এফালে বেদখল আনফালে বণ্যপ্ৰাণী অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চললৈ অবনমিতঃ কঠোৰ ন্যায়ালয়

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক ৰাজ্য চৰকাৰে দাখিল কৰা তথ্য অনুসৰি ২০২৪ চনৰ মাৰ্চ মাহলৈকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ সৰ্বমুঠ ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে।

author-image
Tushar Pratim
New Update
এফালে বেদখল আনফালে বণ্যপ্ৰাণী অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চললৈ অবনমিতঃ কঠোৰ ন্যায়ালয়

অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত অব্যাহত ৰাখিছে উচ্ছেদ অভিযান। তাৰ মাজতেই গুৱাহাটীৰ ১৬ খন সংৰক্ষিত বনাঞ্চলত হোৱা বেদখলৰ ভয়াৱহ তথ্য উন্মোচিত হৈছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দাখিল কৰা তথ্যত। একে সময়তে গড়ভাঙাক বণ্যপ্ৰাণী অভয়াৰণ্যৰ পৰা সংৰক্ষিত বনাঞ্চললৈ অবনমিত কৰাক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়। এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

Advertisment

কেৱল ওখ ওখ অট্টালিকা, ফ্লাই অভাৰেই নহয়, গুৱাহাটীত আছে বহু কেইখন সংৰক্ষিত বনাঞ্চল। কুইজত প্ৰশ্ন কৰাৰ দৰেই যদি কোনো এজন ব্যক্তিক প্ৰশ্ন কৰা হয়, গুৱাহাটীত কেইখন সংৰক্ষিত বনাঞ্চাল আছে তেন্তে আজিৰ তাৰিখত সঠিক উত্তৰ দিবলৈ তেওঁ দহবাৰ চিন্তা কৰিব লাগিব। 


গুৱাহাটীতো যে সংৰক্ষিত বনাঞ্চল আছে বা থাকিব পাৰে সেয়া নতুনকৈ গুৱাহাটীলৈ অহা বহুতৰ বাবে আচৰিত জনক কথাই হ’ব। বহুতেই হয়তো আচৰিত হ’ব গুৱাহাটীৰ মাজ মজিয়াত আৰু ইয়াৰ গাতে লাগি আছে বহু কেইখন সংৰক্ষিত বনাঞ্চল।অৱশ্যে এই সকলো বনাঞ্চলেই এতিয়া বেদখলৰ কৱলত। 

সংৰক্ষিত বনাঞ্চলৰ ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত

তথ্য অনুসৰি ২০২৪ চনৰ মাৰ্চ মাহলৈকে গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলৰ সৰ্বমুঠ ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে।অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দাখিল কৰা শপতনামাত এই তথ্য উন্মোচিত হৈছে। 

ৰাজ্য চৰকাৰে একাদিক্ৰমে নামনিৰ পৰা উজনিলৈ উচ্ছেদ অভিযান তীব্ৰতৰ কৰিছে যদিও গুৱাহাটীৰ এই সংৰক্ষিত বনাঞ্চলমসূহৰ ভূমি পুনৰুদ্ধাৰৰ পদক্ষেপ এই পৰ্যন্ত গ্ৰহণ কৰা নাই। আনহাতে আমচাঙকে ধৰি দীপৰ বিলৰ ভূমিত চৰকাৰৰ পৃষ্ঠপোষকতাতে একাংশই নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ ধাৰাবাহিকভাৱে উত্থাপন কৰি আহিছে। এই অভিযোগৰ সত্যতাও যোৱা সময়ছোৱাত পোহৰলৈ আহিছে। 

বেদখল বৃদ্ধি পোৱাৰ সময়তে বণ্যপ্ৰাণী অভয়াৰণ্যৰ পৰা গড়ভঙাক সংৰক্ষিত বনাঞ্চললৈ  অবনমিত

