/asomiyapratidin/media/media_files/2025/05/05/KBtZO6nYyZPX1SMEwX9q.jpg)
কৰ বিভাগত তেওঁৰ চাকৰি। অধীক্ষক পদত কৰ্মৰত হ’লেও সমগ্ৰ বিভাগটোত তেঁৱেই উঠি ৰজা- বহি ৰজা। নাম তেওঁৰ বেদব্ৰত শইকীয়া। তেওঁৰ বিৰুদ্ধে অভিযোগৰ তালিকাখনো দীঘল। দুৰ্নীতিয়েই তেওঁৰ বাবে নীতি। অসমীয়া প্ৰতিদিন ডিজিটেলত প্ৰকাশ পাইছিল তেওঁৰ এই দুৰ্নীতিৰ দস্তাবেজ। সোমবাৰৰ পুৱা আহিল খবৰ। চি এম ভিজিলেন্স সোমাইছে গৈ যোৰহাটৰ অজন্তা বাইপাছৰ ৫নং বাইলেনত থকা এই কৰ অধীক্ষকজনৰ বাসগৃহত। কি কি অভিযোগত তেওঁ অভিযুক্ত ? অসমীয়া প্ৰতিদিন ডিজিটেলৰ এই বিশেষ প্ৰতিবেদন-
প্ৰচুৰ ক্ষমতাশালী আছিল এইজন বেদব্ৰত শইকীয়া। কৰ বিভাগত কৰ্মৰত শইকীয়াৰ কাহিনী কৈ থাকিলে ওৰ নপৰে। সোমবাৰে পুৱা তেওঁৰ যোৰহাটৰ বাসগৃহত মুখ্যমন্ত্ৰী তদৰকী কোষৰ এটা ৫জনীয়া দলে অভিযান চলায়। দুৰ্নীতিৰ সদাগৰৰূপে পৰিচিত কৰ বিভাগৰ এই গৰাকী অধীক্ষক।
বৰ্তমান মৰিগাঁও জিলাত কৰ অধীক্ষক বেদব্রত শইকীয়া। প্ৰণিধানযোগ্য যে, কৰ অধীক্ষকজনৰ দুৰ্নীতি আৰু আয় বৰ্হিঃভূত সম্পত্তি সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলত সবিস্তাৰে প্ৰকাশ পাইছিল । কৰ বিভাগৰ উচ্চ পদস্থ বিষয়াৰ আশীৰ্বাদপুষ্ট এই গৰাকী বেদব্ৰত শইকীয়াই বিভাগটোত উঠি ৰজা- বহি ৰজা হৈ চলাই গৈছিল দুৰ্নীতি।
কেৱল ইমানেই নহয়, কৰ পৰিদৰ্শক হিচাপে চাকৰি পোৱাৰ পূৰ্বেই এক অৰ্থনৈতিক অপৰাধ সংঘটিত কৰি দুৰ্নীতি আৰু চক্ৰান্ত গোচৰত অভিযুক্ত হৈছিল শইকীয়া। ২০১৩চনৰ ৩০ছেপ্টেম্বৰত ৰুজু হোৱা গোচৰ নং- ৭৫/২০০৫ত দোষী সাব্যস্ত হৈছিল শইকীয়া।
ভাৰতীয় দণ্ডবিধি ১২০বি/৪২০/৪৬৮/৪৭১ আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ ১৩(২)আৰু ১৩(১)(ডি) ধাৰাত দোষী সাব্যস্ত কৰি চি বি আইৰ বিশেষ আদালতে তেওঁক ৩বছৰ কাৰাদণ্ড বিহিছিল। দুৰ্নীতি কৰাত পাকৈত বেদব্ৰত শইকীয়াই উচ্চ পদস্থ বিষয়াক সন্তুষ্ট কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ন ন কৌশলেৰে অবৈধ ধন আহৰণ কৰাৰো অভিযোগ আছে।
অভিযোগ মতে, ব্যৱসায়িক ভিত্তি প্ৰদৰ্শন কৰিবলৈ বিভিন্ন ইউনিট আৰু জি এছ টি ইন্টেলিজেন্স ইউনিট বনাই কৰ সংগ্ৰহৰ নামত নিজৰ জেপ গধুৰ কৰি আহিছিল এই কুখ্যাত কৰ অধীক্ষকগৰাকীয়ে।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩ৰ ৪নৱেম্বৰত তেনে অভিযোগৰ ভিত্তিতেই ততকালীন কৰ আয়ুক্ত ৰাকেশ আগৰৱালাই বেদব্ৰত শইকীয়াক ই আই ইউৰ পৰা অব্যাহতি দিছিল। কিন্তু বিভাগটোৰ পৰা কৰ আয়ুক্ত আগৰৱালা আঁতৰ হোৱাৰ পাছতেই নৱনিযুক্ত কৰ আয়ুক্ত গৰাকীৰ আশীৰ্বাদ লৈ পুনৰ এনে অবৈধ কাম-কাজত নামি পৰিছিল বেদব্ৰত শইকীয়া।
বেদব্ৰত শইকীয়াই মৰিগাওঁ জিলাৰ কৰ বিভাগত নিযুক্ত হৈ থকাৰ সময়তো একেই প্ৰক্ৰিয়াৰে ব্যৱসায়ীক হাৰাশাস্তি কৰি এই ধন অভিযান অব্যাহত ৰাখিছে। তেওঁৰ এই কৰ্ম- কাণ্ডই অতিষ্ঠ কৰি তুলিছিল মৰিগাঁৱৰ সচেতন মহলক। তাৰোপৰি মৰিগাঁৱত কৰ পৰিদৰ্শক হিচাপে কাগজে-কলমে নিযুক্তি লাভ কৰিলেও এই দুৰ্নীতিগ্ৰস্ত বিষয়াজনে কৰ ভৱনৰ কনফিডিচিয়েল শাখাৰ জৰিয়তে সময়ে সময়ে চলাই আহিছিল দুষ্কাৰ্য। বেদব্ৰত শইকীয়াৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত। তেওঁৰ পত্নী চাকৰি সূত্ৰে যোৰহাটত থাকে।