/asomiyapratidin/media/media_files/2025/06/16/Sqpc8KDIyQonj8ZnoP5f.jpeg)
পাঁচদিন হ'ল ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ বাৰীচুকস্থিত গেছ নিৰ্গমণৰ ঘটনা। এতিয়াও নিয়ন্ত্ৰণ কৰিব পৰা নাই গেছ নিৰ্গমণক। বৰঞ্চ আজিৰ দিনটোত বৃদ্ধিহে হৈছে গেছ নিৰ্গমণ। অইলৰ বাঘজানৰ ৰিগত হোৱা ঘটনাৰেই পুনৰাবৃত্তি স্বৰূপ বাৰীচুকৰ এই ঘটনা। পূৰ্বৰ অভিজ্ঞতাৰ পৰা কিয় শিক্ষা নললে ONGC এ? কিয় ব্যৰ্থ হৈছে গেছ নিৰ্গমণ ৰোধ কৰাত? আৰু কিমান দিন লাগিব এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ? এই সকলো বিষয় সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
শিৱসাগৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ বাৰীচুকস্থিত অ’ এন জি চিৰ ১৪৭ (এ) নং ৰিগত যোৱা বৃহস্পতিবাৰে সংঘটিত প্ৰাকৃতিক গেছ নিৰ্গমণ ৰোধ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই। আজি পঞ্চমটো দিনত এই ৰিগত গেছ নিৰ্গমণৰ চাপ পূৰ্বতকৈ বৃদ্ধিহে পাইছে। যাৰ ফলত অধিক সন্ত্ৰষ্ট হৈ পৰিছে সৰ্বসাধাৰণ।
নামত এই ৰিগৰ গেছ নিৰ্গম ৰোধ কৰাৰ চেষ্টা চলাই আছে অ’ এনজিচিৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আৰ চি এম টি য়ে। কিন্তু এই পৰ্যন্ত আৰ চি এম টিয়ে গেছ নিৰ্গমণ ৰোধ কৰা দূৰৰে কথা তাক নিয়ন্ত্ৰণেই কৰিব পৰা নাই। বৰঞ্চ বাঢ়িছেহে নিৰ্গমণ। কেৱল প্ৰদূষিত পৰিবেশৰ মাজত সেই ৰিগত অহৰহ দিখৌ নদীৰ পানী মাৰিয়েই বিপদ প্ৰতিহত কৰাৰ চেষ্টা চলাই আছে।
অতীতৰ পৰা শিক্ষা নললে অ’এনজিচিয়ে
তৈলক্ষেত্ৰৰ ৰিগৰ পৰা গেছ নিৰ্গত হোৱাৰ ঘটনা অসমত এয়াই নতুন কথা নহয়। ২০২০ চনৰ ২৭ মে’ত তিনিচুকিয়া জিলাৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ বি জি এন-৫ নং তৈল কূপত প্ৰথমে এইদৰেই গেছ নিৰ্গত হৈ পিছত ৯ জুন তাৰিখে এক ভয়ংকৰ অগ্নিকাণ্ডলৈ ৰূপান্তৰ হৈছিল।
সেই ঘটনাৰ পৰাই অসমতত কাম-কাজ চলাই থকা অইলকে ধৰি অন্যান্য তৈল, প্ৰাকৃতিক গেছ প্ৰতিষ্ঠানসমূহে শিক্ষা লোৱাৰ প্ৰয়োজন আছিল যদিও সেই শিক্ষা নললে। যাৰ বাবে পুনৰ এবাৰ সৰ্বসাধাৰণৰ জীৱন, সম্পদৰাজিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা শিৱসাগৰৰ বাৰীচুকত অ’এনজিচিৰ ১৪৭ (এ) নং ৰিগত অনুৰূপ ধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে।
