মধ্যপ্ৰাচ্যৰ সৰ্বত্ৰে আমেৰিকান সেনাঃ যুদ্ধৰ আঁৰত আছে নেকি ষড়যন্ত্ৰ?

মধ্যপ্ৰাচ্যৰ আকাশত ক’লা ধোঁৱা উৰুৱাই অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ। দুই বৈৰী ৰাষ্ট্ৰৰ মাজৰ এই যুদ্ধত দেওবাৰে আনুষ্ঠানিকভাৱে প্ৰৱেশ ঘটে আমেৰিকাৰ। 

author-image
Asomiya Pratidin
New Update
মধ্যপ্ৰাচ্যৰ সৰ্বত্ৰে আমেৰিকান সেনাঃ যুদ্ধৰ আঁৰত আছে নেকি ষড়যন্ত্ৰ?

মধ্যপ্ৰাচ্যক অশান্ত কৰি অব্যাহত থকা ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ অৱসানৰ দিশে। যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে দুয়োখন দেশ। আক্ৰমণ, প্ৰত্যাক্ৰমণ অব্যাহত থকা দুয়োখন দেশেই এনে এক সময়ত যুদ্ধ বিৰতিৰ বাবে সন্মত হ'ল যিসময়ত ইৰাণে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত চলাইছিল প্ৰত্যাক্ৰমণ। কিন্তু কেৱল কাটাৰতেই নে? মধ্যপ্ৰাচ্যৰ আৰু ক'ত কিমান আছে আমেৰিকাৰ সামৰিক ঘাটি? এই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন। 

Advertisment

মধ্যপ্ৰাচ্যৰ আকাশত ক’লা ধোঁৱা উৰুৱাই অব্যাহত আছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ। দুই বৈৰী ৰাষ্ট্ৰৰ মাজৰ এই যুদ্ধত দেওবাৰে আনুষ্ঠানিকভাৱে প্ৰৱেশ ঘটে আমেৰিকাৰ। 

যুদ্ধৰ আৰম্ভণিৰ পৰাই আমেৰিকাই ইজৰাইলৰ পক্ষত অৱস্থান কৰি আহিছিল যদিও অৱশ্যে আনুষ্ঠানিকভাৱে যুদ্ধত অংশগ্ৰহণ কৰা নাছিল। কিন্তু শেহতীয়াকৈ দেওবাৰে আমেৰিকাই ইৰাণৰ তিনিটাকৈ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাত আমেৰিকাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে ইৰাণে। 

কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিক লক্ষ্য কৰি ইৰাণে নিক্ষেপ কৰে ক্ষেপণাস্ত্ৰ। এই খবৰ বিয়পি পৰাৰ লগে লগেই এতিয়া মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক ঘাটিক লৈ চৰ্চা হৈছে। 

অৱশ্যে ইৰাণে কাটাৰত থকা আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰাৰ লগে লগেই এই যুদ্ধৰ অৱসান ঘটিছে। হঠাৎ ইৰাণ আৰু ইজৰাইলো যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছে। তাৰ মাজতেই পোহৰলৈ আহিছে আমেৰিকাই ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ পিছতে কাটাৰৰ পৰা তৎক্ষণাত প্ৰত্যাহাৰ কৰিছে তেওঁলোকৰ বৃহৎ সেনা আৰু যুদ্ধ সামগ্ৰী।

উল্লেখ্য যে, মধ্যপ্ৰাচ্যত আমেৰিকাৰ সামৰিক বাহিনীৰ উপস্থিতি নতুন কথা নহয়। মধ্যপ্ৰাচ্যৰ ১২ খনতকৈ অধিক দেশৰ লগতে সেই অঞ্চলৰ জলসীমাতো আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ জাহাজকে ধৰি নৌসেনা। 

