চেম্পিয়নছ ট্ৰফীতে আৰ্জিলে একাধিক কৃতিত্ব

বিৰাট কোহলি। বিশ্ব ক্ৰিকেটৰ এটি চিনাকি নাম। শিশুৰ পৰা বৃদ্ধলৈকে তেওঁক নজনা, তেওঁৰ নাম নুশুনা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ। বিশ্বৰ আগশাৰীৰ বেটাৰসকলৰ ভিতৰত বিৰাট কোহলিও অন্যতম। অতি শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীত তেওঁ অৰ্জন কৰিছে একাধিক কৃতিত্ব।

author-image
Asomiya Pratidin
New Update
অন্য এক কৃতিত্ব কোহলিৰ

অন্য এক কৃতিত্ব কোহলিৰ

বিৰাট কোহলি। বিশ্ব ক্ৰিকেটৰ এটি চিনাকি নাম। শিশুৰ পৰা বৃদ্ধলৈকে তেওঁক নজনা, তেওঁৰ নাম নুশুনা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা বিধৰ। বিশ্বৰ আগশাৰীৰ বেটাৰসকলৰ ভিতৰত বিৰাট কোহলিও অন্যতম। অতি শেহতীয়াকৈ চেম্পিয়নছ ট্ৰফীত তেওঁ অৰ্জন কৰিছে একাধিক কৃতিত্ব। এই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এই প্ৰতিবেদন।

Advertisment

বিশ্বৰ বহু আগশাৰীৰ বলাৰে তেওঁক সমীহ কৰে। বহু বলাৰৰ বাবে তেওঁ মূৰৰকামোৰণিসদৃশ ! বহু উদীয়মাণ বলাৰৰ বাবে তেওঁ প্ৰাপ্তি। কাৰণ এয়েই যে তেওঁৰ উইকেট দখল কৰা মানে ক্ৰিকেট জীৱন ধন্য হয় এজন বলাৰৰ। 

সেয়ে তেওঁৰ উইকেটটো আন উইকেটতকৈ কিছু পৃথক আৰু একক। আগেয়ে সেই দৃশ্য দেখা গৈছিল শচীন তেণ্ডুলকাৰ, ৰিকী পণ্টিং, গাংগুলী আদিৰ দৰে ক্ৰিকেটাৰৰ ক্ষেত্ৰত।

অতি কম সময়তে তেওঁ গঢ়িছে ভালেকেইটা ৰেক’ৰ্ড। তাৰোপৰি তেওঁৰ এই বৰ্ণিল ক্ৰিকেট কেৰিয়াৰত অৰ্জন কৰিছে বহু কৃতিত্ব। 

শচীন তেণ্ডুলকাৰ হৈছে তেওঁৰ আদৰ্শ ক্ৰিকেটাৰ। গুৰু হিচাপে মানে তেণ্ডুলকাৰক। যুৱৰাজ সিঙক কৰে যথেষ্ট সমীহ। আশিষ নেহৰা, মহেন্দ্ৰ সিং ধোনী, ঈশান্ত শৰ্মাহঁতৰ সৈতে আছে মধুৰ সম্পৰ্ক। 

জ্যেষ্ঠ ক্ৰিকেটাৰ প্ৰতি থকা সন্মান আৰু কনিষ্ঠ ক্ৰিকেটাৰৰ প্ৰতি থকা ভাতৃত্বসুলভ আচৰণে ক্ৰিকেট কেৰিয়াৰৰ উপৰি তেওঁক লৈ গৈছে আন এক শিখৰলৈ। এগৰাকী ক্ৰিকেটাৰ হিচাপে নিসন্দেহে তেওঁ অনন্য প্ৰতিভাধৰ। তাৰোপৰি বেটছমেন হিচাপেও আছে এক সুকীয়া পৰিচয়। বেটৰ জৰিয়তে ২২ গজৰ ভূমিত গঢ়িছে তেওঁ কেইবাটাও অভিলেখ। 