পাঁচ দিন উকলি যাবৰ হ’ল যদিও এতিয়াও বন্ধ হোৱা নাই ইয়াৰ গেছ নিৰ্গমন। অভিযোগ অনুসৰি কৌটিকলীয়া কাৰিকৰী ব্যৱস্থাৰেই অ’ এন জি চিয়ে তৈলক্ষেত্ৰৰ পৰা প্ৰাকৃতিক সম্পদ আহৰণ কৰি আছে। এই ক্ষেত্ৰত জনসাধাৰণ তথা জৈৱ বৈচিত্ৰৰ সুৰক্ষাৰ দিশটোক আওকান কৰি আহিছে।
ভাৰতৰ বাহিৰত বহু উন্নত দেশতো তৈল ক্ষেত্ৰত এইধৰণৰ বিস্ফোৰণ বা গেছ নিৰ্গত হোৱাৰ উদাহৰণ বহু আছে। সেইসমূহ দেশত অৱশ্যে উন্নত কাৰিকৰী কৌশল আৰু বিশেষজ্ঞৰ উপস্থিতিয়ে পৰিস্থিতি অধিক ভয়ানক হোৱাৰ পূৰ্বেই সকলো নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈ আহিছে।
তেনেধৰণৰ উন্নত কাৰিকৰী কৌশল আৰু বিশেষজ্ঞ অভাৱৰ বাবেই অসমত পূৰ্বে বাঘজান আৰু এতিয়া বাৰীচুকৰ দৰে ঘটনা সংঘটিত হৈছে। এনে পৰিস্থিতিত সেই অঞ্চলৰ ভুক্তভোগী ৰাইজৰ মাজত ক্ষোভ বৃদ্ধি হৈ তাৰ বৰ্হিপ্ৰকাশ ঘটিছে।
বৃদ্ধি পাইছে অনিৰ্দিষ্টকালীন অনিশ্চয়তা। কিয়নো এতিয়ালৈকে ইয়াৰ গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে যিসমূহ প্ৰচেষ্টা চলোৱা হৈছে সেই সকলো প্ৰচেষ্টাই অভিজ্ঞ বিশেষজ্ঞৰ অনুপস্থিতি আৰু অত্যাধুনিক উন্নত প্ৰযুক্তিৰ অভাৱৰ বাবে বাৰে বাৰে বিফল হৈছে।
বাৰে বাৰে ব্যৰ্থ হৈছে গেছ নিয়ন্ত্ৰণৰ প্ৰচেষ্টা
জানিব পৰা মতে বৃহস্পতিবাৰেই সংঘটিত হোৱা এই ঘটনাৰ পিছত দেওবাৰে ঘটনাস্থলিত 'ৰিজিয়নেল ক্ৰাইচিছ মেনেজমেণ্ট টিম'ৰ দ্বাৰা 'জাংক শ্বট' অপাৰেচন চলোৱাৰ কথা আছিল। কিন্তু সময়ত সেই প্ৰয়াসো ব্যৰ্থ হৈছে।
এনে পৰিস্থিতিত এতিয়া সৰ্বসাধাৰণৰ বাবে নেদেখাজনেই শেষ ভৰসা হৈ পৰাৰ বিপৰীতে অ’ এন জি চিৰ স্থানীয় বিষয়াসকলে স্থানীয় ৰাইজৰ ক্ষোভৰ বলি হৈছে। এতিয়াও এই অঞ্চল পৰিদৰ্শন নকৰা অ’ এন জি চিৰ শীৰ্ষতম বিষয়াই দিল্লীৰ পৰাই প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি জনহিতাৰ্থে পালন কৰা পূৰ্বৰ তেওঁলোকৰ কাম-কাজৰ খতিয়ান বখানি ৰাইজৰ খং-ক্ষোভ হ্ৰাস কৰা ব্যৰ্থ চেষ্টাত লিপ্ত হৈছে।