৪০ হাজাৰতকৈ অধিক আমেৰিকান সেনা আছে মধ্যপ্ৰাচ্যত

তথ্য অনুসৰি বৰ্তমান এইসমূহ অঞ্চলত ৪০ হাজাৰতকৈ অধিক আমেৰিকান সেনা আছে। তেওঁলোকৰ লগত আছে বিমান প্ৰতিৰক্ষা ব্যৱস্থা, যুদ্ধ বিমান আৰু যুদ্ধজাহাজ। কাটাৰত থকা তেনে এটা সামৰিক ঘাটিতে শেহতীয়াকৈ ইৰাণে চলাইছিল আক্ৰমণ। 

মধ্যপ্ৰাচ্যত ইৰাকৰ যুদ্ধৰ সময়তো সেই অঞ্চলত মাৰ্কিন সামৰিক বাহিনীৰ উপস্থিতি আছিল। ইৰাক যুদ্ধৰ সময়ত সেই অঞ্চলত আছিল ১ লাখ ৬০ হাজাৰতকৈ অধিক মাৰ্কিন সেনা।

আফগানিস্তানৰ যুদ্ধৰ সময়তো আছিল মাৰ্কিন সেনাৰ বৃহৎ উপস্থিতি। বিগত বৰ্ষত ইৰাণ আৰু ইজৰাইলৰ মাজত সৃষ্টি হোৱা উত্তেজনা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আৰু লোহিত সাগৰত বাণিজ্যিক আৰু সামৰিক জাহাজত য়েমনৰ হাউথিৰ ক্ৰমাগত আক্ৰমণৰ ফলশ্ৰুতিত এই অঞ্চলত মাৰ্কিন সেনাৰ উপস্থিতি বৃদ্ধি কৰা হৈছিল। 

বৰ্তমান মধ্যপ্ৰাচ্যৰ মুঠ ১৯ টা স্থানত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক ঘাটি। ইয়াৰে বহু কেইটা স্থায়ী আৰু কেইটামান অস্থায়ী সামৰিক ঘাটি। স্থায়ী সামৰিক ঘাটিৰ ভিতৰত ছৌদি আৰৱ, বহাৰেইন, ইজিপ্ত, ইউ এ ই, ইৰাক, ইজৰাইল, জৰ্ডান, কুৱেইট, কাটাৰ, ছিৰিয়া আদি দেশত আছে।

আন এক তথ্য অনুসৰি জিবুতি আৰু তুৰস্কতো বৃহৎ ঘাটি আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। অৱশ্যে বিভিন্ন স্থানত এই সামৰিক ঘাটিসমূহ আছে যদিও মধ্যপ্ৰাচ্যৰ ছটা স্থানত থকা সামৰিক ঘাটিহে আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড বা আমেৰিকাৰ সেনাৰ কেন্দ্ৰীয় কমাণ্ডৰ অধীনত আছে। এই কেইটাই হৈছে প্ৰধান সামৰিক ঘাটি। 

কাটাৰ

কাটাৰত থকা আমেৰিকাৰ আল উদেইদ এয়াৰ বেছ হৈছে আটাইতকৈ ডাঙৰ আমেৰিকাৰ ঘাটি। ইয়াত আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (CENTCOM) আৰু ইয়াৰ বায়ুসেনাৰ ফৰৱাৰ্ড মুখ্য কাৰ্যালয় আছে।

ইৰাক, ছিৰিয়া আৰু আফগানিস্তানত বিগত আমেৰিকাৰ সামৰিক অভিযানৰ সময়ত এই সামৰিক ঘাটিয়ে মুখ্য ভূমিকা পালন কৰিছিল।এই ঘাটিত আমেৰিকাৰ বায়ুসেনাৰ ৩৭৯ নং এয়াৰ এক্সপেডিচনেৰী উইংকো নিয়োজিত কৰা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মে’ মাহত মধ্যপ্ৰাচ্য ভ্ৰমণৰ সময়ত এই ঘাটিটো পৰিদৰ্শন কৰিছিল। অৱশ্যে ইৰাণ আক্ৰমণ কৰাৰ পিছতে আমেৰিকাই সুৰক্ষামূলকভাৱে এই ঘাটিৰ পৰা তেওঁলোকৰ বহু বিমান আৰু সামৰিক বাহিনীৰ লোক প্ৰত্যাহাৰ কৰিছিল। তেওঁলোক নিশ্চিত আছিল ইৰাণে ইয়াত আক্ৰমণ কৰিব। 

