুড় আদিয়ে। বিক্ৰম বাত্ৰাৰ মৃত্যুৰ পিছত তেওঁৰ পিতৃৰ সংগ্ৰামক লৈ ছবিখন নিৰ্মাণ কৰা হৈছিল। কিমান কঠিন হ’ব পাৰে এজন সৈনিক পিতৃৰ যাত্ৰা, যুদ্ধৰ পাছৰ দুঃখ, চৰকাৰী প্ৰণালী আৰু অভিভাৱকৰ মনোভাৱক এক কাহিনীক নান্দনিক ৰূপত চেলুলয়ডত তুলি ধৰিছিল।
কাৰ্গিল যুদ্ধ কেৱল সীমান্তৰ যুদ্ধ নহয়; ই সাহস, আৰু দায়িত্ববোধ। বলীউডে এই ঘটনাবোৰক সজীৱ কৰি এই ছবিসমূহ কেৱল ছবি নহয়, প্ৰতিজন ভাৰতীয়ৰ মনত এই ছবিসমূহে জগাই তোলে দেশভক্তিৰ ভাব।
উৰি: দ্য সার্জিকেল ষ্ট্ৰাইকৰ আধাৰত নিৰ্মিত ছবিঃ
২০১৬ চনৰ ছেপ্টেম্বৰ মাহত জম্মু-কাশ্মীৰৰ উৰি চেকপইণ্টত এক ভয়ংকৰ সন্ত্রাসবাদী আক্ৰমণ হৈছিল, য’ত ১৯ জন ভাৰতীয় সেনা মৃত্যুবৰণ কৰে। এই ঘটনাৰ প্রতিশোধ হিচাপে ভাৰতীয় সেনাই পাকিস্তান অধিকৃত কাশ্মীৰত ছাৰ্জিকেল ষ্ট্ৰাইক চলাই বিশ্ববাসীৰ আগত নতুন ভাৰতৰ সাহসিকতা আৰু সামৰিক দক্ষতাৰ পৰিচয় দিয়ে। এই ঘটনাক আধাৰ কৰি নিৰ্মিত বলীউড চিনেমা হৈছে ‘উৰি: দ্য সার্জিকেল ষ্ট্ৰাইক’ (২০১৯)। ছবিখনৰ পৰিচালক আছিল আদিত্য ধৰ, অভিনয় কৰিছিল বিকি কৌশল, য়ামী গৌতম, পৰেশ ৰাৱেল, মোহিত ৰেইনা আদিয়ে। এই ছবিখনেও ব্যাপক জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল।
এনেদৰে দুয়োখন দেশৰ সংঘাটক লৈ নিৰ্মিত চিনেমাই প্ৰমাণ কৰে যে, বলীউডে বাস্তৱিক ঘটনা আধাৰিত চিনেমাৰ জৰিয়তে দেশবাসীৰ হৃদয় স্পৰ্শ কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় চেতনাক জাগ্ৰত কৰি তুলিব পাৰে। লগতে এনেধৰণৰ ছবিৰ জৰিয়তে প্ৰতিফলিত হয় ভাৰতীয় সেনাৰ শক্তি সামৰ্থ। দেশৰ বাবে নিজৰ প্ৰাণ বিসৰ্জন দিবলৈ ভয় নকৰা ভাৰতীয় সেনাৰ দেশৰ বাবে থকা নিঃস্বাৰ্থ প্ৰেমৰ ছবিখনো প্ৰতিফলিত হয় এনেধৰণৰ বোলছবিত।