ইতিহাসৰ কেইটামান বিমান দুৰ্ঘটনা, য'ত ৰক্ষা পৰিছিল মাত্ৰ এজন যাত্ৰী

পৃথিৱীৰ ভায়ৱহ বিমান দুৰ্ঘটনাত এনে কেইটামান উদাহৰণ আছে য’ত বিমানৰ সকলো যাত্ৰী, বিমান কৰ্মী, পাইলট আদিৰ মৃত্যু হৈছে অথচ কোনাবো নহয়, কোনোবা এজন ৰক্ষা পৰিছে।

author-image
Asomiya Pratidin
New Update
ইতিহাসৰ কেইটামান বিমান দুৰ্ঘটনা, য'ত ৰক্ষা পৰিছিল মাত্ৰ এজন যাত্ৰী

এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখি দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হৈছে মাত্ৰ এজন ব্যক্তি। ৩৮ বছৰীয়া এই ব্যক্তিগৰাকী সেই ভয়াৱহ দুৰ্ঘটনাৰ পিছতো জীৱিত অৱস্থাত উদ্ধাৰৰ ঘটনা বহুতৰ বাবেই হৈ পৰিছে অবিশ্বাস্য। কিন্তু আহমেদাবাদেই নহয়, বিশ্বৰ বিমান দুৰ্ঘটনাৰ ইতিহাসত এনে কিছু দুৰ্ঘটনা সংঘটিত হৈছে য'ত ৫০ বা তাতকৈ অধিক লোকৰ মৃত্যু হৈছে, কিন্তু ৰক্ষা পৰিছে মাত্ৰ এজন যাত্ৰীৰ। তেনে বিষয়ক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।  

Advertisment

 

আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাক লৈ চৰ্চা অব্যাহত আছে। সমগ্ৰ বিশ্বকে জোকাৰি যোৱা এই বিমান দুৰ্ঘটনাত বিমানখনত থকা পাইলট, সহ-পাইলট আৰু ১০ গৰাকী কেবিন ক্ৰুসহ মুঠ ২৪২ জন লোকৰ ২৪১ জনৰেই মৃত্যু হৈছে। 

বিজে মেডিকেল কলেজৰ হোষ্টেলত খুন্দা মাৰি জ্বলি শেষ হৈ যোৱা বিমানখনৰ পৰা জীৱন্তে ৰক্ষা পৰিছে মাত্ৰ এজন যাত্ৰী। এয়াৰ ইণ্ডিয়াৰ বয়িং ৭৮৭ ড্ৰিমলাইনৰ এই বিমানখনে আহমেবাদৰ পৰা লণ্ডন অভিমুখে উৰা মৰাৰ পিছতে এই ভয়ানক দুৰ্ঘটনাতত পতিত হৈছিল। 

এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰা একমাত্ৰ যাত্ৰীগৰাকী ৩৮ বছৰীয়া ৰমেশবিশ্বাস কুমাৰ। এনে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো ৰমেশবিশ্বাস কুমাৰ জীৱন্তে ৰক্ষা পৰা এই ঘটনাক বহুতেই অলৌকিক ঘটনা বুলিয়েই উল্লেখ কৰিছে। যদি এয়া সচাকৈয়ে অলৌকিক ঘটনা বুলি ধৰি লোৱা হয় তেন্তে এনে অলৌকিক ঘটনা বিশ্বৰ বিমান দুৰ্ঘটনাত পূৰ্বেও কেইবাটাও সংঘটিত হৈছে।  

পৃথিৱীৰ ভায়ৱহ বিমান দুৰ্ঘটনাত এনে কেইটামান উদাহৰণ আছে য’ত বিমানৰ সকলো যাত্ৰী, বিমান কৰ্মী, পাইলট আদিৰ মৃত্যু হৈছে অথচ কোনাবো নহয়, কোনোবা এজন ৰক্ষা পৰিছে। তেনে কিছু ঘটনা এতিয়া পুনৰ পোহৰলৈ আহিছে। 

