অভিনয় জানিলেই অভিনয় কৰিব নোৱাৰি। নাটক, চিনেমা আদিত কৰা অভিনয় আৰু ভ্ৰাম্যমাণ থিয়েটাৰত কৰা অভিনয়ৰ মাজত থাকে আকাশ- পাতাল পাৰ্থক্য। তেনে সময়তে ২০২৪-২৫ নাট্যবৰ্ষত ভালেকেইগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা- অভিনেত্ৰীয়ে উজলি উঠিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে একাংশ নৱাগত অভিনেতা- অভিনেত্ৰী। এইসকল অভিনয় শিল্পীকলৈ ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন...
ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰাটো সকলোৰে বাবে সহজসাধ্য নহয়। লাইভ মিউজিক, ১০-১৫ ছেকেণ্ডৰ ভিতৰতে পোছাক সলনি কৰা, ইখনৰ পৰা সিখন মঞ্চলৈ মুহূৰ্তৰ ভিতৰতে প্ৰৱেশ কৰা, পোহৰ ইত্যাদি বহু কাৰণৰ বাবে ভ্ৰাম্যমাণত অভিনয় কৰাটো একপ্ৰকাৰ কঠিন কাৰবাৰ। গীতৰ তালে তালে মুহূৰ্ততে সাজ- পোছাক সলোৱা কথাটো আছেই। তাৰ মাজতে অভিনেতা- অভিনেত্ৰীসকলে এখন নাটকত অভিনয় কৰি দৰ্শকক আমোদ দিয়াৰ বাবে চেষ্টা কৰে।
২০২৪-২৫ নাট্যবৰ্ষত ভালেকেইখন নতুন মুখ বিভিন্ন নাট্যদলত দেখিবলৈ পোৱা গৈছে। হেঙুল থিয়েটাৰত কমল লোচন, নিৰূপমে প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে। একেদৰে কহিনুৰত প্ৰতীম বৰুৱা, সূৰ্য থিয়েটাৰত ময়ূৰী গৌতম, ইতিহাস থিয়েটাৰৰ বৰ্তমানৰ অভিনেত্ৰী আশা ৰিয়াৰ এইটো দ্বিতীয় নাট্যবৰ্ষ। ইয়াৰ আগেয়ে ২০২৩-২৪ নাট্যবৰ্ষত তেওঁ কহিনুৰৰ যোগেদি ভ্ৰাম্যমাণত প্ৰৱেশ কৰিছিল।
জেৰিণা বৰুৱাই ভ্ৰাম্যমাণত ২০২৩-২৪ নাট্যবৰ্ষত প্ৰৱেশ কৰিছিল। ৰাজমুকুট থিয়েটাৰত সেই বৰ্ষত তেওঁ মুখ্য সহযোগী অভিনেত্ৰী হিচাপে আছিল। উক্ত বৰ্ষতে ভ্ৰাম্যমাণত প্ৰৱেশ ঘটিছিল মোহময়ী আৰু প্ৰতিভাৱান অভিনেত্ৰী নন্দিনী কাশ্যপৰ। আনহাতে কমল লোচন, নিৰূপম, প্ৰীতম বৰুৱা, ময়ূৰী গৌতম আদিৰ বাবে এই নাট্যবৰ্ষটো অভিষেক নাট্যবৰ্ষ। ইয়াৰে গৰিষ্ঠসংখ্যক কুশীলৱৰ কেমেৰাৰ সন্মুখত অভিনয় কৰাৰ অভিজ্ঞতা আছে।
সমান্তৰালকৈ অপেছাদাৰী নাট্যদলত অভিনয় কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে এওঁলোকে। গুৰুত্বপূৰ্ণ কথাটো হ’ল যে এই আটাইকেগৰাকী উদীয়মাণৰ ভিতৰত অধিকাংশ শিল্পীয়ে ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথমবাৰ অভিনয় কৰিছে। কেৱল ইমানেই নহয়- অভিষেক নাট্যবৰ্ষতে ইয়াৰে কেইবাজনো অভিনেতা- অভিনেত্ৰীয়ে দৰ্শকৰ পৰা মৰম আদায় কৰিবলৈ সক্ষম হৈছে।
তেওঁলোকে যেতিয়া ভ্ৰাম্যমাণৰ মঞ্চত অভিনয় কৰি থাকে, তেতিয়া তেওঁলোকৰ অভিনয়শৈলীত এইটো স্পষ্টৰূপত ধৰা পৰে যে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে। অগ্ৰজসকলৰ লগতে পৰিচালকৰ পৰা শিকাত অলপো কৃপণালি কৰা নাই। ভ্ৰাম্যামাণৰ দৰ্শকৰ পৰা বাহঃ বাহঃ লোৱা মানেই গম পোৱা যায় কিটো পৰ্যায়ত তেওঁলোকে অভিনয় কৰিছে।
