আৰু এজন লিটল মাষ্টাৰ...

সময়ৰ গতিত কোন, কেতিয়া, কেনেকৈ উজলি উঠে, নাইবা কোন, কেতিয়া সময়ৰ গৰাহত বিচ্চিন্ন হৈ যায় ; সেই কথা কোনেও ক’ব নোৱাৰে। মানুহ কৰ্মৰ দ্বাৰা জিলিকি উঠে। কৰ্মই মানুহক এক সুকীয়া পৰিচয় প্ৰদান কৰাত সহায় কৰে। কৰ্মফলে কেতিয়াও ধনী, দুখীয়া, উচ্চ-নীচ এইবোৰ বিচাৰ নকৰে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
শামুকৰ পেটত মানিক...

সময়ৰ গতিত কোন, কেতিয়া, কেনেকৈ উজলি উঠে, নাইবা কোন, কেতিয়া সময়ৰ গৰাহত বিচ্চিন্ন হৈ যায় ; সেই কথা কোনেও ক’ব নোৱাৰে। মানুহ কৰ্মৰ দ্বাৰা জিলিকি উঠে। কৰ্মই মানুহক এক সুকীয়া পৰিচয় প্ৰদান কৰাত সহায় কৰে। কৰ্মফলে কেতিয়াও ধনী, দুখীয়া, উচ্চ-নীচ এইবোৰ বিচাৰ নকৰে। কৰ্মফলেৰে উজলি উঠা তেনে এটি নক্ষত্ৰ হৈছে ভিগনেশ পুথুৰ। এটি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা পুথুৰ সম্প্ৰতি মুম্বাই ইণ্ডিয়ানছৰ স্পীন বলাৰ হিচাপে দলত স্থান লাভ কৰিছে। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...

Advertisment

ভিগনেশ পুথুৰ। এতিয়া সকলো ক্ৰিকেটপ্ৰেমীৰ মুখত চৰ্চিত এটি নাম। সম্প্ৰতি তেওঁ আই পি এলৰ অন্যতম ফ্ৰেন্সাইজী তথা নীতি আম্বানি মালিকনাধীন মুম্বাই ইণ্ডিয়ানছ এগৰাকী স্পীন বলাৰ। 

তেওঁৰ স্পীন আক্ৰমণত খহে প্ৰতিপক্ষৰ বেটিং লাইন। উল্লেখযোগ্য যে, ২০২৫ সংস্কৰণৰ আই পি এলত অভিষেক ঘটা পুথুৰৰ চিকাৰ হৈছে ভালেকেইগৰাকী তাৰকা বেটছমেন। তেওঁৰ দুহাতত আছে যাদু। ক্ৰিকেট সমালোচকৰ পৰা তেওঁ এগৰাকী মিতব্যয়ী বলাৰ হিচাপেও আখ্যা পাইছে। 

মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্ডিক পাণ্ডিয়া, তাৰকা বেটাৰ সূৰ্যকুমাৰ যাদৱ আদিৰ দৰে তাৰকা খেলুৱৈয়ে তেওঁ যথেষ্ট মৰম কৰে। অতি কমবয়সীয়া আৰু প্ৰতিভাশালী ক্ৰিকেটাৰ হোৱাৰ সুবাদতে তেওঁ এই মৰম আদায় কৰিব পাৰিছে। সমান্তৰালকৈ ক্ৰিকেট অনুৰাগীৰ পৰাও তেওঁ আদায় কৰিছে মৰম আৰু আদৰ।

এতিয়া সকলো প্ৰচাৰ মাধ্যমতে চৰ্চাৰ কেন্দ্ৰবিন্দু ভিগনেশ পুথুৰ। মূলসুঁতিৰ সংবাদ মাধ্যমৰ পৰা সামাজিক মাধ্যমলৈকে এতিয়া পুথুৰৰ প্ৰতিভাকলৈ চৰ্চা। ইতিবাচক মন্তব্য আৰু প্ৰশংসাৰে উপচাই তেওঁক বহু সংখ্যকে ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ নক্ষত্ৰ বুলি উপমা দিছে। 

৩০ লাখ টকাত ক্ৰয় কৰা পুথুৰে এতিয়ালৈকে ৪খন মেচত মুম্বাই ইণ্ডিয়ানছক প্ৰতিনিধিত্ব কৰিছে। ৪খন মেচৰ ৪টা ইনিংছত তেওঁ দখল কৰিছে ৬টা উইকেট। 

এই ৪খন মেচত তেওঁ খৰচ কৰিছে ৯৪ ৰান। ইকন’মি তেওঁৰ ৮.৫৪। সম্প্ৰতি আই পি এলত তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন ৩/৩২। অৰ্থাৎ ৩২ ৰানৰ বিনিময়ত তেওঁ দখল কৰিছে ৩টা উইকেট। তেওঁ এগৰাকী উইকেট দখলকাৰী বলাৰ।

