/asomiyapratidin/media/media_files/2024/12/28/ZY64or2JKJBfIL0IwR25.jpg)
barbaruah
ডিজিটেল সংবাদ, বৰবৰুৱা : ডিব্ৰুগড়ৰ বৰবৰুৱা চাহ বাগিচাত আদিবাসী আৰু চাহ বাগিচাৰ যুৱক-যুৱতীসকলৰ বাবে চি এ পি এফৰ বিশেষ প্ৰাক- নিযুক্তি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত বিশেষ সহযোগিতা আগবঢ়াইছে আধুনিক ইণ্ডিয়া ফাউণ্ডেচনে।
উদ্যোক্তাসকলে জনোৱা অনুসৰি এই কাৰ্যসূচীৰ লক্ষ্য হৈছে- ডিব্ৰুগড় জিলাৰ আদিবাসী আৰু চাহ বাগিচাৰ আকাংক্ষিত যুৱক-যুৱতীসকলক সৱলীকৰণ আৰু প্ৰশিক্ষণ দিয়া। লগতে তেওঁলোকক শাৰীৰিক, চিকিৎসা আৰু লিখিত পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা, যাতে তেওঁলোকে চি এ পি এফৰ জোৱান হিচাপে সশস্ত্ৰ বাহিনীত সুচাৰুৰূপে নিজকে সাজু কৰিব পাৰে।
এই সজাগতা কাৰ্যসূচীত বৰবৰুৱা চাহ বাগিচাৰ প্ৰায় ৬০ গৰাকী যুৱক- যুৱতীয়ে অংশগ্ৰহণ কৰে। প্ৰশিক্ষকৰ দলটোৱে চি এ পি এফ নিযুক্তি পদ্ধতিৰ বিষয়ে বিষদভাৱে ব্রিফিং প্ৰদান কৰে। য’ত শৈক্ষিক, শাৰীৰিক আৰু চিকিৎসাৰ মানদণ্ড, চি ই ইৰ পাঠ্যক্ৰম আৰু শাৰীৰিক পৰীক্ষাসমূহ সামৰি লোৱা হয়।
/asomiyapratidin/media/media_files/2024/12/28/8hIsK1gsS62joipyTIJh.jpg)
উল্লেখযোগ্য যে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় সভাপতি ডি কে চৌহানে আদিবাসী আৰু চাহ বাগিচাৰ যুৱক-যুৱতীসকলক চি এ পি এফত যোগদান কৰিবলৈ উৎসাহিত কৰে। লগতে তেওঁ বাচনিৰ সম্ভাৱনা বৃদ্ধি কৰি ভৱিষ্যতৰ প্ৰশিক্ষণৰ বাবে কেনেদৰে প্ৰস্তুতি চলাব পাৰি, সেই সম্পৰ্কে বহুমূলীয়া নিৰ্দেশনা প্ৰদান কৰে।
ইফালে আধুনিক ইণ্ডিয়া ফাউণ্ডেশ্যনৰ উপদেষ্টা ৰক্তিম গগৈয়ে কয় যে ক্ৰীড়া আৰু সশস্ত্ৰ বাহিনীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক। প্ৰশিক্ষাৰ্থীসকলৰ সু-স্বাস্থ্য বজাই ৰাখি নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে গগৈয়ে আহ্বান জনায়।
/asomiyapratidin/media/media_files/2024/12/28/F9Xk7S7VVvTrTAnwoDEa.jpg)
তেওঁ লগতে ড্ৰাগছ আৰু এলক’ল জাতীয় দ্ৰব্যৰ পৰা বিৰত থকাৰ বাবেও অনুৰোধ জনায়। নিচাই মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যতো প্ৰভাৱ পেলাই বুলি মন্তব্য কৰে গগৈয়ে। ইফালে বৰবৰুৱা চাহ বাগিচাৰ পৰিচালক সমীৰ লোধিয়ে যুৱক-যুৱতীসকলক ২০বছৰ কঠোৰ পৰিশ্ৰম কৰি বাকী ৪০ বছৰ সুখত থাকিবলৈ আহ্বান জনায়।