আৰ.চি.এম.টি.ৰ মুৰব্বী শ্ৰী হৰিয়ে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি বাৰীচুকৰ ১৪৭ নং ৰিগত হোৱা এই ভূতাত্বিক পৰিঘটনা কোনো আশ্চৰ্যতকৈ কম নহ'য়।কিয়নো খাৰুৱা তেল অন্বেষণ কৰা এই ঠাইত এইধৰণৰ উচ্চ চাপ সম্পন্ন প্ৰাকৃতিক গেছৰ কোনো সম্ভাৱনা নাছিল। সেয়ে এই বিপৰ্যয় ৰোধ কৰাত কিছু পলম হৈছে।
তাৰোপৰি ৰিগটো নিয়ন্ত্ৰণলৈ আনিবলৈ কিমান দিনৰ সময় লাগিব সেই সন্দৰ্ভতো কোনো নিশ্চয়তা নাই। অৰ্থাত এই কথা নিশ্চিত যে, এই প্ৰাকৃতিক গেছৰ নিৰ্গমৰ দৰে ঘটনা ৰোধ কৰাৰ বাবে অসমত অ’ এন জি চিৰ হাতত কোনো ব্যৱস্থাই নাই। এইদৰেই অসমত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণৰ কাম কৰি আছে অ’ এন জি চি, অইলৰ দৰে প্ৰতিষ্ঠানে।
বাৰীচুকত আছে বিশাল তৈল ভাণ্ডাৰ
শিৱসাগাৰৰ বাৰীচুকৰ এই ঘটনাৰ পিছতে এই কথাও নিশ্চিত হৈছে যে, এই অঞ্চলত আছে বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ। বিধায়ক অখিল গগৈৰ আগত এই তথ্য সদৰি কৰিছে আৰ চি এম টিৰ বিষয়া শ্ৰীহৰিয়ে।
তেওঁ জনোৱা মতে এই অঞ্চলত এক বৃহৎ প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ থকা বুলি অনুমান কৰা হৈছে। এই প্ৰাকৃতিক গেছৰ ভাণ্ডাৰ ইমানেই বৃহৎ যে ইয়াৰ পৰা ৩৫ ৰ পৰা ৩০ বছৰলৈ গেছ উৎপাদন কৰিব পৰা যাব।
স্থানীয় লোকৰ ক্ষোভ
বৃহস্পতিবাৰৰ ঘটনাৰ পিছৰে পৰা ধাৰাবাহিকভাৱে নিৰ্গত হৈ থকা প্ৰাকৃতিক গেছ বায়ুমণ্ডলত মিহলৈ হৈ যোৱাৰ ফলত স্থানীয় লোক নানান সমস্যাৰ সন্মুখীন হৈছে। বহুতৰ দেহত দেখা দিছে নানান সমস্যাই।
বিস্তৃৰ্ণ অঞ্চলৰ জনসাধাৰণক জুই জ্বলোৱাৰ পৰা বিৰত ৰখাত শিৱসাগৰ জিলা প্ৰশাসনে এহেজাৰ লোকক খাদ্যৰ যোগান ধৰিব লগা হৈছে। স্থাপন কৰা হৈছে আশ্ৰয় শিবিৰ। ঘৰ-বাৰী এৰি এই আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহণ কৰি আছে অঞ্চলটোৰ ৰাইজে।
কিন্তু এইসকল লোক আৰু কিমান দিনলৈ থাকিব এই আশ্ৰয় শিবিৰত? কি হ’ব তেওঁসোকৰ সম্পত্তিৰ নিৰাপত্তাৰ বিষয়টো? কি হ’ব তেওঁলোকৰ নিজৰো ভৱিষ্যত? শিবিৰত আছে বহু শিক্ষাৰ্থী। তেওঁলোকো শিক্ষা ক্ষেত্ৰত সন্মুখীন হৈছে নানান সমস্যাৰ।