১৯৫৯ ৰ আৰ্জেণ্টিনাৰ চি-৪৬ কামাণ্ডো বিমান দুৰ্ঘটনা

১৯৫৯ চনত আৰ্জেণ্টিনাত চি-৪৬ কামাণ্ডো বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। অৱতৰণৰ সময়তে নিয়ন্ত্ৰণহীন হৈ দুৰ্ঘটনাত পতিত হোৱা সেই বিমানখনত আছিল ৫১ জন যাত্ৰী। এই ৫১ জন যাত্ৰীৰ ৫০ জনেই সেই ঘটনাত নিহত হৈছিল। ৰক্ষা পৰিছিল মাত্ৰ এজন যাত্ৰী। 

১৯৮৫ চনৰ নেভাডাৰ L-188 ইলেক্ট্ৰা বিমান দুৰ্ঘটনা

১৯৮৫ চনৰ ফেব্ৰুৱাৰী মাহত নেভাডাত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। টেকঅফৰ সময়তে হঠাত নিয়ন্ত্ৰণ হেৰুৱাই খহি পৰা এই বিমানখন আছিল L-188 ইলেক্ট্ৰা। সেই সময়ত বিমানত আছিল মুঠ ৭১ জন যাত্ৰী।

তাৰ ভিতৰত ৭০ জনৰে মৃত্যু হয় আৰু ৰক্ষা পৰে ১৭ বছৰীয়া জৰ্জ লামচন জুনিয়ৰ নামৰ কিশোৰগৰাকী। 

১৯৮৭ চনৰ ডেট্ৰইটৰ দুৰ্ঘটনা 

১৯৮৭ চনৰ গ্ৰীষ্মত ডেট্ৰেইটত টেকঅফৰ পিছতে খহি পৰিছিল এমডি-৮২ বিমানখন। আগষ্ট মাহত পাইলটৰ ভুলৰ বাবেই সংঘটিত হোৱা সেই দুৰ্ঘটনাত ৰক্ষা পৰিছিল ৪ বছৰীয়া চেচেলিয়া চিচান নামৰ শিশুটি।

মৃত্যু হৈছিল ১৫৫ গৰাকী লোকৰ। সেই দুৰ্ভগীয়া যাত্ৰীসকলে ডেট্ৰইত মেট্ৰ’পলিটান এয়াৰপ’ৰ্টৰ পৰা উৰা মাৰিছিল। 

১৯৯১ চনৰ ইণ্ডোনেছিয়াৰ দুৰ্ঘটনা

১৯৯১ চনৰ অক্টোবৰত ইণ্ডোনেছিয়াৰ বায়ু সেনাৰ চি-১৩০ হাৰ্কুলাছ বিমানখন টেকঅফৰ সময়তে জাকাৰ্টাত অগ্নিদগ্ধ হৈ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাত মৃত্যু হৈছিল ১৩৬ জন লোকৰ। আনকি বিমানখন উৰণৰ সময়ত ৰাণৱেত থকা কেইবাজনো লোকৰো মৃত্যু হৈছিল। কিন্তু সৌভাগ্যবশতঃ ৰক্ষা পৰিছিল মাত্ৰ এজন ক্ৰু মেম্বাৰ। 

২০০০ চনৰ কমোৰোছৰ বিমান দুৰ্ঘটনা

২০০০ চনৰ জুন মাহত ইয়েমেনিয়াৰ এয়াৰৱেছৰ এয়াৰবাছ এ৩১০ বিমানখন খহি পৰিছিল ভাৰত মহাসাগৰত। সেই ঘটনাত ১৫৩ জন লোকৰ ভিতৰত ১৫২ জনৰেই মৃত্যু হৈছিল।

