টি-২০ৰ পাছত এইবাৰ টেষ্ট ক্ৰিকেটৰ পৰাও বিদায় ৰোহিতৰ

সেয়া আছিল ২০০৭ চনৰ কথা। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰিছিল বি চি চি আয়ে। দলত স্থান দিয়া হৈছিল মুম্বাইৰ প্ৰতিভাৱান এটি কিশোৰক। বয়স তেতিয়া তেওঁৰ কুৰি বছৰ।

author-image
Asomiya Pratidin
New Update
ৰোহিত শৰ্মা

ৰোহিত শৰ্মা

ৰোহিত শৰ্মা। যিয়ে ভাৰতীয় ক্ৰিকেটক দিছে অপাৰ অৱদান। দলৰ বিপৰ্যয়ৰ সময়ত কান্ধ পাতি লৈছে অধিনায়কৰ দায়িত্বভাৰ। মাত্ৰ ৯টা মাহৰ ব্যৱধানত দিছে টি২০ আৰু চেম্পিয়নছ ট্ৰফীৰ খিতাপ। আই পি এলতো আছে ঈৰ্ষণীয় সাফল্য। সেই ৰোহিত শৰ্মাই এইবাৰ টেষ্ট ক্ৰিকেটক জনালে বিদায়। এই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন- 

Advertisment

সময় আহে, সময় যায়। সময় বালিত ৰৈ যায় মানুহে কৰা সৃষ্টি, মানুৱসৃষ্ট শিল্প। তথাপি সময় কাৰো নহয় আপোন! ধৰি ৰাখিব নোৱাৰি সময়ক। সময়ৰ দাবীত আমি সকলোৱে একো একো জন দাস ! 

সেয়া আছিল ২০০৭ চনৰ কথা। আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব লগা এদিনীয়া শৃংখলাৰ বাবে দল ঘোষণা কৰিছিল বি চি চি আয়ে। দলত স্থান দিয়া হৈছিল মুম্বাইৰ প্ৰতিভাৱান এটি কিশোৰক। বয়স তেতিয়া তেওঁৰ কুৰি বছৰ।

সেই শৃংখলাত ২৩ জুনৰ দিনা এগৰাকী বেটছমেন হিচাপে ভাৰতীয় জাতীয় ক্ৰিকেট দলত অভিষেক ঘটিছিল তেওঁৰ। তাৰ পাছত উক্ত বৰ্ষতে ১৯ ছেপ্তেম্বৰত টি-২০ ক্ৰিকেটত অভিষেক ঘটিছিল কিশোৰজনৰ। ইয়াৰ পাছৰ পৰা আৰু তেওঁ উভতি চাব লগা হোৱা নাই।

এনেদৰেই তেওঁৰ দৰ্শনীয় প্ৰদৰ্শনৰ ভিত্তিত স্থান দিয়া হৈছিল সন্মনীয় ক্ৰিকেট সংস্কৰণ ৰঙা বলৰ ক্ৰিকেটত। অৰ্থাৎ টেষ্ট ক্ৰিকেটত। ২০১৩ চনৰ নৱেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ঘটিছিল তেওঁৰ টেষ্ট অভিষেক। তাৰ পাছৰ পৰাই তেওঁ ক্ৰিকেটৰ তিনিওটা সংস্কৰণতে গঢ়ি গৈছে ইটোৰ পাছত সিটো অভিলেখ। 

কেৱল ইমানেই নহয়, সৌৰভ গাংগুলীয়ে চহ কৰা আৰু মহেন্দ্ৰ সিং ধোনীয়ে যত্ন লোৱা ভাৰতীয় ক্ৰিকেট পথাৰখনৰ শস্যডৰাক তেওঁ কৰিছিল প্ৰতিপালন। আৰু আজিৰ পৰ্যায়লৈ আৰোহণ কৰাত তেওঁৰ আছে অনস্বীকাৰ্য অৱদান। তেওঁ আন কোনো নহয়। নাম তেওঁৰ ৰোহিত শৰ্মা।
কিছুদিন আগেয়ে তেওঁ টি-২০ বিশ্বকাপ জয় কৰাৰ দিনাই বিৰাট কোহলিৰ সৈতে ঘোষণা কৰিছিল অৱসৰ। তাৰ এবছৰ নৌঁহতেই ৭মে’ ২০২৫ৰ দিনা টেষ্ট ক্ৰিকেটকো জনাই বিদায়। 

এতিয়া বাকী থাকিল কেৱল এদিনীয়া ক্ৰিকেট। নতুন চামক সুযোগ দিয়া আৰু বয়সৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ দুয়োটা সংস্কৰণকে বিদায় জনায়। এতিয়াৰে পৰা তেওঁ আই পি এল আৰু এদিনীয়া ক্ৰিকেট খেলি যাব। 

ৰোহিত শৰ্মাৰ বৰ্ণময় টেষ্ট কেৰিয়াৰত গঢ়িছে বহুতো সাফল্য। এটা যুগ তেওঁ টেষ্ট ক্ৰিকেটত আধিপত্য বিস্তাৰ কৰিছে। তেওঁৰ নেতৃত্বতে টেষ্ট ক্ৰিকেটত লাভ কৰিছে সাফল্য। অৱশ্যে এটাই আক্ষেপ- বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ দখল কৰা নহ’ল। 

সি যি কি নহওঁক। তেওঁৰ এই যুগান্তকাৰী টেষ্ট কেৰিয়াৰত খেলিছে ৬৭খন মেচ। য’ত তেওঁ সংগ্ৰহ কৰিছে ৪ হাজাৰ ৩শ ১ৰান। তেওঁৰ নামত আছে ১২ টা শতক আৰু ১৮টা অৰ্ধশতক। এনেকৈয়ে তেওঁ ভাৰতীয় ক্ৰিকেটলৈ আগবঢ়াইছে অলেখ অৱদান। হয়তো তেওঁৰ এই অৱদানৰ বাবে ভৱিষ্যত প্ৰজন্মই সদায়ে মনত ৰাখিব...।

rohit sarma