অ'ভেলত যি নহ'ব বুলি ধাৰণা কৰা হৈছিল সেয়াই হ'ল

বুমৰাহ, মহম্মদ ছামিৰ দৰে বলাৰৰ উপস্থিতিৰ বাবেই মহম্মদ ছিৰাজ লুকাই থাকে। তেওঁক লৈ চৰ্চা নহয়। তেওঁ ফিল্ডত যিদৰে সৰ্বোচ্চ উজাৰি দিয়ে সেয়া দেখিও সকলোৱেই কৰি আহিছিল আওকান। 

author-image
Asomiya Pratidin
New Update
অভেলত যি নহ'ব বুলি ধাৰণা কৰা হৈছিল সেয়াই হ'ল

অভেলত ইতিহাস ৰচিলে ভাৰতে। টেষ্ট ক্ৰিকেটে দিয়া দ্বিতীয় সুযোগক সদ ব্যৱহাৰ কৰি ভাৰতে ইংলেণ্ডৰ হাতৰ পৰা কাঢ়ি আনিলে 'দ্য অভেল টেষ্ট'। গীল, বুমৰাহ নহয়, এই বিজয়ৰ নায়কৰ শাৰীত ডি এছ পি ছিৰাজ। ছিৰাজৰ হাতত বন্দী পাঁচজনকৈ ইংলিছ ক্ৰিকেটাৰ। এই টেষ্টক লৈয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

ডি এছ পি ছিৰাজ আছে, কিবা এটা হ’ব! কোটি কোটি ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ সেই আশাক নিৰাশ নকৰিলে 'মিঞাভাই'-এ। ফলত অভেলত ৬ উইকেটত পৰাস্ত হল ইংলেণ্ড। 

যশপ্ৰীত বুমৰাহ, মহম্মদ ছামিৰ দৰে বলাৰৰ উপস্থিতিৰ বাবেই মহম্মদ ছিৰাজ লুকাই থাকে। তেওঁক লৈ চৰ্চা নহয়। তেওঁ ফিল্ডত যিদৰে সৰ্বোচ্চ উজাৰি দিয়ে সেয়া দেখিও সকলোৱেই কৰি আহিছিল আওকান। 

জিৰণি অথবা 'ৱৰ্কলোড মেনেজমেণ্ট'ৰ দৰে শব্দবোৰৰ সৈতে বিশেষ সম্পৰ্ক নৰখা ছিৰাজ বুমৰাহৰ অনুপস্থিতিত হৈ পৰে অত্যন্ত ভয়ংকৰ। দলৰ বলিং আক্ৰমণৰ মূল দায়িত্ব যেতিয়াই ছিৰাজৰ কান্ধত পৰে তেতিয়াই ছিৰাজ হৈ পৰে অত্যন্ত দায়িত্বশীল। 

অ'ভেলতো সেয়াই হ’ল, যিদৰে ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত হৈছিল। বুমৰাহৰ অনুপস্থিতিত ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ পেছ বলিং আক্ৰমণৰ দায়িত্ব কান্ধ পাতি ল'বলগীয়া হ'ল ছিৰাজে। তেওঁক যোগ্য সহযোগিতা কৰিলে অনভিজ্ঞ প্ৰসিদ্ধ কৃষ্ণই। নিৰাশ নকৰিলে আকাশদ্বীপেও।

চতুৰ্থদিনৰ অন্তত টেষ্টখন এনে এক পৰ্যায়চ উপনীত হ'ল যে, ই যিকোনো ফালে গতি কৰিব পাৰে। অৱশ্যে মেচখন অধিক নিয়ন্ত্ৰণত ৰাখিছিল ইংলেণ্ড। তথাপিও আশা এৰি দিয়া নাছিল ভাৰতে। নৱাগত অধিনায়ক শুভমণ গীলৰো বিশ্বাস আছিল ছিৰাজৰ ওপৰতেই। 

অনিশ্চয়তাৰ খেল ক্ৰিকেট আৰু টেষ্ট ক্ৰিকেট মানেই পৰীক্ষা। মহম্মদ ছিৰাজ সেই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হ’ল। সকলোৰে বিশ্বাস, ভৰসাক অথলে যাব নিদি অ'ভেল টেষ্ট শেষ মুহূৰ্তত কাঢ়ি আনিলে ঘৰুৱা দল ইংলেণ্ডৰ হাতৰ পৰা। ফলত ৫ খন টেষ্ট শৃংখলাৰ 'এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফী' ড্ৰ' কৰিলে ভাৰতে। দুয়োটা দলে ২ খনকৈ টেষ্ট জয় কৰাৰ বিপৰীতে অমীমাংসিত হৈ ৰ'ল এখন টেষ্ট। 

অ'ভেলত ইংলেণ্ডৰ সন্মুখত ভাৰতে লক্ষ্য বান্ধি দিছিল ৩৭৪ ৰাণৰ। 'বেছবল' ক্ৰিকেট খেলা ইংলেণ্ডৰ বাবে এই লক্ষ্য বৰ বেছি জটিল নাছিল। হেৰী ব্ৰুক, জোৰুটে এটা সময়ত ইংলেণ্ডক বিজয়ৰ দিশে লৈ গৈছিল। 