কাৰ্যতঃ এই সকলো গুণৰ অধিকাৰীজনেই হৈছে বিৰাট কোহলি। এগৰাকী সম্পূৰ্ণ ক্ৰিকেটাৰ। বেটিং- ফিল্ডিং আৰু নেতৃত্ব এই তিনিও ক্ষেত্ৰতে তেওঁৰ আছে অনন্য অৱদান। 

সম্প্ৰতি পাকিস্তান আৰু ডুবাইত চলি আছে চেম্পিয়নছ ট্ৰফী। পাকিস্তানে আয়োজন কৰা আই চি চিৰ এই সন্মানীয় প্ৰতিযোগিতাখনত কেইবাটাও কৃতিত্ব আৰ্জিবলৈ সক্ষম হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিয়ে। কোহলিয়ে অৰ্জন কৰিছে ইটোৰ পাছত সিটো কৃতিত্ব।

প্ৰতিযোগিতাখনত পাকিস্তানৰে হোৱা মেচখনত কোহলিয়ে অৰ্জন কৰিছে দুটা কৃতিত্ব। প্ৰথমটো হৈছে ভাৰতীয় খেলুৱৈ হিচাপে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত অৰ্জন কৰে সৰ্বাধিক কেচ আয়ত্ব কৰাৰ কৃতিত্ব। পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল প্ৰাক্তন ক্ৰিকেটাৰ আজহাৰউদ্দিনে।

একেদৰে উক্ত মেচতে তেওঁৰ দ্বিতীয়টো কৃতিত্ব হৈছে এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত বেটাৰ হিচাপে তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহ। ভাৰতৰ শচীন তেণ্ডুলকাৰ আৰু শ্ৰীলংকাৰ কুমাৰ ছাংগাকাৰৰ পাছতে তেওঁ বিশ্বৰ তৃতীয়গৰাকী খেলুৱৈ হিচাপে ১৪ হাজাৰ ৰান সম্পূৰ্ণ কৰে। 

চেম্পিয়নছ ট্ৰফীতে অৰ্জন কৰা এই দুই কৃতিত্বৰ পাছত ২ মাৰ্চ ২০২৪ত নিউজিলেণ্ডৰে অনুষ্ঠিত হোৱা মেচখনতো অৰ্জন কৰে আন এক কৃতিত্ব। এই কৃতিত্বটো হৈছে ৩০০ খন এদিনীয়া আন্তৰ্জাতিক মেচ খেলাৰ কৃতিত্ব। বিৰাট কোহলি নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ লগে লগে ৩০০ খন আন্তৰ্জাতিক এদিনীয়া মেচ খেলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। অৱশ্যে এই কৃতিত্বৰ গৰাকীৰ ভিতৰত বিৰাট কোহলিৰ আগত আছে ভাৰতৰ শচীন তেণ্ডুলকাৰ, গাংগুলী, যুৱৰাজ সিং, ধোনী। তেওঁলোকে এই কৃতিত্ব পূৰ্বেই অৰ্জন কৰিছিল। 

এনেকৈয়ে সময়ৰ সোঁতত বিৰাট কোহলিয়ে অৰ্জন কৰি গৈছে ইটোৰ পাছত সিটো কৃতিত্ব। সমান্তৰালকৈ গঢ়ি গৈছে অভিলেখ। অৱশ্যে পূৰ্বে গঢ়ি থোৱা অভিলেখ ভংগ কৰিবলৈ আৰু কিছু সময় লাগিব তেওঁক। 

সি যি কি নহওঁক ফিটনেছ আৰু প্ৰদৰ্শনৰ দিশৰে বিৰাটৰ হাতত কিছু সময় আছে। গতিকে অনুৰাগীৰ আশা- শীঘ্ৰেই ভংগ কৰি গঢ়িব বহু নতুন নতুন অভিলেখ। গৰাকী হ’ব আৰু বহু কৃতিত্বৰ। ভাৰতীয় ক্ৰিকেটে বিৰাট কোহলিৰ পৰা আৰু বহু কিবা কিবা পোৱাৰ সময় আছে। এনেকৈ বিশ্ব ক্ৰিকেটত জিলিকি থাকক বিৰাট কোহলি...।

cricket virat kohli বিৰাট কোহলি