যোৱা ৫ জুনত এই সামৰিক ঘাটিৰ সন্দৰ্ভত প্লেনেট লেবছে প্ৰকাশ কৰা তথ্যত দেখা গৈছিল চি-১৩০ হাৰকিউলিছ পৰিবহণ (বিশেষ সামৰিক পৰিবহণ বিমান) আৰু এখন বতাহত চোৰাংচোৱা তথ্য সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা বিশেষ সামৰিক বিমানকে ধৰি ৪০খন বিমান দেখা গৈছিল।

কিন্তু মাত্ৰ দুসপ্তাহৰ পাছত এতিয়া তাত মাত্ৰ তিনিখন বিমানহে দেখা গৈছে বুলি এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰিছে। অৱশ্যে কাটাৰত এতিয়াও ১০ হাজাৰ মাৰ্কিন সেনা নিয়োজিত হৈ আছে। 


বাহৰেইন


বাহৰেইনত পাৰস্য উপসাগৰ, লোহিত সাগৰ, আৰব সাগৰ আৰু কেনিয়াৰ দক্ষিণে পূব আফ্ৰিকাৰ উপকূলত আমেৰিকাৰ নৌসেনাৰ পঞ্চম মুখ্য কাৰ্যালয় আছে।নেভাল ছাপৰ্ট এক্টিভিটি বাহৰেইন নামেৰে পৰিচিত ইয়াত আছে আমেৰিকাৰ নৌসেনাৰ চেণ্ট্ৰেল কমাণ্ডৰ মুখ্য কাৰ্যালয়ো।

সৰু দ্বীপ ৰাষ্ট্ৰখনত প্ৰায় ৯ হাজাৰ আমেৰিকান সৈন্য নিয়োজিত হৈ আছে।বাহৰেইনত কেন্দ্ৰ কৰি আমেৰিকাৰ নৌসেনাৰ কেইবাখনো জাহাজ আছে। অঞ্চলটোৰ গভীৰ জলভাগত ইউ এছ এছ কাৰ্ল ভিনছনৰ দৰে ছুপাৰ কেৰিয়াৰ আৰু অন্যান্য বিমানবাহী জাহাজো অৱস্থান কৰিব পৰাকৈ সুবিধা আছে।

ইয়াৰ উপৰিও আছে চাৰিখন মাইন ক্লিয়াৰেন্স জাহাজ আৰু দুখন লজিষ্টিক চাপৰ্ট জাহাজ। এ এফ পি সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি বাহৰেইনত আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ কেইবাখনো জাহাজ আছে, য’ত ছখন ‘ৰেপিড ৰেচপন্স ব’টো আছে।

কুৱেইট 

মধ্যপ্ৰাচ্যৰ যিসমূহ দেশত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সকলোতকৈ অধিক সামৰিক ঘাটি আছে তাৰ ভিতৰত কুৱেইট অন্যতম। ইয়াত আছে কেম্প আৰিফজান য’ত আছে মাৰ্কিন চেণ্ট্ৰেল কমাণ্ডৰ মুখ্য কাৰ্যালয়।  
এই কাৰ্যালয়ে মাৰ্কিন সামৰিক বাহিনীৰ অপাৰেচনেল আৰু লজিষ্টিক হাব হিচাপে কাম কৰি আছে। বিভিন্ন অভিযানৰ সময়ত বিভিন্ন সামগ্ৰী সৰবৰাহৰ বাবে প্ৰচুৰ পৰিমাণে সামগ্ৰী মজুত আছে এই হাবত। 

কুৱেইটৰ আলী আল-ছালেম বিমান ঘাটিত আছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৩৮৬ সংখ্যক এয়াৰ এক্সপিডিছনাৰী উইং। তাৰোপৰি কুৱেইটত আছে এমকিউ-৯ ৰিপাৰসহ মাৰ্কিন যুক্তৰাষ্ট্ৰ ড্ৰোণো। ইয়াত আছে আমেৰিকাৰ ১৩ হাজাৰ সেনা। 