কিন্তু ভাৰতীয় বলিং আক্ৰমণৰ বাবেই বিশেষকৈ ছিৰাজৰ বাবেই সেই বিজয়ৰ গতি স্তব্ধ হ'ল।'বেছবল' ক্ৰিকেট খেলা ইংলেণ্ডে খেলৰ মাজতেই সলনি কৰিবলৈ বাধ্য হ'ল খেলৰ ধৰণ। 

চতুৰ্থ দিনটোতেই টেষ্টখনৰ ফলাফল ওলাব বুলি যিসকলে ধাৰণা কৰিছিল সেই ধাৰণাক ভুল প্ৰমাণিত কৰি মেচখন পঞ্চম দিনত উপনীত হয়। আৰু পঞ্চম দিনৰ প্ৰথম ছেছনত ভাৰতে ৩৬৭ ৰাণতে অল আউট কৰিলে ইংলেণ্ডক। 

ছিৰাজে দখল কৰিলে ৫ টা উইকেট, প্ৰসিদ্ধ কৃষ্ণই ৪ টা আৰু আকাশদ্বীপে এটা। অ'ভেলত ভাৰতৰ এই ঐতিহাসিক বিজয়ৰ মূলতে বলিং আক্ৰমণ। চতুৰ্থ দিনটোৰ অন্তিম ছেছনত ভাৰতীয় বলাৰৰ শক্তিশালী প্ৰত্যাৱৰ্তনেই অ'ভেলত ভাৰতৰ বিজয়ৰ মূল কাৰণ। 

টেষ্টখনত ভাৰতে প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ২২৪ ৰাণ। ইংলেণ্ডে সংগ্ৰহ কৰিছিল ২৪৭ ৰাণ। অগ্ৰগতি আছিল মাত্ৰ ২৩ ৰাণৰ। ইংলেণ্ডক বেটিং আক্ৰমণক এইদৰে বাধা দিয়াৰ কৃতিত্ব মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণৰ। দুয়োগৰাকী বলাৰেই চাৰিজনকৈ ইংৰাজ বেটছমেনক পেভিলিয়ন পথ দেখুৱাইছিল।

দ্বিতীয় ইনিংছত অ’পেনাৰ যশস্বী জয়ছৱালৰ শতক, আকাশদ্বীপ, ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰৰ অৰ্ধ শতকেৰে ভাৰতে সংগ্ৰহ কৰে ৩৯৬ ৰাণ।এইদৰেই ভাৰতে ইংলেণ্ডক ৩৭৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি বিজয় সাব্যস্ত কৰে।

দ্বিতীয় ইনিংছত ১০৬ ৰাণত ইংলেণ্ডৰ তিনিজনকৈ বেটছমেনক আউট কৰিলে ভাৰতে।  জেক ক্ৰ’লি আৰু অলি পোপক বৰ বেছি সময় ক্ৰিজত থিয় হৈ থাকিবলৈ নিদিলে ছিৰাজে।

কিন্তু ইয়াৰ পাছত ভাৰতৰ সন্মুখত প্ৰত্যাহ্বান হিচাপে থিয় দিলে জোৰুট আৰু হেৰী ব্ৰুকে। অশেষ ধৈয্য আৰু একাগ্ৰতাৰে সেই প্ৰত্যাহ্বানো নেওচিলে ভাৰতীয় বেগী বলাৰে। ১৫২ বল খেলি ১০৫ ৰাণ কৰা ৰুটক পেভিলয়নৰ বাট দেখুৱালে প্ৰসিদ্ধ কৃষ্ণই। হেৰী ব্ৰুকক আউট কৰিলে আকাশদ্বীপে।

জোৰুট, হেৰী ব্ৰুকৰ উইকেট পতনৰ পিছত ছিৰাজৰ নেতৃত্বত পেছ বলিং আক্ৰমণৰ সন্মুখত থিয় হৈ থাকিব নোৱাৰিলে কোনো ইংলিছ বেটছমেন। এনেদৰেই এক ঐতিহাসিক বিজয়ৰ সোৱাদ পালে ভাৰতে।

অৱশ্যে সুযোগ থকাৰ পিছতো ভাৰতে এই টেষ্ট শৃংখলা জয় কৰিব নোৱাৰাৰ বেদনা হয়তো বহু ক্ৰিকেট অনুৰাগীৰে থাকিব। তথাপিও শুভমণ গীলৰ অধিনায়কত্বত এই দলটোৱে যি যুঁজাৰু মানসিকতাৰে খেলিলে, সেই মানসিকতাক শতৰুৱেও স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অভেলত যি নহ'ব বুলি ধাৰণা কৰা হৈছিল সেয়াই হ'ল।

ক্ৰিকেট মহম্মদ ছিৰাজ টীম ইণ্ডিয়া টেষ্ট ক্ৰিকেট