অতুল – কেশৱৰ প্ৰাইভেট কোম্পানী হৈ পৰিছে অগপ...

এতিয়া বিজেপিৰ বোকোচাত উঠি দিশপুৰত শাসনত থাকিলেও অগপৰ ভিতৰচ’ৰাত নেতৃত্বকেন্দ্ৰিক সংঘাতে তলে তলে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এদিন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ মুখ্য কাৰ্যালয় আমবাৰী বিবাহ ভৱনত পৰিণত হ’ব বুলি কৰা মন্তব্যই যেন

author-image
Asomiya Pratidin
New Update
বিবাহ ভৱন হ'বগৈ আমবাৰী...

বিবাহ ভৱন হ'বগৈ আমবাৰী...

সলনি নহয় অগপৰ নেতৃত্ব। কেৱল দুই- তিনিজন নেতাৰ স্বাৰ্থতে লোৱা হয় সিদ্ধান্ত। এনে পৰিস্থিতিত চৰম হতাশাত ভোগিছে অগপৰ নেতা- কৰ্মী। কিমান দিনলৈ এনেকৈয়ে চলিব এই আঞ্চলিক দলটো ? দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয় এদিন সঁচাকৈয়ে হ’বগৈ নেকি বিবাহ ভৱন ? এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক ৰাজনৈতিক প্ৰতিবেদন-

Advertisment

ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তিয়ে কিছু আশাৰ সঞ্চাৰ কৰিছে বিৰোধী শিবিৰত। ইয়াৰ বিপৰীতে ৰাজ্যৰ জাতীয়তাবাদী শিবিৰত হোৱা গৰাখহনীয়া আৰু নতুন নেতৃত্বৰ অভাৱে অগপকে ধৰি আন আঞ্চলিক দলবোৰৰ ভৱিষ্যতক লৈ এক অনিশ্চিয়তাৰ সৃষ্টি হৈছে।

এতিয়া বিজেপিৰ বোকোচাত উঠি দিশপুৰত শাসনত থাকিলেও অগপৰ ভিতৰচ’ৰাত নেতৃত্বকেন্দ্ৰিক সংঘাতে তলে তলে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এদিন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপৰ মুখ্য কাৰ্যালয় আমবাৰী বিবাহ ভৱনত পৰিণত হ’ব বুলি কৰা মন্তব্যই যেন অনাগত দিনবোৰত সত্য হোৱাৰ দিশে আগবাঢ়িছে।

অগপৰ বৰ্তমানৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰ দখল কৰি থকাৰ সমান্তৰালভাৱে খামুচি আছে দলটোৰ নেতৃত্ব। দীৰ্ঘদিন ধৰি সলনি হোৱা নাই অগপৰ এই দুই শীৰ্ষ পদবী।

কোনো নতুন নেতা বা যুৱ প্ৰজন্মৰ নেতৃত্বই এই সময়ছোৱাত আত্মপ্ৰকাশৰ সুযোগ পোৱা নাই। যাৰ বাবে ৮৫ৰ অসম আন্দোলনৰ প্ৰেক্ষাপটত সৃষ্টি হোৱা পুৰণি নেতাই অগপক পৰিচালিত কৰি আহিছে। 

নতুন প্ৰজন্মক আঁকোৱালি নোলোৱাৰ পৰিণতি, তৃণমূল পৰ্যায়ত দলটোৰ প্ৰতি মোহভংগ আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ কোনো পদক্ষেপ অগপৰ বৰ্তমানৰ নেতৃত্বই ল’ব পৰা নাই। অগপ মানে এতিয়া অতুল, কেশৱৰ প্ৰাইভেট কোম্পানী হৈ পৰিছে। 

আগন্তুক ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত ইয়াৰ পাৰ্শ্বক্ৰিয়া নিশ্চিতভাৱে ভোগ কৰিব লাগিব এই আঞ্চলিক দলটোৱে। অগপৰ বহু সমৰ্থক এতিয়া বিজেপিমুখী হৈছে। কিছু সংখ্যকে অসম জাতীয় পৰিষদৰ শিবিৰত যোগ দিছে। 

মুষ্টিমেয় যিসকল সমৰ্থক আছে, সেই সকলেও বৰ্তমানৰ অগপ নেতাৰ আদৱ- কায়দাত অসন্তুষ্ট হৈ পৰিছে। “এক ব্যক্তি, এক পদ“ নীতিৰ বিপৰীতে অগপৰ ক্ষমতাশালী নেতাসকলে স্বজনপ্ৰীতিত বেছি মনোনিৱেশ কৰিছে। ৮৫ৰ পৰা বঙাইগাঁৱত বিধায়ক হৈ থকা ফণীভূষণ চৌধুৰীয়েই তাৰ উদাহৰণ।

শেহতীয়া লোকসভা নিৰ্বাচনত বৰপেটা সংসদীয় সমষ্টিৰ পৰা ফণীভূষণ লোকসভালৈ নিৰ্বাচিত হ’ল যদিও বঙাইগাঁও বিধানসভা সমষ্টিটো তেওঁ দলৰ কোনো নেতাক এৰি নিদিলে। বৰঞ্চ পত্নীকহে তেওঁ সেই সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত কৰাই আনিলে।

কমলা কলিতা, সত্যব্ৰত বৰুৱা আদি নেতাই সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত সমষ্টি বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। কলিয়াবৰ সমষ্টিত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ উমান পাই কেশৱ মহন্তই ১৯জুনত অনুষ্ঠিত হ’ব লগা ৰাজ্যসভাৰ অসমৰ দুখন আসনৰ ভিতৰত এখনত ইতিমধ্যে নিজক প্ৰক্ষেপ কৰিছে। কুমাৰ দীপক দাসে ৰাজ্যসভাৰ এখন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব বিচাৰিছে যদিও তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ পক্ষপাতী নহয় বৰ্তমানৰ নেতৃত্ব। 

এই সমষ্টিটোত বিজেপিয়ে চামগুৰি উপ-নিৰ্বাচনত জয়ী হৈ অহা দিপ্লুৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে তৃণমূল পৰ্যায়ত সক্ৰিয় হৈ থকা কেশৱ মহন্তৰ ভাতৃ মণি মহন্তক চামগুৰিত অগপৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ এক সমীকৰণো প্ৰস্তুত হৈছে। 

অগপৰ মুষ্ঠিমেয় কেইজন মান নেতাৰ স্বাৰ্থ সুৰক্ষাৰ বিপৰীতে দলটোত থকা আন নেতাসকলৰ ৰাজনৈতিক ভৱিষ্যত এতিয়া শূণ্য হৈ পৰিছে। এনে প্ৰেক্ষাপটত অসমৰ ৰাজনীতিত এসময়ৰ এই শক্তিশালী আঞ্চলিক দলটো কিমান দিন তিষ্ঠি থাকিব, এয়াই এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে।

Phanibhushan chaudhury keshab mahanta ATUL BORA Asom Gana Parishad