/asomiyapratidin/media/media_files/2025/03/10/Q5pyURmiV74ZeCGYVvq1.jpg)
সৃজনমৰ উদ্যোগত বিশেষ অনুষ্ঠান
ডিজিটেল ডেস্ক : স্বেচ্ছাসেৱী অনুষ্ঠান 'সৃজনম'ৰ উদ্যোগত 'ফাগুনৰ ডঁৰিয়লিত হৃদয়ৰ আলাপন' শীৰ্ষক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। দেৰগাঁৱৰ ৰজাবাহৰত শিক্ষয়িত্ৰী মেঘালী দেৱীৰ চোতালত ব্যতিক্রমীভাৱে অনুষ্ঠিত কৰা হয় ফাগুন বিশেষ অনুষ্ঠানটো ।
ফাগুনৰ কবিতা, গীত-মাত, কথাকে ধৰি বিভিন্ন মননশীল অনুষ্ঠান পৰিৱেশন কৰিলে একুৰিৰো অধিক কবি-শিল্পীয়ে । শিক্ষয়িত্ৰী লক্ষীপ্ৰিয়া বৰাৰ সম্পাদনাত প্ৰকাশ পালে হাতে লিখা পুথি 'ফাগুনী ছন্দোগ' ৰ চতুৰ্থ সংখ্যা ।
উল্লেখযোগ্য যে ব্যতিক্রমী মঞ্চসজ্জা আৰু আটকধুনীয়া আয়োজনে মুগ্ধ কৰিলে সকলোকে । যান্ত্ৰিকতাৰ পৰা আঁতৰি নিৰিবিলি পৰিৱেশত বিলীন হৈ সকলোৱে যেন বিচাৰি পালে নিজক । ব্যতিক্রমী কৰ্মৰে সততেই চৰ্চাত থকা 'সৃজনম'ৰ চতুৰ্থ বাৰ্ষিক ফাগুন বিশেষ অনুষ্ঠানটোৰ প্ৰশংসা কৰিছে সকলোৱে।