ইফালে ২০২২ চনৰ ২৮ মাৰ্চত অসম চৰকাৰে গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা গড়ভঙাক ৰাণী সংৰক্ষিত বনাঞ্চলৰ সৈতে সামৰি প্ৰায় ১১৭ বৰ্গ কিলোমিটাৰ একেলাকক সংৰক্ষিত বনাঞ্চলৰ পৰা বণ্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰি এই সন্দৰ্ভত জাননী জাৰি lকৰিছিল। কিন্তু এটা বছৰৰ পিছতে সেই একেখন চৰকাৰেই গড়ভঙাক বণ্যপ্ৰাণী অভয়াৰণ্যৰ পৰা অবনমিত কৰি পুনৰ সংৰক্ষিত বনাঞ্চল হিচাপে জাননী জাৰি কৰে। 

চৰকাৰৰ এনে সিদ্ধান্তৰ আঁৰত কি ৰহস্য আছে সেয়া স্পষ্ট হোৱা নাই। কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়।এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা এখ ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি অতি শেহতীয়াকৈ ন্যায়ালয়ে বিষয়টোৰ সন্দৰ্ভত বিতং শপত নামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। এই গোচৰটোৰ পৰৱৰ্তী শুনানি আছে অহা ২৬ আগষ্টত। 

গুৱাহাটীৰ ১৬ খন সংৰক্ষিত বনাঞ্চলৰ সকলোতে চলিছে বেদখল

অসম চৰকাৰে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক দাখিল কৰা শপতনামা অনুসৰি ২০২৪ চনৰ মাৰ্চ মাহলৈকে সংৰক্ষিত বনাঞ্চলৰ সৰ্বমুঠ ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে। পূব কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকাৰীৰ অধীনৰ গোটানগৰ, শৰণীয়া পাহাৰ, দক্ষিণ কালাপাহাৰ, ফটাশিল, জালুকবাৰী, হেঙেৰাবাৰী, গড়ভঙা, এপ্ৰিকলা, মাৰকডলা, মাটাপাহাৰ, তেতেলীগুৰি আৰু চামতা সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ দখলত আছে।

এই বেদখলকাৰীসকলে ইয়াত বসবাস কৰি থকাৰ লগতে অবৈধভাৱে এই ভূমি বেচা-কিনাৰো তথ্য পোহৰলৈ আহিছে। গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ ১৭১ হেক্টৰ ভূমিৰ ভিতৰত ১২৭ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে।  

শৰণীয়া পাহাৰ সংৰক্ষিত বনাঞ্চলৰ ৭.৯৯ হেক্টৰ ভূমিৰ ভিতৰত ০.৮ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে। দক্ষিণ কালাপাহাৰৰ সংৰক্ষিত বনাঞ্চলৰ ৭০ হেক্টৰ ভূমিৰ ভিতৰত ৬৮ হেক্টৰ ভূমিয়েই বেদখল কৰি বসবাস কৰি আহিছে একাংশ লোকে। 

ফটাশিল সংৰক্ষিত বনাঞ্চলৰ ৬৭০.৪৪ হেক্টৰ ভূমিৰ ভিতৰত ২৪১.৫ হেক্টৰ ভূমি, জালুকবাৰী সংৰক্ষিত বনাঞ্চলৰ ৯৭.৭ হেক্টৰ ভূমিৰ ভিতৰত ২.৬ হেক্টৰ ভূমি, হেঙেৰাবাৰী সংৰক্ষিত বনাঞ্চলৰ ৯২৮ হেক্টৰ ভূমিৰ ভিতৰত ৪৪২ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত। 

গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ ১৮৮৬০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ৩১৮ হেক্টৰ ভূমি, এপ্ৰিকলা সংৰক্ষিত বনাঞ্চলৰ ৬০৭৫.৩ হেক্টৰ ভূমিৰ ভিতৰত ২৫০০ হেক্টৰ ভূমি, মৰকডলা সংৰক্ষিত বনাঞ্চলৰ ১৪২৬.৫ হেক্টৰ ভূমিৰ ভিতৰত ৪০৩ হেক্টৰ ভূমি, তেতেলিগুৰি সংৰক্ষিত বনাঞ্চলৰ ১২০.৫৮ হেক্টৰ ভূমিৰ ভিতৰত ৫ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত পৰিছে। 

মাটাপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ২২৫ হেক্টৰ আৰু চামতা সংৰক্ষিত বনাঞ্চলৰ ২৭ হেক্টৰ  বেদখলকাৰীৰ কবলৰ পৰা মুক্ত হৈ আছে। এইদৰেই সংৰক্ষিত বনাঞ্চলৰ সৰ্বমুঠ ২৮৩৮০.০৯ হেক্টৰ ভূমিৰ ভিতৰত ৪১০৭.৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলত আছে। 

কেৱল গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলেই নহয়, আমচাং অভয়াৰণ্য আৰু ৰামচাৰ চাইটখ্যাত দীপৰ বিল পক্ষী অভয়াৰণ্যৰ ভূমিও বেদখলকাৰীৰ কবলত আছে। আমচাং অভয়াৰণ্যৰ ভূমিত গঢ়ি উঠিছে উদ্যোগ। দীপৰ বিলৰ ভূমিত চলিছে নিৰ্মাণ কাৰ্য।

তথ্য অনুসৰি আমচাং অভয়াৰণ্যৰ ৭৬.৬৪ হেক্টৰ ভূমি ভিতৰত ২.৭০ হেক্টৰ ভূমি আছে বেদখলকাৰীৰ কবলত। এইদৰেই গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চল আৰু অভয়াৰণ্যৰ ভূমি বেদখলকাৰীৰ দখলত আছে। ইয়াৰে বহু অঞ্চলত আছে সন্দেহজনক নাগৰিকৰ দখলত। 

বহু ঠাইত আকৌ আছে খিলঞ্জীয়া জনজাতিয় লোক। বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা অহা এই লোকসকলে এইদৰেই ভূমি বেদখল কৰি বসতি স্থাপন কৰি আহিছে। 

গুৱাহাটীৰ বনাঞ্চলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

শেহতীয়াকৈ অসম চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত অনুষ্ঠিত হোৱা সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি গুৱাহাটীৰ বনাঞ্চলত যিসকল লোকে বসতি স্থাপন কৰি আহিছে তেওঁলোকৰ বিৰুদ্ধে এক ছাৰ্ভে চলোৱা হৈছে। তেওঁ জনোৱা মতে গুৱাহাটীৰ বনাঞ্চলত যিসকল অখিলঞ্জীয়া লোক আছে তেওঁলোকৰ ওপৰত আমি এক সমীক্ষা চলাইছে।

থলুৱা তথা খিলঞ্জীয়া মানুহৰ ওপৰত কোনো ছাৰ্ভে কৰা হোৱা নাই। মুখ্যমন্ত্ৰীগৰাকীৰ মতে যিসকলে মহানগৰীৰ জনগাঁথনিক অশান্ত কৰিবলৈ বিভিন্ন ঠাইত আহি বাস কৰিছে তেওঁলোকৰ বিৰুদ্ধেহে এই  ছাৰ্ভে কৰা হৈছে।

তেওঁ জনোৱা অনুসৰি গুৱাহাটীৰ ভূমিহীন খিলঞ্জীয়া মানুহখিনিক বসুন্ধৰা ৩.০ ৰ জৰিয়তে মাটিৰ পট্টা দিবলৈহে ব্যৱস্থা গ্ৰহণ কৰিছে।মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই ছাৰ্ভে কেৱল বনাঞ্চলত হে কৰা হৈছে। ৰেভিনিউ চাৰ্কলত কৰা হোৱা নাই। 

যিখিনি অসমীয়া বা জনজাতীয় মানুহ আছে তেওঁলোক আতংকিত হোৱাৰ কোনো কাৰণো নাই। এই ছাৰ্ভে কেৱল অখিলঞ্জীয়া লোকৰ মাজত কৰা হৈছে আৰু ইয়াৰ ধৰ্মৰ লগতো কোনো সম্পৰ্ক নাই। যাৰ তিনিটা প্ৰজন্ম অসমত নাই তেওঁলোকৰ বিৰুদ্ধেহে এই ছাৰ্ভে। 

ড০ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটী গুৱাহাটী উচ্চ ন্যায়ালয় বেদখল