/asomiyapratidin/media/media_files/2025/06/13/7PgLaUa9zp0twXsHRz77.jpg)
এয়াৰ ইণ্ডিয়াৰ লণ্ডন অভিমুখি বিমানখনৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ইয়াৰ ব্লেক বক্সক লৈ চৰ্চা হৈছে। উদ্ধাৰ হৈছে এটা ব্লেক বক্স। সন্ধান অব্যাহত আছে দ্বিতীয়টো ব্লেক বক্সৰ। পিছে কিয় ব্লেক বক্সৰ ইমান গুৰুত্ব? কি ইয়াৰ কাম?এই বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
১২ জুন, বৃহস্পতিবাৰে আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাৰ পিছত শুকুৰবাৰে উদ্ধাৰ কৰা হৈছে বিমানখনৰ পিছফালে থকা এটা ব্লেক বক্স। সন্মুখৰ ফালে থকা দ্বিতীয়টো ব্লেক বক্সৰ সন্ধান অব্যশ্যে অব্যাহত আছে।
উদ্ধাৰ হোৱা এই এটা ব্লেক বক্সৰ জৰিয়তেই বিমানখন কিদৰে দুৰ্ঘটনাগ্ৰস্ত হ’ল সেই সকলো তথ্য জানিব পৰা যাব। অৱশ্যে তাৰ বাবে লাগিব কিছু সময়। উদ্ধাৰ হোৱা ব্লেক বক্সতো অতি সুৰক্ষিত আৰু নিৰাপদে ৰখা হৈছে।
এই ব্লেক বক্স অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নিজৰ জিম্মাত লৈ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত অধ্যয়ন কৰিব।
কি এই ব্লেক বক্স ?
যদিও ব্লেক বক্স বুলি কোৱা হয়, বিমানত থকা এই যন্ত্ৰবিধৰ ৰং অৱশ্যে ৰঙা নতুবা কমলা ৰঙৰেই হয়। ইয়াক জুই, পানী, ধুমুহা আদি কোনো শক্তিয়ে ক্ষতি কৰিব নোৱাৰে। যিমান ডাঙৰ বিস্ফোৰণ নহওঁক কিয়, যিমান ডাঙৰ জুই নালাগক কিয় অথবা বছৰ বছৰ ধৰি পানীৰ তলত থাকিলেও ইয়াৰ ক্ষতি হোৱাৰ সম্ভাৱনা বহু কম।
এই ব্লেক বক্সতে সংৰক্ষিত হৈ থাকে বিমানখন উৰণৰ সকলো তথ্য। আনকি বিমানৰ পাইলট, সহ-পাইলট আদিয়ে কি কথা পাতিছে, কি বাৰ্তা প্ৰেৰণ কৰিছে সেই তথ্যও সংৰক্ষিত হৈ থাকে এই ব্লেক বক্সত।
দুৰ্ঘটনাৰ কাৰণ জানিবলৈ ইয়াত সন্নিৱিষ্ট হৈ থকা তথ্য বিশ্লেষণ কৰিলেই সকলো ওলাই পৰিব। ব্লেক বক্সক ফ্লাইট ৰেকৰ্ডাৰ বুলিও কোৱা হয়। বিমানত থকা এই দুয়োটা ব্লেক বক্সৰ ভিতৰত আকৌ এটাক ডাটা ৰেকৰ্ডাৰ আৰু আনটোক ককপিট ভইচ ৰেকৰ্ডাৰ বুলি কোৱা হয়।
আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ পিছত উদ্ধাৰ হোৱা ব্লেক বক্সটো হৈছে ডাটা ৰেকৰ্ডাৰ। এতিয়াও ককপিট ভইছ ৰেকৰ্ডাৰটো উদ্ধাৰ হোৱা নাই।
ডাটা ৰেকৰ্ডাৰৰ কাম কি?
বিমান এখনে উৰণ আৰম্ভ কৰাৰ পৰা আৰম্ভ কৰি সকলো তথ্য ডাটা ৰেকৰ্ডাৰে সংৰক্ষণ কৰি ৰাখে। বতাহৰ গতিৰ পৰা আৰম্ভ কৰি বিমানখনে অতিক্ৰম কৰা দূৰত্ব, উচ্চতা, বিমানখনৰ অৱস্থান সকলো তথ্য ই সংগ্ৰহ কৰে।
বিমানখনৰ অটোপাইলটৰ তথ্যও সংগ্ৰহ কৰে। ই মুঠ ১০০০ পেৰামিটাৰক অনুসৰণ কৰে। এই ৰেকৰ্ডাৰৰ পানীত ৬ হাজাৰ মিটাৰতকৈ অধিক গভীৰতাৰ পৰাও সংকেত প্ৰেৰণ কৰিব পৰাৰ ক্ষমতা আছে।
দুৰ্ঘটনাৰ পিছত এফ ডি আৰে সংৰক্ষিত কৰি ৰখা তথ্য বিশ্লেষণ কৰিলে দুৰ্ঘটনাৰ কাৰণসমূহ জানিব পৰা যায়।
ককপিট ভইচ ৰেকৰ্ডাৰৰ কাম কি?
বিমানৰ সন্মুখ অংশত থকা ককপিট ভইচ ৰেকৰ্ডাৰ কাম হৈছে পাইলট, সহ-পাইলটৰ কথা-বতৰা, ইঞ্জিনৰ শব্দ, বিভিন্ন এলাৰ্ট, গতিবেগ, বিমানত থাকিব পৰা বিজুতিকে ধৰি বিভিন্ন কাৰ্যকলাপ আৰু শব্দক ৰেকৰ্ড কৰা।
এনে কথা-বতৰা আৰু শব্দক পৰৱৰ্তী সময়ত বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰ্যকলাপ বিশ্লেষণ কৰা হয়। ককপিটত থকা এই ভইচ ৰেকৰ্ডাৰ অতি গোপনে ৰখা হয়।
ব্লেক বক্স উদ্ধাৰৰ পৰৱৰ্তী কাৰ্যকলাপ
বিমান দুৰ্ঘটনা হোৱাৰ পিছতেই ইয়াৰ ব্লেক বক্স উদ্ধাৰ কৰিবলৈ যিকোনো প্ৰকাৰে চেষ্টা চলোৱা হয়। কিয়নো এই ব্লেক বক্সতেই উদ্ধাৰ হয় দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ।
ব্লেক বক্স উদ্ধাৰৰ পিছতেই ইয়াক অতি সুৰক্ষিত ভাৱে ৰখা হয় আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হয়। তাৰোপৰি ইয়াক প্ৰেৰণ কৰা হয় বিমান দুৰ্ঘটনা তদন্ত ব্যুৰোৰ ফৰেনছিক গৱেষণাগাৰলৈ। তাতেই এই ব্লেক বক্স পৰীক্ষা কৰি দুৰ্ঘটনাৰ ৰহস্য ভেদ কৰা হয়।