সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ 'আলোকৰ যাত্ৰা' অনুষ্ঠান

শুকুৰবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলাৰ উদ্যোগত বিহালী বৰগাঙস্থিত ''শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ'"ত পুৱা ১১ বজাৰ পৰা ''আলোক যাত্ৰা'' শীৰ্ষক এক বিশেষ অভিনন্দন অনুষ্ঠান ৰূপায়ন হয়

author-image
Asomiya Pratidin
New Update
সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আলোকৰ যাত্ৰা অনুষ্ঠান

সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আলোকৰ যাত্ৰা অনুষ্ঠান

ডিজিটেল সংবাদ, বিহালীঃ শুকুৰবাৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিহালী বৰগাঙস্থিত ''শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহ'"ত পুৱা ১১ বজাৰ পৰা ''আলোক যাত্ৰা'' শীৰ্ষক এক বিশেষ অভিনন্দন অনুষ্ঠান ৰূপায়ন হয় ৷ বিশ্বনাথ জিলা অনুসূচিত ছাত্ৰ সন্থাৰ সম্পাদক তুলতুল দাসে আঁতধৰা বিশেষ অভিনন্দন অনুষ্ঠানৰ সভাপতিত্ব কৰে বিহালীৰ বিশিষ্ট ব্যক্তি অজিত মূদৈয়ে ৷ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ''আলোক যাত্ৰা'' শীৰ্ষক বিশেষ অভিনন্দন অনুষ্ঠানত মূখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসমৰ সঙ্গীত জগতৰ বিপ্লৱী তথা গণশিল্পী মহেন্দ্ৰ হাজৰিকাই ৷ 

Advertisment

বিশেষ অভিনন্দন অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বিহালীৰ ১৫০ গৰাকী শিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ আৰু এখন ফুলাম গামোছাৰে ''আলোক যাত্ৰা''  বিশেষ সম্বৰ্ধনা জনোৱা হয় ৷ আলোক যাত্ৰা বিশেষ অভিনন্দন অনুষ্ঠানত বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক দেৱ কুমাৰ দাস, বিহালী প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস, বিহালীৰ বিশিষ্ট চাহ উদ্যোগপতি লক্ষী ভড়ালী, তেজপুৰৰ বিশিষ্ট উদ্যোগিক সূৰ্য দাস, সাংবাদিক পেঞ্চন প্ৰাপক প্ৰবীন সাংবাদিক অমিতাভ বৰুৱা, বিহালীৰ সমাজকৰ্মী লক্ষণ ৰয়, বিহালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মদন সেন, সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক দ্বীপজ্যতি হাজৰিকা, বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি নিলোৎপল দাস, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী সমিতিৰ ছাত্ৰ নেতা পবন বাউৰী, অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী কুঞ্জ হাজৰিকা, প্ৰাক্তন আছু নেতা মানসজ্যোতি দাস টেলেঙণীয়া ,মিন্টু বৰাকে ধৰি বহু কেইগৰাকীলোক উপস্থিত থাকে ৷ 

আলোক যাত্ৰা শীৰ্ষক বিশেষ অভিনন্দন অনুষ্ঠানত গণশিল্পী মহেন্দ্ৰ হাজৰিকাই কৃতিমান শিক্ষাৰ্থী সকলক উদেশ্যি উল্লেখ কৰে যে- "সাম্প্ৰতিক সময়ছোৱা প্ৰতিযোগিতামূখী ৷ এনে সন্ধিক্ষণত ভৱিষ্যৎ প্ৰজন্মৰ প্ৰতিগৰাকী শিক্ষাৰ্থী পৃথিৱীমুখী চিন্তা, পৃথিৱীমুখী সপোন আৰু পৃথিৱীমুখী দৌৰত ব্ৰতী হৈ জীৱন ৰ'দ্দোজ্বল কৰাৰ পণ বাস্তৱায়িত কৰাৰ বাবে চিন্তামগ্ন হ'ব লাগিব" বুলি কয় ৷

আনহাতে, সভাত বিহালীৰ শিক্ষা বিষয়া মিলন দাসে কয় যে, "শিক্ষা হ'ল জীৱন ব্যাপি চলা এক অবিৰত সংগ্ৰাম৷ বিশ্বনায়নৰ যুগত প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষা অতিগুৰুত্ব সহকাৰে গ্ৰহণ কৰাত মনোনিৱেশ নকৰিলে ভৱিষ্যৎ জীৱন অতিকষ্ট আৰু সমস্যাৰে অতিবাহিত কৰিব লাগিব ৷ প্ৰতিযোগিতামূখী শিক্ষা ব্যৱস্থাত প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে আনুষ্ঠানিক শিক্ষাৰ উপৰিও নিজস্ব প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো গুৰুত্ব দি আগবঢ়াতো জৰুৰী ৷"

ইফালে বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে ভাষণ প্ৰসঙ্গত সদৰি কৰে যে- "শিক্ষা জীৱনৰ পহিলা শৈক্ষিক সফলতা শিখৰ আৰোহণত কৃতকাৰ্যতা লাভ কৰাৰ পৰবৰ্তী সময়ত প্ৰতি গৰাকী শিক্ষাৰ্থীয়ে প্ৰকৃত শিক্ষা আয়ত্ত্বৰে উপযুক্ত সামাজিক মানুহ হিচাপে আত্মপ্ৰতিষ্ঠা কৰাটো হ'ব নৈতিক দ্বায়িত্ব ৷ নৈতিক আচৰণ আৰু নৈতিকতা আয়ত্ত্ব কৰি  প্ৰতি গৰাকী শিক্ষাৰ্থীৱে শৈক্ষিক জীৱন সামৰণি মৰাৰ পণ লোৱাটো হ'ল প্ৰধানতম কৰ্তৱ্য৷"

একেদৰে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক দেৱকুমাৰ দাসে উল্লেখ কৰে যে- "সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা হ'ল অসম আৰু অসমীয়া জাতীয় জীৱনৰ অন্যতম সংগ্ৰামী জাতীয়তাৱাদী ছাত্ৰ সংগঠন ৷ অনুসূচিত জাতি ছাত্ৰ সংগঠনে কেন্দ্ৰীয়ভাৱে আলোকযাত্ৰা শীৰ্ষক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰি অহাৰ সমান্তৰালভাৱে বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা সমিতিয়ে জিলা খনৰ কৃতিমান ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে ৷ আমি আশা কৰিছোঁ যে বিহালীৰ কৃতিমান শিক্ষাৰ্থী সমাজতে অনাগত ভৱিষ্যতৰ জীৱন সফল সামৰণিৰে উপযুক্ত মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ লগতে বিহালী সমাজ জীৱনৰ উত্তৰণ, বিকাশৰ হ'কে কাম সেৱাত ব্ৰৰ্তী হ'ব৷"

বিশ্বনাথ