/asomiyapratidin/media/media_files/2024/12/14/Q6opIHNWB71AbIN5Vn6U.jpg)
ডিজিটেল সংবাদ, নাজিৰাঃ 'স্মৃতিধাৰা' অসমৰ উদ্যোগত,স্মৃতিধাৰা' নাজিৰা আৰু নাজিৰা মহাবিদ্যালয়ৰ সহযোগত শনিবাৰে নাজিৰা মহাবিদ্যালয়ত অনুষ্ঠিত হয় শিক্ষাগুৰু প্ৰয়াত ড° অতুল গোস্বামী স্মাৰক বক্তৃতানুষ্ঠান।
এই বক্তৃতানুষ্ঠানৰ মূল বিষয় আছিল জীৱনৰ উদ্দেশ্য আৰু অৰ্থৰ মনোবিজ্ঞান। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁই।
'স্মৃতিধাৰা',ই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰয়াত আৰু জীৱিত নমস্য শিক্ষাগুৰুসকলৰ জীৱন আৰু কীৰ্তি,সাহিত্য কৰ্ম তথা সমাজ জীৱনৰ বিভিন্ন দিশত আগবঢ়াই অহা অমূল্য অৱদান সম্পৰ্কে নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিগত সময়ছোৱাত স্মৃতিচাৰণ সভাআৰু বক্তৃতা, গ্ৰন্থ প্ৰকাশ তথা বিশেষ সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত কৰি আহিছে।