/asomiyapratidin/media/media_files/2025/01/29/j0tGMSecdCwLUVW0pGDP.jpg)
এছ পি এম আই এ এছ একাডেমীলৈ বিশেষ স্বীকৃতি
ডিজিটেল ডেস্ক : প্ৰতিযোগিতামূলক পৰীক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান এছ পি এম আই এ এছ একাডেমীলৈ আগবঢ়োৱা হৈছে বিশেষ স্বীকৃতি। উত্তৰ- পূবৰ ‘শ্ৰেষ্ঠ লিডিং- কোচিং ইনষ্টিটিউত ফৰ চিভিল চাৰ্ভিছ’ সন্মন আগবঢ়োৱা হৈছে শিক্ষা প্ৰতিষ্ঠানখনলৈ।
উল্লেখযোগ্য যে অগ্ৰণী সংবাদ সংস্থা টাইমছ অৱ ইণ্ডিয়াৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এছ পি এম আই এ এছ একাডেমীলৈ উক্ত সন্মান আগবঢ়োৱা হয়। গুৱাহাটী মহানগৰীত সংবাদ সংস্থাটোৱে অনুষ্ঠিত কৰিছিল টাইম বিজনেছ এৱাৰ্ড ২০২৫ শীৰ্ষক অনুষ্ঠানৰ।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বলিউডৰ জনপ্ৰিয় অভিনেতা চৰমান যোশী আৰু অসম সীমা বিশ্বাসে প্ৰদান কৰে এই সন্মান। আনহাতে এছ পি এম আই এ এছ একাডেমীৰ হৈ এই সন্মান গ্ৰহণ কৰে মৃদুল মিশ্ৰ আৰু বিবেক খেটাৰকে।