ইউ এ ই

সংযুক্ত আৰব আমিৰশ্বাহী চমুকৈ ইউ এ ইত আছে আল ধাফ্ৰা এয়াৰ বেছত আমেৰিকাৰ সামৰিক ঘাটি। এই  সামৰিক ঘাটি এনে এক কৌশলগত ঘাটি যিয়ে চোৰাংচোৱা তথ্য সংগ্ৰহ আৰু যুদ্ধ বিমান অভিযানত সহায় কৰি আহিছে।

এই ঘাটিটোত আমেৰিকাৰ ৩৮০ নং এয়াৰ এক্সপেডিছনেৰী উইং আছে, যিটো বাহিনী দহটা বিমান স্কোৱাড্ৰনেৰে গঠিত আৰু ইয়াৰো আছে এমকিউ-৯ ৰিপাৰৰ দৰে ড্ৰোন।

ইৰাক

ইৰাকত বৰ্তমান আমেৰিকাৰ ২৫০০ সৈন্য নিয়োজিত হৈ আছে। অৱশ্যে এই সেনা প্ৰত্যাহাৰৰ বাবে বাগদাদ চৰকাৰৰ সৈতে ৱাশ্বিংটনৰ আলোচনা অব্যাহত আছে। 

উল্লেখ্য যে, ছাদ্দাম হুছেইনৰ পতনৰ সময়ত ইৰাকৰ ৫০০ৰো অধিক সেনা ঘাটিত প্ৰায় ১ লাখ ৬০ হাজাৰ আমেৰিকান সৈন্য নিয়োজিত আছিল। ইছলামিক ষ্টেট গোটক প্ৰতিহত কৰিবলৈ ইয়াত আমেৰিকাৰ সেনাই বাহৰ পাতি আছে।

আমেৰিকাৰ সেনাই মূলতঃ কুৰ্দিস্তানৰ দুটা বিমান ঘাটি- আল আছাদ আৰু ইৰবিলৰ পৰা কাম কৰে। ২০২৩ চনৰ অক্টোবৰ মাহত গাজা যুদ্ধ আৰম্ভ হোৱাৰ পৰাই দেশখনৰ এই ঘাটি আৰু অন্যান্য সৰু সৰু ঘাটিসমূহ ইৰাণৰ মিত্ৰ গোটসমূহকো লক্ষ্য কৰি লৈছে।

ছিৰিয়া

ছিৰিয়াত আমেৰিকাৰ সামৰিক বাহিনীৰ উপস্থিতি ২০১১ চনত দেশখনৰ গৃহযুদ্ধৰ সময়ত আৰম্ভ হোৱা ইছলামিক ষ্টেটৰ বিৰুদ্ধে যুঁজৰ সৈতে জড়িত।পিছলৈ এই সামৰিক বাহিনীয়ে ছিৰিয়া আৰু ইৰাকৰ উল্লেখযোগ্য ভূখণ্ড দখল কৰে।

সমগ্ৰ ছিৰিয়াৰ বিভিন্ন ঘাটিত প্ৰায় ২০০০ আমেৰিকান সামৰিক জোৱান এতিয়াও নিয়োজিত হৈ স্থানীয় নিৰাপত্তা বাহিনীৰ সৈতে মিলি কাম কৰি আছে। যোৱা জুন মাহত ৱাশ্বিংটনে ঘোষণা কৰিছিল যে দেশখনত আমেৰিকাই পৰিচালিত সামৰিক ঘাটিৰ সংখ্যা আঠটাৰ পৰা এটালৈ হ্ৰাস কৰিব। 

ট্ৰাম্পে যোৱা মে’ মাহত ছিৰিয়াৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। 

 

আমেৰিকা যুক্তৰাষ্ট্ৰ ইৰাণ ইজৰাইল যুদ্ধ মধ্যপ্ৰাচ্য