শিক্ষার্থীক চাপমুক্ত কৰাৰ মানসেৰে অসম জাতীয় বিদ্যালয়ৰ বিশেষ পদক্ষেপ

চলিত শিক্ষাবর্ষত অসম জাতীয় বিদ্যালয়ে শিক্ষার্থীৰ শাৰীৰিক-মানসিক বিকাশ আৰু আনন্দদায়ক জীৱনৰ দিক্‌দৰ্শনৰ বাবে 'ৰামধেনু : সাতোৰঙী সপোনৰ সাতটা দিন' শীর্ষক এক বিশেষ কাৰ্য্যসূচী গ্রহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
fhg

ডিজিটেল সংবাদ, গুৱাহাটী : চলিত শিক্ষাবর্ষত অসম জাতীয় বিদ্যালয়ে শিক্ষার্থীৰ শাৰীৰিক-মানসিক বিকাশ আৰু আনন্দদায়ক জীৱনৰ দিক্‌দৰ্শনৰ বাবে 'ৰামধেনু : সাতোৰঙী সপোনৰ সাতটা দিন' শীর্ষক এক বিশেষ কাৰ্য্যসূচী গ্রহণ কৰিছে। 

Advertisment

নিয়মীয়া পঢ়া-শুনাৰ কামৰ চাপৰ পৰা মুক্ত হৈ আপোন মনে নিজৰ ভাল লগা কাম কৰা, আত্মীয় স্বজনৰ সৈতে আন্তৰিক সান্নিধ্য লাভ, পৰিবর্তিত সময়ৰ অনিষ্টকাৰী উপাদানবোৰৰ পৰা আঁতৰত থাকি সৃজনশীল কাম কৰাৰ এই কাৰ্য্যসূচীৰ জৰিয়তে শিক্ষার্থীসকলক মানসিকভাবে সুস্থ-সবল হৈ থাকি জীৱনৰ বাটত আগবঢ়াই নিয়াই এই পৰিকল্পনাৰ প্ৰাথমিক উদ্দেশ্য। 

উল্লেখযোগ্য যে, গৰমৰ বন্ধৰ সময়ছোৱাৰ যিকোনো সুবিধাজনক সাতটা দিন অভিভাৱকসকলে নিজে বাছি লৈ এই কাৰ্য্যসূচী ৰূপায়ণ কৰিব পাৰিব বুলি অসম জাতীয় বিদ্যালয়ে জনায়। এই সাতটা দিনত শিক্ষার্থীসকলে পাঠ্যপুথিৰ নিয়মীয়া পঢ়া-শুনা কামবোৰ কৰিব নালাগে বুলি বিদ্যালয়ৰ ফালৰ পৰা নিদের্শনা দিয়া হৈছে আৰু এই সাতটা দিনত শিক্ষার্থীসকলে কেনেধৰণৰ কাম কৰিব সেই সম্পর্কে পৰামর্শ দিয়া হৈছে।  

উল্লেখযোগ্য যে, শৈশৱ আৰু কৈশোৰৰ প্ৰকৃত আনন্দ উপভোগ কৰিবলৈ শিক্ষার্থীসকলক উৎসাহিত কৰাই 'ৰামধেনু'ৰ মূল উদ্দেশ্য।

অসম জাতীয় বিদ্যালয়