/asomiyapratidin/media/media_files/2025/01/15/la0XyzJ4qFDfDot3tT7H.jpg)
বাৰঘৰীয়া বাৰগোপাল থান
অসমৰ প্ৰান্তে প্ৰান্তে আছে ভালেসংখ্যক ধৰ্মীয় স্থান। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলতো আছে তেনে এখন জাগ্ৰত থান। নাম বাৰঘৰীয়া বাৰগোপাল থান। অইন দিনৰ তুলনাত মাঘ বিহুৰ দোমাহিৰ দিনা এই থানখনলৈ লাখ লাখ ভক্তৰ সোঁত বয়। সেই সন্দৰ্ভতে ভাস্কৰ শৰ্মাৰ এক প্ৰতিবেদন।
বাৰঘৰীয়া বাৰগোপাল থান। শতিকা পুৰণি এটা ধৰ্মীয় অনুষ্ঠান। এই থানখন নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহচক্ৰৰ অন্তৰ্গত ঘোঁৱাৰকুছি গাঁৱত অৱস্থিত। অঞ্চলটোৰ বাৰ ঘৰ গঞাই লগ লাগি প্ৰতিষ্ঠা কৰিছিল এই ধৰ্মীয় স্থানখন। সেই বাবেই এই থানখনৰ নাম বাৰঘৰীয়া থান ৰখা হয় বুলি জনশ্ৰুতি আছে।
এই থানখনত হেনো মাঘৰ দোমাহিৰ দিনা ভক্তই চাকি- ধূপ, নৈবদ্য আদি আগবঢ়ালে ভক্তৰ মনোবাঞ্চা পূৰণ হয়। প্ৰবাদ অনুসৰি এই থানখনত গামোচা আগবঢ়ালেও সেৱকৰ মনৰ আশা পূৰণ হয়। সেয়ে মাঘৰ দোমাহিৰ দিনা ভক্তসকলে ইয়ালৈ আহে। অৱশ্যে আনবোৰ দিনতো থানখনলৈ ভক্তৰ আহ- যাহ চলি থাকে।
নলবাৰী, বাক্সা আৰু কামৰূপ জিলাৰ উপৰি অসমৰ আন আন প্ৰান্তৰ পৰাও লাখ লাখ ভক্তই বাৰঘৰীয়া লৈ আহি সেৱা জনায়। মুঠৰ ওপৰত মাঘৰ দোমাহিৰ দিনা উদুলি- মুদুলি হৈ পৰে সমগ্ৰ অঞ্চলটি।
এই থানখনত উদ্যোক্তাসকলে ৩দিনীয়াকৈ অনুষ্ঠিত কৰে ভোগালী উৎসৱ। এই উৎসৱৰ লগতে সংগতি ৰাখি বিভিন্ন অনুষ্ঠানৰো আয়োজন কৰা হয়। ধৰ্মালোচনী সভাকে ধৰি আন কেতবোৰ ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে। ইয়াৰ উপৰি ঢুলীয়া, নাগাৰা নাম, নৃত্য- গীতো অনুষ্ঠিত কৰা হয়।
অৱশ্যে আজিকালি এই ভোগালী উৎসৱলৈ ভিন্ন প্ৰান্তৰ ভালেসংখ্যক অস্থায়ী দোকান- পোহাৰৰো সোঁত বোৱাটো লক্ষ্যণীয়। কাপোৰ- কানিকে ধৰি খাদ্য বিপণী, জোতা- চেণ্ডলৰ দোকান, শিশুৰ খেল সামগ্ৰীৰ দোকান ইত্যাদিৰে ভৰি পৰে চৌপাশ। স্থানীয় লোকসকলেও ইয়াত ব্যৱসায় কৰি আৰ্থিক দিশত লাভান্বিত হয়। চাকি, ধূপৰ বিক্ৰী কৰাৰ উপৰি ঘৰতে প্ৰস্তুত কৰা আন আন সামগ্ৰী বিক্ৰী কৰি লাভান্বিত হয় তেওঁলোক।
/asomiyapratidin/media/media_files/2025/01/15/WYwp4D4HMKMiDobbYvOF.jpg)
উল্লেখযোগ্য যে কেৱল ঘোঁৱাৰকুছি গাঁৱৰ ৰাইজেই যে এই ধৰ্মীয় অনুষ্ঠানটিৰ সৈতে জড়িত এনে নহয়। ইয়াৰ উপৰি জাপজাপকুছি, দিহজাৰী, মাজৰবাৰী, সাহপুৰ, সাহান আদি গাঁৱৰ ৰাইজো বাৰঘৰীয়া থানৰ সৈতে অতি নিবিড়ভাৱে জড়িত হৈ থাকে। থানখন পৰিচালনা কৰাৰ ক্ষেত্ৰত এইসকল লোকে বহুখিনি আগভাগ লয়।
এই থানখন আজিৰ পৰা ১২৪ বছৰ আগতে প্ৰতিষ্ঠা কৰা হৈছিল। ১২ ঘৰ গৃহস্থৰ আশাশুধীয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা হোৱা বাবেই থানখনৰ নাম বাৰঘৰীয়া থান হিচাপে নামকৰণ কৰা হয়। এনে এখন ঐতিহ্যমণ্ডিত থানক এতিয়া পৰ্যটনৰস্থলী হিচাপেও চিহ্ণিত কৰিব পাৰি।
থানখনৰ চাৰিওফালে গছ- গছনিৰে আৱৰা হেতুকে এক নান্দিক পৰিৱেশ অনবৰতে বিৰাজ হৈ থাকে। ইয়াৰ উপৰি থানখনত থকা পুখুৰীটোকো সজাই- পৰাই সৌন্দৰ্যবৰ্ধন কৰিব পৰা বহুখিনি থল আছে। অৱশ্যে পূৰ্বতকৈ বহুখিনি উন্নয়নমূলক কাম- কাজ কৰা হৈছে। তাৰ মাজতো এতিয়া কৰিব লগা বহুখিনি কাম বাকী আছে।
দিহজাৰী- মজুমতোলা চুবুৰীৰ পৰা বাৰঘৰীয়ালৈ সোমাই যোৱা ৰাস্তাটোৰ অৱস্থা একেবাৰেই শোচনীয়। যিটো ৰাস্তাৰে অগণন ভক্তৰ সোঁত বয় এই থানখনলৈ। খোলা- বোমা ৰাস্তাটোৰে নিশা আহ- যাহ কৰাতো যথেষ্ট সমস্যাৰ সৃষ্টি হয়। সেই দিশলৈ লক্ষ্য ৰাখি চৰকাৰে এই পথছোৱা নিৰ্মাণত গুৰুত্ব দিলে ৰাইজ উপকৃত হ’ব। উপকৃত হ'ব থান পৰিচালন সমিতি।
আনহাতে যদিহে বাৰঘৰীয়া স্থানক পৰ্যটনৰ স্থল হিচাপে চিহ্ণিত কৰে, তেন্তে অঞ্চলটোৰ আৰ্থ-সামাজিক দিশতো লোকসকল উপকৃত হ'ব। নতুন নতুন অৰ্থনীতিৰ বাট মুকলি হ'ব। য'ত অঞ্চলটোৰ নিবনুৱা লোকসকলেও কৰ্মসংস্থাপনৰ বাট বিচাৰি পাব...