সামাজিক মাধ্যমত কংগ্ৰেছে এৰা এখন পোষ্টাৰে লাভ কৰিছে বিশেষ চৰ্চা

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন। ইতিমধ্যে ৩০ এপ্ৰিল ২০২৫ বুধবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে। পিছে এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছে সামাজিক মাধ্যমত এৰা এখন বিশেষ পোষ্টাৰে লাভ কৰিছে বিশেষ চৰ্চা। 

author-image
Asomiya Pratidin
New Update
কংগ্ৰেছৰ পোষ্টাৰ

পঞ্চায়ত নিৰ্বাচন সমাগত। অহা ২ আৰু ৭মে’ত ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন। এই নিৰ্বাচনক লৈ ইতিমধ্যে ৰাজনৈতিক দলসমূহে প্ৰান্তে প্ৰান্তে চলাইছে প্ৰচাৰ অভিযান। সবল কৰিছে সাংগঠনিক ভেঁটি। একেদৰে সামাজিক মাধ্যমতো দলসমূহে চলাইছে ব্যাপক প্ৰচাৰ কাৰ্য। এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন –

Advertisment

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো দুটা দিন। ইতিমধ্যে ৩০ এপ্ৰিল ২০২৫ বুধবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰিছে। পিছে এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছে সামাজিক মাধ্যমত এৰা এখন বিশেষ পোষ্টাৰে লাভ কৰিছে বিশেষ চৰ্চা। 

ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যে ৰাজহুৱা কৰা হৈছে এই বিশেষ পোষ্টাৰখন। পোষ্টাৰখনত স্পষ্টভাৱে লিখিছে যে, “ভোট দিয়াৰ আগত এবাৰ মনত পেলাব।“ লগতে লিখিছে- “সিদ্ধান্ত আপোনাৰ।“ 

পিছে কি আছেনো এই বিশেষ পোষ্টাৰখনত, সেয়া উল্লেখ কৰা হ’ল- পোষ্টাৰখনত এগৰাকী বৃদ্ধাই চাদৰৰ আচলেৰে মচি আছে তেওঁৰ চকুলো। দুনয়নেৰে নিগৰি আহিছে বৃদ্ধাগৰাকীৰ চকুলো। বয়- বস্তুৰ দামবৃদ্ধিয়ে কোঙা কৰা দুখীয়া –দৰিদ্ৰ পৰিয়ালবোৰৰ অৱস্থা সূচাইছে যেন এই বিশেষ ফটোখনে ! 

তাৰোপৰি পোষ্টাৰখনত উল্লেখ কৰিছে দুটা ভিন্ন সময়ৰ সামগ্ৰীৰ দাম। ২০১৪ৰ পৰা ২০২৫চনৰ ভিতৰত দ্ৰুতহাৰত দামবৃদ্ধি পোৱা সামগ্ৰীৰ তালিকা এই পোষ্টাৰখনত উল্লেখ কৰা হৈছে। নক’লেও বুজিব পাৰি যে, ২০১৪ত অসমত কংগ্ৰেছ চৰকাৰৰ দিনত সামগ্ৰীৰ দাম আৰু বৰ্তমান শাসনত থকা চৰকাৰখনৰ দিনত বয়- বস্তুৰ দাম এই পোষ্টাৰখনত দেখুওৱা হৈছে। 

প্ৰদেশ কংগ্ৰেছে ৰাজহুৱা কৰা পোষ্টাৰখনত উল্লেখ কৰা সামগ্ৰীৰ দাম এনেধৰণৰ- ২০১৪ত ৰন্ধন গেছৰ মূল্য আছিল ৪১৪ টকা। ২০২৫ এই মূল্য হয়গৈ ১০০০টকা। প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২০১৪ত আছিল ৬০ টকা। ২০২৫ত ইয়াৰ মূল্যবৃদ্ধি পাই হয়গৈ ১০০ টকা। 

একেদৰে ডিজেলৰ মূল্য ২০১৪ত আছিল ৪২ টকা। কিন্তু সেই ডিজেলৰ মূল্য ২০২৫ত হয়গৈ ৯৫টকা। ২০১৪ত প্ৰতিলিটাৰ মিঠাতেলৰ দাম আছিল ৬০ টকা। ২০২৫ত হয়গৈ ১৮০ টকা। গাখীৰৰ ক্ষেত্ৰত ২০১৪ত আছিল ৩০ টকা। ২০২৫ত ইয়াৰ মূল্যবৃদ্ধি হৈ স্পৰ্শ কৰে ৬৮ টকাৰ ঘৰ।

উল্লেখযোগ্য যে, ২০১৪ত প্ৰতিকেজি চাউলৰ মূল্য আছিল ২৫ টকা, দাইলৰ আছিল ৫৮ টকা। কিন্তু অন্যবোৰ সামগ্ৰীৰ দৰে চাইল আৰু দাইলৰ দামবৃদ্ধিয়ে ২০২৫ত ক্ৰমে ৫৫ আৰু ১১০ টকাৰ ঘৰ স্পৰ্শ কৰে। 

২০১৪ত পাচলিৰ দাম আছিল ২০ টকা। কিন্তু ২০২৫ত ইয়াৰ মূল্যবৃদ্ধি পাই ১০০ টকালৈ। একেদৰে চেনীৰ দাম ২০১৪ত আছিল ২০ টকা আৰু ২০২৫ত ইয়াৰ মূল্যবৃদ্ধি হয়গৈ ৪৫ টকালৈ। এনেকৈয়ে দুটা বছৰৰ দামৰ পাৰ্থক্য নিৰ্ণয় কৰি প্ৰদেশ কংগ্ৰেছে ৰাজহুৱা কৰিছে এই বিশেষ পোষ্টাৰখন।   

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰৰ নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ’ব।  ইয়াৰে ২ মে’ত অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। একেদৰে ৭মে’ত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। তাৰোপৰি ১১ মে’ত ঘোষণা হ’ব ফলাফল। 

উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে- তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি। একেদৰে দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া জিলা কেইখন ক্ৰমে- ধুবুৰী, দক্ষিণ শালমৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাওঁ, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাওঁ, মৰিগাওঁ আৰু দৰং।

দুয়োটা পৰ্যায়ৰে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭-০০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ অনুষ্ঠিত হ’ব। এইবাৰৰ নিৰ্বাচন ২১,৯২০টা গাঁও পঞ্চায়তৰ সদস্য, ২১৯২টা আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ৩৯৭টা জিলা পৰিষদৰ সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

Assam Pradesh Congress Panchayat Election