Advertisment

পেঞ্চন সঞ্চালকালয়ত বিকাশৰ ছিণ্ডিকেট : মুখ্যমন্ত্ৰীয়ে তদন্ত দিলেই হ'ব ৰহস্য ভেদ...

মৰম নাপালেই গৰম হৈ যায় বৰ্তমানৰ পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালক পদত থকা বিতৰ্কিত বিকাশ দাস। পূৰ্বতে কৰ্মৰত প্ৰতিটো কাৰ্যালয়তে এই বিষয়াজনে তেনে বহু কাহিনী এৰি থৈ আহিছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পেন্সন সঞ্চালকালয়ত বিকাশৰ ছিণ্ডিকেট

পেন্সন সঞ্চালকালয়ত বিকাশৰ ছিণ্ডিকেট

দুৰ্নীতিগ্ৰস্ত সঞ্চালক বিকাশ দাসৰ ন ন তথ্য পোহৰলৈ আহি আছে। পেঞ্চন সঞ্চালকালয়ত ঠিকা দিও কমিচন লয় বিকাশ দাসে। মহিলা কৰ্মচাৰীৰ বিৰুদ্ধে বহু নিৰ্যাতনৰ অভিযোগ আছে এইজন বিষয়াৰ বিৰুদ্ধে। কেৱল ধনৰ বলত ক্ষমতাত থকা বিকাশ দাস এতিয়া পেন্সন সঞ্চালকালয়ৰ উঠি ৰজা- বহি ৰজা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাবিব নোৱাৰাকৈ দুৰ্নীতি- অনিয়ম সংঘটিত কৰি গৈছে তেওঁ। বিকাশ দাসৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই ধৰাবাহিক অনুসন্ধানমূলক প্ৰতিবেদন...

Advertisment

মৰম নাপালেই গৰম হৈ যায় বৰ্তমানৰ পেঞ্চন সঞ্চালকালয়ৰ সঞ্চালক পদত থকা বিতৰ্কিত বিকাশ দাস। পূৰ্বতে কৰ্মৰত প্ৰতিটো কাৰ্যালয়তে এই বিষয়াজনে তেনে বহু কাহিনী এৰি থৈ আহিছে। কেৱল ধন চিনি পোৱা বিকাশ দাসে পেন্সন কাৰ্যালয়ত নিজৰ মানুহৰ দ্বাৰাই দালালৰ ছিণ্ডিকেট গঢ়ি তোলাৰ খবৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে চৌদিশে। 

এই বিষয়াজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সময় থাকোতেই বিকাশ দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ এতিয়া বিকাশ দাসে তেওঁৰ বিৰুদ্ধে থকা তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযানত নামি পৰাৰ খবৰো আহিছে। 

একেজন মানুহক একেদিনাই ৯খনকৈ পি পি অ’ দিবলৈ নিৰ্দেশ দিয়া বিকাশ দাসে ঘনিষ্ঠ লোকৰ দ্বাৰাই যি চক্ৰ পেঞ্চন সঞ্চালকালয়ত গঢ়ি তুলিছিল, সেই চক্ৰটো ইতিমধ্যে চিনাক্ত হৈছে। বৰাক উপত্যাকাৰ কেইজনমান কৰ্মচাৰীৰ জৰিয়তে তেওঁ কৰ্মৰত প্ৰতিটো কাৰ্যালয়তে এনে লবী গঢ়ি তোলাত ওস্তাদ বিকাশ দাস। 

ইফালে জানিব পৰা মতে এই বিকাশ দাসৰ পৃষ্ঠপোষকতাতেই কৰিমগঞ্জৰ স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ত কৰ্মৰত এজন উচ্চ বৰ্গৰ সহায়কে লৈ আহে পেঞ্চনৰ ফাইলবোৰ। সেই ফাইলবোৰ বিকাশ দাসে কমিচনৰ বিনিময়ত ৪/৫ দিনৰ ভিতৰতে কৰি দি আদায় কৰে কমিচন। 

এইজন বিকাশ দাসে পেঞ্চন সঞ্চালকালয়ত ঠিকা প্ৰদানৰ বিনিময়তো কমিচন লোৱা অভিযোগ উত্থাপন হৈছে। এজন ঘনিষ্ঠ ঠিকাদাৰৰ জৰিয়তে বিকাশ দাসে এই ঠিকাৰ কামবোৰ কৰে। উচ্চ হাৰত কাম দি বিতৰ্কিত সঞ্চালক দাসে উক্ত ঠিকাদাৰজনৰ পৰা ২লাখ টকা উৎকোচ লোৱাৰ অভিযোগো পোহৰলৈ আহিছে। 

পেঞ্চন সঞ্চালকালয়ত নেচনেল ইনফৰমেচন চেণ্টাৰৰ হেল্প ডেস্ক নিৰ্মাণৰ কাম চলি আছে। এই ঠিকা বিকাশ দাসৰ অনুগ্ৰহত লাভ কৰিছে তেওঁৰেই ঘনিষ্ঠ ভুঞা উপাধিধাৰী ঠিকাদাৰগৰাকীয়ে। পূৰ্বতে নিৰ্মাণ কৰি থোৱা ১৮ ফুট দৈৰ্ঘ্য আৰু ১৪ ফুট বহল কোঠাটোৰ ফাৰ্নিচিং আৰু ইলেক্ট্ৰেকেলৰ কাম কৰাৰ বাবদ ২২ লাখ টকা আৱণ্টন দিছে বিকাশ দাসে।

