এৰালতলি পথাৰত বাৰে বাৰে ঘোষণা- কোনো সদাশয় চোৰে যদি...

ভক্তি ৰসেৰে ভৰি পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা আহি সমৱেত হৈছে লক্ষাধিক বাপ-আই। 

author-image
Asomiya Pratidin
New Update
0

আৰম্ভ হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন। কেনেদৰে পাৰ হ'ল প্ৰথমটো দিন, এই সন্দৰ্ভত মৃদুল কুমাৰ সন্দিকৈৰ আজিৰ প্ৰতিবেদন...

Advertisment

যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰত বৈচে হৰিনামৰ নৈ। ভক্তি ৰসেৰে ভৰি পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন উপলক্ষে উত্তৰ-পূবৰ বিভিন্ন স্থানৰ পৰা আহি সমৱেত হৈছে লক্ষাধিক বাপ-আই। 

যিফালে চোৱা যায় সেইফালেই ভক্তিৰ নিজৰা বোৱাইছে বৈষ্ণৱ সকলে। প্ৰথমটো দিনৰ কাৰ্যসূচী ৬ ফেব্ৰুৱাৰীত পুৱা ৫ বজাৰ পৰাই পৰিৱেশ নিকাকৰণৰে শুভাৰম্ভ হয়। তাৰ পাছত প্ৰাতঃপ্ৰসংগত অংশ লয় বহু সংখ্যক ভক্তই। 

পুৱা ৮ বজাত যোৰহাট সংমণ্ডলিত বন বিষয়া নন্দ কুমাৰে গছ পুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে। এইবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল তোৰণখন প্ৰাক্তন পদাধিকাৰ প্ৰয়াত পীতাম্বৰ দেৱগোস্বামীৰ সোঁৱৰণত দিয়া হৈছে। এই তোৰণখন শুভ উন্মোচন কৰে যোৰহাট জিলা আয়ুক্ত জয় শিৱানীয়ে। তাৰ পাছতে উন্মোচন কৰা হয় সেৱা বাহিনী শিবিৰৰ তোৰণ। এই তোৰণখন প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াৰ সোঁৱৰণত দিয়া হৈছে। 

শ্ৰীমন্ত শংকৰদেৱ সংঘ মানেই গুৰুজনাৰ আদৰ্শ আৰু নাম-প্ৰসংগ। অধিৱেশনস্থলীত সজা নামঘৰত দিন ধৰি চলে নাম-প্ৰসংগ আৰু কৃষ্টি-সংস্কৃতিৰ বৰষুণ।নামঘৰৰ সন্মুখৰ ভাগত দিয়া প্ৰাক্তন পদাধিকাৰ প্ৰয়াত ঋষেশ্বৰ দলৈ সোঁৱৰণী তোৰণ পুৱা ভাগত উন্মোচন কৰে যোৰহাট জিলা শৰণ সদস্য ডম্বৰুধৰ বৰুৱাই। এইদৰে প্ৰথম দিনটোত প্ৰতিনিধি সভাকক্ষৰ তোৰণ উন্মোচন,শৰণ সমিতিৰ বৈঠক,মূল সমিতিৰ কাৰ্য্যালয় দ্বাৰ উন্মোচন আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়।

দেখা পোৱা যায় অধিৱেশনস্থলীলৈ নিশা ১০ বজালৈকে বিভিন্ন স্থানৰ পৰা ভকত বৈষ্ণৱ সকল আহিয়ে আছে। স্বেচ্ছাসেৱক সকলৰ লগতে সেৱা বাহিনী সদস্য সকলে অধিৱেশনস্থলীলৈ অহা বাপ-আই সকলক সৰ্বাতো প্ৰকাৰে সহায়-সহযোগ কৰি তেওঁলোকক শিবিৰ সমূহত থকাৰ সকলো সুবিধা কৰি দিছে।

এইবাৰ অধিৱেশনস্থলীত দেখা আন এক ভাল লগা দৃশ্য আছিল অধিৱেশনলৈ অহা শংকৰ সংঘৰ সংগী সকলে অধিৱেশনস্থলী পৰিষ্কাৰ কৰি ৰাখিবলৈ নিজাকৈ লোৱা উদ্যোগ। দেখা পোৱা গৈছিল বহু বাপ-আয়ে এই স্থানত পৰি থকা আৱৰ্জনা ব্যক্তিগত উদ্যোগত পৰিষ্কাৰ কৰি আছিল।

