/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/mrrd6513/asss.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখানা: ঢকুৱাখনাৰ অগ্ৰণী প্ৰাকৃতিক আৰু সামাজিক সংগঠন অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখা আৰু মেগামিক্স প্ৰকৃতি সংঘৰ যৌথ উদ্যোগত দেওবাৰে দুপৰীয়া এখন বিশেষ শৈক্ষিক আৰু অভিনন্দন সভা অনুষ্ঠিত কৰা হয় । মেগামিক্স প্ৰকৃতি সংঘৰ সভাগৃহত অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখা আৰু মেগামিক্স প্ৰকৃতি সংঘৰ গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু আজীৱন সদস্য সদস্যাৰ উৎসাহপূৰ্ণ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ সভাপতিত্ব কৰে অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ পৰিৱেশমিত্ৰ বঁটাপ্ৰাপক দেৱজিৎ ফুকনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-11/zjsj8d05/7396171d-6e99-4ece-ac8f-be9b2765cece.jpg)
শাখা বিজ্ঞান সমিতিৰ সম্পাদক তথা পৰিৱেশ সংৰক্ষক বিমান সন্দিকৈয়ে বিগত ক'ভিড মহামাৰী পৰিপ্ৰেক্ষিতত অভিনন্দন অনুষ্ঠান বাতিল কৰিব লগা হোৱাৰ কথা অনুকীয়াই। সন্দিকৈয়ে ঢকুৱাখনা মহকুমালৈ গৌৰৱ কঢ়িয়াই অনা ২০১৯-২০ বৰ্ষৰ অসম বিজ্ঞান সমিতিৰ শ্ৰেষ্ঠ বিজ্ঞান কৰ্মীৰ বঁটাপ্ৰাপক দিগেন্দ্ৰ নাথ হাজৰিকাক এই অনুষ্ঠানতেই অভিনন্দন জনাই। ইয়াৰ লগতে ২০২৪ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষক বঁটা লাভ কৰা ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদালয়ৰ অধ্যক্ষা তথা অসম বিজ্ঞান সমিতিৰ আজীৱন সদস্যা কল্পনা গগৈক অভিনন্দন জনাই।
ইয়াৰোপৰি ২০২৩-২৪ বৰ্ষৰ সমগ্ৰ শিক্ষা অসম, লখিমপুৰ জিলাৰ বিদ্যাঞ্জলি ২.০ শ্রেষ্ঠ সেৱা বঁটাপ্ৰাপক ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মেগামিক্স প্রকৃতি সংঘৰ বৰ্তমানৰ সভাপতি তথা অসম বিজ্ঞান সমিতি ঢকুৱাখনা শাখাৰ মুখ্য উপদেষ্টা চেনীৰাম বৰুৱা আৰু ধৰিত্ৰী আৰু মহাকাশ অনুসন্ধান" বিষয়ত আমেৰিকাৰ আৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী প্রাপক তথা "জ্যোতি-পদাৰ্থ আৰু ব্ৰহ্মাণ্ড বিজ্ঞান" বিষয়ত উচ্চ শিক্ষা গ্ৰহণৰত ঢকুৱাখনাৰ কৃতী ছাত্ৰ হৈমন্ত ঈশানক অভিনন্দন জনোৱাৰ উদ্দেশ্যেৰে সভাখন আয়োজন কৰা বুলি বিমান সন্দিকৈয়ে উদেশ্য ব্যাখ্যাত মতপোষন কৰে।
ঢকুৱাখনাৰ শিক্ষাজগতলৈ অনাবিল গৌৰৱ কঢ়িয়াই ঢকুৱাখনাৰ শৈক্ষিক ইতিহাস স্বৰ্ণ উজ্জ্বল কৰি তোলা চাৰিওজন বঁটাপ্ৰাপককে অসম বিজ্ঞান সমিতি, ঢকুৱাখনা শাখা আৰু মেগামিক্স প্ৰকৃতি সংঘৰ তৰফৰ পৰা একোখনকৈ গামোচা আৰু স্মাৰক প্ৰদান কৰা হয়। সভাত অসম বিজ্ঞান সমিতিৰ উপসভাপতি ড' অমল চন্দ্ৰ দত্ত , অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখাৰ উপসভাপতি পৰমানন্দ দত্ত আৰু পদ্মা বৰা , মহিলা আৰু বিজ্ঞান উপসমিতিৰ আহ্বায়ক সান্তনা বৰুৱা , শাখাৰ সমল ব্যক্তি ড' নৰেন্দ্ৰ নাথ দত্ত , পূৰ্ণিমা দেৱী , ইৰাণী চুতীয়া , অচ্যুত শৰ্মা আদিৰ লগতে শাখাৰ আজীৱন সদস্য সদস্যা সকল উপস্থিত থাকে। উপস্থিত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে নিজ নিজ ক্ষেত্ৰত ব্যুৎপত্তি প্ৰদৰ্শন কৰা ব্যক্তি সকলক উদ্দেশ্যি অভিনন্দনসূচক বক্তব্য আগবঢ়াই ।
Also Read: স্বাধীনতা সংগ্ৰামী প্ৰাসদ সিং চুব্বাৰ জন্ম জয়ন্তী উদযাপন