এনে পৰিস্থিতিত কেৱল একাংশ বিষয়াৰ আশ্বাস লাভ কৰি থকা এই ভুক্তভোগী লোকসকল অসন্তুষ্ট হৈ পৰিছে। অভিযোগ কৰিছে খাদ্যৰ নামতো তেওঁলোকক কেৱল পুৱা দুখন ব্ৰেডৰ সৈতে এটা কণী দি তাৰ পিছত নিশা ১১ বজাতহে খাদ্য প্ৰদান কৰিছে। এইদৰেই লঘোণে দিনতো পাৰ কৰিছে তেওঁলোকে।
এছ.কে.পেট্ৰকেমিকেলছৰ বিৰুদ্ধে অভিযোগ
বাৰীচুকৰ এই ৰিগ অ’ এন জি চিয়ে লীজত দিছিল এছ.কে.পেট্ৰকেমিকেলছ নামৰ এক ব্যক্তিগত খণ্ডৰ কোম্পানীক। সেই প্ৰতিষ্ঠানটোৱেই এই ৰীগৰ কাৰ্য পৰিচালনা কৰি আছিল।
অভিযোগ অনুসৰি এই প্ৰতিষ্ঠানৰ অধীনত থকা আন ৰীগতো বিভিন্ন বিসংগতি আছে। তাৰ পিছতো অ’এনজিচি কৰ্তৃপক্ষৰ এই কোম্পানীৰ প্ৰতি দৰদ কিয় ইমান বেছি তাক লৈ প্ৰশ্ন উঠিছে।
অভিযোগ অনুসৰি উজনি অসমৰ তৈল চুৰি চক্ৰৰ সৈতেও আছে এই প্ৰতিষ্ঠানটোৰ মিতিৰালি। সেই মিতিৰালিৰ সুৱাদতে তেল চুৰি চক্ৰৰ কমিছনৰ অংকও কোনোবা বিষয়াৰ হাতলৈ যায় নেকি বুলিও প্ৰশ্ন উঠিছে।
অ' এন জি চিৰ বিজ্ঞপ্তি জাৰি
অ’ এন জি চিয়ে আজি নতুন দিল্লীৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি কয়, গেছ নিৰ্গমণ ৰোধ কৰিবলৈ আটাইতকৈ অভিজ্ঞCrisis Management Team - CMT মোতায়েন কৰিছে। এই দলে জটিল খাদ নিয়ন্ত্ৰণ কাৰ্যত সফল অভিজ্ঞতা অৰ্জন কৰিছে। এই অভিযান অ’এনজিচিৰ শীৰ্ষ বিষয়াও নিৰবচ্ছিন্নভাৱে পৰ্যবেক্ষণ কৰি আছে।
তাৰোপৰি তেওঁলোকে কয়, ভূ-গৱেষণামূলক সমস্যাবোৰ তেল আৰু গেছ অভিযানৰ এটা অংগ। ভাৰতৰ শীৰ্ষ শক্তি প্ৰতিষ্ঠান হিচাপে অ’এনজিচিয়ে কঠোৰ সুৰক্ষা নীতি-নিয়ম অনুসৰণ কৰে। অ’এনজিচিয়ে গেছ নিৰ্গমন সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিবলৈ সকলো প্ৰচেষ্টা আগবঢ়াই আছে।
ঘটনাৰ পিছত, অ’এনজিচিয়ে জিলা প্ৰশাসনৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে প্ৰভাৱিত পৰিয়ালসমূহক নিৰাপদভাৱে স্থানান্তৰ কৰি, সুৰক্ষিত আশ্ৰয়, পুষ্টিকৰ খাদ্য, পৰিষ্কাৰ খোৱাৰ পানী আৰু প্ৰয়োজনীয় দৈনন্দিন সামগ্ৰী নিশ্চিত কৰিছে।সংকটকালীন প্ৰতিক্ৰিয়াৰ অংশ হিচাপে জনস্বাস্থৰ ৰক্ষা নিশ্চিত কৰিবলৈ, অ’এনজিচিয়ে ডাক্তৰসহ ২৪ ঘণ্টাই বিনামূলীয়া চিকিৎসা শিবিৰ স্থাপন কৰিছে, য’ত প্ৰয়োজনীয় ঔষধৰ ব্যৱস্থা কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us