এই সৰু কোঠাটোত থকা ডেৰ বছৰ পূৰ্বে লগোৱা টাইলছ ভাঙি পুনৰ নতুনকৈ টাইলছ লগোৱাকে ধৰি অনাৱশ্যকীয়ভাৱে কাম কৰা দেখুৱাইছে বিকাশ দাসে। আনকি অতি উচ্চ হাৰত এই ঠিকা প্ৰদান কৰাৰ বিনিয়মত নিজে ২লাখ টকা লোৱাৰ লগতে দাসৰ পৰামৰ্শ মৰ্মে আন এজন উচ্চ পদস্থ বিষয়াকো ৭২ হাজাৰটকীয়া এটা ছেমছাং মোবাইল উপহাৰ দিব লগা হৈছে ঠিকাদাৰ ভু়ঞাই।

বিকাশ দাসে এইজন ঠিকাদাৰৰ হতুৱাই তেওঁৰ পত্নীৰ নামত থকা বিউটি পাৰ্লাৰতো কাম- কাজ কৰায়। এনেদৰে চৰকাৰী ধনৰ শৰাধ পতা বিকাশ দাসে পূৰ্বে কৰ্মৰত কাৰ্যালয়সমূহতো সংঘটিত কৰি আহিছে বহু দুৰ্নীতি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি কৰ ভৱনত যুটীয়া সঞ্চালক হিচাপে কৰ্মৰত অৱস্থাত এগৰাকী মহিলা কৰ্মচাৰীক প্ৰায়ে নিৰ্যাতন চলাইছিল বিকাশ দাসে।

অশ্লীল প্ৰস্তাৱ দিয়া বিকাশ দাসৰ বিৰুদ্ধে সেই মহিলা কৰ্মচাৰীগৰাকীয়ে বিত্ত বিভাগৰ ওচৰত অভিযোগো দাখিল কৰিছিল। মহিলা কৰ্মচাৰীগৰাকীয়ে দিয়া সেই অভিযোগৰ ভিত্তিত নং আই চি চি/ ২০২২/৪৪ৰ জৰিয়তে অসম চৰকাৰৰ বিত্ত বিভাগে অনুসন্ধানো কৰিছিল।

ধনৰ বলত বিকাশ দাসে সেইবোৰ মেনেজ কৰিবলৈ সক্ষম হৈছিল যদিও গ্ৰামোন্নয়ন বিভাগতো অনুৰূপ অভিযোগ উত্থাপন হৈছিল বিকাশ দাসৰ বিৰুদ্ধে। বিকাশ দাসে ধনৰ বাদে আন একো চিনি নাপায়। কিন্তু নিজকে সৎ দেখুৱাবলৈ বিকাশ দাসে আনক বলিৰ পঠা সজাই আহিছে। 

দুৰ্নীতিৰ সম্ৰাট বিকাশ দাসৰ এই কাহিনীবোৰ এতিয়া মানুহৰ মুখে মুখে। অসমীয়া প্ৰতিদিন ডিজিটেলত তেওঁৰ দুৰ্নীতিৰ দস্তাবেজ ফাদিল হোৱাৰ পাছত বিকাশ দাসে পেঞ্চন সঞ্চালকালয়ৰ ৱৰ্ক এলোটমেণ্ট যিকোনো মুহূৰ্ততে সলাই জাননী জাৰি কৰাৰ সম্ভাৱনা আছে। কিয়নো বৰাক উপত্যাকাৰ বাবে তেওঁৰ দুজন নিজা মানুহক পেঞ্চনৰ ফাইলৰ কাম- কাম দীৰ্ঘদিন ধৰি কৰিবলৈ দিছিল।

আন জিলাৰ ক্ষেত্ৰত বিকাশ দাসে প্ৰায় এমাহৰ মূৰে মূৰে কৰ্মচাৰীসকলৰ জিলা সলনি কৰি নিজকে কঠোৰ বুলি প্ৰতিয়মান কৰিবলৈ চেষ্টা চলাইছিল। সাধাৰণতে পি পি অ’ত চহী নকৰা বিকাশ দাসে নিজা পেঞ্চনৰ ফাইল থাকিলেহে সেই পি পি অ’ত চহী কৰিছিল। যিবোৰ পি পি অ’ দালালৰ হাতত তুলি দিছিল, তাৰ প্ৰায়বোৰ পি পি অ’তে বিকাশ দাসৰ চহী আছে। 

সাধাৰণতে কামৰ ব্যস্ততা দেখুৱাই বিকাশ দাসে এনে পি পি অ’ত যুটীয়া সঞ্চালকক চহী কৰিবলৈ দায়িত্ব দিয়ে। কিন্তু নিৰ্দিষ্ট কিছুমান পি পি অ’ত বিকাশ দাসে চহী কৰি সেইবোৰ পি পি অ’ সমূহীয়াভাৱে দালাল চক্ৰৰ হাতত তুলি দিয়াৰ তথ্য প্ৰমাণত স্পষ্ট হৈছে। 

বিকাশ দাসৰ দৰে দুৰ্নীতিগ্ৰস্ত বিষয়াই অতি সংগোপনে পেন্সন সঞ্চালকালয়ত সংঘটিত কৰা অনিয়মৰ তদন্ত মুখ্যমন্ত্ৰীয়ে দিলেই এই বিষয়াজনৰ মুখা খোল খাই পৰিব। পূৰ্বতে কেইবাগৰাকী কোষাগাৰ বিষয়াকো আক্ৰোশমূলকভাৱে হাৰাশাস্তি কৰাৰ উদাহৰণ আছে বিকাশ দাসৰ বিৰুদ্ধে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতি অসম চৰকাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখা পেঞ্চন সঞ্চালকালয়