/asomiyapratidin/media/media_files/2025/06/12/0xotSndDnBaGeGgwj4Qx.jpg)
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শোকাহত সমগ্ৰ দেশ। এতিয়াও স্পষ্ট হোৱা নাই এই দুৰ্ঘটনাৰ হাতহতিৰ প্ৰকৃত সংখ্যা। এই দুৰ্ঘটনাই সোঁৱৰাই দিছে দেশৰ ইতিহাসৰ আন কেতবোৰ ভয়ংকৰ অসামৰিক বিমান দুৰ্ঘটনাৰ কাহিনী। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
১২ জুন, ২০২৫ ৰ দিনৰ ১ বাজি ৩৮ মিনিটত গুজৰাটৰ আহমেবাদত সংঘটিত হোৱা লণ্ডন অভিমুখি এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাই বিশ্বজুৰি চাঞ্চল্য সৃষ্টি কৰিছে।পাইলট, কেবিন ক্ৰুকে ধৰি মুঠ ২৪২ গৰাকী ব্যক্তিক কঢ়িয়াই নিয়া এই বিমানখনৰ ভয়াৱহ দুৰ্ঘটনাত শতাধিক লোকৰ মৃত্যু হৈছে।
কেৱল বিমানখনৰ যাত্ৰীয়েই নহয়, বিমাখনে খুন্দা মৰা আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ হোষ্টেল আৰু ইয়াৰ কাষৰীয়া অ়ঞ্চলৰো বহু কেইজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত অৱশ্যে এই ঘটনাত প্ৰকৃততে কিমান জনে প্ৰাণ হেৰুৱালে, কিমান আহত হৈছে তাৰ নিশ্চিত তথ্য নাই।
আজিৰ এই এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছত ইয়াৰ ভয়াৱহতাক তাৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰি সকলোৱে অনুভৱ কৰিব পাৰিছে। এই ধৰণৰ ভয়ংকৰ দুৰ্ঘটনা ভাৰতত নতুন কথা নহয়। পূৰ্বেও অসামৰিক বিমান পৰিবহণ সন্থাৰ বিমান এনে ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ ইতিহাস আছে।
১৯৯৬ চনৰ নৱেম্বৰৰ ১২ তাৰিখে হাৰিয়ানাৰ চাৰখী দাদৰি অঞ্চলৰ মাজ আকাশত দুখন বিমানৰ মুখামুখি সংঘৰ্ষ হৈছিল। ছৌদি আৰৱিয়ান এয়াৰলাইনছৰ বয়িং ৭৪৭ আৰু কাজখাস্তান এয়াৰলাইনছৰ ইলিউচিন Il-76ৰ মাজ আকাশত হোৱা সংঘৰ্ষত ৩৪৯ জন লোকৰ মৃত্যু হৈছিল। এই দুৰ্ঘটনাক আজিও মধ্য আকাশত হোৱা বিমানৰ ভয়াৱহ দুৰ্ঘটনাৰ ভিতৰত এটা বুলি গণ্য কৰা হয়।
ডেৰটা দশক পূৰ্বে ২০১০ চনৰ ১২ মে’ত ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ৮১২ নম্বৰৰ বিমানখনে মেংগালোৰ বিমানবন্দৰত অৱতৰণৰ সময়ত দুৰ্ঘটনাত পতিত হৈছিল। সেইবাৰ ১৫৮ জন লোকে প্ৰাণ হেৰুৱাইছিল।
১৯৭৮ চনৰ ১ জানুৱাৰীত মুম্বাইৰ পৰা উৰা মৰা এয়াৰ ইণ্ডিয়াৰ ৮৫৫ নম্বৰৰ বিমানখনৰ ইন্সট্ৰুমেণ্ট বিফল হৈছিল। পাইলটৰ দিশভ্ৰষ্টতাৰ বাবে বিমানখন পৰিছিলগৈ সাগৰত। সেই দুৰ্ঘটনাত বিমানত থকা ২১৩ জন ব্যক্তিৰ সকলো নিহত হৈছিল।
২০২০ চনৰ ৭ আগষ্ট তাৰিখে ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX-1344 নম্বৰৰ বিমানখ কোঝিকোডত অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা আঁতৰি গৈ ৩০ ফুট তলত পৰিছিলগৈ। এই দুৰ্ঘটনাত ২১ জনৰ মৃত্যু হোৱাৰ লগতে ১০০ জনতৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছিল।
১৪ ফেব্ৰুৱাৰী, ১৯৯০ তো বেংগালুৰুত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। বিমান বন্দৰত ইণ্ডিয়ান এয়াৰলাইনছৰ ৬০৫ নম্বৰৰ বিমানখন অৱতৰণৰ সময়তে পাইলটৰ ভুলৰ বাবেই ৯২ জন লোকৰ মৃত্যু হৈছিল।
১৯৮৮ চনৰ ১৯ অক্টোবৰত আহমদাবাদৰ দুৰ্ঘটনাত পতিত হৈছিল ইণ্ডিয়ান এয়াৰলাইনছৰ IC-113 নম্বৰৰ বিমানখন। অৱতৰণ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত সংঘটিত হোৱা সেই দুৰ্ঘটনাত ১৩০ জন লোকৰ মৃত্যু হৈছিল।
১৯৯৮ চনৰ ১৭ জুলাইত পতনাত সংঘটিত হৈছিল এক বিমান দুৰ্ঘটনা। এলায়েন্স এয়াৰ ফ্লাইট ৭৪১২ উৰণ আৰম্ভ কৰাৰ পিছতে জনবসতিপূৰ্ণ অঞ্চলত খহি পৰিছিল। ফলত ৫৫ জন যাত্ৰী আৰু ৫ জন স্থানীয় লোক নিহত হৈছিল।
এইসমূহ হৈছে অসামৰিক বিমান দুৰ্ঘটনাৰ কেইটামান উদাহৰণ। সামৰিক বিমান দুৰ্ঘটনা, হেলিকপ্টাৰ দুৰ্ঘটনাৰ আৰু অসংখ্য উদাহৰণ আছে। সামৰিক বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ ফলতে ২০২১ চনৰ ৮ ডিচেম্বৰত ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল বিপীন ৰাৱটৰ মৃত্যু হৈছিল।
এইসমূহ বিমান, হেলিকপ্টাৰ দুৰ্ঘটনাৰ কাহিনীয়ে আজিও মানুহক জোকাৰি যায়। আহমেদাবাদৰ আজিৰ দুৰ্ঘটনাও এক ক’লা ইতিহাস হিচাপেই কাললৈ লিপিবদ্ধ হৈ থাকিব। এই দুৰ্ঘটনাৰ কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
সময়ৰ লগে লগে সেয়াও স্পষ্ট হ’ব। কিন্তু এনেধৰণৰ দুৰ্ঘটনা আৰু কিমান দিনলৈ অব্যাহত থাকিব সেয়াও কিন্তু এক ডাঙৰ প্ৰশ্ন।