অভিষেক নাট্যবৰ্ষত উজলি উঠা অভিনেতা- অভিনেত্ৰীসকলৰ ভিতৰত প্ৰথমেই নাম ল’ব পাৰি সূৰ্য থিয়েটাৰৰ মুখ্য অভিনেত্ৰী ময়ূৰী গৌতমৰ। তেওঁৰ অভিনয় চমকপ্ৰদ অভিনয়। নলবাৰীৰ বিদ্যাপুৰৰ জীয়ৰী মূয়ুৰীয়ে এইবাৰ ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয়ৰ মন মেলিছে। সুদৰ্শন অভিনেতা উৎপল দাসৰ বিপৰীতে মৰমত তেজৰ টোপাল নাটকখনত ময়ূৰীয়ে কৰা অভিয়ন অতি সুন্দৰ। নাট্যকাৰে ৰচনা কৰা চৰিত্ৰটোৰ সৈতে নিজকে খাপ খুৱাই লোৱাত ময়ূৰীয়ে অকণো কৃপণালি কৰা নাই বুলি বোধ হয়।
হেঙুল থিয়েটাৰৰ দ্বাৰাই ভ্ৰাম্যমাণ থিয়েটাৰলৈ বুলি যাত্ৰা কৰিছে প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় চিকিমৰ ছাত্ৰ কমল লোচনে। তেওঁৰ উপৰি নাট্যদলটোত আছে নৱাগত নিৰূপম। সৰু পৰ্দাত দুয়োখন চিনাকী মুখ। দুয়ো নিজ নিজ স্থানত একোগৰাকী দক্ষ অভিনেতা।
দুয়োগৰাকীয়ে এই অভিষেক নাট্যবৰ্ষটোত নিজ নিজ অভিনয়শৈলীৰে উজলি উঠাৰ লগতে দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। বিড়ি নাটকখনৰ বাবে নলবাৰী ৰাস মহোৎসৱত কমল লোচনে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান বুটলিবলৈও সক্ষম হৈছে। ভ্ৰাম্যমাণৰ নৱাগত অভিনেতা এগৰাকীৰ বাবে এয়া কম ডাঙৰ প্ৰাপ্তি নে ! একেদৰে ভ্ৰাম্যমাণ কেৰিয়াৰৰ দ্বিতীয়টো নাট্যবৰ্ষত উজলি উঠিছে হেঙুল থিয়েটাৰৰ নায়িক স্নিগ্ধা গগৈ। বিড়ি নাটকত তেওঁৰ আবেগবিহ্বল অভিনয়ে দৰ্শকক দিছে অন্য এক মাত্ৰা।
উল্লেখযোগ্য যে ভ্ৰাম্যমাণত যোৱাৰ পিছৰে পৰা কমল লোচনে নিজৰ অভিনয়কলৈ কৰা কষ্ট নাটকেইখন চালেই অনুমান কৰিব পাৰি। সকলো দিশতে পাকৈত কৰি তুলিছে নিজক। কেৱল অভিনয়েই নহয়, নৃত্য আৰু এক্সনতো সমানেই পাকৈত হৈ উঠিছে কমল লোচন। নিৰূপম আৰু স্নিগ্ধ গগৈয়েও কষ্ট কৰিছে আৰু সেই কষ্টৰ ফল দৰ্শকে মৰমেৰে দিছে।
একেদৰে পিতৃ ভবেশ বৰুৱাৰ পদাংক অনুসৰণ কৰি স্ব- প্ৰতিভাৱে কহিনুৰ থিয়েটাৰৰ যোগেদি ভ্ৰাম্যমাণত অভিষেক ঘটাইছে প্ৰীতম বৰুৱাই। তেওঁৰ অভিনয়ো প্ৰথমাৱস্থত নৱাগত বুলি ধৰিব পাৰি যদিও পাছৰ পেণ্ডেলসমূহত দক্ষতা পূৰ্ণৰূপত প্ৰকাশ পাইছে। সুন্দৰ অভিনয়েৰে নিজৰ চৰিত্ৰ ৰূপায়ণত সৰ্বোচ্চ উজাৰি দিছে প্ৰীতম বৰুৱাই।
কহিনুৰ থিয়েটাৰৰ আনগৰাকী অভিনেত্ৰী হৈছে জেৰিণা বৰুৱা। ভ্ৰাম্যমাণত জেৰিণাৰ এইবাৰ দ্বিতীয় নাট্যবৰ্ষ। তেওঁৰ দক্ষতাসম্পন্ন অভিনয়েৰে কহিনুৰক কহিনুৰ হৈ থকাত উল্লেখণীয় বৰঙণি যোগাইছে। প্ৰতিভাৱান অভিনেত্ৰী জেৰিণাই মৃদুল চুতীয়াৰ পিঞ্জৰা নাটকখনত কৰা অভিনয়ে সকলোৰে মন- মগজু চুই গৈছে। প্ৰতিটো পেণ্ডেলতে তেওঁৰ সাৱলীল অভিনয়ে সকলোকে খোৰাক যোগাইছে। আমাৰে সখীয়াৰ আকুল বিয়া...শীৰ্ষত গীতটিৰ যথাৰ্থ বুজোৱাৰ ক্ষেত্ৰত তেওঁ কৰা অভিনয় অতি উচ্চমানৰ বুলি বহু দৰ্শকে শলাগ লৈছে।