প্ৰথম দিনটো ব্যস্ততা পূৰ্ণভাৱে পাৰ হয়। বিয়লি ভাগলৈ মূল মঞ্চত শিশু আৰু আই-মাতৃ কল্যাণ শাখা সমিতিৰ সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। সেই সভা সঞ্চালনা কৰে শিশু আৰু আই মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী কিৰণ ঠাকুৰীয়া বৰাই। অনুষ্ঠানটোৰ উদ্বোধন কৰিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই।

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল পদাধিকাৰ ভবেন্দ্ৰনাথ ডেকা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল অসম মহিলা বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ গীতিমণি হাতীমূৰীয়া, বিশিষ্ট চিকিৎসক ডাঃ পল্লৱী বৰা, বিশিষ্ট সমাজবিদ মামণি বৰা।

প্ৰথম দিনটোতে উন্মোচন কৰা হয় নাট ঘৰৰ তোৰণো। সন্ধিয়ালৈ সমূহীয়া প্ৰাৰ্থনা তাৰপাছত নাম-প্ৰসংগ,অংকীয়া নাট প্ৰদৰ্শন আদি কাৰ্যসূচী অনুষ্ঠিত হয়। মূল মঞ্চত সাংস্কৃতিক সমাৰোহৰ লগতে প্ৰতিনিধি সভা কক্ষত কেন্দ্ৰীয় সেৱা বাহিনী সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। 

এক বৰ্ণিল আৰু ভক্তিমুখৰ পৰিৱেশে বিৰাজ কৰে চৌদিশে। এই অনুষ্ঠানলৈ প্ৰথমবাৰৰ বাবে অহা এজন ভক্তপ্ৰাণে তেওঁৰ অনুভৱ ব্যক্ত কৰি কয়, গুৰুজনাৰ ভক্তি ৰস মানুহৰ হৃদয়ে হৃদয়ে আছে। এনে পৰিৱেশে আকৌ আমাৰ চৌদিশ এইদৰে পৰিপূৰ্ণ কৰে যে আমি সেই ভক্তিৰ মাগ দৰ্শনত চেতনালগ্ধৰ পৰিৱেশৰ মাজত পুনৰবাৰ গুৰুজনাৰ সান্নিধ্য পাওঁ। সেয়েহে আমি ইয়াক দ্বিতীয় বৈকুণ্ঠপুৰী বুলি অনুভৱ কৰো।

এনে ভক্তিৰসৰ মাজতে লাখ লাখ ভক্তই আহি যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰ পূণ্যতীৰ্থলৈ ৰূপান্তৰ কৰিছে। অৱশ্যে তাৰ মাজতো দুই এক সৰু সুৰা ঘটনা সংঘটিত হৈছে। অধিৱেশন সমিতিয়ে উপস্থিত ৰাইজক নিজ-নিজ সামগ্ৰী সমূহৰ ওপৰত নজৰ ৰাখিবলৈ বাৰে বাৰে ঘোষণা কৰি থকাৰ মাজতে প্ৰথম দিনাই অধিৱেশনস্থলীৰ পৰা চোৰ হয় এখন স্প্লেণ্ডাৰ বাইক।

বাইকৰ গৰাকীয়ে উপায়বিহীন হৈ অনুসন্ধান কক্ষলৈ গৈ দিয়া ঘোষণাই বহুতকে আমোদ দিয়ে। চুৰি হোৱা বাইকৰ গৰাকীৰ অনুৰোধ মৰ্মে অনুসন্ধান কক্ষত থকা ঘোষকে বাৰে বাৰে ঘোষণা দি আছিল যে, এখন বাইক হেৰাইছে। কোনো সদাশয় চোৰে যদি বাইকখন নিচে তেন্তে বাইকখন অনুগ্ৰহ কৰি থকা ঠাইত থৈ যাব লাগে...

শ্ৰীমন্ত শংকৰদেৱ সংঘ