এয়া হৈছে আই পি এল ২০২৫ত বৰ্তমানলৈকে তেওঁ লাভ কৰা সাফল্য। আই পি এল শেষ হ’বলৈ এতিয়াও হাতত বহু সময় বাকী আছে। তেনে পৰিপ্ৰেক্ষিতত পুথুৰে আৰু বহু সফলতা লাভ কৰাৰ বাবে সময় আছে। এনেদৰে আগবাঢ়ি গৈ থাকিলে চলিত আই পি এলত আৰু বহু অভিজ্ঞতা অৰ্জনৰ লগতে সাফল্য লাভ কৰিবলৈ সক্ষম হ’ব তেওঁ।

এতিয়া আহো পুথৰৰ আই পি এল যাত্ৰা আগমুহূৰ্তৰ সময়খিনিলৈ। ভিগনেশ পুথুৰ কোনো সোণৰ চামুচ মুখত লৈ জন্ম লাভ কৰা সন্তান নহয়। তেওঁ হৈছে দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা সন্তান। ঘৰ কেৰালাৰ মাল্লাটপুৰমত।

বহু তিক্ত অভিজ্ঞতা, অভাৱ- অনাটনৰ মাজেৰে পাৰ হৈ অহা এজন যুৱ ক্ৰিকেটাৰ। দেউতাকে পেছাগতভাৱে এগৰাকী অট’চালক। নাম তেওঁৰ সুনীল কুমাৰ। 

একেদৰে মাতৃ হৈছে এগৰাকী গৃহিণী। আৰ্থিক দৈন্য সত্বেও পুথুৰক পিতৃ-মাতৃয়ে ক্ৰিকেট খেলিবলৈ প্ৰেৰণ যোগাই আহিছে। ক্ৰিকেটেই তেওঁৰ বাবে জীৱন। ক্ৰিকেটকলৈ তেওঁ দেখে অলেখ সপোন। সেই সপোনক সাকাৰ ৰূপ দিবলৈ দিনে-নিশাই কষ্ট কৰে তেওঁৰ মাক- দেউতাকে।

২৩ বছৰীয়া পুথুৰে কোনো দিনেই কেৰালা ছিনিয়ৰ দলৰ হৈ ক্ৰিকেট খেলা নাই। মাত্ৰ কেৰালা ক্ৰিকেট লীগত এটা দলৰ খেলিছিল। তাতেই তেওঁ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি মুম্বাই ইণ্ডিয়ানছৰ কৰ্মকৰ্তাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। মুম্বাই ইণ্ডিয়ানছৰ কাৰ্যকৰ্তাই তেতিয়াই চিনাক্ত কৰিছিল পুথুৰ সুপ্ত প্ৰতিভাৰ বীজ। আস্থা ৰাখিছিল তেওঁৰ প্ৰতিভাৱৰ ওপৰত আৰু এদিন এনেকৈয়ে তেওঁক আমন্ত্ৰণ কৰা হৈছিল নিলামলৈ। 

তাৰ পাছতে ভাগ্যৰ চকৰি ঘূৰিছিল পুথুৰৰ। নিশাৰ ভিতৰতে ৩০ লাখ টকাৰ গৰাকী হৈছিল তেওঁ। সপোনে প্ৰাণ পাই উঠিছিল। মুম্বাইৰ কৰ্মকৰ্তাৰ আস্থাক তেওঁ সন্মান কৰিছিল আৰু নিজৰ প্ৰদৰ্শনত গুৰুত্ব দিছিল। তাৰ ফচল লাভ কৰিছিল ২৩ মাৰ্চত অনুষ্ঠিত হোৱা মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচত। 

দখল কৰিছিল ৩টা মূল্যৱান উইকেট। তেওঁৰ বলৰ চিকাৰ হৈছিল ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ খেলুৱৈ ৰুতুৰাজ গাইকোৱাড়, শিৱম ডুবে আৰু দীপক হুদা। সেই মেচখনত তেওঁক বলিং বিশ্লেষণ আছিল এনেধৰণৰ- ৪- ০- ৩২- ৩- ৮.০০। অৰ্থাৎ ৪ অ’ভাৰ বলিং কৰি ৩২ ৰান খৰচ কৰি ৩টা উইকেট দখল। তাৰোপৰি তেওঁৰ এই স্পেলটোত ইকন’মি আছিল ৮.০০।

এনেকৈয়ে এতিয়া আগবাঢ়ি গৈ আছে ভিগনেশ পুথুৰ। হয়তো মুম্বাই ইণ্ডিয়ানছৰ সূৰ্যকুমাৰ, হাৰ্ডিক পাণ্ডিয়া, বুমৰাহ আদিৰ দৰে তেঁৱো এদিন পিন্ধিব জাতীয় দলৰ নীলা জাৰ্চী ! অপেক্ষা মাথোঁ সময়লৈ। ভাৰতীয় ক্ৰিকেটে লাভ কৰক পুথুৰৰ ৰূপত এটি উজ্জ্বল নক্ষত্ৰ...

Vignesh Puthur ipl mumbai indians