ভ্ৰাম্যমাণৰ আন এগৰাকী প্ৰতিশ্ৰুতিসমম্পন্ন অভিনেত্ৰী হৈছে ইতিহাস থিয়েটাৰৰ আশা ৰিয়া ফুকন। বিগত নাট্যবৰ্ষত তেওঁ কহিনুৰ থিয়েটাৰৰ দ্বাৰা ভ্ৰাম্যমাণত অভিষেক ঘটাইছিল। এইবাৰ তেওঁৰ দ্বিতীয়টো নাট্যবৰ্ষ। এই নাট্যবৰ্ষত ইতিহাস থিয়েটাৰৰ মূল নাট অভিজিৎ ভট্টাচাৰ্যৰ মহাৰাজত অপ্ৰতিদ্বন্দ্বী অভিনেতা যতীন বৰা আৰু মোহময়ী অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰিছে আশা ৰিয়াই। দ্বিতীয় নাট্যবৰ্ষতে দৰ্শকৰ পৰা মৰম আদায় কৰিবলৈ সক্ষম হৈছে আশা ৰিয়া।
এগৰাকী মৰম আকলুৱা কন্যা, নৃত্য কৰি ভালপোৱা আৰু সময়ৰ সোঁতত নিচাযুক্ত দ্ৰব্যৰ প্ৰতি দেখুওৱা আসক্তি প্ৰতিফলিত কৰি কৰা অভিনয় অতি উচ্চমানৰ। ভ্ৰাম্যমাণত এইধৰণৰ অভিনয় কৰাটো কৰোতাজনেহে বুজিব ! সেই দিশৰ পৰা এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰী হিচাপে চলিত নাট্যবৰ্ষত উজলি উঠিছে আশা ৰিয়া। এককথাত অভিয়ৰ লগতে নৃত্যতো পাকৈত এগৰাকী অভিনেত্ৰী আশা ৰিয়া ফুকন।
ইফালে ভ্ৰাম্যমাণৰ দ্বিতীয় নাট্যবৰ্ষৰ আন এগৰাকী অভিনেত্ৰী হৈছে নন্দিনী কাশ্যপ। এইবাৰ তেওঁ ৰাজলক্ষ্মী থিয়েটাৰৰ নায়িকা হিচাপে অভিনয় কৰি আছে। তেওঁৰ নয়নাভিৰাম অভিনয়ে সকলো শ্ৰেণীৰ দৰ্শকক আমোদ দিছে। তিনিওখন নাটকতে তেওঁৰ চৰিত্ৰটি ফুটাই তোলাত অকণো কৃপণালি কৰা নাই। বিশেষকৈ ঘা নামৰ নাটকখনত তেওঁ কৰা অভিনয় উচ্চমানৰ। সংলাপ প্ৰক্ষেপতো আছে বিশেষ ভংগী। যি ভংগী দৰ্শককে আঁকোৱালি লৈছে। অভিনয়ৰ লগতে নৃত্য আৰু এক্সনতো সমানেই দক্ষ নন্দিনী কাশ্যপ।
ইয়াৰ উপৰি বিগত কেইটিমান বছৰত ভ্ৰাম্যমাণত নিজৰ অভিনয়ৰে সুকীয়া আসন দখল কৰা কল্পনা কলিতাৰ অভিনয়েও দৰ্শকৰ পৰা আদৰ বুটলিবলৈ সক্ষম হৈছে। ৰাজলক্ষ্মী থিয়েটাৰৰ অন্যতম অভিনেত্ৰী কল্পনা কলিতাই ঘা নাটকখনত কৰা অভিনয়ে দৰ্শকক কন্দুৱাবলৈ সক্ষম হৈছে। নাট্যকাৰে আবেগসনা প্ৰতিটো দৃশ্যত আবেগ ঢালি অভিনয় কৰিছে অভিজ্ঞ অভিনেত্ৰী কল্পনা কলিতাই।
নাটকখনৰ এটা দৃশ্যত দেখুওৱা বিয়াৰ কিছুদিন পাছতে একালৰ প্ৰেমিক আৰু বৰ্তমানৰ স্বামীক হেৰুওৱাৰ বেদনা কিমান কৰুণ আৰু আবেগবিহ্বল সেই অনুভৱ দৰ্শকক দিয়াত সম্পূৰ্ণৰূপে সফল হৈছে কল্পনা কলিতা। এটি গীতত নৱবিবাহিতা জয়া নামৰ চৰিত্ৰটোৱে দৰ্শকৰ মাজলৈ আহি স্বামীক বিচৰা সেই কৰুণ দৃশ্যটিয়ে সকলোকে ক্ষণিকৰ বাবে হ’লেও আবেগিক কৰি তুলিবলৈ সক্ষম হৈছে।
মুঠৰ ওপৰত ভ্ৰাম্যমাণ থিয়েটাৰে এইবাৰ ভালেকেইগৰাকী নৱাগতৰ লগতে উদীয়মাণ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা- অভিনেত্ৰী লাভ কৰিছে। যিটো অনাগত দিনৰ বাবে ইতিবাচক দিশ।