/asomiyapratidin/media/media_files/2024/12/21/0MQQQhaG3YsAAgk0qP6r.jpg)
ডিজিটেল ডেস্কঃ অধিবক্তা পৰিষদ অসম প্ৰান্তৰ বেনাৰত শনিবাৰে গুৱাহাটীৰ লতাশিলৰ বিষ্ণু নিৰ্মল ট্ৰাষ্ট প্ৰেক্ষাগৃহত "হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ বিৰুদ্ধে মানৱ অধিকাৰ আইন উলংঘা" বিষয়ক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।
ন্যায়াধীশ অজিত বৰঠাকুৰ, মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু অসম মানৱ অধিকাৰ আয়োগৰ বৰ্তমানৰ সদস্য সকলে বাংলাদেশৰ সংবিধান সম্পৰ্কে আলোচনা কৰে ।
/asomiyapratidin/media/media_files/2024/12/21/cx4BXtzKaMa2KeQ0rNPs.jpg)
তেওঁলোকে উল্লেখ কৰে যে বাংলাদেশৰ সংবিধানত উল্লেখ থকা ধৰ্মীয় অধিকাৰে নাগৰিকক সকলো নাগৰিকক সুৰক্ষা প্ৰদান কৰাৰ ওপৰত এতিয়া প্ৰশ্ন অৱতাৰণা হৈছে । প্ৰাক্তন আইপিএছ বিষয়া মোহন ৰাজে তেওঁৰ বক্তৃতাত বাংলাদেশৰ ঐতিহাসিক পটভূমিৰ ওপৰত আলোকপাট কৰি কয় যে বাংলাদেশত হিন্দুৰ ওপৰত আক্ৰমণ এয়াই প্ৰথম নহয় ।
/asomiyapratidin/media/media_files/2024/12/21/GIxKz2fa4vM9i8LkUCuj.jpg)
সংগঠনটোৰ সাধাৰণ সম্পাদক কুলদীপ বৈশ্যই আলোচনাৰ উদ্দেশ্য বৰ্ণনা কৰি কয় যে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শাসন ব্যৱস্থাত চলি থকা হিন্দু আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সকলোৱে মাত মতা উচিত ।
তেওঁ লগতে উল্লেখ কৰে যে কেৱল প্ৰধানমন্ত্ৰী মোডী আৰু ভাৰত চৰকাৰে নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ড’নাল্ড ট্ৰাম্প, কংগ্ৰেছ মহিলা তুলসী গেবাৰ্ড, ব্ৰিটেইনৰ সংসদ সদস্য বেৰী গাৰ্ডিনাৰৰ দৰে বিশ্বৰ আন আন নেতাসকলেও বাংলাদেশত হিন্দুসকলৰ ওপৰত চলি থকা অত্যাচাৰক লৈ গভীৰ ক্ষোভ প্ৰকাশ কৰিছে।
আজিৰ আলোচনাত অখিল ভাৰতীয় অধিবক্তা পৰিষদৰ প্ৰান্তীয় সম্পাদক এছ চি কেয়ালো উপস্থিত থাকে। অনুষ্ঠানৰ আঁত ধৰে সংগঠনটোৰ কাৰ্যালয় সম্পাদক শিখা ভট্টাচাৰ্যই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us