কিন্তু ৰক্ষা পৰিছিল ১২ বছৰীয়া বাহিয়া বাকাৰী নামৰ যাত্ৰীগৰাকী। তেওঁ ভাৰত মহাসাগৰত উপঙি আছিল ৯ ঘণ্টা ধৰি। পিছত তেওঁক উদ্ধাৰ কৰিছিল মাছমৰীয়াৰ এটা দলে। 

২০০৬ চনৰ আগষ্টৰ বম্বাৰ্ডিয়াৰ দুৰ্ঘটনা

ৰাণৱেৰ বিভ্ৰান্তিৰ বাবে কেন্টাকিত কমেইৰে দ্বাৰা পৰিচালিত বম্বাৰ্ডিয়াৰ চি আৰ জে১০০ বিমানখন দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ৫০ জন লোক।

সেই দুৰ্ঘটনাত মৃত্যু হৈছিল ৪৯ জন লোকৰ। জীৱিত অৱস্থাত আছিল জেমছ পলেহিংকে নামৰ বিষয়াগৰাকী। 

২০১৪ ৰ আলজেৰিয়াৰ বায়ু সেনাৰ বিমান দুৰ্ঘটনা

২০১৪ ৰ ফেব্ৰুৱাৰী মাহত আলজেৰিয়াৰ বায়ুসেনাৰ চি-১৩০ হাৰকিউলিছ বিমানখনে সামৰিক জোৱান আৰু তেওঁলোকৰ পৰিয়ালক কঢ়িয়াই নিয়াৰ সময়তে উত্তৰ-পশ্চিম আলজেৰিয়াৰ এটা পাহাৰত খুন্দা মাৰিছিল। সেই দুৰ্ঘটনাত বায়ু সেনাৰ বিমানখনত থকা ৭৮ জন লোকৰ ভিতৰত ৭৭ জনৰ মৃত্যু হয়। মাত্ৰ এজন জোৱানে মূৰত সামান্য আঘাত পায়েই ৰক্ষা পৰে। 

২০১৮ৰ কিউবাৰ বিমান দুৰ্ঘটনা

২০১৮ চনৰ মে’ মাহত উৰণৰ কিছু সময়ৰ পিছতে হাভানাৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল কিউবানা ডি এভিয়েচন বয়িং ৭৩৭ বিমানখন। সেই দুৰ্ঘটনাত বিমানখনত থকা ১১৩ জন লোকৰ ভিতৰত মাত্ৰ এগৰাকী মহিলাহে ৰক্ষা পৰে।

অৱশ্যে দুৰ্ঘটনাৰ পিছত উদ্ধাৰকাৰীয়ে প্ৰথম অৱস্থাত চাৰিজনক জীৱিত অৱস্থাত বিমানৰ ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰিছিল। কিন্তু পিছত তাৰে তিনিগৰাকীৰ মৃত্যু হয়। ৰক্ষা পৰে সেই মহিলাগৰাকী। 

এই ঘটনাবোৰো একো একোটা অলৌকিক ঘটনা হিচাপেই সেই সময়ত বহুতেই ব্যাখ্যা কৰিছিল। দুৰ্ঘটনাৰ ভয়াৱহতাই মানুহক সেই কথা বিশ্বাস কৰিবলৈয়ো বাধ্য কৰিছিল।

আহমেদাবাদৰ ঘটনাৰ পিছতো বহুতেই বিশ্বাস কৰিবলৈকে টান পাইছে এই সত্যক। অবিশ্বাস্য এই ঘটনাৰ সাক্ষী ৰমেশ বিশ্বাস কুমাৰে তেওঁৰ ভাষ্যত দুৰ্ঘটনাৰ বিষয়ে বহু কথাই কৈছে। তাৰ মাজতেই তেওঁৰ ছবি, দৃশ্য আৰু ভাষ্য শুনি মানুহে সোঁৱৰিছে-ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে? 

 

বিমান দুৰ্ঘটনা